বৃদ্ধ হলেহে নামায কায়ম কৰিম
“বৃদ্ধ হলেহে নামায কায়ম কৰিম” বা “বিবাহৰ পিছতহে নামায কায়ম কৰিম” বুলি নিয়াত ৰখাসকলে উপলব্ধি কৰা উচিত যে আল্লাহে সকলোৰে বাবে বৃদ্ধকাল ৰখা নাই আৰু সকলোৰে বাবে বৈবাহিক জীৱনো ৰখা নাই ।
বৃদ্ধ হলেহে নামায কায়ম কৰিম
হাদিছত নামাযক যেতিয়া জান্নাতৰ চাবিৰ লগত তুলনা কৰা হৈছে, তেনে ক্ষেত্ৰত আমি চাবি অবিহনে জান্নাতৰ দুৱাৰ খুলিব পাৰিম জানো ? Seriously, আমি প্ৰত্যেকেই নিজে নিজক প্ৰশ্ন কৰা উচিত ।
ভৱা সময় এতিয়াই, পিছলৈ নহয় । কাৰণ আল্লাহ পাকে কাকো “অহাকালি” ৰ প্ৰতিশ্ৰুতি দি থোৱা নাই । আপুনি-মই কোনেও নেজানো “অহাকালি” আপোনাৰ মোৰ বাবে আহিব নে নাই !!!!!!
মৃত্যুৰো সোৱাদ আছে আৰু সেই সোৱাদ বান্দাহৰ আমোল অনুযায়ী হ’ব ।
.
ক্বুৰআন পাকত আল্লাহ তা’আলাই কৈছে যে,
“কুল্লু নাফচিন যা~ ইক্বতুল মাউত”
অৰ্থাৎ
প্ৰত্যেক নফচেই মৃত্যুৰ সোৱাদ ল’ব ।
[Every soul shall taste Death]
আল্লাহে এনেদৰে কোৱা নাই যে প্ৰত্যেক নফছৰেই মৃত্যু হ’ব বা এনেদৰেও কোৱা নাই যে প্ৰত্যেক নফচেই মৃত্যুৰ ডেওনা পাৰ কৰিব লাগিব,
বৰং কৈছে যে প্ৰত্যেক নফছেই মৃত্যুৰ সোৱাদ ল’ব ।
কিয় ???
কাৰণ মৃত্যুৰ সোৱাদ আছে ।
.
.
এই সোৱাদ তিতা সেইসকলৰ বাবে যিসকলে মৃত্যুক পাহৰি গৈছে আৰু দুনীয়াৰ ৰং ৰহয়ছত বিলীন হৈ আল্লাহৰ ইবাদত বন্দেগীৰ পৰা আতঁৰি গৈছে ।
এই সোৱাদ মিঠা সেইসকলৰ বাবে যিসকলে মৃত্যুক বেছি বেছি স্মৰণ কৰিছে আৰু আল্লাহৰ ইবাদতত পিছ হুহুকি থকা নাই ।
বৃদ্ধ হলেহে নামায কায়ম কৰিম
এতেকে, আহক হে মোৰ ভাই-ভনীসকল,
দুনীয়াৰ লগতে আখিৰতৰ বাবেও income কৰোঁ ।
আখিৰতত সেইদিনা ইয়াতকৈ ডাঙৰ আফচোচ হয়তো একো নাথাকিব যে জান্নাত ইমান বিশাল হোৱা সত্ত্বেও ‘মোৰ’ বাবে তাত আজি এটুকুৰা ঠাই নাই !!!
আল্লাহ পাকে আমাক সকলোকে জান্নাতুল ফিৰদউচ নচিব কৰক আৰু জাহান্নাম আমাৰ বাবে হাৰাম কৰি দিয়ক । আমিন ॥