প্ৰশ্ন: প্রেম কৰা ইছলামত জায়েজ আছে নেকি ? অর্থাৎ বিয়াৰ আগতে নাৰী – পুৰুষৰ প্রেম সম্পর্কে ইছলামে কি কয় ⁉

💢 প্ৰশ্ন: প্রেম কৰা ইছলামত  জায়েজ আছে নেকি?  অর্থাৎ বিয়াৰ আগতে নাৰী – পুৰুষৰ  প্রেম সম্পর্কে ইছলামে কি কয়  ⁉

💢 উত্তৰ: বিবাহৰ পূৰ্বে প্ৰেম হাৰাম। আল্লাহে কৈছে,
“আজি তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হ’ল আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ খাদ্যদ্ৰব্যও তোমালোকৰ বাবে হালাল কৰা হৈছে আৰু তোমালোকৰ খাদ্য দ্ৰব্য সিহঁতৰ বাবে হালাল কৰা হৈছে। মুমিনা সচ্চৰিত্ৰা নাৰী আৰু তোমালোকৰ আগত যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ সচ্চৰিত্ৰা নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে যদিহে তোমালোকে বিবাহৰ বাবত মোহৰ প্ৰদান কৰা, প্ৰকাশ্য ব্যভিচাৰ বা গোপন যৌনসঙ্গীনী হিচাপে নহয়। আৰু যিয়ে ঈমানৰ সৈতে কুফৰী কৰিব নিশ্চয় তাৰ আমল নিষ্ফল হ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব। ( ৫:৫)

গতিকে সিহঁতে  স্বাধীনভাবে কামনা পূৰণ অথবা গোপনে লুকুৱাই প্রেমলীলা নকৰিব।

পৰ্দাৰ আয়াতত আল্লাহে কৈছে, ” মুমিনসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; এইটোৱে তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্যক অৱহিত। (২৪:৩০)
ইয়াত পুৰুষসকলক দৃষ্টি সংযত ৰাখিবলৈ আৰু লজ্জা স্থানৰ হিফাজত কৰিবলৈ কোৱা হৈছে ।
আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয় কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনিৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনা বোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে কাৰো ওচৰত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।  (২৪:৩১)
ইয়াত নাৰী সকলকো একেই  কথা কোৱা হৈছে, পর্দা কৰাৰ  কথা কোৱা হৈছে আৰু নাৰী সকল কাৰ লগত সাক্ষাৎ কৰিব পাৰিব সিহঁতৰ এখন  তালিকা দিয়া হৈছে ,
“হে নবী-পত্নীসকল! তোমালোক আন আন নাৰীৰ দৰে নহয়, যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে পৰ-পুৰুষৰ লগত কোমল কণ্ঠত কথা নকবা, কাৰণ এনে কৰিলে যাৰ অন্তৰত ব্যাধি আছে, সি প্ৰলুব্ধ হয়; আৰু তোমালোকে ন্যায়সংগত কথা কবা।” (৩৩:৩২)
হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়ৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটো তেওঁলোকক চিনাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহ’ব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। (৩৩:৫৯)
ইয়াতে পর্দাকৰাৰ  নির্দেশ আৰু পৰিস্কাৰ ভাষাত কোৱা হৈছে । নবীপত্নীসকলৰ  উল্লেখ কৰা হলেও সেইটো  সকলো মুছলিম নাৰীৰ ওপৰত প্রযোজ্য ।
যত দৃষ্টি নীচু ও সংযত ৰখা ,কোমল ভাবে কথা নোকোৱা, লজ্জা স্থানৰ হিফাজত কৰাৰ  কথা আৰু  পর্দা কৰাৰ  কথা কোৱা হৈছে আৰু ছূৰা মায়িদাত গোপন প্রেমলীলাকে নিষেধ কৰা হৈছে তাতে  বিবাহৰ পূর্ব প্রেম কেনেকৈ  বৈধ হব পাৰে ⁉ এইটো  হাৰাম।
ভ্যবিচাৰৰ বিষয়ে আল্লাহ আৰু কৈছে ,
আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকেও নাযাবা, নিশ্চয় সেয়া অশ্লীল আৰু নিকৃষ্ট আচৰণ। (১৭:৩২)
যিনাৰ ওচৰলৈ যাবলৈ নিষেধ অর্থাৎ যিবিলাক বস্তুয়ে যিনাৰ   নিকটবর্তী কৰি দিয়ে তাৰ ওচৰত যোৱাই  নিষেধ। বিবাহৰ পূর্বৰ প্রেমে  নৰ-নাৰীক যিনাৰ  নিকটবর্তী কৰি দিয়ে আৰু যিনা মাৰাত্মক এটি কবিৰা গুণাহ। আল্লাহে কৈছে  –
আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।
কিয়ামতৰ দিনা তাৰ শাস্তি বৰ্ধিতভাৱে প্ৰদান কৰা হ’ব আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ’ব।
(২৫: ৬৮;৬৯)
বিবাহপূর্ব প্রেমে অনেক সময়ত বান্দাক শ্বিৰ্কৰ  নিকটবর্তী কৰি দিয়ে । কাৰণ অনেক সময়ত সিহঁতে এজনে আনজনক ইমানেই ভাল পাবলৈ আৰম্ভ কৰি দিয়ে যি প্ৰকাৰৰ ভালপোৱাৰ  দাবীদাৰ একমাত্র আল্লাহ। আল্লাহে কৈছে  –
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্ৰহণ কৰে, সিহঁতে সিহঁতক আল্লাহৰ দৰেই ভাল পায়; আনহাতে যিসকলে ঈমান আনিছে সিহঁতে আল্লাহক সৰ্বাধিক ভাল পায়; আৰু যিসকলে অন্যায় কৰিছে সিহঁতে যদি আযাব দেখিবলৈ পালেহেঁতেন (তেন্তে সিহঁত নিশ্চিত হ’লেহেঁতেন যে,) নিশ্চয় সকলো শক্তি আল্লাহৰেই; আৰু নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। ( ২:১৬৫)

লৰা ছোৱালী সকলৰ মাজত প্রেমৰ সৃষ্টি হব তেতিয়া যেতিয়া সিহঁত দুয়োজনে হিজাব ভঙ্গ কৰিব । কোনো এজনে  যদি হিজাব কোনপধ্যেই  ভঙ্গ নকৰে তেতিয়ালৈকে কোনোপধ্যেই  প্রেম নহব । যিসকল লৰা ছোৱালীৰ  অন্তৰত  আল্লাহৰ  ভয় আছে সিহঁতে কেতিয়াও  হিজাব ভঙ্গ নকৰে । মনে মনে কাৰোবাক  ভাল লাগিলেও সিহঁতে হিজাব ভঙ্গ কৰি  পথচ্যুত নহয় । হিজাব মানে কেৱল পোচাক  নহয় । পোচাকৰ পৰা  আচাৰ- আচৰণ পর্যন্ত গোটেই খিনি ইয়াৰ  অন্তর্ভূক্ত । সিহঁতে বিবাহৰ প্রস্তাব দিয়ে আৰু তেনে নহলে ধৈৰ্য্য ধাৰণ কৰে।

মহান আল্লাহ তাআলাই  আমাৰ মুছলিম ভাই ও ভনী সকলক  এই হাৰাম কামৰ পৰা হিফাজত কৰক। আমিন।

Leave a comment