ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ কন্যা ফাতিমা (ৰাঃ)-ক উদ্দেশ্য কৰি ক’লে, হে ফাতিমা বিনতে মুহাম্মাদ! তুমি নিজকে জাহান্নামৰ জুইৰ পৰা বচোঁৱা।

~~~
 ★আল-হাদিছ:-
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ কন্যা ফাতিমা (ৰাঃ)-ক উদ্দেশ্য কৰি ক’লে, হে ফাতিমা বিনতে মুহাম্মাদ! তুমি নিজকে জাহান্নামৰ জুইৰ পৰা বচোঁৱা। মই ক্কিয়ামতৰ দিনা আল্লাহৰ শাস্তিৰ পৰা তোমাক ৰক্ষা কৰাৰ কাৰণে একোৱেই কৰিব নোৱাৰিম’ (মুছলিম হা/২০৪; মিশকাত হা/৫৩৭৩)
   এতিয়া উক্ত হাদিছটোত লক্ষ্য কৰক, ইয়াত আল্লাহৰ নবী(ছ:) এ নিজৰ অতি মৰমৰ জীয়ৰী ফাতিমা(ৰা:)ক ও আল্লাহৰ আজাবৰ পৰা বচাব নোৱাৰে বুলি কৈছে যদিহে নেক আমাল নকৰে আৰু বদ আমালৰ পৰা বাছি নাথাকে । তেন্তে চিন্তা কৰক আমাৰ দৰে সাধাৰণ মানুহৰ কি অৱস্থা হব যিদিনা সকলোৱে আল্লাহৰ সন্মুখত নিজৰ কৃতকৰ্মৰ হিচাপ দিব লাগিব ।
  ★ কুৰআনৰ বাণী:-
 ২:৪৮ আৰু তোমালোকে সেইদিনটোক ভয় কৰা যিদিনা কোনোৱেই কাৰো কামত নাহিব। আৰু কাৰো ছুপাৰিছ গ্ৰহন কৰা নহ’ব লগতে কাৰো পৰা কোনো বিনিময়ো লোৱা নহ’ব, আৰু সিহঁতে সহায় প্ৰাপ্তও নহ’ব।

   সেইবাবে সময় থাকোতেই মৃত্যুৰ আগে আগে গুনাহৰ পৰা তৌবাহ কৰি কুৰআন আৰু চুন্নত মোতাবিক জীৱন অতিবাহিত কৰাৰ আৰম্ভ কৰক । আল্লাহ তাআলাই আমাক সকলোকে হিদায়ত দান কৰক । আমীন
  【Note:- আল্লাহৰ অনুমতিত মুহাম্মাদ(ছ:) এ মুমিন(প্ৰকৃত মুছলিম) ব্যক্তিৰ চুপাৰিছ কৰিব】

Leave a comment