___________________
আজিকালি মানুহে কথাই কথাই মিছা কোৱাটো এটা স্বভাৱত পৰিণত হৈছে। অথচ ৰগৰ কৰাৰ উদ্দেশ্যেও মিছা কোৱা নিষেধ। সত্যাসত্যৰ অনুসন্ধান নকৰাকৈ শুনা কথা প্ৰচাৰ কৰাজনো মিছলীয়া। বাহনত গ’লে প্ৰায়েই শুনিবলৈ পোৱা যায় যে¸ মই হাজো পাইছোঁ। বেছি সময় নালাগে। অলপ অপেক্ষা কৰা ইত্যাদি। পিছত পুনৰ কল কৰিলে কব ’ৰ’বাহে জাৰ্মত ফচি আছো’। অথচ তেওঁ আদাবাৰী বাছ আস্থানতে বহি আছে। লগত মিচেছৰ লগতে সৰু ল’ৰাজনো আছে। তালৈ ভ্ৰূক্ষেপ নাই। এনেকৈয়ে আমাৰ সন্তানসকলেও সৰুৰে পৰা মিছা কবলৈ শিকে। এনেকুৱা অসংখ্য উদাহৰণ আছে। তলৰ গুৰুত্বপূৰ্ণ আয়াত আৰু হাদিছটি পঢ়ি সকলোৱে আমল কৰাৰ চেষ্টা কৰিব ইন শ্বা আল্লাহ!
আল্লাহে কৈছে-
يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ وَكُونُوا مَعَ الصَّادِقِينَ
“হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সঙ্গী হোৱা।” (ছূৰা আত-ত্বাওবাহ: ১১৯)
‘আব্দুল্লাহ (ৰাঃ)ৰ দ্বাৰা বর্ণিত। নাবী চাল্লাল্লাহু আলাইহি ওৱাছাল্লাম কৈছেঃ সত্যই নেকীৰ ফালে পৰিচালিত কৰে আৰু নেকীয়ে জান্নাতলৈ লৈ যায়। আকৌ মানুহে সত্যৰ ওপৰত কায়িম থাকিলে অৱশেষত সত্যবাদী হিচাপে স্বীকৃতি লাভ কৰে। আনহাতে মিছাই মানুহক পাপৰ ফালে লৈ যায়, পাপে তাক জাহান্নামলৈ লৈ যায়। আকৌ মানুহে মিছা কথা কওঁতে কওঁতে অৱশেষত আল্লাহৰ ওচৰত মহামিছলীয়া হিচাপে প্রতিপন্ন হৈ যায়। (বুখাৰী- ৬০৯৪¸ আঃ প্রঃ- ৫৬৫৫, ইঃ ফাঃ- ৫৫৫১)
মদৰ ভয়াৱহতা! এটি শিক্ষণীয় কাহিনী :
__________________________
চাওঁক! এজনী দুষ্ট প্ৰকৃতিৰ মহিলাই কেনেদৰে যিনা কৰিবলৈ বাধ্য কৰালে এজন সচ্চৰিত্রৱান পুৰুষক!!
লোকজন আছিল এজন ইবাদাতকাৰী। এদিন সেই মহিলাগৰাকীয়ে তাইৰ দাসীক সচ্চৰিত্ৰৱান লোকজনৰ ওচৰলৈ পঠালে তেওঁক মাতি আনিবলৈ। মানুহজনে দাসীৰ
সৈতে আহি এটি ঘৰত প্রৱেশ কৰিলে। এনেতে সেই দুষ্ট মহিলাগৰাকীয়ে দৰ্জা বন্ধ কৰি দিলে আৰু ৰূপৱতী এজনী নাৰীক দেখুৱাই দিলে।
দুষ্ট মহিলাগৰাকীয়ে সেই ব্যক্তিজনক ক’লেঃ “হয় তুমি এই ৰূপৱতী নাৰীগৰাকীৰ সৈতে যিনা কৰা অথবা এই মদ পান কৰা নাইবা এই বালকটিক হত্যা কৰা। যিকোনো এটি কাম নকৰা পর্যন্ত তোমাক যাবলৈ দিয়া নহ’ব।”
লোকজনে নিৰূপায় হৈ কম মাত্রাৰ পাপ বুলি ভাৱি মদ পান কৰিলে। লগে লগে তেওঁৰ নিচা আৰম্ভ হৈ গ’ল। ফলত সেই ৰূপৱতীৰ সৈতে যিনা কৰি পেলালে। শেষত বালকটিকো হত্যা কৰি পেলালে।
[ঘটনাটি বর্ণনা কৰিছে তৃতীয় খলিফা উছমান বিন আফফান (ৰা.)]