————————————-
ম্যানমাৰৰ ৰাখাইন (পূর্বনাম আৰাকান) ৰাজ্যৰ প্রধান দুটি জাতি হ’ল ৰোহিঙ্গা আৰু মগ। ৰোহিঙ্গাসকল ধর্মত মুছলিম, আনহাতে মগসকল ধর্মত বৌদ্ধ। বাংলাত প্রচলিত “মগৰ মুল্লুক” প্রবাদটি আৰাকানৰ এই মগসকলৰ সম্পর্কেই কোৱা হয়। মগসকলৰ অতীতৰ জলদস্যুতাৰ কাৰণে এই প্রবাদটি প্রচলিত হয়। (সুত্রঃ উইকিপিডিয়া)।
ইতিহাসৰ পৰা জনা যায় অতীতত আৰাকান আৰু বর্তমান বাংলাদেশৰ চট্টগ্রাম পার্বত্য এলেকাটি একেলগেই আছিল আৰু ইয়াত একেই জাতিৰ লোকে বসবাস কৰিছিল। সপ্তম শতাব্দীৰ পৰাই এই অঞ্চলৰ সৈতে আৰবৰ মুছলিম বণিকসকলৰ যোগাযোগ ঘটে। ১৪০৪ খ্রীষ্টাব্দত আৰাকান ৰাজ্যৰ সিংহাসনত বহে ৰজা নাৰমিখলা। ইয়াৰ কেইবছৰমান পিছত বার্মাৰ ৰজাই আৰাকান আক্রমণ কৰাত ৰজা নাৰমিখলা পলাই গৈ গৌড়ত আশ্রয় লয়। গৌড়ৰ চুলতান জালালুদ্দিন শ্বাহে আৰাকান উদ্ধাৰৰ কাৰণে সেনাবাহিনী পঠিয়ায়। এই যুদ্ধত গৌড়ৰ সেনা জয়ী হোৱাত নাৰমিখলাই ১৪৩০ চনত তেওঁৰ ৰাজ্য পুনৰ ওভোতাই পায়। গৌড়ৰ ছুলতানক নিয়মিতভাৱে কৰ দিয়াৰ চুক্তি কৰি ৰজা হয় আৰু মৰক-ইউ ৰাজবংশৰ পতন ঘটে। ৰজা নাৰমিখলাই ইছলাম গ্রহণ কৰি নতুন নাম লয় মুহম্মদ ছুলাইমান শ্বাহ। এই সময়ত গৌড়ৰ পৰা বহু মুছলিমে এই অঞ্চললৈ আহে আৰু এই অঞ্চলৰ ‘ৰোছাং’ জাতিও ইছলাম গ্রহণ কৰে। এই ৰোছাংসকলেই বর্তমান ৰোহিঙ্গা নামেৰে পৰিচিত। নাৰমিখলাই এই সময়ত গৌড়ৰ অনুসৰণত মুদ্রা চালু কৰে, যাৰ এফালে আছিল বার্মিজ বর্ণ আনফালে ফাৰ্চী ভাষাত কলিমা। কিন্তু আৰাকানৰ গৌড়ৰ প্রতি কৃতজ্ঞতা আছিল কেৱল-মাত্র নাৰমিখলাৰ আমলতেই। ৰজা নাৰমিখলাৰ পৰৱর্তী শাসকসকলে গৌড়ৰ লগত সম্পৰ্ক এৰাই চলিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত দিল্লীৰ শাসনভাৰ মোগলসকলৰ হাতলৈ অহাত ১৫৩০ চনত আৰাকানৰ ৰজা জেবুকশ্বাহে গৌড়ৰ সৈতে সকলো সম্পর্ক ছিন্ন কৰি পেলায়। মোগলসকলৰ ভয়ত পর্তুগীজ জলদস্যুসকলৰ সৈতে বন্ধুত্ব গঢ়ি তোলে। পর্তুগীজসকলৰ সহযোগিতাত আৰাকানৰ মগ বৌদ্ধসকলক লৈ তেওঁ গঢ়ি তোলে এক দুর্ধর্ষ নৌবাহিনী। এই সময়ৰ পৰা মগসকলে জলদস্যুতাও আৰম্ভ কৰে। আৰাকানক সমৃদ্ধ কৰিবলৈ এই সময়ত মগসকলে বাংলাৰ পৰা জোৰ কৰি বঙালী মুছলিমসকলক লৈ গৈ জঙ্গল পৰিষ্কাৰৰ কামত লগাইছিল আৰু সেই জঙ্গলত তেওঁলোকৰ দ্বাৰা কৃষিকৰ্ম কৰিছিল। এই বঙালী মুছলিমসকলেও ইয়াতেই থাকি যায়। কালক্রমত বঙালী আৰু ৰোছাং মুছলিমসকল একেলগে মিলি যায়। পৰৱর্তী কালত এওঁলোকে ৰোহিঙ্গা নামেৰে পৰিচিত হয়।
ৰোহিঙ্গাসকলৰ প্রথম ভাগ্যবিপর্যয় ঘটে ১৭৮৪ চনত যেতিয়া বার্মিজসকলে আৰাকান আক্রমণ কৰে। পৰাজিত হয় আৰাকানৰাজ। এই সময়ৰ পৰাই বার্মিজসকলে ৰোহিঙ্গাসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। বহু ৰোহিঙ্গা আৰু মগ পলাই চট্টগ্রামলৈ গুচি আহে। ইয়াৰ পিছত ইংৰাজসকলে আৰাকান দখল কৰাত ৰোহিঙ্গা আৰু মোগলসকলৰ বহুতেই আৰাকানলৈ উভতি যায়। কৃষিকৰ্মৰ কাৰণে ইংৰাজসকলে বহু বঙালীকো তালৈ লৈ যায়। এই সময়ৰ পৰাই ইয়াত ৰোহিঙ্গা-বঙালী আৰু মগসকলৰ মাজত বিভেদ সৃষ্টি হৈ থাকে। মগ আৰু বার্মিজসকল বৌদ্ধ হোৱাত তেওঁলোকৰ মাজত বন্ধুত্ব গঢ়ি উঠে। আনহাতে ৰোহিঙ্গা আৰু বঙালীসকল মুছলিম হোৱাত তেওঁলোকৰ মাজতো বন্ধুত্ব গঢ়ি উঠে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্রিটিছসকলে এই এলেকা এৰি গুচি যোৱাত বার্মিজসকলে প্রায় ২৫ হাজাৰ ৰোহিঙ্গাক হত্যা কৰে। (সুত্রঃ উইকিপিডিয়া)
ইয়াৰ পিছত ১৯৪৬ চনত ৰোহিঙ্গা নেতাসকলে মুহম্মদ আলি জিন্নাহৰ সৈতে সাক্ষাৎ কৰি প্রস্তাৱিত পাকিস্তানৰ সৈতে আৰাকানক যুক্ত কৰাৰ আবেদন জনায়। কিন্তু জিন্নাহ তাত সন্মত নহ’ল। তাৰ পিছত ৰোহিঙ্গাসকলে আৰাকানক স্বাধীন দেশ হিচাবে গঢ়ি তুলিবলৈ কেইটিমান সশস্ত্র বাহিনী গঠন কৰে। কিন্তু স্বাধীনতা লাভত ব্যর্থ হয়। ১৯৪৮ চনত বার্মা স্বাধীন হোৱাত আৰাকান বার্মাৰ দখললৈ গুচি যায়। কিন্তু বার্মা স্বাধীন হোৱাৰ পিছৰে পৰাই ৰোহিঙ্গাসকলৰ ওপৰত বার্মা চৰকাৰে অত্যাচাৰ চলোৱা আৰম্ভ কৰি দিয়ে। ইয়াৰ ভিতৰত ১৯৭৮, ১৯৯১-৯২ আৰু বর্তমান সময়ৰ অত্যাচাৰে সীমা চেৰাই যায়।
মায়ানমাৰ চৰকাৰে ৰোহিঙ্গাসকলক সেই দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ ১৯৭৮ চনত “অপাৰেচন কিং ড্রাগন’ চলায়। ইয়াতে অসংখ্য মানুহ নিহত হয়। নাফ নদী পাৰ হৈ বাংলাদেশলৈ পলাই আহে প্রায় দুই লাখ ৰোহিঙ্গা। জীৱনৰ শংসয় থকা সত্ত্বেও এওঁলোকৰ বহুতেই পুনৰ আৰাকানলৈ উভতি যায়। ইয়াৰ পিছত ১৯৯১-৯২ চনত ৰোহিঙ্গাসকলক নিশ্চিহ্ন কৰিবলৈ সেনাবাহিনীয়ে ‘অপাৰেচন পাই থায়া’ বা ‘পৰিষ্কাৰ ও সুন্দৰ জাতি’ নামেৰে অপাৰেচন চলায়। এইবাৰো অসংখ্য মানুহ নিহত হয় আৰু অসংখ্য মহিলা ধর্ষিতা হয়। অত্যাচাৰৰ মাত্রা ইমানেই আছিল যে জীৱন বচাবলৈ প্রায় আঢ়ৈ লাখ লোকে আশ্রয় গ্ৰহণ কৰে বাংলাদেশত, দুই লাখ পলাই যায় পাকিস্তানৰ কৰাচীলৈ, ছৌদি আৰব, মালয়েচিয়া আৰ থাইল্যাণ্ডত আশ্রয় লয় কেইবালাখো ৰোহিঙ্গাই। এইবাৰো বাংলাদেশত আশ্রয় লোৱাসকলৰ বহুতেই উভতি যায় আৰাকানলৈ। কিন্তু এতিয়াও বাংলাদেশত প্রায় ৫ লাখ ৰোহিঙ্গা আছে, পাকিস্তানত আছে প্রায় ২ লাখ, ছৌদি আৰবত আছে প্রায় ৪ লাখ, থাইল্যাণ্ডত আছে ১ লাখ, মালায়েচিয়াত আছে প্রায় ৫০ হাজাৰ, ইয়াৰোপৰি ভাৰত, ইন্দোনেচিয়া, অষ্ট্রেলিয়া, ফিলিপাইন, জাপান, চীন, ইংল্যাণ্ড, নেপাল, প্রভৃতি দেশতো আছে কেইবালাখ। ৰোহিঙ্গাসকলৰ মুঠ জনসংখ্যা স্পষ্টকৈ জনা নাযায়। ম্যানমাৰৰ আৰাকান বা ৰাখাইন ৰাজ্যত আছে প্রায় ১৩ লাখ ৰোহিঙ্গা, তাৰ ভিতৰত উত্তৰ আৰাকানত আছে প্রায় ৮ লাখ। এই ৮ লাখৰ ওপৰতেই বিগত কেইবাদিনো ধৰি অত্যাচাৰ চলিছে। সেনাবাহিনীৰ দ্বাৰা ঘেৰাও কৰি ৰখা এই অঞ্চল যেন এক জেলখানা। ইয়াত সাংবাদিকসকলৰ প্রৱেশ কঠোৰভাৱে নিষিদ্ধ। ম্যানমাৰ প্রশাসনে ৰোহিঙ্গাসকলৰ নাগৰিকত্ব বহু আগতেই বাতিল কৰিছিল। আনকি শান্তিৰ নোবেল বিজয়ী ম্যানমাৰৰ প্রধান নেত্রী আউং ছান ছু কি-ও ৰোহিঙ্গাসকলক ম্যানমাৰৰ নাগৰিক বুলি নাভাৱে। তেওঁলোকৰ ওচৰত ৰোহিঙ্গাসকল বিদেশী, কিন্তু আৰাকান বিদেশ নহয়, নিজৰ দেশৰেই অংশ! অথচ আৰাকানেই হ’ল ৰোহিঙ্গাসকলৰ আদি বাসভূমি।
১৯৭৪ চনত আৰাকানৰ নাম সলনি কৰি ‘ৰাখাইন’ ৰখা হয়। ৰাখাইন শব্দটি আহিছে ৰাক্ষপুৰাৰ (সংস্কৃত ৰাক্ষসঃপুৰা) পৰা, পালি শব্দ ৰাক্ষপুৰাৰ অর্থ ‘ৰাক্ষসসকলৰ ভুমি’ (সুত্রঃ উইকিপিডিয়া)।
১৯৮২ চনৰ এখন আইনৰ মাধ্যমত চৰকাৰে ৰোহিঙ্গাসকলৰ নাগৰিকত্ব বাতিল কৰে। ঘোষণা কৰা হয় যে, চৰকাৰী অনুমতি অবিহনে ৰোহিঙ্গাসকলে দেশৰ ভিতৰত ভ্রমণ কৰিব নোৱাৰিব, মাটি-বাৰী কিনিব নোৱাৰিব, দুটিতকৈ অধিক সন্তান জন্ম দিব নোৱাৰিব।
বাৰ্মা চৰকাৰে ৰোহিঙ্গাসকলক কোনো ধৰণৰ পঢ়া-শুনাৰ সুযোগ নিদিয়ে। কিন্তু স্থানীয় লোকসকলৰ উদ্যোগত প্রায় সকলো গাৱঁতেই মক্তব আৰু মাদ্রাছা আছে। শিশুসকলে এইবোৰত প্রাথমিক শিক্ষালাভ কৰে। উত্তৰ ৰাখাইনত চৰকাৰী স্বাস্থ্য-ব্যৱস্থা নাই বুলিবই পাৰি। ৰোহিঙ্গাসকলৰ ওপৰত অ্যামনেষ্টি ইন্টাৰন্যাচনালে বিভিন্ন ধৰণৰ কৰ আৰোপ কৰা বুলি জনাইছে। ৰোহিঙ্গাসকলক বিশ্বৰ সকলোতকৈ নিপীড়িত-নির্যাতিত জাতি বুলি কোৱা হয়। চৰকাৰী অনুমতি অবিহনে ৰোহিঙ্গাসকলে বিয়া কৰাবও নোৱাৰে। ৰাষ্টা-ঘাট নিৰ্মাণ আৰু বিভিন্ন নির্মাণ-কৰ্মত ৰোহিঙ্গাসকলে কাম কৰাটো বাধ্যতামূলক। আনকি শিশুসকলকো এইবোৰ কামত যোগ দিবলৈ বাধ্য কৰোৱা হয়।
অভাৱৰ কাৰণে, চৰকাৰী কামত বেতন নোপাৱাৰ কাৰণে ৰোহিঙ্গা যুৱকসকলৰ বহুতেই বাংলাদেশ সীমান্তত অবৈধ মাদক-দ্ৰব্যৰ ব্যৱসায়ত জড়িত হৈ পৰিছে। এইবোৰ কাৰণতে বাংলাদেশ চৰকাৰে নতুনকৈ কোনো ৰোহিঙ্গা শৰণার্থীক আশ্রয় দিবলৈ অনিচ্ছুক। বাংলাদেশৰ দাবী, ৰোহিঙ্গাসকলে এই দেশলৈ আহি বিভিন্ন অপৰাধমূলক আৰু সমাজবিৰোধী কাজ-কর্মত জড়িত হৈ পৰিছে। নতুনকৈ এওঁলোকক পুনৰ আশ্রয় দিলে দেশৰ আইন শৃঙ্খলা ক্ষতিগ্রস্ত হ’ব।
ইয়াতে গঢ়ি উঠে বৌদ্ধসকলৰ সন্ত্রাসবাদী সংগঠন ‘৯৬৯ মুভমেন্ট’। ২০০১ চনত ইয়াতে যোগ দিয়ে আছিন উইৰাথু নামেৰে এক মুছলিমবিৰোধী বৌদ্ধ ভিক্ষু। এই সময়ৰ পৰাই ৰোহিঙ্গাসকলৰ দুৰৱস্থা চৰম সীমাত উপনীত হয়। চৰকাৰৰ সহায়তেই বৌদ্ধসকলে ৰোহিঙ্গাসকলৰ ওপৰত অত্যাচাৰ চলাই থাকে। ২০১২ চনত প্রধানত আছিন উইৰাথুৰ উদ্যোগতেই মাৰাত্মক মাৰপিট আৰম্ভ হয়। এই মাৰপিতত দুয়োপক্ষই ক্ষতিগ্রস্ত হয়। কিন্তু ৰোহিঙ্গাসকলেই অধিক ক্ষতিগ্ৰস্ত হয়। তেওঁলোকে ঘৰবাৰী হেৰাই সকলোফালৰ পৰা দুর্বল হৈ পঢ়ে। ২০১২ চনৰ মাৰপিটততো চৰকাৰৰ সহায় থকাৰ কাৰণে বিশ্বজুড়ি নিন্দাৰ বতাহ বলে। ২০১৬ চনৰ নৱেম্বৰত চৰকাৰী বাহিনীয়ে ৰোহিঙ্গাসকলৰ ওপৰত প্ৰত্যক্ষভাৱে আক্ৰমণ চলায়। কিন্তু এইবাৰ চৰকাৰী সেনাই যেনেকৈ নৃশংসতা চলাইছে, সেইটোৱে অতীতৰ সকলো সন্ত্রাসবাদী সংগঠনৰ ৰেকর্ডক চেৰ পেলাইছে। প্রাণ বচাবলৈ হাজাৰ হাজাৰ ৰোহিঙ্গা আজি গৃহহীন। আগতে এইবোৰ খবৰ তেনেকৈ পোৱা নগৈছিল। কিয়নো তাত সাংবাদিকসকলৰ প্রৱেশ নিষিদ্ধ। কিন্তু বাংলাদেশ-ম্যানমাৰ সীমান্তলৈ গৈ সাংবাদিকসকলে সৰ্বহাৰাসকলৰ ওচৰৰ পৰা অত্যাচাৰৰ কাহিনী শুনিছে। কওঁতে কওঁতে প্রায় সকলোৱেই কান্দোনত ভাগি পৰিছে। কিছুমানে গাৱঁত মোবাইল ফোনত অত্যাচাৰৰ ভিডিও ৰেকৰ্ডিং কৰিছে, সেইবোৰ তুলি দিছে সাংবাদিকৰ হাতত। যিবোৰ এতিয়া বিশ্ববাসীয়ে দেখিবলৈ পাইছে। দেখিছে বিশ্ব-নেতাসকলে।
কিন্তু ইমানৰ পিছতো বিশ্ব-বিবেক নাজাগিব নে? বিশ্বৰ নেতাসকলৰ টোপনি নাভাঙিবনে? এটা সময়য়ৰ স্বাধীন ৰোহিঙ্গাসকলে বাচি থকাৰ অধিকাৰখিও নাপাব নেকি? নির্যাতিত ৰোহিঙ্গাসকলৰ বহুতেই তেওঁলোকে তেওঁলোকৰ বাসভূমিত স্বাধীনতা লাভ কৰিব বুলি আশা এৰি দিছ। বৰং জেলখানাৰ দৰে আৰাকানৰ পৰা বাংলাদেশসহ অন্যান্য দেশৰ প্রতি তেওঁলোকৰ আকুল আবেদন, “দয়া কৰি আমাৰ কাৰণে সীমান্ত খুলি দিয়ক। আমি আপোনালোকৰ ওচৰত ভাত নিবিচাৰোঁ, কাপোৰ নিবিচাৰোঁ, টকা নিবিচাৰোঁ। বিচাৰোঁ কেৱল বাচিবলৈ অকণমান ঠাই। আমাক দয়া কৰক ভাই, দয়া কৰক।“
#তথ্যসূত্রঃ
১। ৰোহিঙ্গা জাতিৰ ইতিহাস- অধ্যাপক এন এম হাবিবুল্লাহ, বাংলাদেশ
২। উইকিপিডিয়াৰ বিভিন্ন পৃষ্ঠা
৩। বিবিচি-ৰ বিভিন্ন প্রতিবেদন আৰু ভিডিও
৪। আলজাজিৰাৰ বিভিন্ন প্রতিবেদন আৰু ভিডিও
৫। Dhaka Times, Outlook, Washington Post ও অন্যান্য আন্তর্জাতিক সংবাদ মাধ্যম
আলি মোস্তাফা
কোচবিহাৰ
24/11/2016
[লেখাটি আচলতে ২০১৬ চনত উত্তৰৰ ছাৰাদিনত প্রকাশিত মোৰ লেখা “ৰোহিঙ্গা নির্যাতনঃ মানৱতাৰ আর্তনাদ ম্যানমাৰত” ইয়াৰ অংশ। মাজত দইু-এটি বাক্য এডিট কৰা হৈছে।]
অসমীয়া অনুবাদ- Juber Rahman.
মূল লেখাৰ লিঙ্ক