ৰিয়া সংঘটিত হোৱাৰ কেইটামান উপায় এনে ধৰণৰ –

ৰিয়া সংঘটিত হোৱাৰ কেইটামান উপায় এনে ধৰণৰ –
১) ইবাদত বা নেক আমল কৰাৰ পূৰ্বে :- মানুহক দেখাবৰ উদ্দেশ্যে বা প্ৰশংসা লাভৰ উদ্দেশ্যে কোনো নেক আমল বা ইবাদত কৰাৰ বাবে মনত নিয়ত কৰাৰ লগে লগে ৰিয়া সংঘটিত হয় । এনে লোক হয়তোবা মুনাফিক বা উক্ত কৰ্ম্মৰ দ্বাৰা মুনাফিক পৰ্য্যায় পায় । এওঁলোকৰ সম্পৰ্কত আল্লাহ তাআ’লাই কোৰান মজিদৰ চুৰা “নিচা”ৰ ১৪২ নং আয়াতত এনেদৰে কৈছে – “অবশ্যে মুনাফিক সকলে আল্লাহক ধোকা দিয়ে, এওঁলোকে নামাজত অলসভাবে থিয় হয় মাথো মানুহক দেখাবৰ কাৰণে, আল্লাহক খুব কম স্মৰণ কৰে” ।
২) ইবাদত বা নেক আমল কৰাৰ সময়ত :- কোনো লোকে আল্লাহৰ নামত ইবাদত আৰম্ভ কৰাৰ পিছত মানুহে তেওঁক চাই থকা লক্ষ্য কৰিলে তেওঁ বাস্তবিকতে যিমান ধাৰ্ম্মিক তাতকৈ অধিক ধাৰ্ম্মিক দেখুৱাবৰ বাবে ইবাদত অতি সুন্দৰ ও নিখুঁট ভাবে কৰাৰ চেষ্টা কৰে, তেনে অবস্থাত ই ৰিয়ালৈ পৰিবৰ্ত্তন হয় । এনে ধৰণৰ শ্বিৰ্ক অত্যন্ত গোপনীয় আৰু অনুভব কৰা নাযায় ।
৩) ইবাদত হোৱাৰ পিছত :- কোনো লোকে আল্লাহৰ বাবেই ইবাদত কৰাৰ পিছত মানুহৰ প্ৰশংসা পাই গৰ্ব অনুভব কৰে আৰু আনন্দিত হয় আৰু অধিক প্ৰশংসাৰ আশা কৰাৰ ফলত মনত অহংকাৰ ভাব জাগ্ৰত হয় । এনেদৰে এজন ইমানদাৰ লোকক চয়তানে ধোকাৰ ফালে নি নেক আমল বৰবাদ কৰি দিয়ে ।
আমাৰ দৈনন্দিন জীবনত কৰা বিভিন্ন প্ৰকাৰৰ ইবাদত সমূহ যেনে চালাত্, চিয়াম্, জাকাত্, হজ্জ্, কোৰবানী, দান্-খয়ৰাত আদিত ৰিয়া সংঘটিত হোৱাৰ আশংকা থাকে । এই গুৰুত্বপূৰ্ণ ইবাদত সমূহত ৰিয়া সংঘটিত হোৱাৰ উদাহৰণ এনে ধৰণৰ –
• চালাত :- আল্লাহক ৰাজি খুচী কৰাৰ পৰিবৰ্ত্তে মানুহক দেখুৱাবৰ বাবে বা মানুহৰ পৰা প্ৰশংসা পাবৰ বাবে যদি চালাত আদায় কৰা হয় তেন্তে এনে ইবাদত ৰিয়াত পৰিণত হয় ।
• চিয়াম :- চিয়াম বা ৰোজা একমাত্ৰ আল্লাহৰ উদ্দেশ্যে আৰু আল্লাহ তাআ’লাই নিজ হাতে বান্দাক পুৰষ্কৃত কৰিব । গতিকে কোনো ব্যক্তিয়ে আল্লাহৰ সন্তুষ্টিৰ বাদে আন কাৰোবাৰ সন্তুষ্টি লাভৰ কাৰণে চিয়াম পালন কৰিলে বা মানুহক দেখাবৰ বাবে ৰোজা ৰাখিলে বা মানুহৰ ভয়ত ৰোজা ৰাখিলে ৰিয়াত পৰিণত হয় ।
• হজ্জ :- হজ্জ এক আনুষ্ঠানিক ইবাদত, ইয়াৰ প্ৰকৃত উদ্দেশ্য হ’ল আল্লাহ তাআ’লাৰ আদেশ পালনৰ জৰিয়তে তেখেতৰ সন্তুষ্টি অৰ্জ্জন কৰা । কিন্তু এক শ্ৰেণীৰ মানুহে সমাজত সন্মান পাবৰ বাবে আৰু মানুহক দেখুৱাবৰ বাবে হজ্জ পালন কৰা দেখা যায় । এনে নিয়তেৰে কৰা হজ্জ আল্লাহ তাআ’লাৰ সন্তুষ্টি লাভৰ পৰিবৰ্তে মানুহক দেখাবৰ বাবে কৰা হয় আৰু ইয়ে ৰিয়াত পৰিণত হয় ।
• জাকাত ও অন্যান্য দান :- জাকাত এক ফৰজ ইবাদত আৰু একমাত্ৰ আল্লাহৰ উদ্দেশ্যে কৰা হয়, ইয়াৰ বিপৰীতে কোনোবাই যদি মানুহক দেখুৱাবলৈ জাকাত বা দান দিয়ে, তেন্তে এনে দান ও জাকাত ৰিয়াত পৰিণত হব । এনে ধৰণৰ জাকাত্,দান্-খয়ৰাত আল্লাহৰ ওচৰত অগ্ৰাহ্য হব আৰু বিনিময়ত একো পোৱা নাযাব ।
• কোৰবানী :- কোৰবানীৰ ক্ষেত্ৰতো দেখা যায় বহুতে কোৰবানীৰ প্ৰকৃত গুৰুত্ব ও মাহাত্ম্য নুবুজাকৈ এক প্ৰতিযোগিতাৰ মনোভাবেৰে সমাজত প্ৰশংসা বুটলিবলৈ ডাঙৰ ও দামী পশু খৰিদ কৰি কোৰবানী দিয়ে, এনে কোৰবানী ৰিয়াত পৰিণত হয় ।

✍✍. IKRAMUL Hussain 

Leave a comment