## ডাঃ জাকিৰ নায়েকক প্রশ্ন কৰা হৈছিল, ইছলামত মহিলাসকলে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিলে ইয়াৰ বৈধতা আছে নে নাই?
মহিলাৰ career সম্পৰ্কে ইছলামে কি কয়?
উত্তৰ: ডাঃ জাকিৰ নায়েক:- মহিলাসকল স্বাৱলম্বী হ’ব বিচাৰিলে হ’ব পাৰে যদিও তেওঁলোকৰ বাবে স্বাৱলম্বী হোৱা বা উপার্জন কৰা আৱশ্যক নহয়। মহিলাৰ আর্থিক যোগানৰ দায়িত্ব পুৰুষসকলৰ। বিয়াৰ আগতে তেওঁলোকৰ দায়িত্ব পিতৃৰ ওপৰত, বিয়াৰ পিছত স্বামীৰ ওপৰত। তথাপিও তেওঁলোকে বিচাৰিলে স্বাৱলম্বী হ’ব পাৰে। কিন্তু তেওঁলোকক উপার্জনৰ কৰিবলৈ জোৰ জবৰদস্তি কৰিব নোৱাৰে। নাৰী পুৰুষৰ অধিকাৰ সমান, কিন্তু অভিন্ন নহয়। যেনে:- কোনো পুৰুষে বিচাৰিলে তেওঁ গর্ভধাৰণ কৰিব নোৱাৰে। উভয়ে তেওঁৰ নিজৰ স্থানত সমান অধিকাৰ পাব। দ্বিতীয়তে কোনো মহিলাই তেওঁৰ career ও স্বাৱলম্বী হ’ব বিচাৰিলে ইছলামত কোনো বাধা নাই। কিন্তু এই ক্ষেত্ৰত ইছলামী শ্বৰিয়াৰ আইন মানি চলিব লাগিব। নাৰী পুৰুষৰ পৃথক পৃথক ব্যবস্থাৰ মাধ্যমত তেওঁলোকে কর্মক্ষেত্রত যোগ দিব পাৰিব। একেটা ৰুমতে এগৰাগী নাৰী ও এজন পুৰুষৰ বহাটো কোনো ক্রমেই উচিত নহ’ব। যেনেকৈ সাধাৰণতে Boss ও Assistant সকলৰ মাজত হৈ থাকে। ইছলামত কোৱা হৈছে, কোনো নাৰী-পুৰুষ নির্জনত থাকিলে তেওঁলোকৰ মাজত তৃতীয়জন থাকে শ্বয়তান। তাৰোপৰি ইয়াৰ লগতে সিহঁতে পৰস্পৰৰ লগত অযথা কথা কোৱাও উচিত নহয়। হিজাব পৰিধান কৰি তেওঁলোকে তেওঁলোকৰ কর্মক্ষেত্রত যাব লাগিব। এনে নিয়ম মানি চলিলে মহিলাসকলেও তেওঁলোকৰ Career গঢ়িব পাৰিব। যেনেকৈ মোৰ দুজনী ভনীয়ে ব্যৱসায় কৰে। তেওঁলোকৰ এজনীয়ে ফ্যাক্টৰী চলায়। তেওঁ ম্যানেজিং ডাইৰেক্টৰ। তেওঁ নাৰী-পুৰুষৰ বাবে পৃথক ব্যৱস্থা ৰাখিছে। দ্বিতীয় জনীৰ এক্সপোর্টৰ ব্যৱসায়। কিন্তু Career ও স্বাৱলম্বী হ’বলৈ গৈ কোনো অবৈধ কাম কৰিব নোৱাৰিব । যেনে:- মডেলিং, নাচ, গান ইত্যাদি। মহিলাৰ প্রধান career হৈছে এজনী ভাল মা ও ভাল স্ত্রী হোৱা। নিজৰ career গঢ়িবলৈ গৈ যাতে লৰা-ছোৱালী ও স্বামীৰ প্রতি কর্তব্য পালন কৰাত বাধাৰ সৃষ্টি নহয়। কাৰণ ইছলামত বাপেকতকৈ মাকৰ প্রতি বেছি সন্মান দেখুৱাবলৈ কোৱা হৈছে। এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি সুধিলে- মই কাৰ লগত সর্বোত্তম আচৰণ কৰিম? তেখেতে ক’লে- তোমাৰ মাতৃৰ লগত। সেই ব্যক্তিয়ে পুনৰ সুধিলে- তাৰপাছত কাৰ লগত? তেখেতে ক’লে, তোমাৰ মাতৃৰ লগত। সেই ব্যক্তিয়ে আকৌ সুধিলে- তাৰপাছত কাৰ লগত? তেখেতে ক’লে- তোমাৰ মাতৃৰ লগত। লোকজনে আকৌ সুধিলে- তাৰপাছত কাৰ লগত? তেখেতে ক’লে- তোমাৰ পিতাৰ লগত। ইছলামে নাৰীক এইদৰে মর্যাদাৰ আসনত বহুৱাইছে। কাৰণ সন্তান লালন-পালনত তেওঁলোকৰ ডাঙৰ ত্যাগ আছে। সন্তান লালন পালনেই হ’ল তেওঁলোকৰ ডাঙৰ career.
-আফজল হুছাইন ৷