ৱিতৰ ছালাত হ’ল ‘ছুন্নাতে মুওৱাক্কাদ্দা’। (ফিক্কহুচ ছুন্নাহ ১/১৪৩, নাছাঈ হা/১৬৭৬)। এই ছালাত ঈশ্বাৰ ছালাতৰ পিছৰ পৰা ফজৰৰ ছালাতৰ আগলৈকে ছুন্নাত আৰু নফল ছালাতসমূহৰ শেষত আদায় কৰা হয়। (ফিক্কহুচ ছুন্নাহ ১/১৪৪, ছহীহ আত-তাৰগীব হা/৫৯২-৫৯৩)। ৱিতৰ ছালাত খুবেই ফযীলতপূৰ্ণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত থকা সময়ত বা ভ্ৰমণত থকা অৱস্থাত ৱিতৰ আৰু ফজৰৰ দুই ৰাক‘আত ছুন্নাত কেতিয়াও এৰা নাছিল। ৱিতৰ মানে ‘বিযোৰ’, মূলতঃ এক ৰাক‘আত। কাৰণ এক ৰাক‘আতেৰে বিযোৰ কৰা হয়। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– ‘‘ৰাতিৰ নফল ছালাত দুই দুই। ইয়াৰ পিছত তোমালোকৰ কোনোৱে ফজৰ হোৱাৰ আশংকা কৰিলে, তেতিয়া তেওঁ যেন এক ৰাক‘আত পঢ়ি লয়। যিয়ে তেওঁৰ পূৰ্বৰ সকলো নফল ছালাতক ৱিতৰত পৰিণত কৰিব’’। (বুখাৰী হা/৯৯০, ৱিতৰ অধ্যায়)। ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে– ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এক ৰাক‘আতৰ দ্বাৰা ৱিতৰ কৰিছিল। (ইবনু মাজাহ, মিচকাত হা/১২৮৫)। ৱিতৰ ছালাত এক ছালামত ৰাতিৰ নফল ছালাত সহ ১, ৩, ৫, ৭, ৯, ১১, আৰু ১৩ ৰাক‘আতলৈকে পঢ়িব পাৰি। ছালাত পঢ়াৰ পদ্ধতি ওপৰত উল্লেখ কৰাৰ দৰে, কেৱল তিনি ৰাক‘আত আৰু পাঁচ ৰাক‘আতত মাজত কোনো বৈঠক নাই অৰ্থাৎ একেৰাহে পঢ়ি শেষ ৰাক‘আতত বৈঠক কৰিব লাগে। (বুখাৰী, মুছলিম, নাছাঈ হা/১৭১৭, মিচকাত হা/১২৫৬)। সাত বা ন ৰাক‘আত পঢ়িলে ক্ৰমে ছয় আৰু আঠ ৰাক‘আতত প্ৰথম বৈঠক কৰিব আৰু সপ্তম ও নৱম ৰাক‘আতত শেষ বৈঠক হ’ব। (মুছলিম, মিচকাত হা/১২৫৭, আবু দাউদ হা/১৩৪২, নাছাঈ হা/১৭১৯)। ৱিতৰ পঢ়িব পাহৰি গ’লে বা টোপনি গ’লে, সাৰ পোৱাৰ লগে লগে বা মনত পৰাৰ লগে লগে আদায় কৰিব লাগে, ক্কাজা হ’লে ক্কাজা আদায় কৰিব লাগে। চাৰি খলিফা সহ অধিকাংশ ছাহাবী, তাবেঈ তথা মুজতাহিদ ইমামসকলে এক ৰাক‘আত ৱিতৰ পঢ়িছিল। (নায়লুল আওত্বাৰ ৩/২৯৬)।
ৱিতৰ ছালাত সম্পৰ্কে সমাজত প্ৰচলিত আছে যে, এক ৰাক‘আতৰ কোনো ছালাত নাই, ৱিতৰ তিনি ৰাক‘আত পঢ়িবই লাগিব, ৱিতৰ ছালাত মাগৰিবৰ ছালাতৰ দৰে, তিনি ৰাক‘আত ৱিতৰৰ ওপৰত উম্মতৰ ইজমা হৈছে ইত্যাদি ইত্যাদি কথাবোৰৰ শ্বৰীয়াতত কোনো ভিত্তি নাই। (মিৰক্কাত ৩/১৬০–১৬১, ১৭০ মিৰ’আত হা/১২৬২, ১২৬৪, ১২৭৩ ৰ ব্যাখ্যা দ্ৰষ্টব্য: ৪/২৬০–২৬২, ২৭৫)।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– ‘তোমালোকে মাগৰিবৰ ছালাতৰ দৰে (মাজত বৈঠক কৰি) ৱিতৰ ছালাত আদায় নকৰিবা’। (দাৰাকুতনী হা/১৬৩৪-১৬৩৫, চনদ ছহীহ)। উবাই ইবনু ক্কাব ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৱিতৰ তিনি ৰাক‘আত ছালাতৰ প্ৰথম ৰাক‘আতত ছুৰা আ’লা’, দ্বিতীয় ৰাক‘আতত ছুৰা ‘কাফিৰুন’ আৰু তৃতীয় ৰাক‘আতত ছুৰা ‘ইখলাচ’ পঢ়িছিল। (মিচকাত হা/১২৭০–১২৭২)।
ৱিতৰ ছালাতৰ শেষৰ ৰাকআ‘তত ‘কুনূত’ পঢ়া হয়, ইয়াৰ অৰ্থ বিনম্ৰ আনুগত্য। কুনূত দুই প্ৰকাৰৰ– কুনূতে ৰাতেবাহ আৰু কুনূতে নাজেলাহ। প্ৰথমটো ৱিতৰ ছালাতৰ শেষ ৰাক‘আতত পঢ়া হয় আৰু দ্বিতীয়টো বিপদ-আপদ বা কোনো জৰুৰী কাৰণত ফৰজ ছালাতৰ শেষ ৰাক‘আতত পঢ়া হয়। ৱিতৰ ছালাতৰ কুনূতৰ বাবে হাদীছত বিশেষ দু‘আ বৰ্ণনা কৰা আছে। এই কুনূত সদায়ে পঢ়িব পাৰি যদিও মাজে মাজে এৰি দিয়া ভাল। কাৰণ কুনূত পঢ়াটো মুস্তাহাব, ওৱাজিব নহয়। (আবু দাউদ, নাছাঈ, তিৰমিযী, মিচকাত হা/১২৯১–১২৯২ ‘কুনূত’ অধ্যায়)। দু‘আ কুনূত ৰুকুৰ আগত বা পিছত দুয়ো সময়তে পঢ়িব পাৰি। (মিচকাত হা/১২৮৯, ইবনু মাজাহ হা/১১৮৩-১১৮৪)। ৰুকুৰ পিছত কুনূত পঢ়াৰ সপক্ষে অধিক ৰাবী (বৰ্ণনাকাৰী) আছে আৰু তেওঁলোক অধিক স্মৃতিশক্তিসম্পন্ন আছিল বাবে খোলাফায়ে ৰাশ্বিদিনে এই আমল কৰিছিল। (বায়হাক্কী ২/২০৮)। ৰুকুৰ পিছত পঢ়িলে দুই হাত উঠাই দু‘আ কৰি কুনূত পঢ়িব লাগে। (তুহফা ২/৫৬৬)।
ৱিতৰৰ কুনূতৰ ছহীহ দু‘আ-
আবুল হাওৰা ছা‘দী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, হাছান ইবনু ‘আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৱিতৰৰ কুনূতত কোৱাৰ কাৰণে নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক নিম্নোক্ত দু‘আ শিকাই দিছে-
اللَّهُمَّ اهْدِنِىْ فِيْمَنْ هَدَيْتَ وَعَافِنِىْ فِيْمَنْ عَافَيْتَ وَتَوَلَّنِىْ فِيْمَنْ تَوَلَّيْتَ وَبَارِكْ لِىْ فِيْمَا أَعْطَيْتَ وَقِنِىْ شَرَّ مَا قَضَيْتَ فَإِنَّكَ تَقْضِىْ وَلاَ يُقْضَى عَلَيْكَ وَإِنَّهُ لاَ يَذِلُّ مَنْ وَالَيْتَ تَبَارَكْتَ رَبَّنَا وَتَعَالَيْتَ.
উচ্চাৰণ- আল্লাহুম্মাহ দিনী ফি মান হাদায়তা, অ-আ ফিনী ফি-মান আফায়তা, অ-তাওৱাল্লানী ফি-মান তাওৱাল্লায়তা, অ-বাৰিকলী ফি-মা আ’ত্বায়তা, অ-কিনী শ্বাৰৰা মা কাজাইতা, ফাইন্নাকা তাক্কজী অলা য়ুকজা আলায়কা, ইন্নাহু লা য়াজিল্লু মাঁও অ-লাইতা, অলা য়া-ইজ্জু মান আ-দায়তা, তাবা-ৰাকতা ৰাব্বানা অতা আলাইতা।
অৰ্থ- ‘হে আল্লাহ! আপুনি মোক হিদায়াত দান কৰক, যিসকলক আপুনি হিদায়াত কৰিছে তেওঁলোকৰ সৈতে। মোক মাফ কৰি দিয়ক, যিসকলক মাফ কৰিছে তেওঁলোকৰ সৈতে। মোৰ অভিভাৱক হওঁক, যিসকলৰ অভিভাৱক হৈছে তেওঁলোকৰ সৈতে। আপুনি যি মোক দান কৰিছে তাত বৰকত দান কৰক আৰু মোক সেই অনিষ্টৰ পৰা বচাওঁক, যি আপুনি নির্ধাৰণ কৰিছে। আপুনিয়েই ফায়ছালা কৰি থাকে, আপোনাৰ ওপৰত কোনেও ফায়ছালা কৰিব নোৱাৰে। নিশ্চয় সেই ব্যক্তি লাঞ্ছিত নহয়, যাক আপুনি বন্ধু হিচাবে গ্রহণ কৰিছে। হে মোৰ প্রতিপালক! আপুনি বৰকতময়, আপুনি সুউচ্চ’। উল্লেখ্য যে, ৱিতৰৰ কুনূত জামা‘আতৰ সৈতে পঢ়িলে শব্দবোৰ বহুবচন কৰি পঢ়িব লাগে। (আবু দাউদ হা/১৪২৫, তিৰমিজী হা/৪৬৪, ইবনু মাজাহ ১১৭৮, নাছাঈ হা/১৭৪৫, মিচকাত হা/১২৭৩)।
ৰুকুৰ আগত কুনূত পঢ়িলে, কুনূতৰ শেষত “আল্লাহু আকবৰ” কৈ ৰুকুত যাব আৰু ৰুকুৰ পিছত পঢ়িলে পোনে পোনে ছিজদাত যাব। ৱিতৰ শেষ হোৱাৰ লগে লগে তিনিবাৰ সশব্দে سُبْحَانَ المَلِكِ القُدُّوسِ “চুবহা-নাল মালিকিল কুদ্দুচ” পঢ়িব আৰু তৃতীয়বাৰ উচ্চস্বৰে টানি টানি পঢ়ি কব- رَبِّ الْمَلاَئِكَةِ وَالرُّوحِ “ৰব্বিল মালা-ইকাতি ওৱাৰ-ৰূহ”। (নাছাঈ ৩/২৪৪, হা/১৭৩৪, চনদ ছহীহ)। সচৰাচৰ ৱিতৰ ছালাতত “আল্লাহুম্মা ইন্না নাস্তা-ইনুকা ………” দু‘আ কুনূত পঢ়াৰ হাদীছ যঈফ। (আবু দাউদ হা/৮৯, বায়হাক্কী ২/২১০)। তাৰোপৰি এইটো ৱিতৰৰ কুনূত নহয়। এই দু‘আক ‘কুনূতে নাজেলাহ’ হিচাবে জনা যায়। যুদ্ধ, শত্ৰুৰ আক্ৰমণ আদি বিপদৰ সময়ত বা কাৰোবাৰ বাবে বিশেষ কল্যাণ কামনা কৰি আল্লাহৰ ওচৰত ‘কুনূতে নাজেলাহ’ পঢ়া হয়। ‘কুনূতে নাজেলাহ’ ফজৰৰ ছালাতত বা প্ৰত্যেক ফৰজ ছালাতৰ শেষৰ ৰাক‘আতত ৰুকুৰ পৰা উঠি ‘ৰাব্বানা লাকাল হামদ’ কোৱাৰ পিছত দুই হাত তুলি সশব্দে পঢ়িব লাগে। (মিচকাত হা/১২৮৮-৯০)। ‘কুনূতে নাজেলাহ’ৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা নিৰ্দ্দিষ্টভাৱে কোনো দু‘আ বৰ্ণনা কৰা নাই।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাতিৰ নফল ছালাত প্রতি দুই ৰাক‘আতৰ মূৰে মূৰে ছালাম ফিৰাই আঠ ৰাক‘আতৰ শেষত কেতিয়াবা এক, কেতিয়াবা তিনি, কেতিয়াবা পাঁচ ৰাক‘আত ৱিতৰ এক ছালামত পঢ়িছিল। (আবু দাউদ, নাছাঈ, ইবনু মাজাহ, মিচকাত হা/১২৬৪-১২৬৫)। ৰাক‘আত গণনাতকৈ ছালাতৰ খুশ্বূ-খুযূ আৰু দীর্ঘ সময় ক্কিয়াম, কু‘ঊদ, ৰুকূ, ছুজূদ অধিক জৰুৰী। যিটো বৰ্তমান আমাৰ সমাজত প্রায় দেখিবলৈ পোৱা নাযায়। ইয়াৰ ফলত ৰাতিৰ নিভৃত ছালাতৰ মূল উদ্দেশ্য ব্যাহত হৈছে।
ৰাতিৰ নফল ছালাতৰ নিয়মসমূহ-
(১) ১১ ৰাক‘আত : দুই দুই কৰি ৮ ৰাক‘আত। ইয়াৰ পিছত তিনি ৰাক‘আত পঢ়ি শেষত বৈঠক কৰিব। (বুখাৰী হা/১১৪৭; মুছলিম হা/১৭২৩ ও অন্যান্য)। ৰমজান আৰু অন্য সময়ত এইটো আছিল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধিকাংশ ৰাতিৰ আমল।
(২) ১১ ৰাক‘আত : দুই দুই কৰি মুঠ ১০ ৰাক‘আত। ইয়াৰ পিছত এক ৰাক‘আত ৱিতৰ পঢ়িব। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১১৮৮)।
(৩) ১৩ ৰাক‘আত : দুই দুই কৰি ৮ ৰাক‘আত। ইয়াৰ পিছত একেৰাহে পাঁচ ৰাক‘আত ৱিতৰ। অথবা দুই দুই কৰি ১০ ৰাক‘আত, ইয়াৰ পিছত ৩ ৰাক‘আত ৱিতৰ। অথবা দুই দুই কৰি ১২ ৰাক‘আত, ইয়াৰ পিছত ১ ৰাক‘আত ৱিতৰ। (মুছলিম, আবু দাউদ, মিচকাত হা/১১৯৭, ১২৫৬, ১২৬৪)।
(৪) ৯ ৰাক‘আত : একেৰাহে ৮ ৰাক‘আত পঢ়ি প্রথম বৈঠক আৰু নৱম ৰাক‘আতৰ শেষত বৈঠক অথবা দুই দুই কৰি ৬ ৰাক‘আত। ইয়াৰ পিছত তিনি ৰাক‘আত ৱিতৰ। অথবা দুই দুই কৰি ৮ ৰাক‘আত। ইয়াৰ পিছত ১ ৰাক‘আত ৱিতৰ। (মুছলিম, আবু দাউদ, মিচকাত হা/১১৯৬, ১২৫৪, ১২৫৭, ১২৬৪,১২৬৫, মুত্তাফাক্ক ‘আলাইহ, নাছাঈ, ইবনু মাজাহ)।
(৫) ৭ ৰাক‘আত : একেৰাহে ৬ ৰাক‘আত পঢ়ি প্রথম বৈঠক আৰু সপ্তম ৰাক‘আতৰ শেষত বৈঠক অথবা দুই দুই কৰি ৪ ৰাক‘আত। ইয়াৰ পিছত ৩ ৰাক‘আত ৱিতৰ অথবা দুই দুই কৰি ৬ ৰাক‘আত। ইয়াৰ পিছত এক ৰাক‘আত ৱিতৰ। (আবু দাউদ হা/১৩৪২, মিচকাত হা/১২৫৪, ১২৬৪, মুত্তাফাক্ক ‘আলাইহ)।
(৬) ৫ ৰাক‘আত : একেৰাহে ৫ ৰাক‘আত ৱিতৰ অথবা দুই দুই কৰি ৪ ৰাক‘আত। ইয়াৰ পিছত এক ৰাক‘আত ৱিতৰ। (আবু দাউদ, নাছাঈ, ইবনু মাজাহ, মিচকাত হা/১২৫৪, ১২৬৫; মুত্তাফাক্ক ‘আলাইহ)।
ইমাম মুহাম্মাদ বিন নছৰ আল-মাৰওৱাযীয়ে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা একেৰাহে একাধিক ৰাক‘আত ৱিতৰ পঢ়াৰ প্রমাণ আছে। কিন্তু দুই দুই ৰাক‘আত পঢ়ি ছালাম ফিৰোৱা আৰু শেষত এক ৰাক‘আতৰ জৰিয়তে ৱিতৰ কৰাকেই আমি উত্তম বুলি ভাৱোঁ। কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনৈক প্রশ্নকাৰীক এনেধৰণৰ উত্তৰেই দিছিল যে, ‘ৰাতিৰ ছালাত দুই দুই। ইয়াৰ পিছত যেতিয়া তুমি ফজৰ হৈ যোৱাৰ আশংকা কৰিবা, তেতিয়া এক ৰাক‘আত পঢ়ি লবা, যিয়ে তোমাৰ পূৰ্বৰ সকলো ছালাতক ৱিতৰত পৰিণত কৰিব’। (বুখাৰী হা/৪৭২-৭৩, ৯৯০; মুছলিম হা/১৭৫১; মিচকাত হা/১২৫৪)।
ওপৰৰ ৬টা নিয়মৰ ভিতৰৰ প্রথমটো কেৱল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰাৱীহ-তাহাজ্জুদ উভয়তে পঢ়িছে। বাকীসমূহ বিভিন্ন সময়ত তাহাজ্জুদত পঢ়িছে। বৃদ্ধাৱস্থাত নাইবা সময় কম থাকিলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কমসংখ্যক ৰাক‘আতত তাহাজ্জুদ পঢ়িছিল। উম্মতৰ কাৰণে এইটো এটা বিশেষ অনুগ্রহ বুলি কব পাৰি। বৃদ্ধকালত ভাৰী হৈ যোৱাত তেওঁ অধিকাংশ (ৰাতিৰ নফল) ছালাত বহি বহি পঢ়িছিল। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১১৯৮)।