যাৱতীয় প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহ তা‘আলাৰ বাবে। ছালাত ও ছালাম আল্লাহৰ প্ৰিয় নবী হাবীব মুহাম্মদুৰ ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওপৰত।
হাদিছ হ’ল মুছলিম মিল্লতৰ এক অমূল্য সম্পদ, ইছলামী চৰিয়তৰ অন্যতম অপৰিহাৰ্য্য উৎস আৰু ইছলামী জীৱন বিধানৰ অন্যতম মূল ভিত্তি।কোৰআন মজিদত যিবোৰ ইছলামী জীৱন ব্যৱস্থাৰ মূলনীতি পেচ কৰা হৈছে হাদীছত সেই মূলনীতিৰ বিস্তাৰিত বিশ্লেষণ আৰু তাৰ বাস্তৱায়ন কাৰ্যকৰী কৰাৰ পন্থা বৰ্ণিত হৈছে।কোৰআন ইছলামৰ আলোকস্তম্ভ আৰু হাদীছ তাৰ বিচ্ছ্যুতিৰ আলো। ইছলামী জ্ঞান-বিজ্ঞানত কোৰআন যেন হৃৎপিণ্ড আৰু হাদীছ এই হৃৎপিণ্ডৰ সৈতে সংযুক্ত ধমনী। জ্ঞানৰ বিশাল ক্ষেত্রত প্ৰতিপদে সতেজ তপ্ত শোণিতধাৰা প্ৰবাহিত কৰে আৰু অঙ্গ-প্ৰত্যঙ্গক অব্যাহতভাৱে সতেজ আৰু সক্ৰিয় কৰি ৰাখে। হাদীছে মূলতঃ যেনেকৈ কোৰআনুল আযীমৰ নিৰ্ভূল ব্যাখ্যা দান কৰে, অনুৰূপভাৱে কোৰআনৰ ধাৰক ও বাহক নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পবিত্ৰ জীৱনচৰিত, কৰ্মনীতি ও আদৰ্শ, তেখেতৰ কথা ও কৰ্ম, হিদায়ত ও উপদেশৰ বিস্তাৰিত বিৱৰণ পেচ কৰে। এইবাবেই ইছলামী জীৱন বিধানত কোৰআনে হাকীমৰ পিছতেই হাদিছৰ স্থান।
আল্লাহ তা‘আলাই জীব্ৰাইল ‘আলাইহিচ্ছালামৰ মাধ্যমত নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওপৰত যি অহী নাযিল কৰিছিল সেইবোৰ হৈছে হাদিছৰ মূল উৎস। অহীৰ শাব্দিক অৰ্থ হৈছে- ইংগিত কৰা, গোপনে অন্যৰ সৈতে কথা কোৱা।
(১) অহী দুই প্ৰকাৰ। প্ৰথম প্ৰকাৰ প্ৰত্যক্ষ অহী (وحي متلو) যাৰ নাম ‘কিতাবুল্লাহ’ বা ‘আল-কোৰআন’। ইয়াৰ মূলভাৱ, ভাষা উভয়েই মহান আল্লাহৰ। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সেইবোৰ হবহু প্ৰকাশ কৰিছিল। দ্বিতীয় প্ৰকাৰ অহী (وحي غير متلو) ইয়াৰ নাম ‘ছুন্নাহ’ বা ‘আল-হাদীছ’। ইয়াৰ মূলভাৱ আল্লাহৰ কিন্তু নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সেইবোৰ নিজৰ ভাষাত নিজৰ কথাৰে আৰু নিজৰ কাম ও সন্মতিৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল।
প্ৰথম প্ৰকাৰৰ অহী ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওপৰত পোনপটীয়াকৈ নাযিল হৈছিল আৰু তেখেতৰ কাষতে উপস্থিত থকা লোকে সেইটো উপলব্ধি কৰিব পাৰিছিল। কিন্তু দ্বিতীয় প্ৰকাৰৰ অহী তেখেতৰ ওপৰত প্ৰচ্ছন্নভাৱে হৈছিল আৰু অন্যসকলে সেইটো উপলব্ধি কৰিব পৰা নাছিল।
আখেৰী নবী ও ৰাছুল মুহাম্মদ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম কোৰআনৰ ধাৰক ও বাহক। কোৰআন তেখেতৰ ওপৰতেই নাযিল হৈছিল। আল্লাহ তা‘আলাই তেওঁৰ কিতাবত মানৱ জাতিক এটা আদৰ্শৰ অনুসৰণ আৰু বহুতো বিধি-বিধান পালনৰ নিৰ্দেশ দিছে, কিন্তু তাৰ বিস্তাৰিত বিৱৰণ কোৰআন মজিদত নাই। ইয়াৰ দায়িত্বভাৰ ন্যস্ত কৰিছিল ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওপৰত। তেখেতে নিজৰ কথা-কাম ও আচাৰ-আচৰণৰ মাধ্যমত কোৰআনৰ আদৰ্শ ও বিধান বাস্তৱায়নৰ পন্থা ও নিয়ম-কানুন কৈ দিছিল। কোৰআনক কেন্দ্ৰ কৰিয়েই তেখেতে ইছলামৰ এক পূৰ্ণাঙ্গ জীৱন বিধান পেচ কৰিছিল। অন্য কথাত কোৰআন মজিদৰ শিক্ষা আৰু নিৰ্দেশসমূহ ব্যক্তি, সমাজ ও ৰাষ্ট্ৰীয় পৰ্য্যায়ত কাৰ্যকৰী কৰাৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে যি পন্থা অৱলম্বন কৰিছিল সেয়াই হৈছে হাদিছ। হাদীছো যে অহীৰ সূত্ৰত প্ৰাপ্ত আৰু সেইটো চৰিয়তৰ অন্যতম উৎস কোৰআন ও মহানবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ বাণীৰ মাজত তাৰ প্ৰমাণ বিদ্যমান। মহান আল্লাহে তেওঁৰ প্ৰিয় নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ সম্পৰ্কে কৈছে :
وَمَا يَنْطِقُ عَنِ الْهَوَىٰ
إِنْ هُوَ إِلَّا وَحْيٌ يُوحَىٰ
“আৰু তেওঁ মনে সজা কথা নকয়। এয়া কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়।” (ছূৰা আন-নাজম ৫৩ : ৩-৪)।
وَلَوْ تَقَوَّلَ عَلَيْنَا بَعْضَ الْأَقَاوِيلِ
لَأَخَذْنَا مِنْهُ بِالْيَمِينِ
ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِينَ
“যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন, তেন্তে নিশ্চয় আমি তাক সোঁহাতেৰে ধৰিলোহেঁতেন, তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ সিৰা কাটি দিলোহেঁতেন। (ছূৰা আল-হাক্কাহ ৬৯ : ৪৪-৪৬)
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে- ৰুহুল কুদ্দুছ (জীব্ৰাইল) ‘আলাইহিচ্ছালামে মোৰ মানসপটত এই কথা ফুঁ দিলে — নিৰ্ধাৰিত পৰিমাণৰ ৰিজিক পূৰ্ণ মাত্ৰাই গ্ৰহণ নকৰালৈকে আৰু নিৰ্দিষ্ট আয়ুসকাল শেষ হোৱাৰ পূৰ্বে কোনো প্ৰাণীৰ মৃত্যু নহয় — (বায়হাকী শ্বাৰহুচ ছুন্নাহ) ।
মোৰ ওচৰত জীব্ৰাইল ‘আলাইহিচ্ছালাম আহিল আৰু মোৰ চাহাবাসকলক উচ্চস্বৰত তাকবীৰ ও তাহলীল কোৱাৰ বাবে আদেশ কৰিবলৈ মোক নিৰ্দেশ দিলে (নায়লুল অওতাৰ ৫ম খণ্ড ,পৃ ৫৬)।
‘জানি থোৱা মোক কোৰআন দিয়া হৈছে আৰু তাৰ লগতে দিয়া হৈছে ইয়াৰ অনুৰূপ আন এটি বস্তু’ (আবুদাউদ, ইবনে মাজাহ, দাৰেমী)।
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ আনুগত্য কৰিবলৈ আল্লাহ তা‘আলাই আমাক কোৰআনুল কাৰীমত নিৰ্দেশ দিছে-
وَمَا آتَاكُمُ الرَّسُولُ فَخُذُوهُ وَمَا نَهَاكُمْ عَنْهُ فَانْتَهُوا ۚ
ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থকা…”(ছূৰা আল-হাশ্বৰ ৫৯ : ৭)
হাদীছ অধ্যয়নৰ উদ্দেশ্য সম্পৰ্কে আল্লামা বদৰুদ্দিন আইনী (ৰহ:)-এ লিখিছে ‘দুনীয়া আৰু আখেৰাতৰ পৰম কল্যাণ লাভেই হৈছে হাদিছ অধ্যয়নৰ উদ্দেশ্য আৰু লক্ষ্য।’ আল্লামা কিৰমানি (ৰহ:)-এ লিখিছে , ‘কোৰআনৰ পিছত সকলো প্ৰকাৰৰ জ্ঞানৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ, সৰ্বোত্তম আৰু তত্ত্ব সমৃদ্ধ সম্পদ হৈছে হাদীছ। কাৰণ এই জ্ঞানৰ সাহায্যতেই আল্লাহৰ কালামৰ লক্ষ্য ও তাৎপৰ্য্য জনা আৰু তাৰ হুকুম -আহকামৰ উদ্ধাৰ অনুধাৱন কৰিব পৰা যায়।
ছহীহ বুখাৰী গ্ৰন্থখন মূলতঃ ছিহাহ ছিত্তাৰ শ্ৰেষ্ঠ গ্ৰন্থ। তাৰোপৰি এই সম্পৰ্কে সংশ্লিষ্ট ব্যক্তিবৰ্গৰ সৰ্বজন স্বীকৃত মন্তব্য হ’লঃ (আ….ৰ….বী) অৰ্থাৎ আল-কোৰআনৰ পিছতেই মানৱ ৰচিত বা সংকলিত গ্ৰন্থৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কিতাব নিঃসন্দেহে ছহীহুল বুখাৰী। এই গুৰুত্বপূৰ্ণ কিতাবখনৰ অসমীয়া অনুবাদৰ অভাৱ অনুভৱ কৰি কেইজনমান উদ্যোগী ব্যক্তি আৰু অভিজ্ঞ আলিমৰ সমূহীয়া প্ৰচেষ্টাত প্ৰথম খণ্ডটি প্ৰকাশ কৰি উলিওৱা হৈছে। প্ৰথম খণ্ডটিত আৰম্ভণিৰ পৰা ক্ৰমানুসৰি ১৩৯৪টা হাদীছ লিপিবদ্ধ কৰা হৈছে। আশা কৰোঁ অনুবাদিত গ্ৰন্থখনে অসমীয়াভাষী সঠিক ইছলামী জ্ঞান অনুসন্ধানকাৰীসকলক সঠিক দ্বীনৰ জ্ঞান দান কৰিব আৰু মুছলিম জনগণৰ বিশেষ উপকাৰত আহিব।
হাদীছৰ পৰিচয়
শাব্দিক অৰ্থ হাদীছ (حديث) মানে নতুন, প্ৰচীন ও পুৰাতনৰ বিপৰীত বিষয়। এই অৰ্থত যিবিলাক কথা, কাম ও বস্তু ইতিপূৰ্বে নাছিল, এতিয়া অস্তিত্ব লাভ কৰিছে। হাদীছৰ আন এটি অৰ্থ হ’ল কথা। ফকীহসকলৰ পৰিভাষাত নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামে আল্লাহৰ ৰাছুল হিচাপে যিবোৰ কথা কৈছিল, যিবোৰ কাম কৰিছিল আৰু যিবোৰ কোৱাৰ বা কৰাৰ অনুমতি দিছিল অথবা যিবোৰ কামক সমৰ্থন জনাইছিল তাকেই হাদীছ বুলি কোৱা হয়। কিছু সংখ্যক মুহাদ্দিছে ইয়াৰ লগতে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম সম্পৰ্কীয় বৰ্ণনা আৰু তেখেতৰ গুণাৱলী সম্পৰ্কীয় বিৱৰণকো হাদীছৰ অন্তৰ্ভুক্ত কৰিছে। এই হিচাপত হাদীছক প্ৰথমিক পৰ্য্যায়ত তিনি শ্ৰেণীত ভাগ কৰিব পাৰি- কাওলী হাদীছ, ফে’লী হাদীছ আৰু তাকৰীৰী হাদীছ।
প্ৰথমতে, কোনো বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে যি কৈছে, অৰ্থাৎ যি হাদীছত তেওঁৰ কোনো কথা নিশ্চিত হৈছে তাক কাওলী (বাণী সম্পৰ্কীয়) হাদীছ বুলি কোৱা হয়।
দ্বিতীয়তে, মহানবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ কাম-কাজ, চৰিত্ৰ ও আচাৰ-আচৰণৰ মাজৰ পৰাই ইছলামৰ যাৱতীয় বিধি-বিধান ও ৰীতি-নীতি পৰিস্ফুট হৈছে। এতেকে যি হাদীছত তেখেতৰ কোনো কামৰ বিৱৰণ উল্লেখিত হৈছে তাকে ফে’লী (কৰ্ম সম্পৰ্কীয়) হাদীছ বুলি কোৱা হয়।
তৃতীয়তে, চাহাবীসকলৰ যিবিলাক কথা বা কাম নবী কৰীম ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ অনুমোদন ও সমৰ্থনপ্ৰাপ্ত আছিল তেনে ধৰণৰ কোনো কথা বা কামৰ বিৱৰণীৰ পৰাও চৰিয়তৰ দৃষ্টিভংগী জনা যায়। এতেকে যি হাদীছত এনে ধৰণৰ কোনো ঘটনা বা কামৰ উল্লেখ পোৱা যায় তাকে তাকৰীৰী (সমৰ্থনমূলক) হাদীছ বুলি কোৱা হয়।
হাদীছৰ অন্য নাম ছুন্নাহ (سنة)। ছুন্নত শব্দৰ অৰ্থ চলাৰ পথ, কামৰ নীতি ও পদ্ধতি। যি পন্থা ও নীতি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে অৱলম্বন কৰিছিল তাক ছুন্নত বুলি কোৱা হয়। অন্য কথাত ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ প্ৰচাৰিত উত্তম আদৰ্শই হৈছে ছুন্নত। কোৰআন মাজিদত মহোত্তম ও সুন্দৰতম আদৰ্শ (اسواة حسنة) বুলি এই ছুন্নতক বুজোৱা হৈছে। ফকীহৰ পৰিভাষাত ছুন্নত বুলি কওঁতে ফৰজ আৰু ওৱাজিবৰ বাহিৰে ইবাদত ৰূপে যি কৰা হয় তাকেই বুজায়। যেনে- ছুন্নত ছালাত। হাদীছক আৰবী ভাষাত খবৰ (خبر) বুলিও কোৱা হয়। অৱশ্যে খবৰ শব্দটোৱে হাদীছ আৰু ইতিহাস উভয়কেই বুজায়।
আচাৰ (اثار) শব্দটোৱেও কিছুমান ক্ষেত্ৰত ৰাছুলুল্লাহ ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ হাদীছক নিৰ্দেশ কৰে। কিন্তু বহুতেই হাদীছ আৰু আচাৰৰ মাজত পাৰ্থক্য কৰি থাকে। তেওঁলোকৰ মতে চাহাবীসকলৰ পৰা চৰিয়ত সম্পৰ্কে যিবোৰ উদ্ধৃত হৈছে তাক আচাৰ বুলি কোৱা হয়। অৱশ্যে এই বিষয়ে সকলোৱে এক মত প্ৰকাশ কৰিছে যে চৰিয়ত সম্পৰ্কে চাহাবীসকলৰ নিজস্বভাৱে কোনো বিধান দিয়াৰ প্ৰশ্নই নুঠে। গতিকে এই বিষয়ে তেখেতসকলৰ উদ্ধৃতিসমূহ মূলতঃ ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ উদ্ধৃতি। কিন্তু কোনো কাৰণত আৰম্ভণিতে তেখেতসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ নাম উল্লেখ কৰা নাই। উছুলে হাদীছৰ পৰিভাষাত এইবিলাক আচাৰক কোৱা হয় মাওকূফ হাদীছ।
ইলমে হাদীছৰ কিছু পৰিভাষা
চাহাবী (صحابي) : যি ব্যক্তিয়ে ঈমানৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ সান্নিধ্য লাভ কৰিছিল বা তেখেতক দেখিছিল বা তেখেতৰ এটি হাদীছ বৰ্ণনা কৰিছে অথবা জীৱনত কমেও এবাৰ তেখেতক দেখিছিল আৰু ঈমানৰ সৈতে মৃত্যুবৰণ কৰিছিল তেওঁক ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ চাহাবী বুলি কোৱা হয়।
তাবেঈ (تابعي) : যি ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ কোনো চাহাবীৰ ওচৰত হাদীছ শিকিছিল অথবা কোনো চাহাবীক দেখিছিল আৰু মুছলিম হিচাপে মৃত্যুবৰণ কৰিছিল তেওঁক তাবেঈ বুলি কোৱা হয়।
মুহাদ্দিছ (محدث) : যি ব্যক্তিয়ে হাদীছ চৰ্চা কৰে আৰু যথেষ্ট সংখ্যক হাদীছৰ ছনদ ও মতন সম্পৰ্কে বিশেষ জ্ঞান থাকে তেওঁক মুহাদ্দিছ বুলি কোৱা হয়।
শ্বায়খ (شيخ) : হাদীছৰ শিক্ষাদাতা ৰাবীক শ্বায়খ বুলি কোৱা হয়।
শ্বায়খাইন (شيخين) : চাহাবীসকলৰ মাজত আবূবকৰ ৰাদ্বিয়াল্লাহু আনহু আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুক একেলগে শ্বায়খাইন বুলি কোৱা হয়।
কিন্তু হাদীছ শাস্ত্ৰত ইমাম বুখাৰী ও ইমাম মুছলিমক আৰু ফিকহৰ পৰিভাষাত ইমাম আবূ হানিফা (ৰহ:) ও আবূ ইউচুফ (ৰহ:)-ক একেলগে শ্বায়খাইন বুলি কোৱা হয়।
হাফিজ (حافظ) : যি ব্যক্তিয়ে ছনদ ও মতনৰ বৃত্তান্ত সহ এক লাখ হাদীছ আয়ত্ব কৰিছে তেওঁক হাফিজ বুলি কোৱা হয়।
হুজ্জাত (حجة) : অনুৰূপভাৱে যিয়ে তিনি লাখ হাদীছ আয়ত্ব কৰিছে তেওঁক হুজ্জাত বুলি কোৱা হয়।
হাকিম (حاكم) : যি ব্যক্তিয়ে আটাইখিনি হাদীছ আয়ত্ব কৰিছে তেওঁক হাকিম বুলি কোৱা হয়।
ৰিজাল (رجال) : হাদীছৰ ৰাবীৰ সমষ্টিক ৰিজাল বুলি কোৱা হয়। যি শাস্ত্ৰত ৰাবীসকলৰ জীৱনী বৰ্ণনা কৰা হৈছে তাক আচমাউৰ-ৰিজাল (اسماءآلرجال) বুলি কোৱা হয়।
ৰিওৱায়াত (رواية) : হাদীছ বৰ্ণনা কৰাকে ৰিওৱায়াত বুলি কোৱা হয়। কেতিয়াবা কেতিয়াবা মূল হাদীছকো ৰিওৱায়াত বুলি কোৱা হয়। যেনে- এই কথাৰ সমৰ্থনত আৰু এটি ৰিওৱায়াত (হাদীছ) আছে।
ছনদ (سند) : হাদীছৰ মূল কথাষাৰ যি সূত্ৰৰ পৰম্পৰাত গ্ৰন্থ সংকলনকাৰীৰ ওচৰলৈকে আহি পাইছে তাক ছনদ বুলি কোৱা হয়। ইয়াত হাদীছ বৰ্ণনাকাৰীসকলৰ নাম এজনৰ পিছত আনজন সজ্জিত থাকে।
মতন (متن) : হাদীছৰ মূল কথা আৰু তাৰ শব্দ সমষ্টিক মতন বুলি কোৱা হয়।
মাৰফু’ (مرفوع) : যি হাদীছৰ ছনদ (বৰ্ণনা পৰম্পৰা) ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম পৰ্যন্ত গৈ পায় তাকে মাৰফু হাদীছ বুলি কোৱা হয়।
মাওকূফ (موقوف) : যি হাদীছত বৰ্ণনা সূত্ৰ উৰ্দ্ধৰ পিনে চাহাবী পৰ্যন্ত গৈ পাইছে, অৰ্থাৎ যি ছনদ সূত্ৰত কোনো চাহাবীৰ কথা বা কাম বা অনুমোদন বৰ্ণিত হৈছে, তাক মাওকূফ হাদীছ বুলি কোৱা হয়। ইয়াৰ অন্য নাম আচাৰ (اثار)।
মাকতূ (مقطوع) : যি হাদীছৰ ৰাবী কোনো তাবেঈ পৰ্যন্ত গৈ পাইছে তাক মাকতূ হাদীছ বুলি কোৱা হয়।
তা’লীক (تعليق) : কোনো কোনো গ্ৰন্থকাৰে কিছুমান হাদীছৰ ছনদক বাদ দি কেৱল হাদীছমূল বৰ্ণনা কৰিছে। এনে কৰাকে তা’লীক বুলি কোৱা হয়। কেতিয়াবা কেতিয়াবা তা’লীকৰূপে বৰ্ণিত হাদীছকো তা’লীক বুলি কোৱা হয়। ইমাম বুখাৰী (ৰহ:)ৰ ছহীহ গ্ৰন্থতো এনেধৰণৰ বহু তা’লীক আছে। কিন্তু অনুসন্ধানত দেখা গৈছে যে সকলো তা’লীকৰ মুত্তাছিল ছনদ আছে। বহুতো সংকলকে এই তা’লীক হাদীছ মুত্তাছিল ছনদত বৰ্ণনা কৰিছে।
মুদাল্লাছ (مدلس) : যি হাদীছৰ ৰাবীয়ে নিজৰ প্ৰকৃত শ্বায়খ (শিক্ষক)ৰ নাম উল্লেখ নকৰি তেওঁৰ ওপৰস্থ শ্বায়খৰ নামত এনেকৈ হাদীছ বৰ্ণনা কৰিছে, এনেকুৱা লাগে যেন তেওঁ নিজেই ওপৰস্থ শ্বায়খৰ পৰা সেইটো শুনিছে, অথচ তেওঁ সেই শ্বায়খৰ পৰা হাদীছটো শুনা নাই, তেনে হাদীছক মুদাল্লাছ হাদীছ আৰু এনে কৰাকে তাদলীছ আৰু যিয়ে এনে কৰিছে তাক মুদাল্লীছ বুলি কোৱা হয়। মুদাল্লীছৰ হাদীছ তেতিয়ালৈকে গ্ৰহণযোগ্য নহয় যেতিয়ালৈকে এই কথা নিশ্চিত নহয় যে তেওঁ একমাত্র ছিকাহ ৰাবীৰ পৰাই তাদলীছ কৰে অথবা তেওঁ তেওঁৰ নিজৰ শ্বায়খৰ পৰা শুনিছে বুলি পৰিস্কাৰভাৱে উল্লেখ কৰে।
মুযতাৰাব (مضطرب) : যি হাদীছৰ ৰাবীয়ে হাদীছৰ মতন বা ছনদক বিভিন্ন প্ৰকাৰে বৰ্ণনা কৰিছে সেই হাদীছটোক মুযতাৰাব হাদীছ বুলি কোৱা হয়। যেতিয়ালৈকে ইয়াৰ কোনো ধৰণৰ সমন্বয় সম্ভৱ নহয় তেতিয়ালৈকে এই সম্পৰ্কে অপেক্ষা কৰিব লাগিব অৰ্থাৎ এনেধৰণৰ ৰিওৱায়াত প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পৰা নাযায়।
মুদৰাজ (مدرج) : যি হাদীছৰ মাজত ৰাবীয়ে নিজৰ অথবা আনৰ উক্তিক অনুপ্ৰৱেশ কৰাইছে সেই হাদীছক মুদৰাজ আৰু এনে কৰাক ইদৰাজ বুলি কোৱা হয়। ইদৰাজ হাৰাম। অৱশ্যে যদি ইয়াৰ দ্বাৰা কোনো শব্দ বা বাক্যৰ অৰ্থ প্ৰকাশিত হয় তেন্তে দোষণীয় নহয়।
মুত্তাছিল (متصل) : যি হাদীছৰ ছনদৰ ধাৰাবাহিকতা প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে সুৰক্ষিত আছে, কোনো স্তৰতেই কোনো ৰাবীৰ নাম বাদ পৰা নাই তাক মুত্তাছিল হাদীছ বোলে।
মুনকাতি (منقطع) : যি হাদীছৰ ছনদৰ ধাৰাবাহিকতা সংৰক্ষিত হোৱা নাই, মাজতে কোনো ৰাবীৰ নাম বাদ পৰিছে তাক মুনকাতি হাদীছ বোলে আৰু এই বাদ পৰাকে ইনকিতা বুলি কোৱা হয়।
মুৰছাল (مرسل) : যি হাদীছৰ ছনদৰ ইনকিতা শেষৰ পিনে হৈছে, অৰ্থাৎ চাহাবীৰ নাম বাদ পৰিছে আৰু তাবেঈয়ে পোনে পোনে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ উল্লেখ কৰি হাদীছ বৰ্ণনা কৰিছে তাক মুৰছাল হাদীছ বোলে।
মুতাবি ও শ্বাহিদ (متابع و شاهد) : এজন ৰাবীৰ হাদীছৰ অনুৰূপ যদি অন্য ৰাবীৰ কোনো হাদীছ পোৱা যায়, তেন্তে দ্বিতীয় ৰাবীৰ হাদীছক প্ৰথম ৰাবীৰ হাদীছৰ মুতাবি বুলি কোৱা হয়। যদি উভয় হাদীছৰ মূল ৰাবী অৰ্থাৎ চাহাবী একে ব্যক্তি হয় আৰু এনে হোৱাকে মুতাবা’আত বোলে। যদি মূল ৰাবী একে ব্যক্তি নহয় তেন্তে দ্বিতীয় ব্যক্তিৰ হাদীছক শ্বাহিদ বুলি কোৱা হয় আৰু এনে হোৱাকে শ্বাহাদত বোলে। মুতাবা’আত ও শ্বাহাদতৰ দ্বাৰা প্ৰথম হাদীছটোৰ শক্তি বৃদ্ধি পায়।
মু’আল্লাক (معلق) : ছনদৰ ইনকিতা প্ৰথমৰ পিনে হ’লে, অৰ্থাৎ চাহাবীৰ পিছত এক বা একাধিক ৰাবীৰ নাম বাদ পৰিলে তাক মু’আল্লাক হাদীছ বোলে।
মা’ৰূফ ও মূনকাৰ (معروف و منكر) : কোনো দুৰ্বল ৰাবীৰ বৰ্ণিত হাদীছ অন্য কোনো মকবুল (গ্ৰহণযোগ্য) ৰাবীৰ বৰ্ণিত হাদীছৰ বিৰোধী হ’লে তাক মূনকাৰ হাদীছ বুলি কোৱা হয় আৰু এই মকবুল ৰাবীৰ হাদীছক মা’ৰূফ হাদীছ বুলি কোৱা হয়। মূনকাৰ হাদীছ গ্ৰহণযোগ্য নহয়।
ছহীহ (صحيح) : যি মুত্তাছিল হাদীছৰ ছনদত উল্লেখিত প্ৰত্যেক ৰাবীৰ আদালত ও যাৱতীয় গুণসম্পন্ন আৰু হাদীছটো যাৱতীয় দোষ-ত্ৰুতিমুক্ত থাকে তাকে ছহীহ হাদীছ বুলি কোৱা হয়।
হাছান (حسن) : যি হাদীছৰ কোনো ৰাবীৰ যাৱতীয় গুণৰ পৰিপূৰ্ণতাৰ অভাৱ আছে তাক হাছান হাদীছ বুলি কোৱা হয়। ফিকহবিদসকলে সাধাৰণতে ছহীহ আৰু হাছান হাদীছৰ ভিত্তিত চৰিয়তৰ বিধান নিৰ্ধাৰণ কৰে।
যঈফ (ضعيف) : যি হাদীছৰ ৰাবী কোনো হাছান হাদীছৰ ৰাবীৰ গুণসম্পন্ন নহয় তাকে যঈফ হাদীছ বোলে। ৰাবীৰ দুৰ্বলতাৰ কাৰণেই হাদীছক দুৰ্বল বুলি কোৱা হয়, অন্যথা নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ কোনো কথাই যঈফ নহয়।
মাওযূ’ (موضوع) : যি হাদীছৰ ৰাবীয়ে জীৱনত কেতিয়াবা ইচ্ছাকৃতভাৱে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ নামত মিছা কথা ৰচনা কৰিছে বুলি প্ৰমাণিত হৈছে, তাৰ বৰ্ণিত হাদীছক মাওযূ’ হাদীছ বোলে। এনে ব্যক্তিৰ বৰ্ণিত হাদীছ গ্ৰহণযোগ্য নহয়।
মাতৰূক (متروك) : যি হাদীছৰ ৰাবীয়ে হাদীছৰ ক্ষেত্রত নহয়, বৰং সাধাৰণ কাম-কাজত মিছাৰ আশ্ৰয় গ্ৰহণ কৰে বুলি খ্যাত, তাৰ বৰ্ণিত হাদীছক মাতৰূক হাদীছ বুলি কোৱা হয়। এনেধৰণৰ ব্যক্তিৰ বৰ্ণিত হাদীছো পৰিতাজ্য।
মুবহাম (مبهم) : যি হাদীছৰ ৰাবীৰ সঠিক পৰিচয় পোৱা নাযায়, যাৰ ভিত্তিত তেওঁৰ দোষগুণ বিচাৰ কৰিব পৰা যাব পাৰে — এনে ৰাবীৰ বৰ্ণিত হাদীছক মুবহাম হাদীছ বোলে। এনে ব্যক্তি চাহাবা নহ’লে তেওঁৰ হাদীছো গ্ৰহণযোগ্য নহয়।
মুতাওৱাতিৰ (متواتر) : যি ছহীহ হাদীছ প্ৰত্যেক যুগত ইমান অধিক লোকে ৰিওৱায়াত কৰিছে যিসকলৰ পক্ষে মিছাৰ বাবে দলবদ্ধ হোৱা সাধাৰণতে অসম্ভৱ তাকে মুতাওৱাতিৰ বোলে। এনেধৰণৰ হাদীছৰ দ্বাৰা নিশ্চিত জ্ঞান (علم اليقين) লাভ হয়।
খবৰে ওৱাহিদ (خبر واحد) : প্ৰত্যেক যুগত এক, দুই বা তিনিজন ৰাবীৰ দ্বাৰা বৰ্ণিত হাদীছক খবৰে ওৱাহিদ বা আখবাৰূল আহাদ বুলি কোৱা হয়। এই হাদীছ তিনি প্ৰকাৰৰ —
মাশ্বহুৰ (مشهور) : যি ছহীহ হাদীছ প্ৰত্যেক যুগত তিনিজন ৰাবীয়ে বৰ্ণনা কৰিছে তাক মাশ্বহুৰ হাদীছ বুলি কোৱা হয়।
আযীয (عزيز) : যি ছহীহ হাদীছ প্ৰত্যেক যুগত দুজন ৰাবীয়ে বৰ্ণনা কৰিছে তাক আযীয বুলি কোৱা হয়।
গৰীব (غريب) : যি ছহীহ হাদীছ প্ৰত্যেক যুগত এজন ৰাবীয়ে বৰ্ণনা কৰিছে তাক গৰীব হাদীছ বুলি কোৱা হয়।
হাদীছে কুদছী (حديث قدسي) : এনে ধৰণৰ হাদীছৰ মূল কথা পোনপটিয়াকৈ আল্লাহৰ পৰা প্ৰাপ্ত আৰু আল্লাহৰ সৈতে সম্পৰ্কীত কৰে, যেনে- আল্লাহে তেওঁৰ ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লামক ইহলাম বা স্বপ্নযোগে অথবা জিব্ৰাইল (আ:)-ৰ মাধ্যমত সেইটো জনাই দিছে, মুহাম্মদ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সেইটো নিজৰ ভাষাত বৰ্ণনা কৰে।
মুত্তাফাক আলায়হ (متفق عليه) : যি হাদীছ একে চাহাবীৰ পৰা ইমাম বুখাৰী আৰু ইমাম মুছলিম (ৰহ:) উভয়ে গ্ৰহণ কৰিছে, তাক মুত্তাফাক আলায়হ হাদীছ বোলে।
আদালত (عدالت) : যি সুদৃঢ় শক্তিয়ে মানুহক তাকওৱা ও শিষ্টাচাৰ অৱলম্বনত আৰু মিছা আচৰণৰ পৰা বিৰত থাকিবলৈ উদ্ধুদ্ধ কৰে তাকে আদালত বোলে। ইয়াত তাকওৱা বুলি কওঁতে অশোভনীয় ও অভদ্ৰোচিত কাৰ্য্যৰ পৰা বিৰত থকা, যেনে- হাট-বজাৰত বা প্ৰকাশ্যে খোৱা-লোৱা কৰা বা ৰাষ্টা-ঘাটত পেচাব-পায়খানা কৰা ইত্যাদিৰ পৰা বিৰত থকাও বুজায়।
যাবত (ضبط) : যি স্মৃতিশক্তিৰ দ্বাৰা মানুহে শ্ৰুত বা লিখিত বিষয়ক বিস্মৃতি বা বিনাশৰ পৰা ৰক্ষা কৰাত সক্ষম হয় আৰু যেতিয়া ইচ্ছা সেইটো সঠিকভাৱে স্মৰণ কৰিব পাৰে তাকে যবত বুলি কোৱা হয়।
ছিকাহ (ثقة) : যি ৰাবীৰ মাজত আদালত ও যবত সম্পূৰ্ণৰূপে বিদ্যমান, তাকে ছিকাহ ছাবিত (ثابت) বা ছাবাত (ثبت) বুলি কোৱা হয়।
হাদীছৰ কিতাবসমূহৰ স্তৰবিভাগ
হাদীছৰ কিতাবসমূহক মুঠতে পাচটা স্তৰ বা ভাগত ভাগ কৰা হৈছে। শ্বাহ অলী উল্লাহ দেহলৱী (ৰহ:)-এ তেখেতৰ “হুজ্জাতুল্লাহিল বালিগা” নামৰ কিতাবত এনেদৰে পাচটা স্তৰত ভাগ কৰিছে।
প্ৰথম স্তৰ : এই স্তৰৰ কিতাবসমূহত কেৱল ছহীহ হাদীছ আছে। এই স্তৰৰ কিতাব মাত্ৰ তিনিখন, মুওৱাত্তা ইমাম মালিক, ছহীহ বুখাৰী আৰু ছহীহ মুছলিম। সকলো হাদীছ বিশেষজ্ঞ এই বিষয়ে একমত যে এই তিনিখন কিতাবৰ সকলো হাদীছেই নিশ্চিতৰূপে ছহীহ।
দ্বিতীয় স্তৰ : এই স্তৰৰ কিতাবসমূহ প্ৰথম স্তৰৰ নিচেই ওচৰা ওচৰি। এই স্তৰৰ কিতাবসমূহত সাধাৰণতে ছহীহ আৰু হাছান হাদীছ আছে। ইয়াৰ মাজত যঈফ হাদীছ একেবাৰে কম সংখ্যক আছে। নাছাঈ, আবূদাউদ আৰু তিৰমিযী এই স্তৰৰ কিতাব। ছুনানে দাৰেমী, ইবনে মাজাহ আৰু শ্বাহ অলী উল্লাহ দেহলৱী (ৰহ: )-ৰ মতে মুছনাদে ইমাম আহমদকো এই স্তৰত অন্তৰ্ভুক্ত কৰিব পাৰি। এই দুই স্তৰৰ কিতাবৰ ওপৰতে সকলো মাজহাবৰ ফকীহসকল নিৰ্ভৰশীল।
তৃতীয় স্তৰ : এই স্তৰৰ কিতাবত ছহীহ, হাছান, যঈফ, মা’ৰূফ আৰু মূনকাৰ সকলো প্ৰকাৰৰ হাদীছ আছে। মুছনাদ আবী ই’য়ালা, মুছনাদ আব্দুৰ ৰাজ্জাক, বায়হাকী আৰু তাবাৰানী (ৰহ:)-ৰ কিতাবসমূহ এই স্তৰৰ অন্তৰ্ভুক্ত।
চতুৰ্থ স্তৰ : হাদীছ বিশেষজ্ঞসকলে স্বীকৃতি নিদিলে এইবিলাক কিতাবৰ হাদীছ গ্ৰহণ কৰা নহয়। এই স্তৰৰ কিতাবসমূহত সাধাৰণতে যঈফ হাদীছ থাকে। ইবনে হিব্বানৰ কিতাব যুআফা, ইবনুল আছীৰৰ কামিল ও খতীব বাগদাদী, আবূ নুআয়মৰ কিতাবসমূহ এই স্তৰৰ কিতাব।
পঞ্চম স্তৰ : ওপৰৰ স্তৰসমূহত যিবিলাক কিতাবৰ স্থান নাই সেইবিলাক কিতাব এই স্তৰৰ কিতাব।
হাদীছৰ গ্ৰন্থসমূহৰ শ্ৰেণীবিভাগ
হাদীছগ্ৰন্থ প্ৰণয়নৰ বিভিন্ন ধৰণ ও পদ্ধতি আছে। এইবিলাক গ্ৰন্থৰ নামও বিভিন্ন ধৰণৰ। তলত ইয়াৰ কিছুমান প্ৰসিদ্ধ পদ্ধতিৰ নাম উল্লেখ কৰা হ’ল :
১. আল-জামি’ (الجامع) : যি হাদীছগ্ৰন্থত (১) আক্বীদা-বিশ্বাস (২) আহকাম (চৰিয়তৰ আদেশ-নিষেধ) (৩) আখলাক ও আদব (৪) কোৰআনৰ তফছীৰ (৫) চিৰাত ও ইতিহাস (৬) ফিতনা ও আশ্বৰাত অৰ্থাৎ বিশৃংখলতা ও আলামতে ক্বিয়ামত (৭) ৰিকাক অৰ্থাৎ আত্মশুদ্ধি (৮) মনাকিব অৰ্থাৎ ফজীলত ইত্যাদি সকলো প্ৰকাৰৰ হাদীছ বিভিন্ন অধ্যায়ত সন্নিবিষ্ট হয়, তাকে আল-জামি বুলি কোৱা হয়। ছহীহ বুখাৰী ও জামি তিৰমিযী ইয়াৰ অন্তৰ্ভুক্ত। ছহীহ মুছলিমত যিহেতু তফছীৰ ও ক্বিৰাত সংক্ৰান্তীয় হাদীছ খুবেই কম গতিকে কোনো কোনো হাদীছ বিশাৰদৰ মতে এইখন জামি শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয়।
২. আচ-ছুনান (السنان) : যিবিলাক হাদীছগ্ৰন্থত কেৱল মাত্ৰ চৰিয়তৰ হুকুম আহকাম ও ব্যৱহাৰিক জীৱনৰ বাবে প্ৰয়োজনীয় নিয়ম-নীতি ও আদেশ-নিষেধমূলক হাদীছ একত্ৰিত কৰা হয় আৰু ফিকহ গ্ৰন্থৰ দৰে বিভিন্ন অধ্যায় ও অনুচ্ছেদত সজ্জিত হয় তাকে ছুনান বুলি কোৱা হয়। যেনে- ছুনানে আবূদাউদ, ছুনানে নাছাঈ, ছুনানে ইবনে মাজাহ ইত্যাদি। তিৰমিযীও এই হিচাপে ছুনানৰ অন্তৰ্ভুক্ত।
৩. আল-মুছনাদ (المسند) : যিবিলাক হাদীছগ্ৰন্থত চাহাবীসকলৰ বৰ্ণিত হাদীছসমূহ তেখেতসকলৰ নামৰ প্ৰাৰম্ভিক অনুযায়ী অথবা তেখেতসকলৰ নামৰ মৰ্যাদা অনুযায়ী পৰ্য্যায়ক্ৰমে সংকলিত হয়, ফিকহৰ পদ্ধতিত সংকলিত নহয় তাক আল-মুছনাদ বা আল-মাছানীদ বুলি কোৱা হয়। যেনে- আয়িশ্বা ৰাদ্বিযাল্লাহু আনহাৰ পৰা বৰ্ণিত সকলো হাদীছ তেখেতৰ নামৰ শিৰোনামাৰ অধীনত একত্ৰিত কৰা হ’লে। ইমাম আহমদ (ৰহ:)-ৰ আল-মুছনাদ গ্ৰন্থ, মুছনাদ আবূ দাউদ তা’য়ালছী (ৰহ:) ইত্যাদি এই শ্ৰেণীৰ অন্তৰ্ভুক্ত।
৪. আল-মু’জাম (المعجم) : যিবিলাক হাদীছগ্ৰন্থত মুছনাদ গ্ৰন্থৰ পদ্ধতিত একো একোজন উস্তাদৰ পৰা প্ৰাপ্ত হাদীছসমূহ পৰ্য্যায়ক্ৰমে একত্ৰে সন্নিবিষ্ট কৰা হয় তাকে আল-মু’জাম বুলি কোৱা হয়। যেনে- ইমাম আলবানী (ৰহ:)-ৰ আল-মু’জামুল কাবীৰ।
৫. আল-মুস্তাদাৰাক (المستدرك) : যিবিলাক হাদীছ বিশেষ কোনো হাদীছগ্ৰন্থত অন্তৰ্ভুক্ত কৰা হোৱা নাই অথচ সেইটো সংশ্লিষ্ট গ্ৰন্থকাৰৰ সকলো চৰ্ত অনুকৰণত পূৰ্ণমাত্ৰাত উত্তীৰ্ণ হয় সেইবোৰ হাদীছ যি গ্ৰন্থত সন্নিবিষ্ট কৰা হয় তাক আল-মুস্তাদাৰাক বুলি কোৱা হয়। যেনে- ইমাম হাকিম নিশ্বাপুৰী (ৰহ:)-ৰ আল-মুস্তাদাৰাক।
৬. ৰিচালা (رسال) : যি ক্ষুদ্ৰ কিতাবত মাত্র এটি বিষয়ৰ বা এজন ৰাবীৰ হাদীছসমূহ একত্ৰিত কৰা হৈছে তাক ৰিচালা বা জুয ( ) বুলি কোৱা হয়।
৭. চিহাহ ছিত্তা (صحاح سته) : বুখাৰী, মুছলিম, তিৰমিযী, আবূ দাউদ, নাছাঈ ও ইবনে মাজাহ এই ছয়খন গ্ৰন্থক একেলগে চিহাহ ছিত্তা বুলি কোৱা হয়। কিন্তু কিছুমান বিশিষ্ট আলিমে ইবনে মাজাৰ পৰিৱৰ্তে ইমাম মালিক (ৰহ:)-ৰ মুওৱাত্তাক আকৌ আন কিছু সংখ্যক আলিমে ছুনানুদ-দাৰিমীক চিহাহ ছিত্তাৰ অন্তৰ্ভুক্ত কৰিছে। শ্বায়খ আবূ হাছান সিন্ধি (ৰহ:)-এ ইমাম তাহাৰী (ৰহ:)-ৰ সংকলিত মা’আনীল আচাৰ (তাবাৰী)-ক চিহাহ ছিত্তাৰ অন্তৰ্ভুক্ত কৰিছে।
আনকি ইবনে হাজম ও আনৱাৰ শ্বাহ কাশ্বমীৰী (ৰহ:)-এ তাহাবীক নাছাঈ ও আবূ দাউদৰ স্তৰৰ হিচাপে গণ্য কৰিছে।
৮. ছহীহায়ন (صحيحين) : ছহীহ বুখাৰী ও ছহীহ মুছলিমক একেলগে ছহীহায়ন বুলি কোৱা হয়।
৯. ছুনানে আৰবা’আ (سنن اربعة) : চিহাহ ছিত্তাৰ অন্য চাৰিখন গ্ৰন্থ — ‘আবূদাউদ, তিৰমিযী, নাছাঈ আৰু ইবনে মাজাহক একেলগে ছুনানে আৰবা’আ বুলি কোৱা হয়।
ছহীহায়নৰ বাহিৰেও ছহীহ হাদীছ আছে
বুখাৰী আৰু মুছলিম ছহীহ হাদীছৰ কিতাব। কিন্তু সকলো ছহীহ হাদীছেই যে বুখাৰী আৰু মুছলিমত আছে তেনেকুৱা নহয়। ইমাম বুখাৰী (ৰহ:) কৈছে, “মই মোৰ এই কিতাবত ছহীহ হাদীছৰ বাহিৰে অন্য কোনো হাদীছক স্থান দিয়া নাই আৰু বহুত ছহীহ হাদীছকো মই বাদ দিছোঁ”।
এইদৰে ইমাম মুছলিম (ৰহ:) কৈছে, “মই এই কথা নকওঁ যে ইয়াৰ বাহিৰে যিবিলাক হাদীছ আছে সেইবিলাক যঈফ। কাজেই এই দুয়োখন কিতাবৰ বাহিৰেও ছহীহ হাদীছ আৰু ছহীহ কিতাব আছে”। শ্বায়খ আব্দুল হক মুহাদ্দিছ দেহলৱী (ৰহ:)-ৰ মতে চিহাহ ছিত্তা, মুওৱাত্তা ইমাম মালিক ও ছুনানে দাৰেমীৰ বাহিৰে নিম্নোক্ত কিতাবসমূহো ছহীহ (যদিও বুখাৰী আৰু মুছলিমৰ পৰ্য্যায়ৰ নহয়)
১. ইবনে খুজাইমা – আবূ আব্দুল্লাহ মুহাম্মদ ইবনে ইছহাক (৩১১ হিজৰী)
২. ছহীহ ইবনে হিব্বান – আবূ হাতিম মুহাম্মদ ইবনে হিব্বান (৩৫৪ হিজৰী)
৩. আল-মুস্তাদাৰাক – হাকিম আবূ আব্দুল্লাহ নিশ্বাপুৰী (৪০২ হিজৰী)
৪. আল-মুখতাৰা – যিয়াউদ্দিন আল-মাকদিচী (৭০৪ হিজৰী)
৫. ছহীহ আবূ আওৱানা – ইয়াকুব ইবনে ইছহাক (৩১১ হিজৰী)
৬. আল-মুনতাকা – ইবনুল জাৰূদ আব্দুল্লাহ ইবনে আলী।
ইয়াৰ ওপৰিও মুহাম্মদ ইবনে ৰাজা সিন্ধী (২৮৬ হিজৰী) আৰু ইবনে হাযম জাহিৰীৰো (৪৫৬ হিজৰী) একো একোখন ছহীহ কিতাব আছে বুলি কিছুমান কিতাবত উল্লেখ আছে। কিন্তু পৰৱৰ্তী মুহাদ্দিছসকলে এইবোৰক ছহীহ হাদীছ বুলি গ্ৰহণ কৰিছিল নে নাই বা ক’ৰবাত ইয়াৰ পাণ্ডুলিপি বিদ্যমান আছে নে নাই সেয়া জনা নাযায়।
হাদীছৰ সংখ্যা
হাদীছৰ মূল কিতাবসমূহৰ ভিতৰত ইমাম আহমদ ইবনে হাম্বল (ৰহ:)-ৰ ‘মুছনাদ’ এখন বৃহৎ কিতাব। সেইখনত সাতশ চাহাবীৰ বৰ্ণিত পুনৰুল্লেখ (তাকবাৰ) সহ মুঠ চল্লিশ হেজাৰ আৰু তাকবাৰ অবিহনে ত্ৰিশ হেজাৰ হাদীছ আছে। শ্বায়খ আলী মুত্তাকী জৌনপুৰীৰ ‘মুনতাখাবু কানযিল উম্মাল’ত ত্ৰিশ হেজাৰ আৰু মূল কানযুল উম্মালত (তাকবাৰ অবিহনে) মুঠ বত্ৰিশ হেজাৰ হাদীছ আছে। অথচ এই কিতাব বহুকেইখন মূল কিতাবৰ সমষ্টি। একমাত্র হাছান আহমদ সমৰকান্ধীৰ ‘বাহৰুল আছানীদ’ কিতাবত এক লাখ হাদীছ আছে বুলি বৰ্ণিত আছে। মুঠ হাদীছৰ সংখ্যা চাহাবা ও তাবেঈসকলৰ আচাৰসহ সৰ্বমুঠ এক লাখৰ অধিক নহয় বুলি ধাৰণা হয়। ইয়াৰ মাজত ছহীহ হাদীছৰ সংখ্যা আৰু কম। হাকিম আবূ আব্দুল্লাহ নিশ্বাপুৰীৰ মতে প্ৰথম শ্ৰেণীৰ হাদীছৰ সংখ্যা ১০ হেজাৰতকৈ কম। চিহাহ ছিত্তাত কেৱল পৌনে ছয় হেজাৰ হাদীছ আছে । ইয়াৰ মাজত ২৩২৬ টা হাদীছ মুত্তাফাক আলাইহি। তথাপিও কোৱা হয় যে হাদীছৰ ডাঙৰ ডাঙৰ ইমামসকলে লাখ লাখ হাদীছ জানিছিল। তাৰ অৰ্থ এইটো যে হাদীছৰ বিভিন্ন ছনদ আছে।
[আনকি নিয়ত সম্পৰ্কীয় (انمالاعمال بالنيات) হাদীছটোৰ ৭শ ৰো অধিক ছনদ আছে- তাদবীন, ৫৪ পৃষ্ঠা] অথচ আমাৰ মুহাদ্দিছসকলে যি হাদীছটোৰ যিমান ছনদ আছে সেইটোক সিমান সংখ্যক হাদীছ বুলি গণ্য কৰিছে।
হাদীছ সংকলন ও তাৰ প্ৰচাৰ
চাহাবায়ে কেৰাম (ৰা:)-এ নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ প্ৰতিটো কাম ও আচৰণ সুক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে চাহাবীসকলক ইছলামৰ আদৰ্শ ও ইয়াৰ যাৱতীয় নিৰ্দেশ যেনেকৈ মানি চলাৰ হুকুম দিছিল, তেনেকৈ সেইটো অনাগত মানৱ জাতিৰ ওচৰত পৌচাই দিয়াৰ নিৰ্দেশ দিছিল। হাদীছ চৰ্চাকাৰীৰ বাবে তেখেতে নিম্নোক্ত দু‘আ কৰিছিল :
نصرالله امرء سمع منا حديثا
فحفظه حتي يبلغة غيره الغ —
“আল্লাহে সেই ব্যক্তিক সজীৱ ও আলোকোজ্জল কৰি ৰাখক যিয়ে মোৰ কথা শুনিলে আৰু স্মৃতিত ধৰি ৰাখিলে তাৰ পূৰ্ণ হিফাজত কৰিলে আৰু এনে মানুহৰ ওচৰত পৌচাই দিলে যিটো সিহঁতে শুনা নাছিল।” (তিৰমিযী ২য় খণ্ড, পৃষ্ঠা ৯০)
আব্দুল্লাহ ইবনে আমৰ (ৰা:)-এ আৰু কৈছে , “মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত যি শুনিছিলোঁ, মনত ৰখাৰ বাবে সেইটো লিখি লৈছিলোঁ। কিছুমান চাহাবীয়ে মোক সেইবোৰ লিখিবলৈ নিষেধ কৰিলে আৰু ক’লে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম এজন মানুহ। কেতিয়াবা স্বাভাৱিক অৱস্থাত আকৌ কেতিয়াবা ৰাগান্বিত অৱস্থাত কথা কয়।” এই কথা কোৱাৰ পিছত মই হাদীছ লিখাৰ পৰা বিৰত থাকিলোঁ, তাৰ পিছত সেইটো মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক জনালোঁ। তেখেতে নিজৰ হাতৰ আঙুলিৰ সহায়ত স্বীয় মুখৰ পিনে ইংগিত কৰি ক’লে- তুমি লিখি ৰাখা। সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ, এই মুখেৰে সত্যৰ বাহিৰে আন একো বাহিৰ নহয়।” (আবূ দাউদ, মুছনাদে আহমদ, দাৰেমী, হাকিম, বায়হাকী)। তেখেতৰ সংকলনৰ নাম আছিল, “ছহীফায়ে ছাদিকা”। এই সম্পৰ্কে তেখেতে ক’লে, ছাদিকা হাদীছৰ এটি সংকলন- যিটো মই নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছো” (উলুমুল হাদীছ, পৃ. ৪৫)। এই সংকলনত এক হাজাৰ হাদীছ লিপিবদ্ধ আছিল।
আবূ হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, এজন আনচাৰী চাহাবীয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ কাষলৈ আহি সুধিলে, হে আল্লাহৰ ৰাছুল! আপুনি যিবোৰ কয়, মোৰ খুবেই ভাল লাগে, কিন্তু মনত ৰাখিব নোৱাৰোঁ। নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক’লে- তুমি সোঁহাতৰ সহায় লোৱা। তাৰ পিছত তেখেতে হাতৰ ইংগিতত লিখি ৰখাৰ প্ৰতি ইংগিত কৰিলে (তিৰমিযী)।
আবূ হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, মক্কা বিজয়ৰ দিনা ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ভাষণ দিছিল। আবূ শ্বাহ ইয়ামনী ৰাদ্বিয়াল্লাহু আনহুৱে সুধিলে, হে আল্লাহৰ ৰাছুল! এই ভাষণ মোক লিখি দিয়ক। নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ভাষণটো তেখেতক লিখি দিবলৈ নিৰ্দেশ দিছিল (বুখাৰী, তিৰমিযী, মুছনাদে আহমদ)। হাছান ইবনু মুনব্বিহ (ৰ:)-এ কৈছে, আবূ হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৱে মোক বিপুল সংখ্যক কিতাব (পাণ্ডুলিপি) দেখুৱাইছিল। তাত ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ হাদীছ লিপিবদ্ধ আছিল (ফাতহুল বাৰী )। আবূ হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৰ সংকলনৰ এটি কপি (ইমাম ইবনে তাইমিয়াৰ হস্তলিখিত) দামাস্ক আৰু বাৰ্লীনৰ লাইব্ৰেৰীত সংৰক্ষিত আছে।
আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতৰ (স্বহস্তে লিখিত) সংকলন বাহিৰ কৰি ছাত্ৰসকলক দেখুৱাই ক’লে, মই এইবিলাক নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনি লিখি লৈছিলোঁ। পিছত তেখেতক সেইবোৰ পঢ়ি শুনাইছোঁ (মুস্তাদাৰাক হাকিম, ৩য় খণ্ড, পৃ. ৫৭৩)। ৰাফি ইবনে খাদীজ ৰাদ্বিয়াল্লাহু আনহুক স্বয়ং ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছ লিখি ৰখাৰ অনুমতি দিয়ে। তেখেতে প্ৰচুৰ হাদীছ লিখি ৰাখিছিল (মুছনাদে আহমদ)।
আলী ইবনে আবূ তালিব ৰাদ্বিয়াল্লাহু আনহুৱেও হাদীছ লিখি ৰাখিছিল। চামৰাৰ মোনাৰ মাজতে সংৰক্ষিত সংকলনটো তেখেতৰ লগতেই ৰাখিছিল। তেখেতে কৈছিল : মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰৰ পৰা এই ছহীফা ও কোৰআন মাজিদ ব্যতিত আন একো লিখা নাই। সংকলনটো স্বয়ং ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে লিখাইছিল। ইয়াত জাকাত, ৰক্তপণ (দিয়াত), বন্দীমুক্তি, মদীনাৰ হেৰেম আৰু বহু বিষয় সম্পৰ্কীত বিধান উল্লেখ আছিল (বুখাৰী, ফাতহুল বাৰী)। আব্দুল্লাহ ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পুত্ৰ আব্দুৰ ৰহমানে এখনি পাণ্ডুলিপি লৈ আহি শপত কৰি কৈছিল, এইখন আব্দুল্লাহ ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে নিজ হাতে লিখা (জামি বয়ানিল ইল্ম, ১ম খণ্ড পৃ. ১৭)।
স্বয়ং নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হিজৰত কৰি মদীনালৈ গৈ বিভিন্ন জাতিৰ সমন্বয়ত যি চুক্তিপত্ৰ সম্পাদন কৰিছিল (যিটো মদীনাৰ ছনদ নামে খ্যাত), হুদাইবিয়াৰ প্ৰান্তত মক্কাৰ মুশ্বৰিকসকলৰ সৈতে যি সন্ধি কৰিছিল, বিভিন্ন সময়ত যি ফৰমান জাৰি কৰিছিল, বিভিন্ন গোত্ৰ প্ৰধান ও ৰাজন্যবৰ্গৰ ওচৰত ইছলামৰ যি দাওৱাতনামা প্ৰেৰণ কৰিছিল আৰু বিভিন্ন ব্যক্তি ও গোত্ৰক যিবিলাক জমিন, খনি আৰু কুঁৱা দান কৰিছিল সেই সকলোবিলাক লিপিবদ্ধ আকাৰত আছিল আৰু সেই সকলোবিলাক হাদীছৰূপে গণ্য।
মহানবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে আব্দুল কায়েচ গোত্ৰৰ প্ৰতিনিধি দলক প্ৰয়োজনীয় উপদেশ দান কৰি কৈছিল- “এই কথাবিলাক তোমালোকে সম্পূৰ্ণৰূপে মনত ৰাখিবা আৰু যিসকল তোমালোকৰ পিছত আছে সিহঁতৰ ওচৰত পৌচাই দিবা” (বুখাৰী)। তেখেতে চাহাবীসকলক সম্বোধন কৰি কৈছে– “আজি তোমালোকে (মোৰ ওচৰত দ্বীনৰ কথা) শুনিছা, তোমালোকৰ পৰাও (সেইটো) শুনিব” (মুস্তাদাৰাক হাকিম, ১ম খণ্ড, পৃ. ৯৫ ) তেখেতে আকৌ কৈছে- “মোৰ পিছত মানুহে তোমালোকৰ পৰা হাদীছ শুনিবলৈ বিচাৰিব। সিহঁতে এই উদ্দেশ্যে তোমালোকৰ ওচৰলৈ আহিলে সিহঁতৰ প্ৰতি সদয় হ’বা আৰু সিহঁতৰ ওচৰত হাদীছ বৰ্ণনা কৰিবা” (মুছনাদে আহমদ)। তেখেতে অন্য ঠাইত কৈছে- “মোৰ ওচৰৰ পৰা এটা বাক্য হ’লেও আনৰ ওচৰত পৌচাই দিয়া” (বুখাৰী) ৮ম হিজৰীত মক্কা বিজয়ৰ পিছদিনা আৰু ১০ম হিজৰীত বিদায়ী হজ্জৰ ভাষণত মহানবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে- “উপস্থিত লোকসকলে যেন অনুপস্থিতসকলৰ ওচৰত মোৰ এই কথাবোৰ পৌচাই দিয়ে”। (বুখাৰী)
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ উল্লেখিত বাণীৰ গুৰুত্ব ও প্ৰয়োজনীয়তা উপলব্ধি কৰি তেখেতৰ চাহাবীসকলে হাদীছ সংৰক্ষণত উদ্যোগী হয়। প্ৰধানতঃ তিনিটা শক্তিশালী উপায়েৰে মহানবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ হাদীছ সংৰক্ষিত হয়- (১) উম্মতৰ নিয়মিত আমল (২) ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ লিখিত ফৰমান, চাহাবীসকলৰ ওচৰত লিখিত আকাৰত সংৰক্ষিত হাদীছ ও পুস্তিকা আৰু (৩) হাদীছ মুখস্থ কৰি স্মৃতিৰ ভাণ্ডাৰত সঞ্চিত কৰি ৰখা। তাৰ পিছত বৰ্ণনা আৰু শিক্ষাদানৰ মাধ্যমত লোক পৰম্পৰাত তাৰ প্ৰচাৰ। সেই সময়ৰ আৰবসকলৰ স্মৰণশক্তি অসাধাৰণভাৱে প্ৰখৰ আছিল। যিকোনো বস্তু স্মৃতিত ধৰি ৰাখিবলৈ এবাৰ শ্ৰৱণ কৰাই যথেষ্ট আছিল। স্মৰণশক্তিৰ সহায়ত আৰববাসীয়ে হাজাৰ বছৰ ধৰি সিহঁতৰ জাতীয় ঐতিহ্যক সংৰক্ষণ কৰি ৰাখিছিল। হাদীছ সংৰক্ষণৰ ক্ষেত্রত প্ৰাথমিক উপায় হিচাপে এই মাধ্যমটো খুবেই গুৰুত্বপূৰ্ণ আছিল। মহানবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে যেতিয়াই কোনো কথা কৈছিল, উপস্থিত চাহাবীসকলে পূৰ্ণ আগ্ৰহ ও আন্তৰিকতা সহকাৰে সেইটো শুনিছিল। তাৰ পিছত মুখস্থ কৰি লৈছিল। তেতিয়াৰ মুছলিম সমাজত প্ৰায় এক লক্ষ লোকে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ বাণী ও কৰ্মৰ বিৱৰণ সংৰক্ষণ কৰিছিল আৰু স্মৃতিপটত ধৰি ৰাখিছিল। আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, “আমি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ হাদীছ মুখস্থ কৰিছিলোঁ” (ছহীহ মুছলিম, ভূমিকা পৃ. ১০)
উম্মতৰ নিৰৱচ্ছিন্ন আমল, পাৰস্পৰিক পৰ্য্যালোচনা, শিক্ষাদানৰ মাধ্যমতো হাদীছ সংৰক্ষিত হয়। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে যি নিৰ্দেশ দিছিল, চাহাবীসকলে লগে লগে সেইটো কাৰ্য্যত পৰিণত কৰিছিল। তেখেতসকলে মছজিদ অথবা কোনো নিৰ্দিষ্ট স্থানত একত্ৰিত হৈছিল আৰু হাদীছ আলোচনা কৰিছিল। আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, “আমি মহানবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত হাদীছ শুনিছিলোঁ। তেখেতে যেতিয়া মছজিদৰ পৰা ওলাই গুচি গৈছিল, তেতিয়া আমি শুনা হাদীছবিলাক পৰস্পৰৰ মাজত পুনৰাবৃত্তি আৰু পৰ্য্যালোচনা কৰিছিলোঁ। আমাৰ পৰা এজন এজনকৈ সকলোৱে হাদীছবিলাক মুখস্থ শুনাইছিল। এনে ধৰণৰ প্ৰায় বৈঠকত অন্ততঃ ষাঠি-সত্তৰ জন লোক উপস্থিত হৈছিল। বৈঠকৰ পৰা যেতিয়া আমি উঠি গৈছিলোঁ তেতিয়া আমাৰ প্ৰত্যেকৰে সকলোখিনি মুখস্থ হৈ গৈছিল” (আল-মু’জামাউয যাওৱাইদ, ১ম খণ্ড পৃ. ১৬১)।
মছজিদে নববীক কেন্দ্ৰ কৰি স্বয়ং নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ জীৱনকালতেই যি পাঠশালা গঢ়ি উঠিছিল তাতে এদল বিশিষ্ট চাহাবী (আহলুছ ছুফফা ) সাৰ্বক্ষণিকভাৱে কোৰআন-হাদীছৰ শিক্ষাত ব্যস্ত আছিল।
হাদীছ সংৰক্ষণৰ বাবে যথা সময়ত যথেষ্ট পৰিমাণে লিখনি শক্তিৰো সহায় লোৱা হৈছিল। প্ৰাথমিক পৰ্য্যায়ত কোৰআন মাজিদৰ বাহিৰে সাধাৰণতে অন্য একো লিখা হোৱা নাছিল। পৰৱৰ্তী কালত হাদীছৰ বৃহৎ সম্পদ লিপিবদ্ধ কৰা হৈছিল। হাদীছ ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ জীৱনকালত লিপিবদ্ধ হোৱা নাছিল, বৰং তেখেতৰ মৃত্যুৰ শতাব্দী কালৰ পিছত লিপিবদ্ধ হৈছিল বুলি যি ভুল ধাৰণা প্ৰচলিত আছে তাৰ আদৌ কোনো ভিত্তি নাই। অৱশ্যে এই কথা ঠিক যে, কোৰআনৰ লগতে হাদীছ সংমিশ্ৰিত হৈ জটিল পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে বুলি কেৱল এই আশংকাত ইছলামী দাওৱাতৰ প্ৰাথমিক পৰ্য্যায়ত ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছিল- মোৰ কোনো কথা নিলিখিবা। কোৰআনৰ বাহিৰে মোৰ পৰা কোনোবাই কিবা লিখি ৰাখিলে সেইটো যেন মচি দিয়ে। (মুছলিম) কিন্তু য’ত এনেধৰণৰ বিভ্ৰান্তিৰ আশংকা নাছিল মহানবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সেই সকলো ক্ষেত্ৰত হাদীছ লিপিবদ্ধ কৰি ৰাখিবলৈ বিশেষভাৱে উৎসাহিত কৰিছিল। আব্দুল্লাহ ইবনে আমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ কাষত উপস্থিত হৈ কৈছিল, “হে আল্লাহৰ ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লাম! মই হাদীছ বৰ্ণনা কৰিব বিচাৰোঁ। গতিকে যদি আপুনি অনুমতি দিয়ে, তেনেহ’লে মই স্মৰণশক্তিৰ ব্যৱহাৰৰ লগতে লেখনিৰো সাহায্য গ্ৰহণ কৰিবলৈ ইচ্ছুক”। তেখেতে ক’লে, “মোৰ হাদীছ মুখস্থ কৰাৰ লগতে লিখিও ৰাখিব পাৰা” (দাৰেমী)।
উপমহাদেশত হাদীছ চৰ্চা
ভাৰত-পাক-বাংলা উপমহাদেশত মুছলিম বিজয়ৰ প্ৰাক কাল ৭১২ খ্ৰীষ্টাব্দৰ পৰাই হাদীছ চৰ্চা আৰম্ভ হয় আৰু ইয়াতে মুছলিম জনসংখ্যা বৃদ্ধিৰ লগে লগে হাদীছ চৰ্চাও ব্যাপকভাৱে বৃদ্ধি হয়। ইছলামৰ প্ৰচাৰক ও বাণী বাহকসকলে উপমহাদেশৰ সকলো ঠাইতে ইছলামিক জ্ঞান-চৰ্চাৰ কেন্দ্ৰ গঢ়ি তোলে। বিখ্যাত মুহাদ্দিছ শ্বায়খ শ্বৰফুদ্দিন আবূ তাওৱামা (মৃত্যু ৭০০ হিজৰী) ৭ম শতিকাত ঢাকাৰ সোণাৰগাঁৱত আগমন কৰে আৰু কোৰআন-হাদীছ চৰ্চাৰ ব্যাপক ব্যৱস্থা কৰে। বঙ্গদেশৰ ৰাজধানী হিচাপে তাত হাদীছৰ অসংখ্য বক্তা সমবেত হৈছিল আৰু ইলমে হাদীছৰ জ্ঞান সেই অঞ্চলত বিয়পাই দিছিল। মুছলিম শাসনৰ শেষ পৰ্য্যায়লৈকে এই ধাৰা অব্যাহত আছিল। বৰ্তমানেও এই ধাৰা অব্যাহত আছে। দাৰুল উলুম দেওবন্দ, মাযাহিৰুল উলুম ছাহাৰানপুৰ, মাদ্ৰাছা-ই-আলিয়া, ঢাকা, মঈনুল ইছলাম হাটহাজাৰী, জামিয়া ইছলামীয়া পটিয়া, জামিয়া কোৰানীয়া আৰাবীয়া লালবাগ ইত্যাদি হাদীছ কেন্দ্ৰত বৰ্তমানেও ব্যাপকভাৱে হাদীছ-চৰ্চা ও গৱেষণা চলি আছে। এনেকৈয়ে যুগ ও বংশ পৰম্পৰাত মহানবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ হাদীছ আমাৰ ওচৰলৈ আহি পাইছে আৰু ইন শ্বা আল্লাহ অব্যাহতভাৱে সেয়া অনাগত মানৱ সভ্যতাৰ ওচৰলৈ গৈ থাকিব।
এইবিলাক ঘটনাৰ পৰা পৰিস্কাৰভাৱে প্ৰমাণিত হয় যে নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ সময়ৰ পৰাই হাদীছ লিখাৰ কাম আৰম্ভ হৈছিল। তেখেতৰ দৰবাৰত বহু সংখ্যক লেখক চাহাবীও সময়ত উপস্থিত আছিল আৰু তেখেতৰ মুখৰ পৰা যি কথাই শুনিছিল, সেইটো লিখি লৈছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ সময়তো বহু চাহাবীৰ ওচৰত নিজ হাতে লিখিত সংকলনো আছিল। উদাহৰণস্বৰূপে আব্দুল্লাহ ইবনে আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ “ছহীফায়ে ছাদিকা”, আবূ হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৰ সংকলন সমধিক খ্যাত।
চাহাবীসকলে যেনেদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা হাদীছৰ জ্ঞান লাভ কৰিছিল, তেনেদৰে হেজাৰ হেজাৰ তাবেঈয়ে চাহাবীসকলৰ ওচৰত হাদীছৰ শিক্ষা লাভ কৰিছিল। একমাত্র আবূ হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত আঠশ তাবেঈয়ে হাদীছৰ শিক্ষা গ্ৰহণ কৰিছিল। চাঈদ ইবনুল মুচাইয়াব, উৰওৱা ইবনে জুবাইৰ, ইমাম যুহৰী, হাছান বছৰী, ইবনে ছিৰিন, নাফী, ইমাম যয়নুল আবদিন, মুজাহিদ, কাজী শ্বুৰাইহ, মাচৰুক, মাচহুল, ইকৰিমা, আতা, কাতাদা, ইমাম শ্বা’বী, আলকামা, ইব্ৰাহিম নাখঈ (ৰহ:) প্ৰমুখ প্ৰবীন তাবেঈৰ প্ৰায় সকলোৱে ১০ম হিজৰীৰ পিছত জন্মগ্ৰহণ কৰিছিল আৰু ১৪৮ হিজৰীৰ ভিতৰত মৃত্যুবৰণ কৰিছিল। ইয়াৰ বিপৰীতে চাহাবীসকলে ১১০ হিজৰীৰ ভিতৰতে মৃত্যুবৰণ কৰিছিল। এইফালৰ পৰা চালি-জাৰি চালে দেখা যায় তাবেঈসকলে চাহাবীসকলৰ দীৰ্ঘ সাহচৰ্য্য লাভ কৰিছিল। এজন তাবেঈয়ে বহু সংখ্যক চাহাবীৰ সৈতে সাক্ষাৎ কৰি নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ জীৱনৰ ঘটনাৱলী, তেখেতৰ বাণী, কাম ও সিদ্ধান্তসমূহ সংগ্ৰহ কৰিছিল আৰু সেইবোৰ তেখেতসকলৰ পৰৱৰ্তীসকল অৰ্থাৎ তাবে-তাবেঈনৰ ওচৰত পৌচাই দিছিল।
হিজৰী দ্বিতীয় শতাব্দীৰ শেষৰ পৰা চতুৰ্থ শতাব্দীৰ শেষলৈকে হাদীছৰ চৰ্চা আৰু অধিক ব্যাপকভাৱে হয়। সেই সময়কালতেই হাদীছৰ প্ৰসিদ্ধ ইমাম — বুখাৰী, মুছলিম, আবূ ইছা তিৰমিযী, আবূদাউদ চিজিস্তানী, নাছাঈ ও ইবনে মাজাহ (ৰহ:)-ৰ আৱিৰ্ভাৱ হয় আৰু তেখেতসকলৰ অক্লান্ত পৰিশ্ৰম ও দীৰ্ঘ অধ্যৱসায়ৰ ফলশ্ৰুতিত সৰ্বাধিক নিৰ্ভৰযোগ্য ছয় খন হাদীছ গ্ৰন্থ (চিহাহ ছিত্তা) সংকলিত হয়। সেই যুগতেই ইমাম শ্বাফেঈ (ৰহ:)-ৰ কিতাবুল উম্ম আৰু আহমদ ইবনে হাম্বল (ৰহ:)-এ তেখেতৰ আল-মুছনাদ গ্ৰন্থ সংকলন কৰিছিল। হিজৰী চতুৰ্থ শতিকাত মুস্তাদাৰাক হাকিম, ছুনানে দাৰাকুতনী, ছহীহ ইবনে হিব্বান, ছহীহ ইবনে খুজাইমা, তাবাৰানীৰ আল-মু’জাম, মুছান্নাফ-তাহাবী লগতে আৰু কিছুমান হাদীছ গ্ৰন্থ সংকলিত হয়। ইমাম বায়হাকীৰ ছুনানু কুবৰা ৫ম হিজৰী শতিকাত সংকলিত হয়।
হিজৰী চতুৰ্থ শতিকাৰ পিছৰ পৰা বৰ্তমানলৈকে সংকলিত হাদীছৰ মৌলিক গ্ৰন্থসমূহক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ সংকলন ও হাদীছৰ ভাষ্যগ্ৰন্থ আৰু এই শাস্ত্ৰৰ শাখা-প্ৰশাখাৰ ওপৰত ব্যাপক গৱেষণা ও বিভিন্ন গ্ৰন্থ ৰচিত হৈছে। বৰ্তমান সময়লৈকে এই কাম অব্যাহত আছে। এইবিলাক সংকলনৰ মাজত তাজৰীদুচ চিহাহ ওৱাচ ছুনান, আত-তাৰগীব ওৱাত তাৰহীব, আল-মুহাল্লা, মাচাবিহুচ ছুন্নাহ, নায়লুল আওতাৰ আদি সমধিক প্ৰসিদ্ধ।
ছহীহ বুখাৰী
ছহীহ বুখাৰীৰ পূৰ্ণ নাম- “আল জামিউল মুছনাদুছ ছহীহুল মুখতাৰুল মিন উমূৰি ৰাছুলিল্লাহ চাল্লাল্লাহু ‘আলাইহি ওৱা ছাল্লাম ওৱা ছুনানিহী ওৱা আইয়্যামিহী”। হাদীছৰ প্ৰধান প্ৰধান বিষয়সমূহ সম্বলিত বুলি ইয়াক ‘জামি’ বা পূৰ্ণাঙ্গ বুলি কোৱা হয়। কেৱল-মাত্ৰ ছহীহ হাদীছ সন্নিবিষ্ট কৰাৰ বাবে ‘ছহীহ’ আৰু ‘মাৰফূ’ ‘মুত্তছিল’ হাদীছ বৰ্ণিত হোৱাৰ কাৰণে ইয়াক মুছনাদ নামেৰে নামকৰণ কৰা হৈছে।
সকলো মুহাদ্দিছৰ সৰ্বসন্মত সিদ্ধান্ত যে আটাইবোৰ হাদীছগ্ৰন্থৰ ভিতৰত ছহীহ বুখাৰীৰ মৰ্যাদা সকলোৰে উৰ্দ্ধত আৰু কোৰআন মাজিদৰ পাছতেই সবাতোকৈ বিশুদ্ধ গ্ৰন্থ। এক লাখ ছহীহ হাদীছ আৰু দুই লাখ গায়েৰে ছহীহ হাদীছ ইমাম বুখাৰী (ৰহ:)-ৰ মুখস্থ আছিল। তাৰোপৰি তেখেতৰ ওচৰত সংগৃহীত আৰু তিনি লাখ হাদীছ, মুঠ ছয় লাখ হাদীছৰ পৰা সত্যাসত্য নিৰূপন কৰি তেখেতে সুদীৰ্ঘ ষোল্ল বছৰত এই গ্ৰন্থখন সংকলন কৰে। ছহীহ বুখাৰীত সৰ্বমুঠ ‘সাত হাজাৰ তিনিশ সাতানব্বৈ’ টা হাদীছ সংকলিত হৈছে। ‘তাকৰাৰ’ বা পুনৰাবৃত্তি (যিটো বিশ্বৰ প্ৰয়োজনত কৰা হৈছে) বাদ দিলে এই সংখ্যা মাত্র ‘দুই হাজাৰ পাঁচশ তেৰ’লৈ আহি যায়। মু’আল্লাক ও মুতাবা’আত যোগ কৰিলে এই সংখ্যা আকৌ ‘ন হাজাৰ বিৰাশী’ হৈ যায়। ছহীহ বুখাৰীৰ সৰ্বপ্ৰধান বৰ্ণনাকাৰী ফৰাবৰী (ৰহ:)-ৰ বৰ্ণনা অনুসৰি বিখ্যাত ভাষ্যকাৰ হাফিজ ইবনে হাজাৰ (ৰহ:)-ৰ গণনা অনুযায়ী ইয়াত প্ৰদত্ত হৈছে। বিভিন্ন বৰ্ণনাকাৰী ও গণনাকাৰীসকলৰ গণনাত এই সংখ্যাৰ তাৰতম্য পৰিলক্ষিত হয়। ওপৰত বৰ্ণিত সূক্ষ্ম পৰীক্ষণৰ উপৰিও প্ৰতিটো হাদীছ সংকলনৰ আগতে ইমাম বুখাৰী (ৰহ:)-এ গোছল কৰি দুই ৰাকাত ছালাত আদায় কৰি ইস্তিখাৰা কৰাৰ পিছত একো একোটা হাদীছ লিপিবদ্ধ কৰিছিল। এনেদৰে কঠোৰ সতৰ্কতা অৱলম্বনৰ ফলত অন্যান্য হাদীছগ্ৰন্থৰ তুলনাত গোটেই মুছলিম বিশ্বত ছহীহ বুখাৰীয়ে হাদীছগ্ৰন্থ হিচাপে সবাতোকৈ বেছি জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে। জমহূৰ মুহাদ্দিছৰ মতে ছহীহ বুখাৰীত বৰ্ণিত প্ৰতিটো হাদীছ নিঃসন্দেহে ছহীহ ও গ্ৰহণযোগ্য।
ছহীহ বুখাৰী সংকলনৰ বাবে ইমাম বুখাৰী (ৰহ:) উদ্বুদ্ধ হোৱাৰ কাৰণসমূহৰ মাজত উল্লেখযোগ্য যে, তেখেতৰ বিখ্যাত উস্তাদ (শিক্ষক) ইছহাক ইবনে ৰাহওয়াহ (ৰহ:)-এ পৰোক্ষভাৱে তেখেতক উদ্দেশ্য কৰি কৈছিল- ‘তোমালোকৰ মাজত এনে কোনো নাই নে যিয়ে গায়েৰে ছহীহ হাদীছৰ পৰা ছহীহ হাদীছ বাছনি কৰি এখনি গ্ৰন্থ সংকলন কৰিব পাৰে’?
ইমাম বুখাৰী (ৰহ:)-এ এবাৰ সপোনত দেখিলে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ দেহ মুবাৰকৰ ওপৰত মাখি পৰিছে আৰু তেখেতে বিচনীৰে সেইবোৰ আঁতৰাই আছে। তা’বীৰ বৰ্ণনাকাৰী আলিমসকলে ইয়াৰ ব্যাখ্যা দিলে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ছহীহ হাদীছসমূহ ‘গায়েৰে ছহীহ’ হাদীছৰ পৰা বাছনি কৰা কাৰ্য্য স্বপ্নদ্ৰষ্টাৰ দ্বাৰা সম্পাদিত হ’ব। তেতিয়াৰ পৰাই ইমাম বুখাৰীৰ মনত এনে এখন কিতাব সংকলনৰ ইচ্ছা প্ৰবল হৈ উঠিল আৰু তেখেতে সুদীৰ্ঘ ষোল্ল বছৰৰ অক্লান্ত সাধনাৰ পিছত সেইটো সমাপ্ত কৰিবলৈ সক্ষম হয়। এই গ্ৰন্থ সংকলনৰ তেখেতৰ মুখ্য উদ্দেশ্য আছিল ছহীহ হাদীছৰ এখনি উন্নত মানদণ্ডৰ গ্ৰন্থ ৰচনা কৰা আৰু তেখেতৰ সেই উদ্দেশ্য নিঃসন্দেহে সফল হৈছে। এই গ্ৰন্থৰ হাদীছ সন্নিৱেশৰ পিছত তেখেতে চিন্তা কৰিলে যে অধ্যয়নৰ লগে লগে মানুহে ইয়াৰ ভাৱাৰ্থ ও নিৰ্দেশিত বিধানাৱলী সম্পৰ্কে অৱহিত ও উপকৃত হ’ব পাৰে তাৰ বাবে হাদীছসমূহক তেখেতে বিভিন্ন অধ্যায় ও পৰিচ্ছেদত সংগঠিত কৰি ‘তৰজামাতূল বাব’ বা শিৰোনামা প্ৰতিষ্ঠিত কৰে। যিহেতু দ্বীন-ই-ইছলামৰ শিক্ষা ব্যাপক ও বিস্তৃত, গতিকে ইয়াৰ বিধানাৱলীৰ পৰিসীমা নিৰ্ধাৰণ কৰা দুষ্কৰ।
পক্ষান্তৰে ইমাম বুখাৰী (ৰহ:)-ৰ দ্বাৰা সংকলিত হাদীছৰ সংখ্যা সীমিত। এই সীমিত সংখ্যক হাদীছৰ দ্বাৰা দ্বীন-ই-ইছলামৰ ব্যাপক ও বিস্তৃত শিক্ষাৰ দলীল প্ৰমাণ উপস্থাপন কৰা দুষ্কৰ। গতিকে ইমাম বুখাৰী (ৰহ:)-এ সংকলিত হাদীছবিলাকৰ দ্বাৰা ব্যাপক বিধানাৱলীৰ দলীল কায়েম কৰাত গভীৰ জ্ঞান ও তীক্ষ্ণ বুদ্ধিৰ পৰিচয় দিছিল। বহু ক্ষেত্ৰত তেখেতে ইছাৰা বা ইংগিতৰ আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছিল। ফলত ছহীহ বুখাৰী অধ্যয়নত তৰজামাতূল বাব ও বৰ্ণিত হাদীছৰ মাজত সামঞ্জস্য বিধান কৰা আলিমসকলৰ দৃষ্টিত এটি কঠিন সমস্যা ও প্ৰধান বিবেচ্ছ্য বিষয়। ছহীহ বুখাৰী প্ৰণয়নৰ পিছৰ পৰা আজি পৰ্যন্ত এই কঠিন সমস্যাৰ সমাধান কৰিবলৈ মুহাদ্দিছ, ফকীহ ও আলিম সমাজে যথেষ্ট কঠিনতাৰ মুখামুখি হ’বলগীয়া হৈছে ।
ইমাম বুখাৰী (ৰহ:) মহৎ চৰিত্ৰৰ অধিকাৰী আছিল। দান দক্ষিণা কৰা তেখেতৰ স্বভাৱত পৰিণত হৈ গৈছিল। উত্তৰাধিকাৰী সূত্ৰে তেখেতে তেখেতৰ পিতৃৰ অজস্ৰ ধন-সম্পত্তিৰ অধিকাৰী হৈছিল, কিন্তু তেখেতে তেখেতৰ সকলোখিনি গৰীব দুখীয়া ও হাদীছ শিক্ষাৰ্থীৰ মাজত বন্টন কৰি দিছিল। তেখেতে নিজে অতি সামান্য আহাৰ গ্ৰহণ কৰিছিল। কেতিয়াবা কেতিয়াবা মাত্ৰ দুই তিনিটা বাদাম খাই গোটেই দিনটো কটাই দিছিল। বহু বছৰ ধৰি বিনা তৰকাৰীৰে ৰুটি খোৱাৰ ফলত তেখেত অসুস্থ হৈ পৰিছিল।
ইমাম বুখাৰী (ৰহ:)-ৰ সততা জনশ্ৰুতিত পৰিণত হৈছিল। প্ৰসংগক্ৰমে ইয়াত এটি ঘটনা উল্লেখ কৰিব পাৰি। আবূ হাফাছ (ৰহ:)-এ এবাৰ তেখেতৰ ওচৰলৈ বহু মূল্যৱান পণ্যদ্ৰব্য পঠাইছিল। এজন ব্যৱসায়ীয়ে সেইটো পাঁচ হাজাৰ দিৰহাম মুনাফা দি কিনিব বিচৰাত তেখেতে ক’লে- তুমি আজি গুচি যোৱা মই চিন্তা কৰি চাওঁ। পিছদিনা ৰাতিপুৱা আৰু এদল ব্যৱসায়ীয়ে আহি দহ হাজাৰ দিৰহাম মুনাফা দিব বিচাৰিলে কিন্তু তেখেতে ক’লে- যোৱাৰাতি মই এদল ব্যৱসায়ীক দিয়াৰ নিয়ত (সংকল্প) কৰি পেলাইছোঁ। গতিকে মই মোৰ নিয়তৰ খিলাফ কৰিব নিবিচাৰোঁ। পিছত তেখেতে সেইটো পূৰ্বোক্ত ব্যৱসায়ীক পাঁচ হাজাৰ দিৰহাম মুনাফাতেই দি দিলে। নিয়ত বা মনৰ সংকল্প ৰক্ষা কৰাৰ বাবে তেখেতে পাঁচ হাজাৰ দিৰহাম মুনাফা এৰি দিলে। ইমাম বুখাৰী (ৰহ:)-এ কৈছে- মই জীৱনত কেতিয়াও কাৰোঁ কোনো দিনেই গীবত বা অভিযোগ কৰা নাই। তেখেতে ৰমজান মাহত সম্পূৰ্ণ তাৰাৱীহত এক খতম, প্ৰতিদিন দিনৰ ভাগত এক খতম আৰু প্ৰতি তিনি ৰাতিত এক খতম কোৰআন মাজিদ তিলাওৱাত কৰিছিল। এবাৰ নফল ছালাত (নামাজ) আদায় কৰি থাকোঁতে এটা বিচ্ছুৱে ষোল্ল-সোতৰ বাৰ দংশন কৰিছিল কিন্তু তেখেতে যি ছূৰা পাঠ কৰি আছিল সেইটো সমাপ্ত নকৰালৈকে ছালাত (নামাজ) শেষ কৰা নাছিল। এনেকৈয়ে ত্বাকৱা-পৰহেজগাৰী, ইবাদত-বন্দেগী, দান-খয়ৰাতৰ বহুতো ঘটনা জীৱনীকাৰ সকলে বৰ্ণনা কৰিছে। যিবিলাক অসাধাৰণ আৰু বিষ্ময়কৰ।
ইমাম বুখাৰী (ৰহ:)-এ জীৱিত কালত বহু বিপদ ও কঠিন পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছিল। হিংসুকসকলৰ ষড়যন্ত্ৰৰ চিকাৰ হৈ তেখেতে অবৰ্ণনীয় দুখ-কষ্ট ভোগ কৰিছিল। বুখাৰাৰ গভৰ্ণৰে তেখেতৰ দুই পুত্ৰক প্ৰাসাদলৈ গৈ বিশেষভাৱে হাদীছ শিক্ষাদানৰ আদেশ কৰিছিল। ইয়াত হাদীছৰ অৱমাননা হৈছে বুলি ভাৱি ইমাম বুখাৰী (ৰহ:)-এ সেইটো প্ৰত্যাখ্যান কৰে। এই সুযোগতে দৰবাৰৰ কিছু সংখ্যক হিংসুকৰ কুচক্ৰান্তত তেখেতে শেষ বয়সত জন্মভূমি বুখাৰা ত্যাগ কৰিবলগীয়া হৈছিল। সেই সময়ত তেখেতে সমৰকন্দবাসীৰ আহ্বানত তালৈ যোৱাৰ উদ্দেশ্যে ৰাওনা হয়। বাটত খাৰতাংগ পল্লীত তেখেতৰ এক আত্মীয়ৰ ঘৰত গৈ ওলাল। তাত তেখেত অসুস্থ হৈ পৰিল আৰু প্ৰথম শ্বাওৱাল শনিবাৰে ২৫৬ হিজৰীত তেখেতে ইন্তেকাল কৰিলে। দফনৰ পিছত তেখেতৰ কবৰৰ পৰা সুগন্ধি বিচ্ছুৰিত হৈ থাকে। লোকে দলে দলে তেওঁৰ কবৰৰ মাটি লৈ যায়। কোনো কাৰণতে সেইটো নিবৃত্ত কৰিব নোৱাৰাত কাঁইটেৰে আৱৰি তেখেৰ কবৰ ৰক্ষা কৰা হয়। পিছত জনৈক ওলী উল্লাহে মানুহৰ আক্বীদা নষ্ট হোৱাৰ আশংকাত সেই সুঘ্ৰাণ বন্ধ হোৱাৰ বাবে দু’আ কৰে আৰু তাৰ পিছত সেয়া বন্ধ হৈ যায়।
ইমাম বুখাৰী (ৰহ:)
নাম : মুহাম্মদ ইবন ইছমাইল। কুনিয়াত : আবূ আব্দুল্লাহ। লকব : শ্বায়খুল ইছলাম ও আমীৰুল মু’মিনীন ফীল হাদীছ।
বংশ পৰিচয় : মুহাম্মদ ইবন ইছমাইল ইবন ইব্ৰাহীম ইবন মুগীৰা ইবন বাৰদিযবাহ আল জু’ফী আল বুখাৰী (ৰহ:)। ইমাম বুখাৰী (ৰহ:)-ৰ ঊৰ্ধ্বতন পুৰুষ বাৰদিযাহ অগ্নিপূজক আছিল। ‘বাৰদিযাহ’ শব্দটো ফাৰ্চী। ইয়াৰ অৰ্থ কৃষক। তেওঁৰ পুত্ৰ মুগীৰাই বুখাৰাৰ গভৰ্নৰ ইয়ামন আল-জু’ফীৰ হাততে ইছলাম গ্ৰহণ কৰে। এইকাৰণেই ইমাম বুখাৰীক আল-জু’ফী আৰু বুখাৰাৰ অধিবাসী হিচাপে বুখাৰী বুলি কোৱা হয়।
ইমাম বুখাৰীৰ প্ৰপিতামহ মুগীৰা আৰু পিতামহ ইব্ৰাহীম সম্বন্ধে ইতিহাসত বিশেষ কোনো তথ্য পোৱা নাযায়। অৱশ্যে জনা যায় যে তেখেতৰ পিতৃ ইছমাইল (ৰহ:) এজন মুহাদ্দিছ ও এজন বুজুৰ্গ ব্যক্তি আছিল। ইমাম মালিক, হাম্মাদ ইবনে যায়েদ ও আব্দুল্লাহ ইবনে মুবাৰক (ৰহ:) প্ৰমুখ মুহাদ্দিছসকলৰ ওচৰত তেখেতে হাদীছ শিক্ষা অৰ্জন কৰিছিল। তেখেতে জীৱনত কেতিয়াও হাৰাম বা সন্দেহজনক অৰ্থ উপৰ্জন কৰা নাছিল। তেখেতৰ জীৱিকা নিৰ্বাহৰ উপায় আছিল ব্যৱসায় বাণিজ্য। তেখেতৰ আৰ্থিক অৱস্থা সবল আছিল।
জন্ম ও মৃত্যু : ইমাম বুখাৰী ১৯৪ হিজৰীৰ ১৩ শ্বাওৱাল জুম’আৰ দিনা জুম’আৰ ছালাতৰ কিছুসময় পিছতে বুখাৰাত জন্ম গ্ৰহণ কৰে আৰু ২৫৬ হিজৰীৰ ১ম শ্বাওৱাল শনিবাৰ ঈদৰ ৰাতি ইশ্বাৰ ছালাতৰ সময়ত সমৰকন্দৰ ওচৰত খাৰতাংগ পল্লীত মৃত্যুবৰণ কৰে। তেখেতৰ বয়স হৈছিল ১৩ দিন কম বাষষ্ঠি বছৰ। খাৰতাংগ পল্লীতেই তেখেতক দফন কৰা হৈছিল।
ইমাম বুখাৰী (ৰহ:)-ৰ শিশুকালতেই পিতা ইছমাইল (ৰহ:)-ৰ ইন্তেকাল হৈছিল। তেখেতৰ মাতৃ আছিল অতি পৰহেজগাৰ আৰু বুদ্ধিমতী। স্বামীয়ে এৰি থৈ যোৱা বিশাল ধন-সম্পত্তিৰ দ্বাৰা তেখেতে তেখেতৰ দুই পুত্ৰ আহমদ আৰু মুহাম্মদক লালন-পালন কৰে। শৈশৱত ৰোগাক্ৰান্ত হোৱাৰ ফলত মুহাম্মদৰ চকু নষ্ট হৈ যায়। বহু চিকিৎসা কৰিও যেতিয়া তেখেতৰ চকুৰ দৃষ্টিশক্তি ঘূৰাই আনিব নোৱাৰিলে তেতিয়া তেখেতৰ মাকে আল্লাহৰ দৰবাৰত খুব বেছি কন্দা-কটা ও দু’আ কৰিবলৈ আৰম্ভ কৰিলে। এদিনাখন ৰাতি তেখেতে সপোনত দেখিলে যে এজন বুজুৰ্গ ব্যক্তি আহি তেখেতক এইবুলি সান্তনা দিছিল যে তোমাৰ কন্দা-কটাৰ ফলত আল্লাহ তা’লাই তোমাৰ পুত্ৰৰ দৃষ্টিশক্তি ওভোতাই দিছে। সপোনত তেখেতে জানিব পাৰিলে যে এই বুজুৰ্গ ব্যক্তি ইব্ৰাহীম (আ:)। ৰাতিপুৱা টোপনিৰ পৰা উঠি তেখেতে দেখিবলৈ পালে যে সচাঁকৈয়ে তেখেতৰ পুত্ৰৰ দৃষ্টিশক্তি উভতি আহিছে। বিষ্ময় ও আনন্দত তেখেতে আল্লাহৰ দৰবাৰত দুই ৰাকাত চুকৰানা (কৃতজ্ঞতা)-ৰ ছালাত আদায় কৰে।
পাঁচ বছৰ বয়সতেই মুহাম্মদক বুখাৰাৰ এখন প্ৰথমিক মাদ্ৰাছাত ভৰ্ত্তি কৰি দিয়া হয়। মুহাম্মদ বাল্যকালৰ পৰাই প্ৰখৰ স্মৃতিশক্তিৰ অধিকাৰী আৰু মেধাৱী আছিল। মাত্র ছয় বছৰ বয়সতেই তেখেতে কোৰআন মাজিদ হিফজ কৰি লৈছিল আৰু দহ বছৰ বয়সত প্ৰথমিক শিক্ষা সমাপ্ত কৰিছিল। দহ বছৰ বয়সত তেখেতে হাদীছশাস্ত্ৰ অধ্যয়নৰ বাবে বুখাৰাৰ শ্ৰেষ্ঠ মুহাদ্দিছ ইমাম দাখিলী (ৰহ:)-ৰ হাদীছ শিক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিছিল। সেই যুগৰ নিয়ম অনুসৰি তেখেতৰ সহপাঠীসকলে বহী-কলম লৈ উস্তাদ (শিক্ষক)-ৰ পৰা শ্ৰুত হাদীছ লিখি লৈছিল। কিন্তু ইমাম বুখাৰী (ৰহ:)-এ সাধাৰণতে বহী-কলম একোৱেই লগত লৈ যোৱা নাছিল। তেখেতে মনোযোগৰ সৈতে উস্তাদ (শিক্ষক)-ৰ বৰ্ণিত হাদীছ শুনিছিল। ইমাম বুখাৰী (ৰহ:) বয়সত সকলোতকৈ সৰু আছিল। সহপাঠীসকলে প্ৰতিদিনাই তেখেতক এইবুলি উপলুঙা কৰিছিল যে বহী-কলম অবিহনে তুমি অনৰ্থক কিয় আহি বহা? এদিনাখন বিৰক্ত হৈ তেখেতে ক’লে- তোমালোকৰ লিখিত বহী লৈ আহা। ইমান দিনে তোমালোকে যি লিখিছা সেইবোৰ মই মুখস্থ শুনাই যাওঁ। কথামতেই সিহঁতে বহী লৈ আহিল আৰু ইমান দিনে শুনা কেইবা হাজাৰ হাদীছ ইমাম বুখাৰী (ৰহ:)-এ হুবহু ধাৰাবাহিকভাৱে শুনাই দিলে। কতো কোনো ভুল নকৰিলে। বৰং সিহঁতৰ লেখাত ভুল হৈছিল। সিহঁতে সেইবোৰ শুনি সংশোধন কৰি ললে। বিস্ময়ত সিহঁত হতবাক হৈ গৈছিল। এই ঘটনাৰ পিছত ইমাম বুখাৰী (ৰহ:)-ৰ প্ৰখৰ স্মৃতিশক্তিৰ কথা চাৰিওফালে বিয়পি পৰিল।
ষোল্ল বছৰ বয়সত ইমাম বুখাৰী (ৰহ:)-এ বুখাৰা আৰু তাৰ দাঁতিকাষৰীয়া চহৰৰ প্ৰসিদ্ধ মুহাদ্দিছসকলৰ পৰা বৰ্ণিত প্ৰায় সকলো হাদীছ মুখস্থ কৰি লৈছিল। তাৰ লগতে মুছলিম বিশ্বৰ বিখ্যাত মুহাদ্দিছ আব্দুল্লাহ ইবনে মুবাৰক আৰু ওৱাকী ইবনুল জাৰ্ৰাহ (ৰহ:)-ৰ সংকলিত হাদীছগ্ৰন্থসমূহো মুখস্থ কৰি লৈছিল।
ইয়াৰ পিছত তেখেতে মাতৃ আৰু জেষ্ঠ্য ভাতৃ আহমদৰ সৈতে হজ্জলৈ যায়। হজ্জৰ শেষত জেষ্ঠ্য ভাতৃ আৰু মাক উভতি আহে। ইমাম বুখাৰী (ৰহ:)-এ মক্কা মুকৰ্ৰমা আৰু মদীনা মনোৱাৰাত কিছু বছৰ অৱস্থান কৰি উভয় স্থানৰ প্ৰসিদ্ধ মুহাদ্দিছসকলৰ ওচৰৰ পৰা হাদীছ শিক্ষা অৰ্জন কৰি থাকে। এই সময়ত তেখেতে ‘কাযায়াছ-চাহাবা ওৱাত-তাবেঈন’ শীৰ্ষক তেখেতৰ প্ৰথম গ্ৰন্থ ৰচনা কৰে। ইয়াৰ পিছত মদীনাত থকা সময়তে চন্দ্ৰৰ পোহৰত ‘তাৰীখে কবীৰ’ লিখে।
ইমাম বুখাৰী (ৰহ:)-এ হাদীছ সংগ্ৰহৰ উদ্দেশ্যে তৎকালীন মুছলিম বিশ্বৰ বিখ্যাত জ্ঞানকেন্দ্ৰ কূফা, বছৰা, বাগদাদ, ছিৰিয়া, মিছৰ, খুৰাছান আদি চহৰ বাৰে বাৰে ভ্ৰমণ কৰে। সেই স্থানসমূহৰ প্ৰসিদ্ধ মুহাদ্দিছসকলৰ পৰা তেখেতে হাদীছ শিক্ষা লাভ কৰে আৰু অন্যসকলকো তেখেতে হাদীছ শিক্ষাদান কৰি থকাৰ লগতে গ্ৰন্থ ৰচনাতো ব্যস্ত থাকে। তেখেতৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি ‘জামি’ ছহীহ আল-বুখাৰী সৰ্বপ্ৰথম মক্কা মুকৰ্ৰমাৰ মছজিদ আল হাৰামত প্ৰণয়ন আৰম্ভ কৰে আৰু সুদীৰ্ঘ ষোল্ল বছৰ কালত এই বৃহৎ বিশুদ্ধ গ্ৰন্থ ৰচনা সমাপ্ত কৰে। আগতেই উল্লেখ কৰা হৈছে যে ইমাম বুখাৰী (ৰহ:) অসাধাৰণ স্মৃতিশক্তিৰ অধিকাৰী আছিল। তেখেতে নিজেই কৈছিল যে তেখেতৰ এক লাখ ছহীহ হাদীছ আৰু দুই লাখ গায়েৰ ছহীহ হাদীছ মুখস্থ আছিল। তেখেতৰ এই অস্বাভাৱিক বিস্ময়কৰ স্মৃতিশক্তিৰ কথা গোটেই মুছলিম বিশ্বত বিয়পি পৰিছিল। বিভিন্ন চহৰৰ মুহাদ্দিছসকলে বিভিন্ন ধৰণে তেখেতৰ এই স্মৃতিশক্তিৰ পৰীক্ষা কৰি বিস্ময়ত হতবাক হৈ গৈছিল আৰু সকলোৱে স্বীকাৰ কৰিছিল যে হাদীছ শাস্ত্ৰত তেখেতৰ সমকক্ষ কোনো নাই। এই সম্পৰ্কে তেখেতৰ জীৱনীগ্ৰন্থত বহু চমকপ্ৰদ ঘটনাৰ উল্লেখ আছে। মাত্ৰ এঘাৰ বছৰ বয়সত বুখাৰাৰ বিখ্যাত মুহাদ্দিছ ‘দাখিলী’ৰ হাদীছ বৰ্ণনা কালত যি ভুল সংশোধন কৰি দিছিল, হাদীছ বিশাৰদসকলৰ ওচৰত সেইটো সচাঁকৈয়ে বিস্ময়কৰ।
ইমাম বুখাৰী (ৰহ: )-এ এক হাজাৰৰো অধিক মুহাদ্দিছৰ পৰা হাদীছ শিক্ষা গ্ৰহণ কৰিছিল। তেখেতসকলৰ মাজত মাক্কী ইবনে ইব্ৰাহিম, আবূ আছিম, ইমাম আহমদ ইবনে হাম্বল, আলী ইবনুল মাদানী, ইছহাক ইবনে ৰাছওৱাচহ, হুমাইদি, ইয়াহইয়া, উবাইদুল্লাহ ইবনে মূছা, মুহাম্মদ ইবনে ছালাম আল বায়কান্দী আৰু মুহাম্মদ ইবনে ইউচুফ আল ফাৰইয়াবী (ৰহ:) প্ৰমুখ মুহাদ্দিছসকলৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
শিৰোনামাৰ এই ৰহস্য ভেদ কৰিবলৈ প্ৰত্যেকেই স্বীয় জ্ঞান-বিবেকৰ টোনৰ পৰা তীৰ বা শৰ নিক্ষেপত কোনো ত্ৰুটি কৰা নাই, তথাপিও মুহাক্কিক আলিমসকলৰ ধাৰণাত আজিও কাৰোঁ নিক্ষিপ্ত তীৰ লক্ষ্যস্থলত সকলো ক্ষেত্ৰত সম্পূৰ্ণৰূপে ভেদ কৰিবলৈ সমৰ্থ হোৱা নাই। এইকাৰণেই কোৱা হয় ‘ফিকহুল বুখাৰী ফী তাৰাজিমিহী’ অৰ্থাৎ ইমাম বুখাৰী (ৰহ:)-ৰ জ্ঞান-গৰিমা বুদ্ধি-চাতুৰ্য তেখেতৰ গ্ৰন্থৰ তৰ্জমা বা শিৰোনামাৰ মাজতে লুকাই আছে।
পৰৱৰ্তী কালৰ মনিষীসকলে এই লুকাই থকা ৰত্ন যথাযথ উদ্ধাৰত সৰ্বশক্তি ও শ্ৰম ব্যয় কৰিও সম্পূৰ্ণৰূপে সফল হোৱাত ব্যৰ্থ হৈছে।
ছহীহ বুখাৰী সংকলনৰ পিছৰ পৰা আজি পৰ্যন্ত পৃথিৱীৰ সকলো দেশৰ সকলো শ্ৰেণীৰ মুছলিম মনিষীসকলে যেনেদৰে ইয়াৰ প্ৰতি গুৰুত্বাৰোপ কৰি আহিছে আল্লাহৰ কালাম কোৰআন মাজিদৰ বাহিৰে আন কোনো গ্ৰন্থৰ প্ৰতি এনেদৰে আসক্ত হৈ পৰা নাই। একমাত্র ইমাম বুখাৰী (ৰহ:)-ৰ পৰাই নব্বৈ হাজাৰৰো অধিক লোকে এই গ্ৰন্থৰ হাদীছ শ্ৰবণ কৰিছে। তাৰ পাছত প্ৰত্যেক যুগত অসংখ্য হাদীছ শিক্ষাৰ্থীয়ে এই গ্ৰন্থৰ অধ্যয়ন কৰি আহিছে। এই গ্ৰন্থৰ ভাষ্য পুস্তিকাৰ সংখ্যাও অগণিত।
সেইবোৰৰ মাজত হাফিজ ইবনে হাজাৰ আছকালানী (ৰহ:) (জন্ম ৭৩৩ হি. মৃত্যু ৮৫২ হি.)-ৰ ‘ফাতহুল বাৰী’ শ্বায়খ বদৰুদ্দিন আইনী হানাফী (ৰহ:) (জন্ম ৭৬২ হি. মৃত্যু ৮৫৫ হি.)-ৰ ‘উমদাতুল-কাৰী’ আৰু আল্লামা শ্বিহাবুদ্দিন আহমেদ কাস্তলানী (ৰহ:) (জন্ম ৮৫১ হি. মৃত্যু ৯৩২ হি.)-ৰ ‘ইৰশ্বাদুচ ছাৰী’ সমধিক প্ৰসিদ্ধ। এই তিনিওজন মিচৰ (ইজিপ্ত)-ৰ অধিবাসী আছিল। ইয়াৰোপৰি বৰ্তমান যুগত ছহীহ বুখাৰী অধ্যয়নৰ ক্ষেত্ৰত ব্যাখ্যা ভাষ্য হিচাপে ৰশ্বিদ আহমদ গাঙ্গুহী (ৰহ:) (জন্ম ১২৪৪ হি. মৃত্যু ১৩২৩ হি.)-ৰ ‘লামেউদ দাৰাৰী’ আৰু ছৈয়দ আনৱাৰ শ্বাহ কাশ্বমীৰী (ৰহ:) (জন্ম ১২৯২ হি. মৃত্যু ১৩৫২ হি.)-ৰ ‘ফয়যুল বাৰী’ বিশেষভাৱে সমাদৃত। ইমাম বুখাৰী (ৰহ:) ও তেখেতৰ সংকলিত ছহীহ বুখাৰীৰ যি উচ্ছাসিত প্ৰশংসা আৰু ওপৰত যি ব্যাপক ইল্মী চৰ্চা হৈছে তাৰ সহস্ৰ ভাগৰ এভাগ বৰ্ণনা কৰাও এই স্বল্প পৰিসৰত সম্ভৱ নহয়।
মুছলিম বিশ্বৰ সৰ্বত্ৰ সমাদৃত এই পবিত্ৰ হাদীছগ্ৰন্থখনৰ পৰা অসমীয়া ভাষাভাষী পাঠক-পাঠিকাসকলে যাতে পোনপটিয়াকৈ উপকৃত হ’ব পাৰে সেই লক্ষ্যৰেই এই সংক্ষিপ্ত ভূমিকাসহ সৰল অসমীয়া অনুবাদ অৰ্পণ কৰা হ’ল। মহান ৰব্বুল আলামীনে আমাক ইয়াৰ পৰা উপকৃত হোৱাৰ তৌফক দান কৰক। আমীন।