–
.
#উত্তৰঃ নাই। তেওঁ গায়েব নাজানে। কিন্তু জিব্ৰাঈল (আঃ)-য়ে যিটো জনাই দিছিল সেইটো তেওঁ কৈছিল। যেনে- জাহান্নামত দেখিলে এদল লোকৰ শাস্তি হৈছে। তেতিয়া আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে- এওঁলোক কোন? তেতিয়া জিব্ৰাঈল (আঃ)-য়ে ক’লে¸ এওঁলোক এক শ্রেণীৰ আলিম… এতিয়া বুজক। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে যদি গায়েব জানিলেহেঁতেন তেনেহ’লে জিব্ৰাঈল (আঃ)-ক প্ৰশ্ন কৰিলে কিয়?
এবাৰ চাহাবীসকলে মাদা খেজুৰৰ ফুলৰ সৈতে মাদী খেজুৰৰ ফুলৰ মিলন ঘটাইছিল। তেতিয়া আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে¸ এইটো নকৰিলে নহয় নেকি? তেতিয়া চাহাবীসকলে ক’লে- ঠিক আছে নকৰোঁ। দেখা গ’ল সেইবাৰ খেজুৰৰ উৎপাদন কম হ’ল। তেতিয়া আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱা হ’ল। ইয়া ৰাছূলুল্লাহ! (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম) খেজুৰৰ উৎপাদন কম হৈছে। তেতিয়া আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে- ঠিক আছে। তোমালোকে আগৰ দৰেই কৰা। তেওঁ তো গায়েব নাজানিলে…
এবাৰ এটা চফৰত আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ এডাল হাৰ হেৰাল। সকলোৱে হাৰডাল বিচৰাত লাগিল। কিন্তু অশেষ কষ্ট কৰিও হাৰডাল নাপালে। যেতিয়া ভ্ৰমণকাৰী দলটো পুনৰ যাবলৈ ওলাল¸ তেতিয়া উটৰ তলত হাৰডাল পালে। যদি নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে গায়েব জানিলেহেঁতেন¸ তেনেহ’লে নিশ্চয় হাৰডাল বিচাৰি ইমান কষ্ট খাব নালাগিলহেঁতেন বা সময়ৰ অপচয় নহ’লহেঁতেন।
সকলোতকৈ ডাঙৰ কথা- মহান আল্লাহে কি কৈছে…
.
“আৰু আমি তোমালোকক কোৱা নাই যে, আমাৰ ওচৰত আল্লাহৰ ভাণ্ডাৰ আছে আৰু এই কথাও কোৱা নাই যে, আমি গায়বী খবৰো জানোঁ, এই কথাও কোৱা নাই যে, আমি এজন ফিৰিস্তা, আৰু তোমালোকৰ দৃষ্টিত যিসকল লাঞ্ছিত আল্লাহে সিহঁতক কোনো কল্যাণ দান নকৰিব। সিহঁতৰ মনৰ কথা আল্লাহে ভালদৰেই জানে। গতিকে এনেকুৱা কথা ক’লে আমি অন্যায়কাৰী হম (ছূৰা হুদ/৩১)।
২. বস্তুতঃ তেওঁলোকে কয়, তেওঁৰ ওচৰত তেওঁৰ পৰওৱাৰ দিগাৰৰ পক্ষৰ পৰা কোনো নির্দেশ নাহিল কিয়? কৈ দিয়া! গায়েবৰ কথা আল্লাহেই জানে। আমি ও তোমালোকৰ সৈতে অপেক্ষা কৰি থাকিলোঁ (ছূৰা ইউনুচ ২১)।
৩. কৈ দিয়া, আমি আমাৰ নিজৰ কল্যাণ সাধনৰ আৰু অকল্যাণ সাধনৰ মালিক নহয়, কিন্তু যিটো আল্লাহে বিচাঁৰে। আৰু আমি যদি গায়েবৰ কথা জানি লব পাৰিলোহেঁতেন, তেনেহ’লে বহু মঙ্গল অর্জন কৰি লব পাৰিলোহেঁতেন। ফলত আমাৰ কোনো অমঙ্গল কেতিয়াও হব নোৱাৰিব। আমি তো কেৱল-মাত্র এজন ভীতি প্রদর্শক আৰু সু-সংবাদদাতা ঈমানদাৰসকলৰ কাৰণে (ছূৰা আৰাফ/১৮৮)।
৪. কোৱা, আল্লাহৰ বাহিৰে নভোমণ্ডল আৰু ভূমণ্ডলত কোনেও গায়েবৰ খবৰ নাজানে আৰু সিহঁতে নাজানে যে, সিহঁত কেতিয়া পুনৰুজ্জীৱিত হব (ছূৰা আন নামল/৬৫)।
৫. এইটো গায়েবৰ খবৰ, আমি আপোনাৰ প্রতি ওহী প্রেৰণ কৰিছোঁ। ইতিপূর্বে এইটো আপোনাৰ আৰু আপোনাৰ জাতিৰ জনা নাছিল। আপুনি ধৈর্য্যধাৰণ কৰক। যিসকলে ভয় কৰি চলে, সিহঁতৰ পৰিণাম ভাল, সন্দেহ নাই (ছূৰা হুদ/৪৯)। ৬. তেৱেঁই আল্লাহ তা’আলা, তেওঁৰ বাহিৰে কোনো উপাস্য নাই, তেওঁ দৃশ্য আৰু অদৃশ্যক জানে। তেওঁ পৰম দয়ালু, অসীম দাতা (ছুৰা হাশ্বৰ/২২)।
৭. কৈ দিয়াঃ আমি তোমালোকক কোৱা নাই যে, আমাৰ ওচৰত আল্লাহৰ ভাণ্ডাৰ আছে। তাৰোপৰি আমি অদৃশ্য বিষয় অৱগতও নহয়। আমি এনেকৈ কোৱা নাই যে, আমি ফিৰিস্তা। আমি তো কেৱল সেই ওহীৰ অনুসৰণ কৰোঁ, যি আমাৰ ওচৰত আহে। আপুনি কৈ দিয়ক¸ অন্ধ আৰু দৃষ্টিমান সমান হব পাৰে নেকি? তোমালোকে চিন্তা নকৰানে? (ছূৰা আনআম/৫০)।
.
এই আয়াতসমূহৰ দ্বাৰা বুজা যায় ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে গায়েব জনা নাছিল।
.
এতিয়া এইবোৰ যিসকলে বিশ্বাস নকৰিব আল্লাহে সিহঁতৰ উদ্দেশ্যে কৈছে.. তোমাৰ পালনকর্তাই যিসকলৰ ওপৰত ৰহমত কৰিছে, সিহঁতৰ বাহিৰে সকলোৱে চিৰদিন মতভেদ কৰিয়েই থাকিব আৰু এইকাৰণেই সিহঁতক সৃষ্টি কৰিছে। আৰু তোমাৰ আল্লাহৰ কথাই পূর্ণ হ’ল যে, নিশ্চয় আমি জাহান্নামক জ্বিন আৰু মানুহৰ দ্বাৰা একযোগে ভর্তি কৰিম (ছূৰা হুদ/১১৯)।