আল্লাহৰ এই সত্বামূলক নামটি পবিত্র কুৰআনত ২৫৮৪ বাৰ উল্লেখ আছে। হাদীছতো ইয়াৰ কোনো প্রতিশব্দ উল্লেখ কৰা হোৱা নাই। আল্লাহ শব্দটি তুলনাৰহিত এনেকুৱা এক অনুপম মহান সত্বাৰ ইছমে ‘জাত’, যাৰ কোনো লিঙ্গান্তৰ, ভাৱান্তৰ আৰু বচনান্তৰ অকল্পনীয়। এই ‘জাত’ নামটি হৈছে সর্বপ্রকাৰ সম্বন্ধৰহিত একক আৰু অনুপম।
আল্লাহ কোনোক্রমেই হিন্দুসকলৰ ভগৱান, খ্রীষ্টান বা পৌত্তলিকসকলৰ ঈশ্বৰ, ইংৰাজসকলৰ গড বা ইৰানিসকলৰ খোদাৰ প্রতিশব্দ নহয়। আনকি আল্লাহ শব্দৰ প্রতিশব্দ হিচাবে এইবিলাকৰ প্রয়োগ বা প্রয়োগৰ কল্পনাও কৰিব নোৱাৰি। কিয়নো আচমায়ে হুছনাৰ মাজত এই শব্দবোৰৰ কোনো অস্তিত্ব বিচাৰি পোৱা নাযায় আৰু ভগৱান, ঈশ্বৰ, গড আৰু খোদা শব্দৰ স্ত্রীবাচক শব্দও আছে। ইৰানৰ অগ্নিপূজকসকলৰ ব্যৱহৃত পাহলভিভাষী খোদা (স্বয়ম্ভু) শব্দটি আমাৰ মুছলিম সমাজত অনুপ্রৱেশ ঘটিছে। আচমায়ে হুছনাৰ বহির্ভূত খোদা শব্দটি গ্রহণ কৰিলে ভগৱান, ঈশ্বৰ আৰু গড শব্দ গ্রহণৰ পথ উন্মুক্ত হয়। সাত শ’ খ্রীষ্টাব্দত ইৰানৰ পৰা অহা ধর্ম প্রচাৰক মুছলিম আৰু বণিকসকলৰ জৰিয়তে ভাৰতবর্ষত ইছলামৰ প্রচাৰ আৰু প্রসাৰ ঘটে বুলি প্রদেশৰ মানুহে আল্লাহৰ পৰিৱর্তে খোদা শব্দৰ ব্যৱহাৰ শিকে। বিভিন্ন সময়ত কিতাপ-পত্রত লিখাত আৰু কোৱাত এই শব্দটিয়ে প্রসিদ্ধি লাভ কৰে আৰু গতানুগতিকভাৱে খোদা শব্দৰ ব্যৱহাৰ আমাৰ সমাজত প্ৰচলন হবলৈ ধৰে।
আমাৰ সমাজত এক শ্রেণীৰ বুদ্ধিজীৱি, কবি-সাহিত্যিক, জ্ঞানপাপীয়ে আল্লাহ, ঈশ্বৰ, ভগৱান আৰু গড ইত্যাদিক ধর্মীয় উদাৰতাত একাকাৰ কৰি দিয়াৰ অপচেষ্টাত লিপ্ত আছে। এওঁলোকৰ কোনো কোনোৱে আল্লাহ শব্দটিক ভীষণ সাম্প্রদায়িক বুলি ঈশ্বৰকেই গ্রহণীয় বুলি ভাৱে। কিন্তু ওপৰৰ আলোচনাৰ পৰা বুজা যায় ভগৱান, ঈশ্বৰ, গড আৰু খোদা কেতিয়াও এক নহয় আৰু একেই অর্থত ব্যৱহাৰ কৰা মাৰাত্মক অপৰাধ। গতিকে, আমাৰ ঈমান আকিদাৰ স্বার্থত আৰু ইছলামী সংস্কৃতি ৰক্ষার্থে বিজাতীয় শব্দসমূহৰ পৰিৱর্তে আল্লাহ শব্দটি গোটেই বিশ্বৰ মুছলিমসকলৰ একেই ভাষাত আৰু একেই শব্দত উচ্চাৰণ কৰা উচিত ।
ছহীহ বুখাৰী আৰু ছহীহ মুছলিমত বর্ণিত আছে যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, ‘আল্লাহ পাকৰ ৯৯টি ছিফাতি (গুণবাচক) নাম আছে এইসমূহক যিয়ে আয়ত্ত কৰি লব তেওঁ পৰকালত জান্নাতত প্রৱেশ কৰিব’ কিন্তু এই ছিফাতি নামসমূহে তেওঁৰ একক আল্লাহ শব্দক পুৰাপুৰি ধাৰণ কৰাৰ ক্ষমতা নাৰাখে আৰু আল্লাহ শব্দৰ পূর্ণ মূলভাৱ প্রকাশ কৰিবও নোৱাৰে; কিয়নো ছিফাতি নামসমূহ আল্লাহৰ প্রকৃত স্বৰূপ নহয়। কাৰণ গুণৰ পৰা বস্তু সম্পূর্ণ পৃথক হৈ থাকে। শিখাৰ ‘জ্যোতি’ যেনেকৈ ‘শিখা’ নহয়, আল্লাহৰ গুণো তেনেকৈ আল্লাহ নহয়; কেৱল ইছমে জাতৰ পৰিচয় বহন কৰে। আল্লাহ ৰাব্বুল আলামিনৰ কিছুমান আচমায়ে হুছনা আছে সেই আচমায়ে হুছনাসমূহ একমাত্র আল্লাহৰ সত্বাৰ সৈতেই নির্দিষ্ট যাক হাদীছৰ জৰিয়তে জনা যায়। যেতিয়া কোনোবাই আল্লাহক মাতিব তেতিয়া এইসমূহ নামেৰেই মাতা অপৰিহার্য। পবিত্র কুৰআনত উল্লেখ আছে, আল্লাহৰ কাৰণে আছে আচমায়ে হুছনা। কাজেই সেই নামেৰেই তেওঁক মাতা আৰু তেওঁলোকক বর্জন কৰা যিসকলে তেওঁৰ নামৰ ক্ষেত্ৰত বেকাঁ পথত চলে। অর্থাৎ কুৰআন আৰু হাদীছত উল্লিখিত ইছমে জাত আৰু ইছমে ছিফাতক পৰিৱর্তন কৰি নিজৰ ইচ্ছামতে অন্য যিকোনো নামেৰে খেয়াল খুছীমতে মাতে; শীঘ্ৰেই সিহঁতে সিহঁতৰ কৃতকর্মৰ ফল পাব।
কুৰআন আৰু হাদীছত বর্ণিত আল্লাহৰ ইছমে জাত আৰু ইছমে ছিফাতৰ পৰিৱর্তন কৰি সঠিক অর্থ বাদ দি তাক ইফাল-সিফাল কৰি ব্যাখ্যা বিশ্লেষণ জুৰি দিয়াকে কুৰআনৰ পৰিভাষাত এলহাদ বোলে। যিসকলে আল্লাহ তা‘আলাৰ আচমায়ে হুছনাৰ বিষয়ত বেকাঁ পথত চলে সিহঁতৰ সৈতে সম্পর্ক ছিন্ন কৰাৰ হেদায়েত আল্লাহে তেওঁৰ নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামক দান কৰিছে। কুৰআন আৰু হাদীছত বর্ণিত ইছমে জাত আৰু ইছমে ছিফাতক বাদ দি অন্য কোনো নামত বা অন্য কোনো গুণত আল্লাহক মাতাৰ বা গুণ-কীর্তন কৰাৰ ইখতিয়াৰ বা অধিকাৰ আল্লাহে তেওঁৰ কোনো বান্দাক দিয়া নাই। যেনে- আল্লাহক ‘নূৰ’ৰ পৰিৱৰ্তে ‘জ্যোতি’ বুলি কব পৰা নাযাব। কাৰিম কোৱা যাব¸ কিন্তু সখী বা দাতা কোৱা নাযাব। ইয়াতে দ্বিতীয় শব্দ সমার্থক হ’লেও কুৰআন হাদীছত নথকা কাৰণে কব পৰা নাযাব।
আল্লাহৰ ইছমে জাত আৰু ইছমে ছিফাত কুৰআন আৰু হাদীছত বর্ণিত আছে। সেইবোৰৰ মাজত কোনো নামক অশোভনীয় বুলি ভাৱি বর্জন বা পৰিত্যাগ কৰিব নোৱাৰিব; ইয়াতে সেই নামৰ প্রতি অৱজ্ঞা বা বে-আদবি প্রদর্শন কৰা বুজায় ।
আল্লাহ তা‘আলাৰ কাৰণে নির্ধাৰিত নামত সম্বোধন কৰি কোনো মানুহকে মাতিব নোৱাৰিব। যিসমূহ কেৱল আল্লাহৰ বাহিৰে আন কাৰো কাৰণে ব্যৱহাৰ কৰাৰ কোনো প্রমাণ কুৰআন আৰু হাদীছত নাই; সেই নামসমূহ কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব আৰু যিবোৰ নাম আল্লাহৰ বাহিৰে অন্য কাৰোবাৰ কাৰণে ব্যৱহাৰ কৰাৰ উদাহৰণ কুৰআন হাদীছৰ দ্বাৰা প্রমাণিত¸ সেইবোৰ নাম আনৰ কাৰণেও ব্যৱহাৰ কৰা যাব পাৰে। যেনে- ৰাহিম, কাৰিম, ৰাশিদ, আজিজ, আলী ইত্যাদি ।
যিবোৰ নাম আল্লাহৰ বাহিৰে অন্য কাৰো কাৰণে ব্যৱহাৰ কুৰআন-হাদীছৰ দ্বাৰা প্রমাণিত নহয় আৰু যিবোৰ একমাত্র আল্লাহৰ কাৰণেই নির্দিষ্ট¸ আল্লাহৰ বাহিৰে অন্যৰ কাৰণে এইসমূহ ব্যৱহাৰ কৰাই এলহাদ, যিটো একেবাৰেই হাৰাম। যেনে- ৰাহমান, চুবহান, ৰাজ্জাক, খালিক, কুদ্দুছ ইত্যাদি। আল্লাহৰ বাহিৰে ভ্রান্ত বিশ্বাসৰ ভিত্তিত কাৰোবাক মাতিলে হব কুফৰ, আৰু ভ্রান্ত বিশ্বাস নহ’লে শ্বিৰ্কসুলভ শব্দ ব্যৱহাৰৰ কাৰণে হব পাপ।
আল্লাহ শব্দৰ পৰিৱর্তে খোদা শব্দটি ভাৰতবর্ষৰ মুছলিম সমাজত বহুল প্রচলিত হৈ পৰিছে; বিশেষকৈ যিসকলৰ মাতৃভাষা উর্দু বা হিন্দী। খোদা শব্দটি যেন তেওঁলোকৰ হাড়ে-হিমজুৱে মিলি গৈছে। আনকি মাদ্ৰাছাৰ ছাত্র-শিক্ষকসকলৰ লিখা-পঢ়া আৰু লিখনিৰ মাজত আল্লাহ শব্দৰ পৰিৱর্তে খোদা শব্দটিয়ে অত্যন্ত সন্মানৰ সৈতে স্থান লাভ কৰিছে। এই অঞ্চলত বিভিন্ন সময়ত ওৱাজ-নছীহত, বিভিন্ন কিতাপ-পত্র বিশেষকৈ ধর্মীয় কিতাপ আদিত আল্লাহ শব্দৰ পৰিৱর্তে খোদা শব্দ ব্যৱহাৰ কৰা এলহাদৰ অন্তর্ভুক্ত। আহক! আমি জীৱনৰ সকলো ক্ষেত্রত খোদাৰ পৰিৱর্তে আল্লাহ পাকৰ ইছমে জাত আৰু ইছমে ছিফাতৰ ব্যৱহাৰ কৰি আল্লাহৰ আজাব আৰু গজবৰ পৰা বাঁচাৰ চেষ্টা কৰোঁ।
= সমাপ্ত=