১। কুৰবানীৰ পশু যেন শ্বৰীয়ত নির্ধাৰিত শ্ৰেণী আৰু বয়সৰ অন্তৰ্ভুক্ত হয়। নির্ধাৰিত শ্রেণীৰ পশু চাৰি প্ৰকাৰ- *উট, গৰু, ভেড়া আৰু ছাগলী।* অধিকাংশ উলামাৰ মতে সকলোতকৈ উৎকৃষ্ট কুৰবানী হ’ল উট, ইয়াৰ পিছত গৰু, তাৰ পিছত ভেড়া আৰু তাৰ পিছত ছাগলী। আকৌ মতা ভেড়া মাইকী ভেড়াতকৈ উত্তম। যিহেতু এই প্রসঙ্গত দলিল বর্ণিত হৈছে।[1]
এটি *উট অথবা এটি গৰুত সাতজন ব্যক্তি কুৰবানীৰ কাৰণে শ্বৰীক হ’ব পাৰে।[2]* অন্য এক বর্ণনামতে উট কুৰবানীত দহজন ব্যক্তি শ্বৰীক হ’ব পাৰে। ইমাম শাওকানী (ৰহ.)য়ে কৈছে, হজ্জৰ কুৰবানীত দহ আৰু সাধাৰণ কুৰবানীত সাত ব্যক্তি শ্বৰীক হোৱাটোৱেই সঠিক।[3]
কিন্তু *ভেড়া বা ছাগলীত ভাগাভাগি বৈধ নহয়।* কিন্তু তাৰ ছওৱাবত একাধিক ব্যক্তিক শ্বৰীক কৰিব পাৰি। গতিকে *এটি পৰিয়ালৰ তৰফৰ পৰা মাত্র এটি ভেড়া বা ছাগলীয়েই যথেষ্ট হ’ব।* তাত সেই পৰিয়ালৰ সদস্য-সংখ্যা যিমানেই নহওঁক কিয়।
কিন্তু উট বা গৰুৰ এক সপ্তমাংশ এটি পৰিয়ালৰ তৰফৰ পৰা যথেষ্ট হ’বনে? এই সম্পৰ্কে উলামাসকলৰ মাজত মতভেদ আছে। কিছুমানৰ মতে, যথেষ্ট নহয়। কাৰণ, তাতে ৭ জনৰ অধিক ব্যক্তি শ্বৰীক হোৱা বৈধ নহয়। তাৰোপৰি পৰিয়ালৰ তৰফৰ পৰা এটি পূর্ণ ‘দম’ (জান) যথেষ্ট হ’ব। আনহাতে ৭ ভাগৰ ১ ভাগ পূর্ণ দম নহয়।[4]
বহুতৰ মতে এটি ভেড়া বা ছাগলীৰ দৰেই এক সপ্তমাংশ উট বা গৰু যথেষ্ট হ’ব।[5]
কোৱা বাহুল্য, *এটি পৰিয়ালৰ তৰফৰ পৰা এক বা দুই ভাগ গৰু কুৰবানী দিয়াতকৈ ১টি ছাগলী বা ভেড়া দিয়াটোৱেই অধিক উত্তম।*
*কুৰবানীৰ সৈতে এটি ভাগ আকীকাৰ উদ্দেশ্যে দিয়া যথেষ্ট নহয়।* যেনেকৈ যথেষ্ট নহয় এটি পশু কুৰবানী আৰু আকীকাৰ নিয়তত যবেহ কৰা। কুৰবানী আৰু আকীকাৰ কাৰণে পৃথক পৃথক পশু হ’ব লাগিব। অৱশ্যে যদি *কোনো শিশুৰ আকীকাৰ দিনা কুৰবানীৰ দিন পৰে আৰু আকীকা যবেহ কৰে, তেনেহ’লে আকৌ কুৰবানী নিদিলেও হয়।* যেনে, দুটি গোছলৰ কাৰণ উপস্থিত হ’লে এটি গোছল কৰিলেই যথেষ্ট, জুমআৰ দিনা ঈদৰ নামায পৰিলে আকৌ জুমআহ নপঢ়িলেও হয়, বিদায়ৰ সময়ত হজ্জৰ তওৱাফ কৰিলে আকৌ বিদায়ী তওৱাফ নকৰিলেও হয়, যোহৰৰ সময়ত মছজিদত প্রৱেশ কৰি যোহৰৰ ছুন্নাত পঢ়িলে পৃথক কৰি আকৌ তাহিয়্যাতুল মছজিদ নপঢ়িলেও হয় আৰু তামাত্তু হজ্জৰ কুৰবানী দিলে আকৌ পৃথকভাৱে কুৰবানী নিদিলেও হয়।[6]
বয়সৰ ফালৰ পৰা *উটৰ পাঁচ বছর, গৰুৰ দুই বছৰ আৰু ভেড়া ও ছাগলীৰ এক বছৰ হোৱা জৰুৰী। অৱশ্যে অসুবিধা বশতঃ ছয় মহীয়া ভেড়া কুৰবানী কৰিব পাৰি।* প্রিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘দাঁত নোলোৱালৈকে যবেহ নকৰিবা। কিন্তু সেইটো দুর্লভ হ’লে ছয় মাহৰ ভেড়া যবেহ কৰা।’’[7]
কিন্তু উলামাসকল এই বিষয়ে একমত যে, ছয় মাহ বয়সীয়া ভেড়াৰ কুৰবানী সিদ্ধ হ’ব; তাৰোপৰি অন্য পশু পোৱা যাওঁক অথবা নাযাওঁক। অধিকাংশ উলামাই সেই হাদীছৰ আদেশক ‘ইস্তিহবাব’ (উত্তম) বুলি গ্রহণ কৰিছে আৰু কৈছে যে, সেই হাদীছৰ মর্মার্থ এই নহয় যে, অন্য কুৰবানীৰ পশু নাপালেহে ছমহীয়া বয়সৰ ভেড়া জাতৰ কুৰবানী বৈধ। যিহেতু এনেকুৱা অন্যান্য দলিলও আছে যাৰ দ্বাৰা প্রমাণিত হয় যে, সেই বয়সীয়া ভেড়াৰও কুৰবানী বৈধ; প্রকাশতঃ যদিও কুৰবানীদাতা অন্য দাঁতালো পশু পাইও থাকে। যেনে¸ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, *‘‘ছমাহ বয়সীয়া ভেড়াৰ জাত উত্তম কুৰবানী।’’[8]*
উক্কবাহ বিন আমীৰ (ৰা.)য়ে কৈছে, (এদিন) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কুৰবানীৰ পশু বিতৰণ কৰিলে। *উকবাৰ ভাগত পৰিল এটি ছয় মাহৰ ভেড়া।* তেওঁ ক’লে, ‘হে আল্লাহৰ ৰাছুল! মোৰ ভাগত ছয় মাহৰ ভেড়া হ’ল?’ প্রত্যুত্তৰত তেওঁ ক’লে, ‘‘এইটোৰ দ্বাৰাই তুমি কুৰবানী কৰা।’’[9]
*২। পশু যেন নিম্নোক্ত ত্রুটিসমূহৰ পৰা মুক্ত হয়;*
(ক) এটা চকু স্পষ্ট কণা। (খ) স্পষ্ট ব্যাধি। (গ) স্পষ্ট খোৰা। (ঘ) অন্তিম বার্ধক্য। এই ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘চাৰি প্ৰকাৰৰ পশু কুৰবানী কৰা বৈধ বা সিদ্ধ নহয়; (এটা চকু) স্পষ্ট কণা, স্পষ্ট ৰোগীয়া, স্পষ্ট খোৰা আৰু দুৰাৰোগ্য ভগ্নপদ।’’[10]
এতেকে এই চাৰিৰ কোনো এক ত্রুটিযুক্ত পশুৰ দ্বাৰা কুৰবানী সিদ্ধ নহয়। ইবনে কুদামাহ (ৰহ.)য়ে কৈছে, ‘এই বিষয়ে কোনো মতভেদ আমি নাজানোঁ।’[11]
[1] (আযওৱাউল বয়ান ৫/৬৩৪)
[2] (মুছলিম ১৩১৮নং)
[3] (নাইলুল আওত্বাৰ ৮/১২৬)
[4] (ফাতাওৱা শায়খ মুহাম্মাদ বিন ইব্ৰাহীম ৬/১৪৯) [5] (মাজালিছু আশ্বৰি যিলহাজ্জাহ, শুমাইমিৰী, ২৬পৃঃ আল-মুমতে’ ইবনে উছাইমীন ৭/৪৬২-৪৬৩)
[6] (মানাৰুছ ছাবীল ১/২৮০) [7] (মুছলিম ১৯৬৩নং)
[8] (মুছনাদে আহমাদ ২/৪৪৫, তিৰমিযী)
[9] (বুখাৰী ২১৭৮, মুছলিম ১৯৬৫নং)
[10] (আবূ দাঊদ, তিৰমিযী, নাছ-াঈ)
[11] (মুগনী ১৩/৩৬৯)