তেওঁৰ জন্মদিন সম্পর্কে তেওঁ নিজেই কৈ গৈছে।
চাহাবী আবু ক্বাতাদা আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে- “ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামক সোমবাৰে (নফল) ছিয়াম (ৰ মহত্বৰ কাৰণ) সম্পর্কে প্রশ্ন কৰাত তেওঁ কয়- এই দিনত মই জন্মগ্রহণ কৰিছিলোঁ আৰু এই দিনতেই মোৰ ওপৰত (প্রথম) ওহী নাযিল হৈছিল। (ছহীহ মুছলিম, হাদীছ নং ১১৬২)
গতিকে নবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ জন্ম আৰু তেওঁৰ নবুৱাতৰ শুকৰিয়া স্বৰূপে প্রতি সোমবাৰে নফল ৰোযা ৰখা ছুন্নাত। কিন্তু জন্মদিনত ৰোযা ৰখা ছুন্নাত হ’লেও জন্ম তাৰিখ (অর্থাৎ জন্মবার্ষিকী) পালন কৰাৰ কথা তেওঁ ক’তো কোৱা নাই, চাহাবীসকলেও কেতিয়াবা কৰিছে বুলি কোনো প্রমাণ নাই। তাৰোপৰি জন্ম তাৰিথ সম্বন্ধে মতভেদ আছে।
গতিকে নবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ জন্মৰ কাৰণে বছৰত এবাৰ নহয়, ৫২বাৰ আপুনি শুকৰিয়া আদায় কৰিব লাগিব আৰু শুকৰিয়া আদায়ৰ একমাত্র স্বীকৃত পদ্ধতি হ’ল ৰোযা ৰখা। মীলাদ মাহফিল কৰা বা ইয়াৰ বিপৰীতে ভোজন অনুষ্ঠান কৰা নহয়। এতেকে জন্মদিন পালন কৰা ছুন্নাত আৰু জন্ম তাৰিখ (বার্ষিকী) পালন কৰা বিদ‘আত। জন্মৰ দিন সপ্তাহত এবাৰ আহে। আকৌ জন্মৰ তাৰিখ আহে বছৰত এবাৰ।
~শাইখ আহমাদ উল্লাহ
#JBR