প্রশ্নঃ পৱিত্র মক্কা ও মদীনাত অমুছলিমসকলৰ প্রৱেশৰ অধিকাৰ নাই কিয়?

প্রশ্নঃ পৱিত্র মক্কা ও মদীনাত অমুছলিমসকলৰ প্রৱেশৰ অধিকাৰ নাই কিয়? ✔ উত্তৰঃ এইকথাটো সত্য যে, মক্কা আৰু মদীনাত অমুছলিমসকলৰ প্ৰৱেশৰ অনুমতি নাই,কিন্তু মক্কা আৰু মদীনা মছজিদৰ বাহিৰে অন্য যিকোনো মছজিদত অমুছলিমে প্রৱেশ কৰিব পাৰে। নিম্নত উল্লেখিত বিষয়সমূহে এই নিষিদ্ধতাৰ নৈপথ্য কাৰণসমূহ উত্‍ঘাটনত সহায়ক হ’ব- ক. সেনানিৱাস(সেনাচাউনি) এলেকাত সকলো নাগৰিকে প্ৰবেশৰ অনুমতি নাপায়, মই এজন ভাৰতীয় নাগৰিক তাত চত্ত্বেও এইদেশৰ এনে কিছু এলেকা আছে য’ত মোৰ প্রৱেশৰ অনুমতি নাই। যেনেকৈ সেনানিৱাস। পৃথিৱীৰ প্রত্যেকখন দেশতেই সাধাৰণ নাগৰিকে প্রৱেশ কৰিব নোৱাৰা কিছু এলেকা আছে। অকল মাত্র সেনাবাহিনীৰ সদস্য আৰু প্রতিৰক্ষা সংক্রান্ত বিষয়াদিৰ লগত জড়িত ব্যক্তিবর্গইহে সেই সকলো এলেকাত প্রৱেশানুমতি পায়। একেইভাবে ইছলাম সমগ্র বিশ্ববাসীৰ বাবে এটি বিশ্বজনীন জীৱন ব্যৱস্থা। মক্কা আৰু মদীনা এই দুখন ঠাই ইছলামৰ ক্যান্টনমেন্ট বুলি ধৰিব পৰা যায়। ইয়াত মাথো যিসকল তাৰ অনুসাৰী আৰু ইয়াৰ প্রতিৰক্ষাৰ লগত জড়িত সিহঁতেই প্রৱেশাধিকাৰ পায় অর্থাৎ মুছলিমসকলে। সেনানিৱাস এলেকাত সাধাৰণ নাগৰিক প্রৱেশৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে কৰা আপত্তি যিকোনো বিবেকবান মানুহৰ ওচৰতেই অযৌক্তিক বুলি গণ্য হ’ব, ঠিক একেইভাবে কোনো অমুছলিমৰ মক্কা-মদীনাত প্রৱেশোধিকাৰ লৈ তোলা প্রশ্ন সঙ্গত বুলি বিবেচিত নহয়। খ. মক্কা আৰু মদীনাত প্রৱেশৰ “ভিছা”- ১. যেতিয়াই কোনোবাই অন্য কোনো দেশত ভ্রমন কৰিব বিচাৰে তেতিয়াই প্রথমতে তেওঁ সেইদেশৰ ভিছা পাবৰ বাবে আবেদন কৰিব লাগিব। অর্থাৎ সেই দেশত প্রৱেশৰ অনুমতি বিচাৰিব লাগিব। এই ক্ষেত্রত প্রতিখন দেশৰ নিজ নিজ আইন নীতিমালা আৰু কিছু চর্ত আছে। এইসকলো পূৰণ নহ’লে সিহঁতে ভিছা নিদিব। ২. ভিছা দিয়াৰ ক্ষেত্রত অত্যন্ত কঠিন ৰক্ষণশীল দেশসমূহৰ মাজত সকলোতকৈ ওপৰত আমেৰিকা। বিশেষকৈ তৃতীয় বিশ্বৰ কোনো নাগৰিকক ভিছা দিয়াৰ বাবে সিহঁতৰ আছে অসংখ্য নিয়ম কানুন। আৰু আছে দুর্লভ আৰু দুৰুহ চর্তসমুহ যিবোৰ কোনো ভাবেই সাধাৰণৰ আয়ত্বাধীন নহয়। ৩. মই চিঙ্গাপুৰ ভ্রমনলৈ গৈছিলো। সিহঁতৰ অভিবাসন বা ইমিগ্রেচন ফর্মত উল্লেখ আছিল মাদক দ্রৱ্য বহনকাৰীৰ বাবে “মৃত্যুদন্ড”। এতিয়া চিঙ্গাপুৰত প্রৱেশানুমতি বিচাৰিলে মই সিহঁতৰ যি আইন আছে সেইবোৰ মানি ল’বই লাগিব। মই আৰু ক’ব নোৱাৰিম যে মৃত্যুদন্ড মধ্যযুগীয় নৃশংস বর্বৰসকলৰ শাস্তি। সিহঁতৰ সকলো নিয়ম-কানুন আৰু চর্তসমূহক যদি মই মানি লও কেৱলমাত্র তেতিয়াই মোৰ পক্ষত সেই দেশৰ প্রৱেশানুমতি পোৱা সম্ভৱ। ৪. পৃথিৱীৰ যিকোনো মানুহৰ বাবে মক্কা আৰু মদীনাত প্রৱশৰ অনুমতি পাবলৈ হ’লে সৰ্ৱ প্রথমে যি চর্তটো পূৰণ কৰিব লাগিব সেইটো হ’ল তেওঁ মুখেৰে ক’ব লাগিব “লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছূলুল্লাহ” অর্থাৎ মানি ল’ব লাগিব “কোনো উপাস্য নাই আল্লাহৰ বাহিৰে আৰু মুহাম্মাদ(ছাল্লাহু আলাইহি ওয়াছাল্লাম) তেখেতৰ প্রেৰিত ৰাছূল”। -ডাঃ জাকিৰ নাইক

Leave a comment