কিন্তি বিয়াৰ আগতে কাৰোবাক পছন্দ কৰা নাযাব এইটো ঠিক নহয়। আমাৰ মাজত কিছু ভুল ধাৰণা আছে আমি প্ৰেম আৰু ভালপোৱাক একেই বুলি ভাবোঁ।
আল্লাহে কোৰআনত কৈছে,
তোমালোকৰ ৰুচি অনুযায়ী নাৰীসকলৰ মাজৰ পৰা দুজনী, তিনিজনী অথবা চাৰিজনীক বিবাহ কৰা; আৰু যদি আশংকা কৰা যে, (সিহঁতৰ মাজত) সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ’লে এজনীকেই (বিবাহ কৰা)।
এই আয়াতটোত আল্লাহে আমাক আমাৰ ৰুচি বা পছন্দ অনুযায়ী বিবাহ কৰিবলৈ কৈছে । মাৰিফুল কোৰআনত ইয়াৰ ভাঙনি কৰিছে তোমালোকে যাক পছন্দ কৰা অন্য অনুবাদত কোৱা হৈছে তোমালোকে যাক ভালপোৱা।
অৰ্থাৎ আল্লাহে আমাৰ পছন্দক প্ৰাধান্য দিছে।
আনাছ (ৰা:) এ এনে এটি ঘটনা বৰ্ণনা কৰিছে, এবাৰ এজনী মহিলা ৰাছুল(ছা:)ৰ ওচৰত আহি নিজেই বিবাহৰ প্ৰস্তাব দিয়ে । এই কথা শুনি কাষত থকা আনাছ (ৰা:) ৰ জীয়েকে কৈ উঠিলে ,‘ ছোৱালী জনী কিমান যে নির্লজ্জ আছিল’ আনাছ (ৰা:) তাইক ক’লে , ‘তাই তোমাতকৈ অনেক ভাল আছিল। তাই ৰাছুল (ছা:) ৰ প্রতি আকৃষ্ট হৈছিল আৰু নিজেকে ৰাছুল (ছা.) ওচৰত বিয়াৰ বাবে পেচ কৰিছিল।’
( ছহীহ বুখাৰী হাদীছ ৬০৩৬)
গতিকে ৰাছুল(ছা:) এ তাইক কোনো ধৰণৰ তিৰস্কাৰ নকৰাকৈ নীৰৱ আছিল। পৰবৰ্তী সময়ত এক চাহাবীয়ে তাইক বিয়া কৰিবলৈ আগ্ৰহী হৈছিল তেতিয়া ৰাছুল(ছা:) এ সিহঁতক বিয়া দি দিছিল।
এনে আৰু অনেক ঘটনা হাদীছত বৰ্ণিত আছে। বিয়াৰ আগতে আপুনি কোনোবাক পছন্দ কৰিব নোৱাৰিব এনে কোনো নিৰ্দেশ পোৱা নাযায়। আনকি আপুনি এৰেঞ্জ মেৰেজ কৰিলেও ৰাছুল(ছা:)ৰ পৰামৰ্শ হল ,
তুমি আগতে গৈ তাইক চাই লোৱা কিয়নো এইটোৱে তোমালোকৰ মাজত ভালপোৱা ও সম্প্রীতিত সহায়ক হব।” [ইবনে মাজাহ,২য় খন্ড, ১৮৬৫ নং হাদীছ]
কোনো মুছলিম ভাই/ ভনীক দ্বীনদাৰী , চৰিত্র আপোনাৰ ভাল লাগিব পাৰে। কিন্তু এই ভালপোৱাৰ এটা সীমাৰেখা আছে । কোনো মুমিন বান্দাই সেই সীমাৰেখা কেতিয়াও অতিক্ৰম কৰিব নোৱাৰে।
কাৰোবাক পছন্দ কৰিলে ইছলামৰ মূলনীতিটো হল,
# ‘ তুমি যেতিয়া বিয়াৰ কাৰণে এনে লৰা বা ছোৱালী পাই যোৱা দীনদাৰী চৰিত্র ও জ্ঞান-বুদ্ধিক তুমি পছন্দ কৰিবা , আৰু তেতিয়াই তেওঁৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন কৰা ।’ (তিৰমিযী)