—————————–
*প্রশ্ন: মই শুনিছো আশ্বুৰাৰ ৰোজা ৰাখিলে বিগত বছৰৰ গুনাহ মোচন কৰি দিয়া হয়- এইটো সঠিক নে? কবীৰা গুনাহো মোচন কৰে নে? এই দিনটোৰ ইমান বেছি মর্যাদাৰ কাৰণ কি?*
➖➖➖🌹
#উত্তৰ: সকলো প্রশংসা আল্লাহৰ কাৰণে।
🌿এক:
আশ্বুৰাৰ ৰোজাই বিগত বছৰৰ গুনাহ মোচন কৰে। দলিল হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী:
*“মই আল্লাহৰ ওচৰত প্রতিদান প্রত্যাশা কৰিছো আৰাফাৰ ৰোজাই বিগত বছৰ ও আগন্তুক বছৰৰ গুনাহ মার্জনা কৰিব। আকৌ প্রত্যাশা কৰিছো আশ্বুৰাৰ ৰোজাই বিগত বছৰৰ গুনাহ মার্জনা কৰিব।”* [ছহিহ মুছলিম (১১৬২)]
এইটো আমাৰ ওপৰত আল্লাহ তা‘আলাৰ অনুগ্রহ যে, এটা দিনৰ ৰোজাৰ মাধ্যমত বিগত বছৰৰ সকলো গুনাহ মার্জনা হৈ যাব। নিশ্চয় আল্লাহ মহান অনুগ্রহকাৰী।
আশ্বুৰাৰ ৰোজাৰ মহান মর্যাদাৰ কাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ৰোজাৰ ক্ষেত্ৰত খুব আগ্রহী আছিল। ইবনে আব্বাছ (ৰাঃ)ৰ পৰা বর্ণিত তেওঁ কৈছে:
*“ফজিলতপূর্ণ দিন হিচাবে আশ্বুৰাৰ ৰোজা ও এই মাহৰ ৰোজা অর্থাৎ ৰমজানৰ ৰোজাৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক যিমান বেছি আগ্রহী দেখিছোঁ। অন্য ৰোজাৰ ক্ষেত্ৰত তদ্রূপ দেখা নাই।”* [ছহীহ বুখাৰী (১৮৬৭)]
হাদীছত يتحرى শব্দৰ অর্থ- ছওৱাবপ্রাপ্তি ও আগ্রহৰ কাৰণে তেওঁ এই ৰোজাৰ প্রতীক্ষাত আছিল।
🌿দুই:
আনহাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কর্তৃক আশ্বুৰাৰ ৰোজা ৰখা ও এই ক্ষেত্ৰত চাহাবায়ে কেৰামক উদ্বুদ্ধ কৰাৰ কাৰণ হৈছে বুখাৰীৰ বর্ণিত হাদীছত (১৮৬৫) ইবনে আব্বাছ (ৰাঃ)ৰ পৰা বর্ণিত তেওঁ কৈছে:
*“নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মদিনালৈ আহিল তেতিয়া দেখিলে ইহুদীসকলে আশ্বুৰাৰ দিনা ৰোজা ৰাখে। তেতিয়া তেখেতে সুধিলে: কিয় তোমালোকে ৰোজা ৰাখা? তেওঁলোকে ক’লে: এইটো উত্তম দিন। এই দিনত আল্লাহ তা‘আলাই বনি ইছৰাঈলক তেওঁলোকৰ শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল; সেয়ে মুছা আলাইহিছ ছালামে এই দিনত ৰোজা ৰাখিছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: তোমালোকতকৈ মই মুছাৰ অধিক নিকটৱর্তী। ফলত তেখেতে এই দিনত ৰোজা ৰাখিলে আৰু অন্যসকলকো ৰোজা ৰখাৰ নির্দেশ দিলে।”*
বুখাৰীৰ অন্য ৰেওৱায়েতত আহিছে-
*“এই দিনৰ মহান মর্যাদাৰ কাৰণে আমি ৰোজা ৰাখো”।*
হাদীছৰ উদ্ধৃতি:
*“অন্যসকলকো ৰোজা ৰখাৰ নির্দেশ দিলে”
বুখাৰীৰ অন্য ৰেওৱায়েতত আহিছে- “তেখেতে তেখেতৰ ছাহাবীসকলক ক’লে: তোমালোক তেওঁলোকতকৈ মুছাৰ অধিক নিকটৱর্তী। গতিকে তোমালোকে ৰোজা ৰাখা”।*
🌿তিনি:
আশ্বুৰাৰ ৰোজাৰ দ্বাৰা কেৱল ছগিৰা গুনাহ মার্জনা হ’ব। কবিৰা গুনাহ বিশেষ তওবা অবিহনে মোচন কৰা নহয়। ইমাম নববী (ৰহঃ)য়ে কৈছে: আশ্বুৰাৰ ৰোজাই সকলো ছগিৰা গুনাহ মোচন কৰে। হাদীছৰ বাণীৰ মর্ম ৰূপ হৈছে- কবিৰা গুনাহৰ বাহিৰে সকলো গুনাহ মোচন কৰি দিয়ে।
ইয়াৰ পিছত তেখেতে পুনৰ ক’লে: আৰাফাৰ ৰোজাই দুই বছৰৰ গুনাহ মোচন কৰে। আকৌ আশ্বুৰাৰ ৰোজাই এক বছৰৰ গুনাহ মোচন কৰে। মুক্তাদিৰ আমীন কোৱা যদি ফিৰিস্তাতাসকলৰ আমীন কোৱাৰ সৈতে মিলি যায় তেনেহ’লে পূর্বৰ সকলো গুনাহ মাফ কৰি দিয়া হয়… উল্লেখিত আমলসমূহৰ মাধ্যমত পাপ মোচন হয়। যদি বান্দাৰ ছগিৰা গুনাহ থাকে তেনেহ’লে ছগিৰা গুনাহ মোচন কৰে। যদি ছগিৰা বা কবিৰা কোনো গুনাহ নাথাকে তেনেহ’লে তেওঁৰ আমলনামাত নেকি লেখা হয় আৰু তেওঁৰ মর্যাদা বৃদ্ধি কৰা হয়।
… যদি কবিৰা গুনাহ থাকে, ছগিৰা গুনাহ নাথাকে তেনেহ’লে কবিৰা গুনাহক কিছু পৰিমাণে হালকা কৰাৰ আশা কৰিব পাৰি।
➖➖🍃🌿
[আল-মাজমু শ্বাৰহুল মুহাযযাব, খণ্ড-৬]