মুছলিমসকলে বন্দে মাতৰম গোৱাটো কবীৰা গুনাহ

মুছলিমসকলে বন্দে মাতৰম গোৱাটো কবীৰা গুনাহ

            বন্দে শব্দৰ অৰ্থ হ’ল প্ৰণাম কৰোঁ ,বন্দেগী কৰোঁ ,পূজা কৰোঁ  ,উপাসনা কৰোঁ ,বন্দনা কৰোঁ । মাতৰম শব্দৰ অৰ্থ হ’ল মাতৃৰ । বন্দে মাতৰমৰ মূল অৰ্থ হ’ল—মাতৃৰ বন্দেগী কৰোঁ ,ভাৰতক পূজা কৰোঁ । এতিয়া প্ৰশ্ন হ’ল—আমি মুছলিমসকলে বন্দেগী, উপাসনা, আৰাধনা কাক কৰিম ? নিশ্চয় মুছলিমসকলে এই বন্দেগী, ইবাদত নিখিল বিশ্বজগতৰ সৃষ্টিকৰ্তা একমাত্ৰ মহান আল্লাহতাআলাকহে কৰোঁ । মহান আল্লাহৰ বাহিৰে আন কোনো বন্দেগী,উপাসনাৰ যোগ্য নহয় । তেনে স্থলত অন্য কোনো দেৱ-দেৱী বা সত্বাৰ বন্দেগী কৰাৰ অৰ্থ হ’ল, সেই সত্তাক মহান আল্লাহতাআলাৰ লগত সমকক্ষ কৰা ৷ বন্দেগীৰ যোগ্য একমাত্ৰ সেই সত্বাহে, যি সৰ্বশক্তিমান, সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী ৷
        আমি আমাৰ মাতৃভূমিক যিমানেই ভক্তি নকৰোঁ কিয় বা ভাল নাপাওঁ কিয়, কেতিয়াও বন্দেগী পোৱাৰ যোগ্য নহয় ।কিয়নো দেশ এখনৰ মঙ্গল-অমঙ্গল সেই মহা শক্তিমান আল্লাহতাআলাৰ ওপৰতহে নিৰ্ভৰশীল ৷ কোনো এখন দেশত অমঙ্গল,প্ৰাকৃতিক দুৰ্যোগ আদি হ’লে আমি দেশমাতৃক আৰাধনা কৰাৰ পৰিবৰ্তে একমাত্ৰ আল্লাহৰ ওচৰতহে দেশৰ মঙ্গল,কল্যাণ তথা নিষ্কৃতিৰ বাবে সাহায্য বিচাৰোঁ ৷ গতিকে সৰ্বোচ্চ আৰাধনা,বন্দেগী কেৱল সেই মহিমামণ্ডিত মহান আল্লাহৰহে প্ৰাপ্য ৷ এই যুক্তিৰ আধাৰত এজন প্ৰকৃত মুছলিমে মহান আল্লাহকহে একমাত্ৰ উপাস্য বুলি স্বীকাৰ কৰাৰ পাছত আন কাকো বন্দেগী বা উপাসনাৰ যোগ্য হিচাবে মানি নলয় । সেয়া লাগিলে নিজৰ মাতৃয়েই হওক অথবা পৃথিৱীৰ আন কোনোৱেই হওক ৷ সেয়েহে গীতটোত উল্লেখিত দেৱী দুৰ্গাৰ বন্দনা,পূজা কৰাটো ইছলাম ধৰ্মত নিষিদ্ধ ।
         যদি কোনো মুছলিমে আল্লাহৰ বাহিৰে আন কাৰোবাক বন্দেগীৰ যোগ্য বুলি ধৰি লয় বা বন্দে মাতৰমৰ লেখীয়া শব্দ কয়, তেন্তে সেয়া হ’ব শ্বিৰক বা অংশীবাদ ৷ ইছলামৰ দৃষ্টিত শ্বিৰক হ’ল কবীৰা গুনাহ । শ্বিৰক কৰাজনক আৰবী ভাষাত মুশ্বৰিক বোলা হয় । শ্বিৰক গুনাহ মহান আল্লাহতাআলাই কেতিয়াও মাফ নকৰে ।
          উল্লেখ্য যে বন্দে মাতৰম হ’ল বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে লিখা উপন্যাস আনন্দমঠত থকা এটা গান । বংকিম চন্দ্ৰৰ সেই উপন্যাসখনত মুছলিমবিদ্বেষী ধাৰণা অতি প্ৰকট । তদুপৰি বংকিম চন্দ্ৰ চেটাৰ্জী আছিল নিজেই এজন মুছলিম বিৰোধী,ইছলাম বিদ্বেষী লোক । তেওঁৰ আন ভালেমান লেখনীতো মুছলিম বিদ্বেষ স্পষ্ট ।
       ভাৰতৰ মুছলিমসকলে স্বাধীনতাৰ আগৰেপৰা আজিলৈকে বন্দে মাতৰম গীতটো গোৱাৰ ক্ষেত্ৰত বিৰোধিতা কৰি আহিছে । আনহাতে, বন্দে মাতৰম গীতটো গাবলৈ কোনেও কাকো বাধ্যও কৰিব নোৱাৰে ।
        গীতটো নোগোৱাৰ প্ৰসংগ টানি ভাৰতৰ একাংশ লোকে মুছলিমসকলৰ দেশপ্ৰেম সন্দৰ্ভত প্ৰশ্ন চিহ্ন লগাব বিচৰাটো কোনোপধ্যে সমীচীন নহয় । বন্দে মাতৰম গীতটো নাগালেই ভাৰতৰ মুছলিমসকলক দেশপ্ৰেমিক নহয় বুলি কোৱা আৰু ভবাটো মাৰাত্মক মূৰ্খামিৰ বাদে আন একো নহয় । ভাৰতৰ মুছলিমসকল স্বভাৱতঃ দেশপ্ৰেমিক । ভাৰতৰ মুছলিমক কাৰোৰেপৰা দেশপ্ৰেমৰ চাৰ্টিফিকেট নালাগে ।
   “চাৰে জাহা চে আচ্চা হিন্দুস্তা হামাৰা ।”

✍✍ ( নুৰুল হক )

Leave a comment