আপুনি ছলাত (নামাজ) পঢ়িবই লাগিব

সন্মানিয় পাঠক, অনুৰোধ ৰক্ষা কৰক ৷  প্রবন্ধ মানি চলাৰ চেষ্টা কৰক ৷
.
আপুনি ছলাত (নামাজ)  পঢ়িবই লাগিব ৷ অজু কৰি নামাজ পঢ়িব লাগিব ৷ যদি অজু কৰিবলৈ পানী পোৱা নাযায়, তায়ামুম কৰি নামাজ পঢ়িব লাগিব ৷ যদি তায়ামুম কৰিব মাটিও নাই, বিনা অজুত আৰু বিনা তায়ামুমত নামাজ পঢ়িব লাগিব ৷
এক কথাত যিকোনো  প্ৰকাৰে নামাজ আদায় কৰিবই লাগিব ।
.
কাবা শ্বৰীফৰ (পশ্চিম) ফালে মুখ কৰি নামাজ পঢ়িব লাগিব ৷ যদি পশ্চিম চিনি নাপায়, বিনা পশ্চিমত নামাজ পঢ়িব লাগিব ৷
.
থিয় হৈ নামাজ পঢ়িব লাগিব ৷ যদি থিয় হৈ পঢ়িব  নোৱাৰে, বহি নামাজ পঢ়িব লাগিব ৷ বহি পঢ়িব  নোৱাৰিলে, শুই শুই নামাজ পঢ়িব লাগিব ৷
.
পৰিস্কাৰ কাপোৰ পিন্ধি নামাজ পঢ়িব লাগিব ৷ যদি পৰিস্কাৰ কাপোৰ নাই তেনেহলে যি কাপোৰ আছে  সেইটো পিন্ধিয়েই নামাজ পঢ়িব লাগিব ৷
কাৰণবশত যদি কোনো কাপোৰেই নাই, গছৰ পাত পিন্ধি হলেও  নামাজ পঢ়িব লাগিব ৷
.
নামাজ এনে এটা ইবাদত যাৰ অন্য কোনো বিকল্প নাই ৷  যিকোনো অৱস্থাতেই হওক নামাজ পঢ়িবই লাগিব ৷
ইচ্ছা কৰি নামাজ ত্যাগ কৰিলে তেওঁ  কাফিৰ (অমুছলিম) হৈ যায় ৷  সেইকাৰণে ইমাম আহমদ বিন হাম্বল (ৰঃ) য়ে কৈছে, যদি কোনোবাই ইচ্ছা কৰি নামাজ ত্যাগ কৰিব, তাক হত্যা কৰিব লাগিব ৷ (কিন্তু এই হত্যাৰ দায়িত্ব মুছলিম চৰকাৰৰ) ৷
.
নিশ্চয় মদ, জুৱা, সুদ ইছলামত হাৰাম ৷
আমাৰ সমাজৰ মুছলিম সকলে মদাহী মুছলিমক ঠিকেই ঘৃণা কৰে, সুদ খোৱাসকলক ঠিকেই ঘৃণা কৰে, কিন্তু বেনামাজিক অলপো ঘৃণা নকৰে । পৰিতাপৰ বিষয়  নামাজ ত্যাগ কৰাক ডাঙৰ গুনাহ বুলিয়েই নাভাবে ৷
কোৰআন হাদিছৰ দ্বাৰা স্পষ্ট প্রমাণিত যে বেনামাজি সকল ইচলামৰ পৰা বাহিৰ হৈ যায়  ৷ আৰু  যিয়ে নামায ত্যাগ কৰিল তেও শির্ক কৰিলে ৷
.
মুর্তি বা কবৰ/ মাজাৰত ছিজদাহ কৰা আৰু নামাজ ত্যাগ কৰা
দুয়োটা প্রায় একেই আৰু দুয়োটাই শির্ক ৷

মদাহী, যিনাকাৰী, জুৱাৰি আৰু সুদখোৰতকৈ বেনামাজি বেছি বেয়া আৰু নিন্দনীয় ৷ কাৰণ গুনাহগাৰ ব্যাক্তিৰ শাস্তি হোৱাৰ পাছত তেওঁ  জান্নাতত যাব পাৰে কিন্তু বেনামাজি শির্ক কৰাৰ বাবে কোনোদিন জান্নাতত যাব নোৱাৰিব ৷ বেনামাজি চিৰকাল জাহান্নামত থাকিব লাগিব ৷
.
সন্মানিত পাঠক যদি আপোনালোকে ইমান দিনে নামাজ পঢ়া নাই, তেনেহলে এই মুহুর্ততেই তওবাহ কৰক, আৰু এতিয়াৰ পৰাই ৫ ৱাক্ত নামাজ পঢ়া আৰম্ভ কৰক ৷

Leave a comment