বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম
আজি শুকুৰবাৰ , ইছলামত আজিৰ দিনটোৰ মহত্ত্ব অধিক । আল্লাহৰ কৃপা লাভ কৰাৰ বাবে আজিৰ দিনটোক সপ্তাহৰ আন দিনৰ পৰা পৃথক কৰি ৰখা হৈছে, সেয়ে শুকুৰবাৰৰ দিনটোক সপ্তাহিক উতসবৰ দিন বুলি কোৱা হয় । শুকুৰবাৰ দিনটোৰ কিছুমান বিশেষত্ব এনে ধৰণৰ –
১) ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে শুকুৰ বাৰৰ দিনটোক সপ্তাহৰ আন দিনতকৈ মৰ্য্যদাপূৰ্ণ দিন হিচাপে গণ্য কৰিছিল আৰু বিশেষ ধৰনৰ ইবাদত কৰিছিল । পুৱা ফজৰৰ নামাজত ছুৰা ছাজদাহ (৩২ নং চূৰা) আৰু চূৰা ইনচান (৭৬ নং ছুৰা) পঢ়ীছিল । ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ফজৰৰ নামাজত উক্ত ছুৰা দুটা পঢ়াৰ সন্দৰ্ভত শেখ আল্-ইচলাম ইবন তায়মিয়াহ (ৰহ্.) য়ে কৈছে, উক্ত ছুৰা দুটাত আদম (আঃ)ৰ সৃষ্টি, কিয়ামত আৰু মানব জাতিৰ মাজত ঘটি অহা ঘটনা আৰু ঘটিব লগা ঘটনা সম্পৰ্কে বৰ্ণনা কৰা হৈছে । গতিকে উক্ত ছুৰা দুটাৰ যোগেদি ঘটনা সমূহৰ বিষয়ে সোঁৱৰাই দিয়া হয় । শুকুৰ বাৰৰ ই এক বিশেষ বৈশিষ্ট্য ।
২) শুকুৰ বাৰৰ দিনত আৰু ৰাতি ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওপৰত দৰুদ পঢ়া মোস্তাহাব, কাৰণ তেখেতে কৈছে – “শুকুৰবাৰে দিনত আৰু ৰাতি মোৰ ওপৰত দৰূদ পঢ়া” (আল্-বায়হাকী ৩/২৪৯) ।
৩) শুকুৰ বাৰে জুম্মাৰ নামাজ অনুষ্ঠিত হয়, জুম্মাৰ নামাজ আদায় কৰাটো প্ৰত্যেক মুচলমানৰ কৰ্ত্তব্য । আৰাফাতত গোটখোৱা বাদে সপ্তাহত শুকুৰবাৰে একেলগ হোৱা বাধ্যতামূলক, জুম্মাৰ নামাজ অৱহেলা কৰা ব্যক্তিৰ অন্তৰত আল্লাহে মোহৰ মাৰি দিয়ে । কিয়ামতৰ দিনা জান্নাত বাসীক আল্লাহৰ কাষলৈ অনা হব যাতে আল্লাহক সোনকালে দেখা পায়, যি দৰে জুম্মাৰ নামাজৰ বাবে সোনকালে মছজিদত গৈ ইমামৰ কাষ পায় ।
৪) শুকুৰবাৰৰ দিনা গোছল কৰি পাক হব লাগে,
৫) সুগন্ধি আঁতৰ ব্যবহাৰ কৰিব লাগে, সপ্তাহৰ আন দিনাতকৈ শুকুৰবাৰে সুগন্ধি আঁতৰ ব্যবহাৰ কৰা উত্তম্,
৬) মিচৱাকেৰে দাঁত চাফ কৰিব লাগে, এনেদৰে দাঁত চাফ কৰাটো সপ্তাহৰ আন দিনাতকৈ দাঁত চাফ কৰা উত্তম,
৭) জুম্মা নামাজলৈ সোনকালে যোৱা,
৮) মছজিদত গৈ ইমামে খুতবা দিবলৈ নহা পৰ্য্যন্ত নামাজ পঢ়া, জিকিৰ আৰু কোৰাণ তিলাৱতত ব্যস্ত থাকিব লাগে,
৯) খুতবা শুনা বাধ্যতামূলক গতিকে খুতবা মনোযোগেৰে শুনিব লাগে । কথা পাতিলে জুম্মালৈ অহা লাভ নহয় । ‘আল মুচনাদে মাৰফু’ ত উল্লেখ থকা মতে, কোনোবাই যদি লগৰীয়াক কয় “শান্ত হৈ শুনি থাকা” তেন্তে এয়াও অযথা কথা পতা আৰু ফলত উক্ত লোক জন জুম্মা পঢ়িব নহা দৰে হয় (আহমাদ ২০৩৪, বুখাৰী ৯৩৪, মুছলিম ৮৫১),
১০) ছুৰা আল্-কাহফ (১৮ নং ছুৰা) পঢ়িব লাগে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে – যিয়ে শুকুৰবাৰে ছুৰা আল্-কাহফ পঢ়িব, কিয়ামতৰ দিনা তেওঁৰ ভৰিৰ তলৰ পৰা ওপৰত আকাশৰ মেঘ পৰ্য্যন্ত জ্যোতিৰে আলোকিত কৰা হব্, এটা শুকুৰবাৰৰ পৰা পিছৰ শুকুৰবাৰলৈ গুনাহ মাফ কৰি দিয়া হব (আল্-হাকিম দ্বাৰা বৰ্ণিত ২/৩৬৮, আল্-আৰনুত দ্বাৰা ছহীহ স্থান্),
১১) সপ্তাহত অনুষ্ঠিত হোৱা এক উতসব । ইবনু মাজাহ বৰ্ণনা কৰি কৈছে, আবূ লূবাবাহ ইবন আল আদ মুন্ধিৰ কৈছে যে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছিল শুকুৰ্বাৰৰ দিনটো আল্লাহৰ ওচৰত অতি মৰ্য্যদাপূৰ্ণ, দুই ঈদতকৈয়ো । ইয়াৰ পাঁচটা বৈশিষ্ট্য হ’ল – (ক্) শুকুৰবাৰ দিনটোত আদম (আঃ)ক সৃষ্টি কৰিছিল্, (খ) আদম (আঃ) পৃথিবীলৈ পথোৱা হৈছিল্, (গ) আদম (আঃ) ইন্তেকাল হৈছিল্, (ঘ) এনে এক সময় আছে, যি সময়ত আল্লাহে বান্দাৰ দোৱা কবুল কৰে যেতিয়ালৈকে হাৰাম বস্তুৰ বাবে দোৱা নকৰে, (ঙ) কিয়ামত অনুষ্ঠিত হব । গতিকে ফিৰিস্তা, জান্নাত্, পৃথিবী, বায়ুমণ্ডল্, গছ বিৰিখ আদি সকলো সৃষ্টিয়ে শুকুৰবাৰ দিনটোৰ বিষয়ে চিন্তা কৰে (ইবনু মাজাহ ১০৮৪, আবু দাঊদ ৮৮৮)
১২) উত্তম পোছাক পিন্ধি জুম্মালৈ যোৱা মোস্তাহাব,
১৩) আগৰবাতিৰে মছজিদৰ পৰিবেশ সুগন্ধিময় কৰা মোস্তাহাব,
১৪) গুনাহ মাফ হয় । শুকুৰবাৰে গোছল কৰি উত্তম পোছাক পিন্ধি আঁতৰ লগাই জুম্মা ৰ বাবে ওলাই গৈ আল্লাহৰ ইবাদতত মগ্ন থাকে আৰু ইমামৰ খোতবা মনোযোগেৰে শুনে তেনে লোকৰ এটা শুকুৰ বাৰৰ পৰা পিছৰ শুকুৰ্বাৰলৈ গুনাহ মাফ হয় (বুখাৰী ৮৪৩)
১৫) আজিৰ দিনটোৰ এক বিশেষ সময়ত দোৱা কবুল হয়্,
১৬) জুম্মাৰ খুতবা এক দৰকাৰী বিষয়্, ইয়াৰ জৰিয়তে আল্লাহৰ গুণগান কৰা হয়, আল্লাহৰ একত্ব আৰু নবী সকলৰ নবুৱতৰ সাক্ষ্য দিয়া হয়্, বান্দা সকলক আল্লাহৰ কৃপা ও আশীৰবাদৰ বিষয়ে অবগত কৰোৱা হয়্, আল্লাহৰ শাস্তিৰ বিষয়ে সতৰ্ক কৰি দিয়া হয়, আল্লাহক কাষত পাবলৈ আৰু জান্নাত লাভৰ বিষয়ে তথা আল্লাহৰ খং আৰু জাহান্নামৰ শাস্তিৰ পৰা বিৰত থকাৰ উপদেশ দিয়া হয়্ । উপস্থিত লোক সকলক উক্ত বিষয়ে জনোৱাটোৱে খুতবাৰ মূল উদ্দেশ্য,
১৭) এই দিনটোত পাৰ্থিব কামৰ পৰা নিজকে আঁতৰাই থাকি আল্লাহৰ ইবাদতত নিজকে ব্যস্ত ৰখা । সকলো ধৰ্মৰ লোককে এনে এটা দিন দিয়া হৈছে, যি দৰে ইহুদী সকলক শণিবাৰ আৰু খৃষ্টান সকলক দেওবাৰ দিয়া হৈছে । মুচলমান সকলৰ বাবে সপ্তহৰ উত্তম দিন শুকুৰবাৰ, যি দৰে বছৰৰ ভিতৰত উত্তম মাহ ৰমজান মাহ আৰু জীবনৰ উত্তম কাৰ্য্য হল হজ্জ । শুকুৰবাৰৰ দোৱা কবুল হোৱা সময়ক লায়লাতুল কদৰৰ সতে তুলনা কৰা হয়
১৮) আজিৰ দিনটোত আল্লাহে উম্মতক বিশেষ ভাবে ক্ষমা কৰে । আবূ হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত্, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে “শুকুৰবাৰৰ দিনত সূৰ্য্য আনদিনতকৈ উত্তম ৰূপে উদয় হয় আৰু অস্ত যায়, আল্লাহে আমাক পথ দেখুৱায়্”,
১৯) শুকুৰবাৰ দিনটো সপ্তাহৰ আন দিনতকৈ উত্তম দিন হিচাপে আল্লাহে স্বীকৃতি দিছে, যি দৰে বছৰৰ ভিতৰত ৰমজান মাহ্, নিশা সমূহৰ ভিতৰত লায়লাতুল কদৰৰ নিশা, পৃথিবীৰ স্থান সমূহৰ ভিতৰত উত্তম স্থান মক্কা আৰু মানব জাতিৰ ভিতৰত উত্তম লোক ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম ।
আহক আমি সকলোৱে শুকুৰবাৰৰ মহত্ত্ব উপলব্ধি কৰি নিজকে আল্লাহৰ ইবাদতত ব্যস্ত ৰাখিব পাৰো আৰু জান্নাত লাভ কৰিবৰ বাবে দোৱা কৰো, আল্লাহে আমাৰ দোৱা কবুল কৰক, আমিন ।