✅ কুৰবানীৰ প্রাৰম্ভিক ইতিহাসঃ
⬇
কুৰবানীৰ ইতিহাস খুবেই প্রাচীন। সেই আদি পিতা আদম (আলাইহিছ ছালাম)ৰ যুগৰ পৰাই কুৰবানীৰ বিধান চলি আহিছে। আদম (আলাইহিছ ছালাম)ৰ দুই লৰা হাবীল আৰু কাবীলৰ কুৰবানী উপস্থাপন কৰাৰ কথা আমি মহাগ্রন্থ আল-কুৰআনৰ পৰা জানিব পাৰো। মহান আল্লাহে কৈছে,
⤵
আদমৰ দুই পুত্রৰ (হাবিল আৰু কাবিলৰ) প্ৰকৃত কাহিনীটো সিহঁতক যথাযথভাৱে শুনাই দিয়া, যেতিয়া দুয়োজনে কুৰবানী কৰিছিল, তেতিয়া এজনৰ কুৰবানী গৃহীত(কবুল) হ’ল আৰু অন্য জনৰ কুৰবানী গৃহীত(কবুল) নহ’ল। সি ক’লে (কোৰবাণী গৃহীত নোহোৱাজনে), মই তোমাক অৱশ্যেই হত্যা কৰিম।অন্যজনে ক’লে, আল্লাহে তো সংযমীসকলৰ কুৰবানীকেই গ্ৰহণ(কবুল) কৰি থাকে। তুমি মোক হত্যা কৰিবলৈ হাত উঠালেও মই তোমাক হত্যা কৰিৱলৈ হাত নুঠাও। মই বিশ্বজগতৰ প্ৰভুক ভয় কৰো;
[(ছূৰা মাইদাহ ২৭ আয়াত)- 5/27]
.
.
✅ কুৰবানীৰ বিধান প্রত্যেক জাতিৰ বাবেই আছিল। মহান আল্লাহে কৈছে,
⤵
প্রত্যেক সম্প্রদায়ৰ(উম্মদ-ধৰ্ম) বাবে আমি কুৰবানীৰ বিধান দিছো; যাতে মই সিহঁতক জীৱনোপকৰণৰ বাবে যিসকলো চতুষ্পদ জন্তু দিছো সেইবোৰৰ উপৰত আল্লাহৰ নাম উচ্চাৰণ কৰে। (এই বিভিন্ন প্ৰথাসমূহৰ উদ্দেশ্যে একেই,) তোমালোকৰ উপাস্য একেজন উপাস্যই, তেওঁৰেই আনুগত্য প্ৰকাশ কৰা আৰু(হে নবী) নম্ৰতা অৱলম্বনকাৰী সকলক সুসংবাদ দিয়া; যিসকলৰ হূদয় আল্লাহৰ নাম শুনাৰ লগে লগে ভয়ত কপি উঠে, যি বিপদেই তেওঁলোকৰ ওপৰত আপতিত নহওঁক কিয় তাৰ বাবে ধৰ্যধাৰণ কৰে, নামাজ প্ৰতিষ্ঠা কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দিছো তাৰ পৰা(সৎকামত) ব্যয় কৰে।
[(ছূৰা হাজ্জ ৩৪-৩৫)-22/35-35]
.
.
➡ ইব্ৰাহীম (আলাইহিছ ছালাম)ৰ কুৰবানীৰ আদর্শ হোৱাৰ ব্যাপাৰত মহান আল্লাহে কৈছে,
⤵
সেই ল’ৰাজনে(ঈছমাইল) যেতিয়া তেওঁৰ(ইব্ৰাহীমৰ) লগত লৰাঢপৰা কৰিব পৰা বয়সত উপনীত হ’ল, তেতিয়া(এদিন ইব্ৰাহীমে) তেওঁক(ঈছমাইলক) ক’লে- ‘হে মোৰ চেনেহৰ পুত্ৰ, মই সপোনত এই বুলি দেখিছো যে মই তোমাক জবেহ কৰিছো। এতিয়া কি কৰিব লাগে কোৱা। তেওঁ উত্তৰ দিলে- আব্বাজান, আপোনাক যি আদেশ দিয়া হৈছে তাকে কৰক। আল্লাহে কৰিলে আপুনি দেখিব মই এজন ধৈৰ্যশীল দৃঢ়মনা লৰা। যেতিয়া তেওঁলোক দুয়ো আল্লাহৰ শৰণাপন্ন হ’ল আৰু ইব্ৰাহীমে পুতেকক (জবেহ কৰিবৰ বাবে) তলমূৰ কৰি মাটিত বগৰাই ল’লে, তেতিয়া আমি তেওঁক মাত দি ক’লো- হে ইব্ৰাহীম, তুমি তোমাৰ সপোন সিদ্ধি কৰিলা।এনেদৰেই আমি সৎকৰ্মীসকলক প্ৰতিদান দিওঁ। বাস্তৱিকতে এইটো এটা জটিল পৰীক্ষা আছিল। আৰু এটা মহাকুৰবানীৰ বিনিময়ত আমি শিশুটিক বচাই ৰাখিলো, আৰু তেওঁৰ প্ৰশংসা আৰু গুণ-গৰীমাৰ কথা পৰৱৰ্তী জনগণৰ মাজত বৰ্তাই ৰাখিলো।
[(ছূৰা ছাফফাত১০২-১০৮)-37/102-108]
.
.
✅ ✅ এন্য আয়াতত আল্লাহে কৈছে,
‘এইবোৰৰ (কুৰবানীৰ পশুৰ) তেজ, মাংস একোৱেই আল্লাহৰ ওচৰত গৈ নাপায়, গৈ পায় কেৱল তোমালোকৰ #মনৰ_তাক্বওয়া বা আল্লাহ ভীতি’। এনেকৱেই তেখেতে এইবোৰক তোমালোকৰ #অধীন কৰি দিছে যাৰ বাবে তোমালোকে আল্লাহৰ শ্রেষ্ঠত্ব ঘোষণা কৰা এই যে, তেখেতে তোমালোকক পথ-প্রদর্শন কৰিছে; সৎকর্মশীল সকলক সুসংবাদ শুনাই দিয়ক।’
(Qur’an 22:37)

✍✍Sajidul Islam