কুৰআন আৰু হাদিছৰ আলোকত বিদ’আত / বিদআত / বিদাত

কুৰআন আৰু হাদিছৰ আলোকত বিদ’আত:

আল্লাহ তা‘আলাই কৈছে–

فَذَٰلِكُمُ اللَّهُ رَبُّكُمُ الْحَقُّ ۖ فَمَاذَا بَعْدَ الْحَقِّ إِلَّا الضَّلَالُ ۖ

“এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত ৰব। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে?” [ছূৰা ইউনুচ: ৩২]

আয়াতৰ পৰা শিক্ষা আৰু মাছায়েল:

#এক. এই আয়াতত হক তথা সত্য বোলোতে দ্বীন ইছলামক বুজোৱা হৈছে।

#দুই. ইছলামে পূর্ণতা লাভ কৰাৰ পিছত ইছলামৰ নামত দ্বীনৰ মাজত যিবোৰ সংযোজিত, আৱিষ্কৃত আৰু প্রচলিত হ’ব সকলোবোৰেই ভ্রান্ত বুলি প্রত্যাখ্যাত হ’ব। আৰু সেইটো বিদ‘আত বুলি গণ্য হ’ব।

আল্লাহ তা‘আলাই কৈছে –

ْ مَا فَرَّطْنَا فِي الْكِتَابِ مِنْ شَيْءٍ

“এই কিতাবত (লাওহে মাহফুজত) আমি একো বাদ দিয়া নাই।” [ছূৰা আনআম: ৩৮]

আয়াতৰ পৰা শিক্ষা আৰু মাছায়েল:

#এক. আল্লাহ তা‘আলাই কুৰআনুল কাৰীমত সকলোবোৰেই যিহেতু কৈ দিছে¸ গতিকে ধর্মত নতুন কোনো বিষয় সংযোজন বা বিয়োজন কৰাৰ প্রয়োজন নাই। যিকোনো ধৰণৰ সংযোজন আৰু বিয়োজনেই বিদ‘আত বুলি গণ্য হ’ব।

আল্লাহ তা’আলাই কৈছে –

فَإِنْ تَنَازَعْتُمْ فِي شَيْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ

“তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত।” [ছূৰা নিছা: ৫৯]

আয়াতৰ পৰা শিক্ষা আৰু মাছায়েল:

#এক. যেতিয়া কোনো বিষয়ত মত বিৰোধৰ সৃষ্টি হ’ব¸ তেতিয়া তাৰ সমাধান আল্লাহ তা‘আলাৰ কিতাব কুৰআনুল কাৰীম আৰু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ হাদীছত বিচাৰিব লাগিব।

#দুই. আল্লাহৰ বিধানত সমাধান নিবিচাৰি নিজৰ পক্ষৰ পৰা যুক্তি দি কোনো বিষয় সংযোজন আৰু বিয়োজন কৰিব নোৱাৰিব। কুৰআন-ছুন্নাহৰ মূল ধাৰাৰ বাহিৰত কোনো ব্যাখ্যা থিয় কৰাব পৰা নাযাব।

আল্লাহ তা‘আলাই কৈছে –

وَأَنَّ هَٰذَا صِرَاطِي مُسْتَقِيمًا فَاتَّبِعُوهُ ۖ وَلَا تَتَّبِعُوا السُّبُلَ فَتَفَرَّقَ بِكُمْ عَنْ سَبِيلِهِ

“আৰু এইটোৱেই আমাৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথ অনুসৰণ নকৰিবা, অন্যথা সি তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব।” [ছূৰা আনআম: ১৫৩]

আয়াতৰ পৰা শিক্ষা আৰু মাছায়েল:

#এক. আয়াতটি ছূৰা আনআমত বর্ণিত আল্লাহ তা‘আলাৰ দহটা নির্দেশৰ এটা।

#দুই. আল্লাহ তা‘আলাই যিবোৰ কৰিবলৈ কৈছে। আৰু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ পৰা যিবোৰ প্রমাণিত, সেইটো হ’ল সঠিক পথ আৰু যিবোৰ প্রমাণিত নহয় তাক অনুসৰণ কৰিব পৰা নাযাব। কাৰণ সেইটো বেকা পথ। সেই পথত আছে বিভ্রান্তি।

#তিনি. সত্য, সঠিক আৰু সৰল পথ এটাই আৰু সেইটো হ’ল ইছলাম। ইছলামৰ বাহিৰে আছে আন বহুতো পথ। কিন্তু সেইবোৰ সত্য, সঠিক আৰু সৰল পথ নহয়। সেইবোৰ বিদ‘আত।

আল্লাহ তা‘আলাই কৈছে –

قُلْ إِنْ كُنْتُمْ تُحِبُّونَ اللَّهَ فَاتَّبِعُونِي يُحْبِبْكُمُ اللَّهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَاللَّهُ غَفُورٌ رَحِيمٌ

কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা, তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’। [ছূৰা আলে ইমৰান: ৩১]

আয়াতৰ পৰা শিক্ষা আৰু মাছায়েল:

#এক. আল্লাহ তা‘আলাক ভালপোৱাৰ দাবী হ’ল ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামক অনুসৰণ কৰা। যিয়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ অনুসৰণ পৰিত্যাগ কৰে সি মূলত: আল্লাহক ভাল নাপায়।

#দুই. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামক অনুসৰণ কৰি আল্লাহ তা‘আলাক ভাল পালে আল্লাহ তা‘আলাৰ পক্ষৰ পৰা ভালপোৱা লাভ কৰিব পৰা যাব।

#তিনি. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ অনুসৰণ হৈছে¸ আল্লাহক ভালপোৱাৰ প্রমাণ।

#চাৰি. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ অনুসৰণ কৰিলে আল্লাহ তা‘আলাৰ ভালপোৱা পোৱাৰ লগতে তেওঁৰ ক্ষমা লাভ কৰিব পৰা যাব।

#পাঁচ. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ অনুসৰণৰ দাবী হ’ল, সকলো প্রকাৰ বিদ‘আত পৰিহাৰ কৰা। বিদ‘আতৰ পৰা দূৰত থকা। কাৰণ, তেওঁ বিদ‘আতত লিপ্ত হ’বলৈ নিষেধ কৰিছে।

হাদীছ: ১.
আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, “যি ব্যক্তিয়ে আমাৰ এই বিষয়ত (ধর্মীয় বিষয়ত) এনেকুৱা কিবা সৃষ্টি কৰিব যিটো ইয়াৰ পৰা (প্রমাণিত) নহয়, সি প্রত্যাখ্যাত।” [বুখাৰী আৰু মুছলিম]

মুছলিমৰ এটি বর্ণনাত আছে : “যি ব্যক্তিয়ে এনেকুৱা কোনো কাম কৰিব যাৰ প্রতি আমাৰ নির্দেশ নাই সি প্রত্যাখ্যাত।”

হাদীছৰ পৰা শিক্ষা আৰু মাছায়েল:

#এক. বিদ‘আত ইছলামত নিষিদ্ধ। ইহুদী আৰু খ্ৰীষ্টধর্মসহ অন্যান্য আচমানী ধর্মসমূহ বিদ‘আতৰ কাৰণেই নি:শেষ হৈ গৈছে। ধর্মত নতুন বিষয় প্রচলন কৰাৰ কাৰণে এইবোৰ ধর্মৰ মূল কাঠামো অৱশিষ্ট থকা নাই।

#দুই. আলোচ্য হাদীছত ‘আমাৰ এই বিষয়ৰ মাজত’ বাক্যৰ দ্বাৰা ইছলামৰ ধর্মীয় বিষয় বুজোৱা হৈছে। ইছলামৰ ধর্মীয় আচাৰ-আচৰণত কোনো নতুন বিষয় সংযোজন, প্রচলন, আৱিষ্কাৰ কৰিব নোৱাৰিব। গতিকে জাগতিক ও পার্থিৱ বিষয়ত নতুন আৱিষ্কাৰ, উদ্ভাৱন বা নতুন কিবা প্রচলন নিষিদ্ধ ও প্রত্যাখ্যাত নহয়।

#তিনি. ধর্মত নতুন বিষয় প্রচলন কৰা, আৱিষ্কাৰ কৰা যেনেকৈ অন্যায়, তেনেকৈ ইয়াৰ অনুসৰণ কৰি তাক পালন কৰাও অন্যায়।

হাদীস: ২.
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে যেতিয়া খুতবা দিছিল তেতিয়া তেওঁৰ চকুযুৰি লাল হৈ গৈছিল। কন্ঠস্বৰ উচ্চ হৈ গৈছিল। খং ভাৱ প্রচণ্ডভাৱে প্রকাশ পাইছিল। এনে ভাৱ হৈছিল তেওঁ কোনো সৈন্যবাহিনীক সতর্ক কৰিছে যে, পুৱা বা সন্ধিয়াই শত্রুবাহিনী আহি পৰিব। তেওঁ আকৌ কৈছিল, ‘মই আৰু কিয়ামত এনেকুৱা ওচৰা-ওচৰি’, এই কথা কৈ মধ্যমা আৰু তর্জনী আঙুলি দুটা একতিত্র কৰিছিল। তেওঁ পুনৰ ক’লে- ‘জানি লোৱা! সকলোতকৈ ভাল কথা হৈছে আল্লাহৰ কিতাব; আৰু সর্বোত্তম আদর্শ হৈছে  মুহাম্মাদ (চাল্লাল্লাহু আলাইহি ওৱা চাল্লাম)ৰ আদর্শ; আৰু ধর্মৰ মাজত সকলোতকৈ নিকৃষ্ট হৈছে ধর্মত নতুন সৃষ্টি।’ (এইটো বিদ’আত) আৰু ‘সকলো বিদ’আতেই পথভ্রষ্টতা।’

তাৰ পিছত তেওঁ ক’লে- ‘মই প্রত্যেক মুমিনৰ ওপৰত তাৰ প্রাণতকৈও আপোন। যি ব্যক্তিয়ে কোনো সম্পদ ৰাখি মাৰা যায়, সেয়া তাৰ পৰিবাৰৰ কাৰণে। আৰু যি ব্যক্তিয়ে কোনো ঋণ অথবা অসহায় সন্তান ৰাখি মাৰা যায়, তেনেহ’লে সিহঁতৰ দায়িত্ব আমাৰ উপৰতেই।’ (মুছলিম)

হাদীছৰ পৰা শিক্ষা আৰু মাছায়েল:

#এক. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ খুতবা ও ভাষণ দানৰ পদ্ধতি জনা গ’ল। তেওঁ উচ্চ কন্ঠে, এজন বীৰ সেনাপতিৰ দৰে ভাষণ দিছিল। আৰু এনেদৰে খুতবা প্রদান কৰা ছুন্নত, তাত কোনো সন্দেহ নাই।

#দুই. কিয়ামত আৰু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ আগমণ খুবেই নিকটৱর্তী। মানে ইয়াৰ মধ্যৱর্তী সময়ত আন কোনো নবী বা ৰাছূলৰ আগমণ নঘটে।

#তিনি. খুতবা বা ভাষণত হাতেৰে ইশ্বাৰা-ইঙ্গিত কৰা ছুন্নত।

#চাৰি. সর্বোত্তম কথা ও সর্বোত্তম আদর্শ সম্পর্কে জানিব পাৰিলোঁ। একেদৰে সকলোতকৈ নিকৃষ্ট বিষয় সম্পর্কেও জানিব পাৰিলোঁ। আৰু সেইটো হ’ল বিদ‘আত। কাৰণ, সকলো বিদ‘আতেই মানুহক পথভ্রষ্ট কৰে। যেনে- খ্ৰীষ্টান ধর্মত বিদ‘আতে খ্ৰীষ্টানসকলক পথভ্রষ্ট কৰি পৌত্তলিকতাত লিপ্ত কৰিছে।

#পাঁচ. প্রত্যেক মুমিন ব্যক্তিৰ ওচৰত তাৰ প্রাণ যেনেকুৱা আপোন, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম তাতকৈও আপোন।

#ছয়. তেওঁ এই খুতবাত ইছলামী ৰাষ্ট্রৰ এটি গুৰুত্বপূর্ণ মূলনীতি বর্ণনা কৰিলে। সেইটো হ’ল, কোনো ব্যক্তিয়ে ঋণ ৰাখি মাৰা গ’লে তাক পৰিশোধ কৰা ৰাষ্ট্রৰ দায়িত্ব। একেদৰে অসহায় সন্তান এৰি থৈ মাৰা গ’লে তাৰ লালন-পালন কৰাৰ দায়িত্বও ৰাষ্ট্রৰ। কিন্তু যদি কোনো সম্পদ এৰি থৈ মাৰা যায়¸ তাক পাব তাৰ পৰিবাৰৰ লোকসকলে। ৰাষ্ট্র বা চৰকাৰে তাক গ্রহণ কৰিব নোৱাৰিব।

#সাত. জুমাৰ খুতবাত মুছল্লীসকলক বিদ‘আত সম্পর্কে সতর্ক কৰা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ এটি ছুন্নাত।

বিদ‘আত প্রসঙ্গত আন এটি হাদীছ:
আবু নাজীহ ইৰবাজ ইবনে ছাৰিয়াহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, এবাৰ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে আমাক উদ্দেশ্য কৰি এনেকুৱা এক বাগ্মীতাপূর্ণ ভাষাত ওৱাজ কৰিলে, তাত আমাৰ হৃদয় সন্ত্রস্ত হৈ গ’ল আৰু চকুৰ পৰা অশ্রু প্রবাহিত হ’বলৈ ধৰিলে। আমি ক’লো, ইয়া ৰাছূলাল্লাহ! এইটো যেন আপোনাৰ বিদায়ী উপদেশ। আপুনি আমাক আৰু উপদেশ দিয়ক। তেওঁ ক’লে: মই আল্লাহৰ বিষয়ত তাকওৱা অৱলম্বনৰ কাৰণে তোমালোকক উপদেশ দিছোঁ। আৰু উপদেশ দিছোঁ, তোমালোকে তোমালোকৰ নেতাৰ অনুসৰণ আৰু আনুগত্য কৰিবা। যদি হাবচী গোলামে তোমালোকৰ আমীৰ নির্বাচিত হয়, তথাপিও। আৰু তোমালোকৰ মাজত যিসকল জীৱিত থাকিব সিহঁতে বহুতো মতভেদ দেখিবলৈ পাব। তেতিয়া তোমালোকৰ কর্তব্য হ’ব, মোৰ ছুন্নাতক খামুচি ধৰা ও সৎপথপ্রাপ্ত খোলাফায়ে ৰাশ্বেদীনৰ আদর্শ অনুসৰণ কৰা। এই ছুন্নাত ও আদর্শক খুব মজবুতভাৱে ধাৰণ কৰিবা। আৰু (ধর্মৰ মাজত) সকলো প্রকাৰ নৱসৃষ্ট বিষয়ৰ পৰা দূৰত থাকিবা। জানি লোৱা, প্রত্যেকটো বিদ‘আতেই পথভ্রষ্টতা। (আবু দাউদ, তিৰমিজি)

হাদীছৰ পৰা শিক্ষা আৰু মাছায়েল:

#এক. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে এনেকুৱা ভাষা-ভঙ্গীত ওৱাজ কৰিছিল য’ত শ্রোতাসকলৰ চকুপানী ওলাই গৈছিল।

#দুই. চাহাবায়ে কিৰামে সর্বদা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ওৱাজ-নছীহত, খুতবা-বক্তৃতা শুনাৰ কাৰণে উদগ্রীৱ হৈ আছিল। ইয়াতে তেওঁলোকে কেতিয়াও ক্লান্তিবোধ কৰা নাছিল।

#তিনি. তাকওৱা বা সর্বক্ষেত্রত আল্লাহ ভীতিৰ নীতি অনুসৰণ কৰাৰ কাৰণে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে সর্বদা উম্মতক নির্দেশ দিছিল। প্রতিটো ভাষণ ও খুতবাত তেওঁ তাকওৱা অৱলম্বন কৰাৰ উপদেশ দিছিল।

#চাৰি. শাসকসকলৰ আনুগত্য কৰা ইছলামত অপৰিহার্য। তেওঁলোকৰ সিদ্ধান্তৰ বিৰুদ্ধে অস্ত্রধাৰণ কৰা, বিদ্রোহ কৰা, আইন নিজৰ হাতত তুলি লোৱা, তেওঁলোকৰ আনুগত্যৰ পৰা বাহিৰ হোৱা ইত্যাদি গুৰুতৰ পাপ। কিন্তু তেওঁলোকৰ সংশোধনৰ কাৰণে কাম কৰা, আনুগত্যৰ মাজৰ পৰা সংশোধনৰ উদ্দেশ্য লৈ তেওঁলোকৰ অন্যায়সমূহৰ সমালোচনা কৰাত দোষ নাই।

#পাঁচ. শাসক যদি অযোগ্য, অপদার্থ হয় তথাপিও তেওঁৰ আনুগত্যৰ বাহিৰ হৈ যাব নোৱাৰিব। কাৰণ মুছলিম অথাৰিটি ইছলামৰ কাৰণে এটা গুৰুত্বপূর্ণ বিষয়। যদি মুছলিমসকলৰ নেতৃত্ব দিয়াৰ দৰে অথাৰিটি নাথাকে¸ তেনেহ’লে ইছলামৰ অস্তিত্ব বিপন্ন হ’ব। প্রত্যেকে যাৰ যি ইচ্ছা খুছীমতে ইছলাম অনুসৰণ কৰিব। ফলত ইছলামৰ এটি অভিন্ন ৰূপ ক’তো বিচাৰি পোৱা নাযাব।

#ছয়. সকলো ক্ষেত্রতে এজন মুছলিমে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ছুন্নাহ অনুসৰণ কৰিব। তাৰ পিছত খোলাফায়ে ৰাশ্বেদীন- আবু বকৰ (ৰা.) উমাৰ (ৰা.) উছমান (ৰা.) আৰু আলী (ৰা.)-ৰ আদর্শ অনুসৰণ কৰিব। আৰু যেতিয়া কোনো বিষয়ত মতভেদ দেখা দিব তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ছুন্নাহৰ অনুসৰণ আৰু জৰুৰী হৈ পৰে। আৰু ছুন্নাহ অনুসৰণ কৰাৰ মাধ্যমত ইখতেলাফ দূৰ হৈ উম্মতৰ মাজত ঐক্য কায়েম হ’ব পাৰে। সেয়ে কুৰআন আৰু ছুন্নাহ হ’ল ইছলামী ঐক্যৰ মূল ভিত্তি। আৰু বিদ’আত হ’ল উম্মতক বিভক্ত কৰাৰ এটি ডাঙৰ মাধ্যম।

#সাত. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম আৰু তেওঁৰ খোলাফায়ে ৰাশ্বেদীনৰ আদর্শৰ বিপৰীতে যিবোৰক ধর্ম হিচাবে চালু কৰা হ’ব তাৰ নাম বিদ‘আত। বিদ‘আত হ’ল ছুন্নাহৰ বিপৰীত। বিদ‘আত ইছলামত এটি মাৰাত্মক অপৰাধ।

#আঠ. এই হাদীছত বিদ‘আতত থকাৰ কাৰণে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে সকলোকে সতর্ক কৰিছে। বিদ‘আত হ’ল, ধর্মৰ নামত ধর্মৰ মাজত নতুন আৱিষ্কৃত বিষয়। যিটো আল্লাহে কোৱা নাই, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ছুন্নাহৰ দ্বৰা যিটো প্রমাণিত নহয়, চাহাবায়ে কিৰামৰ কোনেও যাক কৰা নাই তাক দ্বীন বা ছওৱাবৰ কাম বুলি আমল কৰাৰ নাম হ’ল বিদ‘আত। বিদ‘আত যেনেকৈ কর্মত হয়, তেনেকৈ আক্বীদা-বিশ্বাসতো হৈ থাকে।

#ন. ‘ধর্মৰ কাৰণে নতুন বিষয়ৰ প্রচলন’ আৰু ‘ধর্মৰ মাজত নতুন বিষয়ৰ প্রচলন’ এই দুটাৰ মাজত পার্থক্য আছে। প্রথমটো বিদ‘আত নহয়। দ্বিতীয়টো বিদ‘আত। প্রথমটোৰ উদাহৰণ হিচাবে আজিৰ যুগৰ মাদ্ৰাছা শিক্ষা প্রতিষ্ঠান, আজান ও নামাজত মাইক ব্যৱহাৰ, ইছলামৰ দাওৱাতত টিভি, ইন্টাৰনেট ইত্যাদিৰ ব্যৱহাৰ পেচ কৰিব পাৰি। এইবোৰ সকলো ধর্মৰ কাৰণে প্রচলন কৰা হৈছে। আৰু দ্বিতীয় প্রকাৰৰ উদাহৰণ হিচাবে মীলাদুন্নবী উদযাপন, শ্ববে বৰাত পালন, উৰছ অনুষ্ঠান ইত্যাদি পেচ কৰিব পাৰি। এইবোৰ হ’ল ধর্মৰ মাজত নতুন আৱিষ্কাৰ।।

Leave a comment