প্ৰশ্নঃ – বৰ্তমান অসম তথা ভাৰতকে ধৰি সমগ্ৰ বিশ্বত মুছলমানৰ ওপৰত যি ধৰণৰ নিৰ্যাতন চলি আছে তাৰ কাৰণ কি ? আৰু এই ক্ষেত্ৰত আমাৰ কৰণীয় কি ?

প্ৰশ্নঃ – বৰ্তমান অসম তথা ভাৰতকে ধৰি সমগ্ৰ বিশ্বত মুছলমানৰ ওপৰত যি ধৰণৰ নিৰ্যাতন চলি আছে তাৰ কাৰণ কি ? আৰু এই ক্ষেত্ৰত আমাৰ কৰণীয় কি ?

উত্তৰঃ- প্ৰথম কথা এইটো মুছলমানৰ কৃতকৰ্মৰ ফল ।
আল্লাহে কৈছে “তোমালোকলৈ যি বিপদ আপদ আহে সেয়া তোমালোকৰ কৃতকৰ্মৰ ফল” ৷
(ছুৰা ৪২, আয়াত ৩০)

দ্বিতীয়তেঃ দলে দলে বিভক্ত হোৱা ।
আল্লাহে কৈছেঃ “তোমালোক আল্লাহ আৰু ৰছুলৰ আনুগত্য কৰা আৰু পৰস্পৰে কাজিয়াত লিপ্ত নহাবা,নহলে তোমালোকৰ মাজত দুৰ্বলতাৰ সৃষ্টি হব । আৰু তোমালোকৰ শক্তি-সামৰ্থ নোহোৱা হব” ।
(ছুৰা আনফাল,আয়াত ৪৬)

তৃতীয়তেঃ মুমিন বান্দাৰ ওপৰত আহা বিপদ আপদ পৰীক্ষা স্বৰুপ ।
আল্লাহে কৈছে “নিশ্চয় আমি তোমালোকক ভয়, ভোক, জান-মালৰ ক্ষতি , ফল-শস্যাদি বিনষ্ট কৰি পৰীক্ষা কৰিম আৰু সেই ধৰ্যশীল সকলক সু খবৰ দিয়া । (ছুৰা বাকাৰা,আয়াত ১৫৫)

চতুৰ্থতেঃ আমৰ বিল মাৰূফ অৰ্থাত সত কামৰ আদেশ আৰু ওৱা নাহী আনিল মুনকাৰ অৰ্থাত অসত কামৰ নিশেধ কৰা । আৰু ইয়াৰ দায়িত্বৰ পৰা বিৰত থাকা ।
ৰছুলুল্লাহ (ছঃ) য়ে কৈছে “মানুহে যেতিয়া কাৰোবাক বেয়া ৰাস্তাত দেখে আৰু তাক বাধা নিদিয়ে তেতিয়া আল্লাহে সিহতক ব্যাপক গজবৰ দ্বাৰা শাস্তি দিয়ে” ।
মুছলমানে সিহতৰ এই দায়িত্ব যেন পাহৰি গৈছে । ফলত আল্লাহৰ ব্যাপক গজব লাভ কৰিছে ।

পঞ্চমতেঃ
ৰাছুল (ছাঃ) য়ে কৈছে, তোমালোকে পাঁচটা বিষয়ত পৰীক্ষাৰ সম্মুখীন হবা।
(i) যেতিয়া কোনো জাতিৰ মাজত প্রকাশ্যে অশ্লীলতাই বিয়পি পৰে,তেতিয়া সেইঠাইত প্লেগ-মহামাৰী আকাৰে ৰোগৰ প্রাদুর্ভাব হয়। ইয়াৰ উপৰিও এনেকোৱা সকলো ব্যাধিৰ উদ্ভব হয়, যি পূর্বৰ লোকসকলৰ মাজত কেতিয়াও দেখা যোৱা নাই।

(ii) যেতিয়া কোনো জাতিয়ে ওজন ও মাপত তাৰতম্য কৰে, তেতিয়া সিহঁতৰ উপৰত নামি আহে দুর্ভিক্ষ, কঠিন দৰিদ্র্য আৰু শাসকসকলৰ নিষ্ঠুৰ নিপীড়ন।

(iii) যেতিয়া কোনো জাতি সিহঁতৰ ধন-সম্পদৰ যাকাত আদায় নকৰে,তেতিয়া আকাশৰ পৰা বৰষুণ বন্ধ কৰি দিয়া হয়। যদি ভু-পৃষ্ঠত চতুষ্পদ জন্তু ও নির্বাক প্রাণী নাথাকিলে হয়, তেতিহলে আৰু কেতিয়াও বৰষুণ নহলা হয়।

(iv) যেতিয়া কোনো জাতি আল্লাহ ও তাঁৰ ৰাছুলৰ অঙ্গীকাৰ ভঙ্গ কৰে,তেতিয়া আল্লাহই সিহঁতৰ উপৰত সিহঁতৰ বিজাতীয় দুচমনক ক্ষমতাশালী কৰে আৰু সি সিহঁতৰ সহায়-সম্পদ কাড়ি লয়।

(v) যেতিয়া তোমালোকৰ শাসকবর্গ আল্লাহ’ৰ কিতাব উপৰত ভিত্তি কৰি মীমাংসা নকৰে আৰু আল্লাহ’ৰ নাযিলকৃত বিধানক গ্রহণ নকৰে, তেতিয়া আল্লাহ’ই সিহঁতৰ পৰস্পৰৰ মাজত যুদ্ধ বান্ধি দিয়ে ৷
(ইবনু মাজাহ হা/৪০১৯,
ছহীহাহ হা/১০৬-০৭)

➡ গতিকে মুছলমানৰ ওপৰত সকলো নিৰ্যাতনৰ মুল কাৰণ হৈছে (কোৰআন আৰু হাদিছৰ)ৰ পৰা বহুত দুৰত থকা । এই ক্ষেত্ৰত মুছলমানৰ একমাত্ৰ কৰণীয় হল কোৰআন আৰু হাদিছৰ ফালে প্ৰত্যাবৰ্তন কৰা আৰু তাৰ আলোকত ঐক্যবদ্ধ মুছলিম সমাজ গড়ি তোলা ।

লগতে ছিৰিয়াৰ মুছলিমৰ বাবে দুৱাৰ বাবে আমি আন একো কৰিব নোৱাৰো.
সকলোকে তেওলোকৰ কাৰণে দুৱা কৰাৰ অনুৰোধ জনালো.

Leave a comment