ফজায়েলে আমলৰ গাজা কাহিনী

*ফজায়েলে আমলৰ গাজা কাহিনী* ছালাতৰ ফজিলত সংক্রান্তীয় উদ্ভট আৰু মিছা কাহিনীসমূহ : জনগণক ছালাতৰ প্রতি আকৃষ্ট কৰাৰ কাৰণে ‘ফজায়েলে আমলৰ’ মাজত এনেকুৱা কিছুমান তথ্য আৰু কাহিনী বর্ণনা কৰা হৈছে, যিবোৰ সম্পূর্ণ মিছা, বনোৱা, কাল্পনিক তথা অবাস্তৱ। তলত কেইটিমান উল্লেখ কৰা হ’ল : (১) ‘যি ব্যক্তিয়ে ফৰজ ছালাতসমূহৰ যথাযথ হিফাযত কৰিব, আল্লাহ তা‘আলাই তাক পাঁচ প্ৰকাৰে সন্মানিত কৰিব। যেনে- (ক) সংসাৰৰ অভাৱ-অনাটন দূৰ কৰিব। (খ) কবৰৰ আযাব মাফ কৰিব। (গ) বিচাৰৰ দিনা সোঁ-হাতত আমলনামা দিব। (ঘ) ছিৰাতৰ ওপৰেৰে দ্রুত গতিত পাৰ হৈ যাব। (ঙ) বিনা হিচাবে জান্নাতত প্রৱেশ কৰিব। পক্ষান্তৰে যি ব্যক্তিয়ে ছালাতৰ ক্ষেত্ৰত অলসতা কৰিব তাক পোন্ধৰ প্রকাৰৰ শাস্তি প্রদান কৰা হ’ব। তাৰ মাজত পৃথিৱীত পাঁচ প্রকাৰ, মৃত্যুৰ সময়ত তিনি প্রকাৰ, কবৰত তিনি প্রকাৰ, কবৰৰ পৰা উঠাৰ পিছত তিনি প্রকাৰ। পৃথিবীত পাঁচ প্রকাৰ হ’ল- (ক) তাৰ জীৱনত কোনো কল্যাণ নাহিব। (খ) তাৰ চেহেৰাৰ জ্যোতি দূৰ কৰা হয়। (গ) তাৰ সৎ আমলৰ কোনো প্রতিদান দিয়া নহয়। (ঘ) তাৰ দু‘আ কবুল নহয়। (ঙ) সৎ ব্যক্তিসকলৰ দু‘আৰ মাজত তাৰ কোনো অংশ নাথাকে। মৃত্যুৰ সময়ত তিনি প্রকাৰ শাস্তি হ’ল- (ক) সি লাঞ্ছনাৰ সৈতে মৃত্যুবৰণ কৰে। (খ) ক্ষুধার্ত অৱস্থাত মৃত্যুবৰণ কৰে। (গ) এনেকুৱা তৃষ্ণার্ত হৈ মৃত্যু বৰণ কৰে যে, সমুদ্রৰ পৰিমাণ পানী পান কৰিলেও তাৰ পিয়াহ দূৰ নহ’ব। কবৰত তিনি প্রকাৰ শাস্তি হ’ল- (ক) তাৰ কাৰণে কবৰ ইমান সংকীর্ণ হ’ব যে, তাৰ বুকুৰ এফালৰ হাড় আনফালে লগ লাগি যাব। (খ) কবৰত জুই জ্বলাই দিয়া হ’ব। (গ) এনেকুৱা এডাল সাপ তাৰ কবৰত ৰখা হ’ব যাৰ চকুবোৰ জুইৰ আৰু নখবোৰ লোহাৰ। সাপডাল ইমান ডাঙৰ যে, এদিনৰ পথ যোৱাৰ পিছতহে শেষ অংশ গৈ পাব। ইয়াৰ হুংকাৰ বজ্রৰ দৰে। সাপডালে কব, মোৰ প্রভুৱে তোমাৰ কাৰণে মোক নির্ধাৰণ কৰিছে, যাতে ফজৰৰ ছালাত ত্যাগ কৰাৰ কাৰণে সূর্যোদয় পর্যন্ত তোমাক দংশন কৰিব পাৰোঁ, যোহৰৰ ছালাত নপঢ়াৰ কাৰণে যাতে আছৰ পর্যন্ত আৰু আছৰৰ ছালাত নপঢ়াৰ কাৰণে সূর্যাস্ত পর্যন্ত দংশন কৰিব পাৰোঁ। অনুৰূপ মাগৰীবৰ ছালাত নপঢ়াৰ কাৰণে ঈছা পর্যন্ত আৰু ঈছাৰ ছালাত নষ্ট কৰাৰ কাৰণে ফজৰ পর্যন্ত দংশন কৰিব পাৰোঁ। এই সাপে এবাৰ দংশন কৰিলে সত্তৰ হাত মাটিৰ তললৈ মুর্দা সোমাই যাব। এনেদৰে ক্কিয়ামত পর্যন্ত তাৰ শাস্তি হৈ থাকিব। কবৰৰ পৰা উঠাৰ পিছত তাক তিনি প্রকাৰৰ শাস্তি দিয়া হ’ব- (ক) কঠিনভাৱে তাৰ হিচাব লোৱা হ’ব। (খ) আল্লাহে তাৰ ওপৰত ৰাগান্বিত হৈ থাকিব। (গ) তাক জাহান্নামত নিক্ষেপ কৰা হ’ব। পোন্ধৰ নম্বৰটি পোৱা হোৱা নাই। কিন্তু আন বর্ণনাত আছে, তাৰ মুখমণ্ডলত তিনিটা লাইন লিখা থাকিব : (ক) আল্লাহৰ হক বিনষ্টকাৰী। (খ) হে আল্লাহৰ অভিশাপত অভিশপ্ত। (গ) দুনিয়াত যেনেকৈ আল্লাহৰ হক বিনষ্ট কৰিছা, তেনেকৈ আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈছা’। *পর্যালোচনা* : সম্পূৰ্ণ বর্ণনাটি মিছা আৰু বাতিল। কাৰণ ইয়াৰ কোনো চনদ নাই, বর্ণনাকাৰীও নাই। ফজায়েলে আমলৰ মাজতেই বর্ণনাটিৰ পর্যালোচনাত এঠাইত কোৱা হৈছে, ‘এই হাদীছ মিছা’। (২) জামা‘আতৰ সৈতে এক ওৱাক্ত ছালাত আদায় কৰিলে তিনি কোটি পঁয়ত্রিশ লাখ ছৌৱান্ন হাজাৰ চাৰিশ‘ বত্রিশ গুণ নেকী হ’ব। *পর্যালোচনা* : হাদীছত কোৱা হৈছে যে, জামা‘আতত ছালাত আদায় কৰিলে অকলে পঢ়াতকৈ ২৫ গুণ বা ২৭ গুণ বেছি ছওৱাব পোৱা যাব। আন হাদীছত আছে, পঁচিশটি ছালাতৰ নেকী হ’ব। উক্ত দুই হাদীছৰ ফজিলতৰ উদ্ভট ব্যাখ্যা দি কোটি কোটি বৃদ্ধি কৰা হৈছে, যিটো বনোৱা আৰু ভিত্তিহীন। (৩) ছাঈদ ইবনু মুছাইয়িব (ৰহ.)-এ পঞ্চাশ বছৰ পর্যন্ত ঈছা আৰু ফজৰৰ ছালাত একেই অজুৰ দ্বাৰা পঢ়িছে। (৪) চল্লিশ জন তাবেঈ সম্পর্কে অসংখ্য সূত্রত বর্ণিত হৈছে যে, তেওঁলোকে ঈছা আৰু ফজৰ একেই অজুতে পঢ়ে। (৫) ইমাম আবু হানিফা (ৰহ.)-এ ত্রিশ বছৰ নাইবা চল্লিশ বছৰ নাইবা পঞ্চাশ বছৰ ঈছা আৰু ফজৰ ছালাত একেই অজুতে পঢ়িছে। তেওঁৰ সম্পর্কে আৰু কোৱা হৈছে, অজুৰ পানী সৰাৰ সময়ত তেওঁ বুজিব পাৰে ইয়াৰ সৈতে কি পাপ সৰি গৈছে। ইছলামী বিশ্ববিদ্যালয় (কুষ্টিয়া)-ৰ অধীনৰ ফাযিল স্নাতক প্রথম বর্ষৰ আল-আক্কাঈদ কিতাপত আবু হানিফা (ৰহ.)-ৰ গুণাৱলী সম্পর্কে কোৱা হৈছে, ‘তেওঁ একেৰাহে ৩০ বছৰ ৰোজা ৰাখিছে আৰু ৪০ বছৰলৈকে ৰাতি শোৱা নাই। ইবাদত বন্দেগীত ৰজনী কটাই দিছে। প্রতি ৰমজানত ৬১ বাৰ কুৰআন মাজীদ খতম কৰে। বহু সময়ত এক ৰাক‘আততেই কুৰআন মাজীদ এক খতম দিয়ে। তেওঁ ৫৫ বাৰ হজ্জ্ব কৰিছে। জীৱনৰ শেষ হজ্জ্বৰ সময়ত কা‘বা গৃহত দুই ৰাক‘আত নামাজ এনেদৰে পঢ়িছে যে, প্রথম ৰাক‘আতত এখন ভৰি উঠাই প্রথম অর্ধাংশ কুৰআন মাজীদ পাঠ কৰে। তাৰ পিছত দ্বিতীয় ৰাক‘আতত আনখন ভৰি উঠাই বাকী অর্ধাংশ কুৰআন মাজীদ পাঠ কৰে। যি স্থানত তেওঁৰ ইন্তিকাল হৈছে, তাত এক হাজাৰ বাৰ কুৰআন মাজীদ খতম কৰিছে। তেওঁ ৯৯ বাৰ আল্লাহ তা‘আলাক সপোনত দেখিছে’। (৬) ইমাম শ্বাফেঈ (ৰহ.)-এ ৰমজান মাহত ছালাতৰ মাজত পবিত্র কুৰআন ৬০ বাৰ খতম কৰে। (৭) ইমাম আহমাদ বিন হাম্বল (ৰহ.)-এ দৈনিক ৩০০ ৰাক‘আত ছালাত আদায় কৰে। ৮০ বছৰ বয়সত তেওঁ দৈনিক ১৫০ ৰাক‘আত ছালাত আদায় কৰিছে। (৮) চাঈদ ইবনু জুবাইৰ (ৰহ.)-এ এক ৰাক‘আতত সম্পূৰ্ণ কুৰআন খতম কৰিছে। (৯) আবু আত্তাৰ ছুলামী (ৰহ.)-এ চল্লিশ বছৰ পর্যন্ত গোটেই নিশা কান্দি কান্দি কটাইছিল আৰু দিনত সদায় ছিয়াম পালন কৰিছিল। (১০) বাকী ইবনু মুখাল্লাদ (ৰহ.)-এ দৈনিক তাহাজ্জুদ আৰু বিতৰ ছালাতৰ তেৰ ৰাক‘আতত কুৰআন খতম কৰিছিল। (১১) মুহাম্মাদ ইবনু চালামা ইমাম আবু ইউচুফ আৰু মুহাম্মাদ (ৰহ.)-ৰ ছাত্র আছিল। তেওঁ ১০৩ বছৰ বয়সত ইন্তেকাল হয়। সেই বয়সত তেওঁ প্রতিদিনে ২০০ ৰাক‘আতকৈ ছালাত আদায় কৰিছিল। দীর্ঘ চল্লিশ বছৰ তেওঁৰ একেৰাহে তাকবীৰে তাহৰীমা বাদ পৰা নাই। মাকৰ মৃত্যুৰ কাৰণে মাত্র এবাৰ বাদ পৰিছিল। জামা‘আতত নপঢ়াৰ কাৰণে তেওঁ সেই ছালাত ২৫ বাৰ পঢ়ে। (১২) উমাৰ ইবনু আব্দুল আযীয (ৰহ.)-এ গোটেই নিশা ইবাদতত মচগুল আছিল। আনকি খিলাফতৰ দায়িত্ব পোৱাৰ পিছতো তেওঁৰ ফৰজ গোছলৰ প্রয়োজন হোৱা নাই। (১৩) জনৈক বুযুর্গ ব্যক্তিৰ ভৰিত ফোঁৰা হৈছিল। চিকিৎসকে পৰামর্শ দিলে, ভৰি নাকাটিলে জীৱনৰ আশংকা আছে। তেতিয়া তেওঁৰ মাকে ক’লে, যেতিয়া ছালাতত থিয় হ’ব, তেতিয়া কাটিব লাগিব। ইয়াৰ পিছত তেওঁ যেতিয়া ছালাতত থিয় হ’ল তেতিয়া তেওঁৰ ভৰি কাটি পেলালে, কিন্তু তেওঁ একো গমেই নাপালে। উল্লেখ্য যে, আলী ৰাদ্বিয়াল্লাহু আনহু সম্পর্কে একে ধৰণৰ এটি কাহিনী প্রচাৰ কৰা হয় যে, যুদ্ধত তেওঁৰ ভৰি তীৰবিদ্ধ হৈছিল। সেই তীৰ বাহিৰ কৰিব পৰা নাছিল। অৱশেষত তেওঁ ছালাতত থকা অৱস্থাত ভৰিৰ পৰা তীৰ বাহিৰ কৰা হ’ল, অথচ তেওঁ গমেই নাপালে। এই কাহিনীও মিছা। *পর্যালোচনা* : সুধী পাঠক! উক্ত কাহিনীবোৰ মুছলিম বিশ্বৰ বৰেণ্য মনিষীসকলৰ সম্পর্কে উল্লেখ কৰা হৈছে। প্রশ্ন হ’ল, তেওঁলোকে আচলতে এনেদৰে তেওঁলোকৰ ইবাদতী জীৱন অতিবাহিত কৰিছিল নে? তেওঁলোকৰ দ্বাৰা এনে ধৰণৰ বাৰাবাৰি সম্ভৱ নে? যেনে- (ক) দীর্ঘ ৪০/৫০ বছৰলৈকে একেৰাহে ঈছাৰ ছালাতৰ অজুৰ দ্বাৰা ফজৰৰ ছালাত আদায় কৰা। বছৰৰ পিছত বছৰ একেৰাহে ছিয়াম পালন কৰা ইত্যাদি। মানৱীয় কাৰণ উল্লেখ নকৰি যদি প্রশ্ন কৰা হয়- শ্বৰী‘আতত এনেকৈ গোটেই নিশা ইবাদত কৰাৰ অনুমোদন আছেনে? ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ ছাহাবীসকলৰ পক্ষৰ পৰা এনেকুৱা কোনো নজিৰ আছেনে? আল্লাহ তা‘আলাই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাতিৰ কিছু অংশ বাদ দি ইবাদত কৰিবলৈ কৈছে (আল-মুয্যাম্মিল ২-৪)। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাহাবী আব্দুল্লাহ বিন আমৰ ইবনু আছ ৰাদ্বিয়াল্লাহু আনহুক লক্ষ্য কৰি কৈছে, صُمْ وَأَفْطِرْ وَقُمْ وَنَمْ فَإِنَّ لِجَسَدِكَ عَلَيْكَ حَقًّا وَإِنَّ لِعَيْنِكَ عَلَيْكَ حَقًّا وَإِنَّ لِزَوْجِكَ عَلَيْكَ حَقًّا ‘তুমি ছিয়াম পালন কৰা আকৌ ছিয়াম এৰি দিয়া, তুমি ৰাতি ইবাদত কৰা আকৌ টোপনি যোৱা। কাৰণ তোমাৰ ওপৰত তোমাৰ শৰীৰৰ হক্ক আছে, তোমাৰ ওপৰত তোমাৰ দুই চকুৰ হক্ক আছে, অনুৰূপ তোমাৰ ওপৰত তোমাৰ স্ত্রীৰ হক্ক আছে’। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আন হাদীছত কৈছে, ‘যি ব্যক্তিয়ে সর্বদা ছিয়াম পালন কৰে তাৰ ছিয়ামৰ কোনো মূল্য নাই। এই কথা তেওঁ দুবাৰ নাইবা তিনিবাৰ কৈছে’। (খ) প্রতিদিনে ৩০০, ২৫০ নাইবা ২০০ ৰাক‘আত ছালাত আদায় কৰা। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু ছাহাবায়ে কিৰামে এনে ধৰণৰ কিবা ইবাদত কৰিছে মর্মে প্রমাণ নাই। জনা আৱশ্যক যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তৰীক্কা ব্যতীত যিকোনো ইবাদত প্রত্যাখ্যাত। বৰং শ্বৰী‘আতৰ বিধিবদ্ধ নিয়মক অৱজ্ঞা কৰি যিয়ে বেছি বেছি ইবাদত কৰিলে নিঃসন্দেহে তেওঁ মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ পৰা বহিষ্কৃত হ’ব। কাৰণ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইবাদতৰ কথা জানি তিনিজন ব্যক্তিয়ে খুব কম বুলি ভাৱিছিল আৰু তেওঁলোকে বেছি বেছি ইবাদত কৰিব বিচাৰিছিল। এওঁলোকৰ বিষয়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈ দিলে, ‘যি ব্যক্তিয়ে মোৰ ছুন্নাতৰ পৰা মুখ ঘূৰাই নিলে, সি মোৰ অন্তর্ভুক্ত নহয়’। (গ) ছালাতত কুৰআন খতম কৰা। এক ৰাক‘আতত সম্পূৰ্ণ কুৰআন খতম কৰা আৰু ৰমজান মাহত কেৱল তাৰাবীহৰ ছালাতত ৬০ বাৰ খতম কৰা। এই হিচাবত প্রত্যেক ৰাতি দুবাৰকৈ খতম কৰা হৈছে। এইটো সম্ভৱ হয় নে তাক পৰীক্ষা কৰিব পাঠকবৃন্দই। কিন্তু স্বয়ং ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামেও এনেদৰে কুৰআন তিলাওৱাত কৰি ৰাতিৰ ছালাত আদায় কৰা নাই। তেওঁ এবাৰ এক ৰাক‘আতত সর্বোচ্চ ছূৰা আল-বাক্কাৰাহ, আন-নিছা আৰু আলে-ইমৰান পঢ়িছে বুলি প্রমাণ পোৱা যায়। জনৈক ছাহাবীয়ে সাত দিনৰ কমত কুৰআন খতম কৰিব বিচৰাত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক অনুমতি নিদিলে। তেওঁ তিনি দিনৰ কমত কুৰআন খতম কৰিবলৈ নিষেধ কৰিছে। তাৰোপৰি আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, وَلاَ أَعْلَمُ نَبِىَّ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَرَأَ الْقُرْآنَ كُلَّهُ فِى لَيْلَةٍ وَلاَ صَلَّى لَيْلَةً إِلَى الصُّبْحِ وَلاَ صَامَ شَهْرًا كَامِلاً غَيْرَ رَمَضَانَ. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো এটি নিশা সম্পূৰ্ণ কুৰআন খতম কৰিছে, কোনো ৰাতি সম্পূৰ্ণ ৰাতি ছালাত আদায় কৰিছে আৰু ৰমজান মাহৰ বাহিৰে আন কোনো মাহত সম্পূর্ণ মাহ ছিয়াম পালন কৰিছে মর্মে আমি নাজানোঁ’। এই নিয়মতান্ত্রিক নির্ধাৰিত ইবাদত কৰাৰ মাধ্যমতেই তেওঁ হৈছে পৃথিৱীৰ সর্বশ্রেষ্ঠ তাক্কওৱাশীল। প্রশ্ন হ’ল- যিসকল মহা-মনিষী সম্পর্কে উক্ত অলীক কাহিনী ৰচনা কৰা হৈছে, তেওঁলোকে শ্বৰী‘আতৰ এই বিধানসমূহ নাজানে নেকি? তেওঁলোকে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু জান্নাতৰ সু-সংবাদপ্রাপ্ত ছাহাবীসকলতকৈও বেছি পৰহেজগাৰ হ’ব বিচাৰিছিল নেকি? (নাঊযুবিল্লাহ)। বিশেষকৈ ইমাম আবু হানিফা (ৰহ.) সম্পর্কে যি বাৰাবাৰি কৰা হৈছে সি আচলতেই দুঃখজনক। ইছলামী বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমৰ অন্তর্ভুক্ত কিতাপত কেনেকৈ সেইবোৰ সম্পৃক্ত হ’ব পাৰিলে? কোৱা হয় তেওঁলোকক হেয় প্রতিপন্ন কৰাৰ কাৰণেই একশ্রেণীৰ স্বার্থান্বেষী মহলে এই সমস্ত অলীক কাহিনী আৱিষ্কাৰ কৰিছে। (১৪) ছাবিত আল-বুনানী (ৰহ.)-এ আল্লাহৰ সন্মুখত অধিক কান্দি কান্দি কৈছিল, হে আল্লাহ! কবৰত যদি কাৰোবাক ছালাত আদায় কৰাৰ অনুমতি দান কৰে, তেনেহ’লে মোক অনুমতি দিয়ক। আবু ছিনানে কৈছে, আল্লাহৰ কচম! ছাবিতক যিসকলে দাফন কৰিছে তেওঁলোকৰ মাজত ময়ো আছিলোঁ। দাফনৰ সময়ত কবৰৰ এটি ইটা পৰি গ’ল। মই দেখিবলৈ পালোঁ তেওঁ থিয় হৈ ছালাত আদায় কৰিছে। তেওঁৰ কন্যাক প্ৰশ্ন কৰাত ক’লে, আব্বাই ৫০ বছৰ ৰাতি উজাগৰ কৰিছে আৰু উক্ত দু‘আ কৰিছে। (১৫) এজনী মহিলাক দাফন কৰা হ’ল। তেওঁৰ ভায়েক দাফনৰ কামত শ্বৰীক আছিল। এই সময়ত তেওঁৰ টকাৰ বেগটো কবৰৰ মাজত পৰি যায়। পিছত বুজিব পাৰি মনে মনে কবৰ খুলি বাহিৰ কৰাৰ চেষ্টা কৰে। যেতিয়া তেওঁ কবৰ খুলিলে তেতিয়া কবৰটো জুইৰ দ্বাৰা পৰিপূর্ণ আছিল। তেওঁ কান্দি কান্দি মাকৰ ওচৰলৈ আহিল আৰু ঘটনা বর্ণনা কৰিলে। তেতিয়া তেওঁৰ মাকে উত্তৰত ক’লে, তেওঁ ছালাতত অলসতা কৰিছিল আৰু ছালাত ক্কাযা কৰিছিল। পর্যালোচনা : কবৰৰ জীৱন মানুহৰ দুনিয়া আৰু আখিৰাতৰ মধ্যৱর্তী জীৱন। এই জীৱন মানুহৰ বাস্তৱ জীৱনৰ বিপৰীত। দুনিয়াৰ কোনো মানুহে বাৰযাখী জীৱন সম্পর্কে খবৰ নাৰাখে। কবৰৰ শান্তি বা শাস্তিৰ বিষয়ে কোনেও একো গম নাপায়। তাৰ অৱস্থা দেখা দূৰৰ কথা, মানুহ আৰু জ্বিনৰ পক্ষে কাণেৰে শুনাও সম্ভৱ নহয়। (১৬) শ্বাইখ আব্দুল ওৱাহিদ (ৰহ.) আছিল বিখ্যাত বুযুর্গৰ এজন। তেওঁ কৈছে, মোৰ এবাৰ খুব টোপনি ধৰিলে। ফলত ৰাতিৰ নিয়মিত তাছবীহসমূহ পঢ়িবলৈ থাকি গ’ল। তেতিয়া সপোনত মই সেউজীয়া ৰেচমী পোচাক পৰিহিতা এজনী অপূর্ব সুন্দৰী যুৱতীক দেখিবলৈ পালোঁ। তাইৰ ভৰিৰ জোতা পৰ্যন্ত তাছবীহ পাঠ কৰিছে। তাই মোক উদ্দেশ্য কৰি কৈছে, তুমি মোক পাবৰ চেষ্টা কৰা, মই তোমাক পোৱাৰ চেষ্টা কৰিছোঁ। ইয়াৰ পিছত তাই কেইটিমান প্রেমমূলক কবিতা পাঠ কৰিলে। এই সপোন দেখি মই প্রতিজ্ঞা কৰিলোঁ, ৰাতি আৰু কেতিয়াও টোপনি নাযাওঁ। ইয়াৰ পিছত তেওঁ সুদীর্ঘ চল্লিশ বছৰ পর্যন্ত ঈছাৰ অজুৰ দ্বাৰা ফজৰৰ ছালাত আদায় কৰে। (১৭) জনৈক বুযুর্গই কৈছে, এটি নিশা গভীৰ টোপনিৰ কাৰণে মই জাগি থাকিব নোৱাৰিলোঁ। টোপনি গ’লো। সপোনত এজনী অপূর্ব সুন্দৰী যুৱতীক দেখা পালোঁ। এনেকুৱা যুৱতী মই জীৱনত কেতিয়াও দেখা নাই। তাইৰ দেহৰ পৰা তীব্র সুগন্ধি আহিছে। এনেকুৱা সুগন্ধি মই কেতিয়াও অনুভৱ কৰা নাই। তাই মোক এখন কাগজৰ টুকৰা দিলে। তাত কৱিতাৰ তিনিটা ছন্দ লিখা আছিল। যেনে- তুমি নিদ্রাৰ স্বাদত বিভোৰ হৈ জান্নাতৰ বালাখানাসমূহ পাহৰি গৈছা, য’ত তুমি চিৰজীৱন থাকিব লাগিব, য’ত কেতিয়াও মৃত্যু নাহিব। তুমি টোপনিৰ পৰা উঠা, কুৰআন তিলাওৱাত কৰা, তাহাজ্জুদ ছালাতত কুৰআন তিলাওৱাত কৰা টোপনিতকৈ বহুত উত্তম। তেওঁ ক’লে, এই ঘটনাৰ পিছৰ পৰা মোৰ কেতিয়াও টোপনি অহা নাই। কবিতাসমূহ স্মৰণ হয় আৰু টোপনি দূৰীভূত হৈ যায়। *পর্যালোচনা* : কি চমৎকাৰ ৰোমাঞ্চকৰ উপন্যাস! সুন্দৰী যুৱতীৰ প্রলোভন দেখুৱাই মানুহক আল্লাহৰ পথলৈ অনাৰ কি সুন্দৰ অভিনৱ কৌশল! আল্লাহৰ ভয় আৰু ইছলামী বিধানৰ আনুগত্যৰ কোনো প্রয়োজন নাই। কেৱল সুন্দৰী নর্তকীক পোৱাৰ কাৰণে তেওঁ ইবাদত কৰিব। এইটো কি কোনো ইছলামী সভ্যতা? সুধী পাঠক! ফজায়েলে আমলত এনে ধৰণৰ অসংখ্য মিছা কাহিনী আছে। এই মিছা ফজিলতৰ ধোঁকা দি বিশ্বৰ কোটি কোটি মানুহক প্রতাৰণাৰ জালত আৱদ্ধ কৰা হৈছে। যিসকল ভায়ে ফজায়েলে আমল পঢ়ে আৰু আমল কৰে তেওঁলোকে এবাৰলৈ হ’লেও চিন্তা কৰিবনে? আমি সৰলপ্রাণ মুমিন ভাইসকলক উক্ত মৰণ ফাঁন্দৰ পৰা বাহিৰ হৈ প্রমাণসহ ছহীহ দলিলৰ অনুসৰণ কৰাৰ কাৰণে উদাত্ত আহ্বান জনাইছোঁ। আল্লাহ ৰাব্বুল আলামীনে মুছলিম উম্মাহক উক্ত মিছা আৰু কাল্পনিক ধর্মৰ পৰা ৰক্ষা কৰক-আমীন!!

Leave a comment