ৰাছুল(ছা:)ৰ ছহীহ হাদীছৰ বিৰোধিতা কৰিলে জাহান্নাম অৱধাৰিত

প্রকৃততে হাদীছ হ’ল মহান আল্লাহতাআলাৰ পোনপটীয়া অহী । পৱিত্ৰ কুৰআন হ’ল অহীয়ে মাতলু, যি তিলাৱাত কৰা হয় । আনহাতে, হাদীছ হ’ল অহীয়ে গায়িৰ মাতলু, যি তিলাৱাত কৰা নহয় । মহান আল্লাহতাআলাই কয়,”তেওঁ মনেসজা কথা নকয়, এয়া তেওঁৰ প্ৰতি প্রত্যাদেশ হোৱা ঐশীবাণীহে ।”–ছূৰা নজম, আয়াত নং ৩,৪ । “আল্লাহে তোমাৰ ওপৰত কিতাব আৰু হিকমত  (চুন্নাহ) নাজিল কৰিছে আৰু তোমাক এনে জ্ঞানৰ শিক্ষা দিছে, যিবোৰ তুমি জনা নাছিলা । তোমাৰ ওপৰত আল্লাহৰ অপৰিসীম অনুগ্ৰহ আছে ।”–ছূৰাতুন নিছা, আয়াত নং ১১৩ । “ৰছূলুল্লাহ ছল্ললাহু আলাইহি ৱা চাল্লামে তোমালোকক যি প্ৰদান কৰিছে, সেয়া গ্ৰহণ কৰা আৰু যি নিষেধ কৰিছে, তাৰপৰা বিৰত থাকা ।”–ছূৰাতুল হাচৰ, আয়াত নং ৭

হাদীছ হ’ল পৱিত্ৰ কুৰআনৰ ব্যাখ্যা স্বৰূপ

এই সন্দৰ্ভত আল্লাহে কয়,”আমি তোমাৰ প্ৰতিও এই জিকৰ অৱতীৰ্ণ কৰিলোঁ, যাতে তুমি মানুহক ব্যাখ্যা-বিশ্লেষণ কৰি বুজাই দিব পাৰা যে তেওঁলোকৰ বাবে কি অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁলোকে যাতে চিন্তা-গৱেষণা কৰে ।”–ছূৰা নাহল, আয়াত নং ৪৪

হাদীছৰ অনুসৰণ অবিহনে কোনো লোক মু’মিন হ’ব নোৱাৰে

আল্লাহে কয়,”তোমাৰ প্ৰতিপালকৰ শপত ! সিহঁত কেতিয়াও মু’মিন হ’ব নোৱাৰে, যেতিয়ালৈকে সিহঁতে সিহঁতৰ পাৰস্পৰিক বাদ-বিবাদৰ বিচাৰ কাৰ্যত তোমাক মিমাংসাকাৰীৰূপে মানি নল’ব । ইয়াৰ পিছত তুমি যি মিমাংসা কৰিবা, সেই বিষয়ে সিহঁতে কোনো দ্বিধাবোধ কৰিব নোৱাৰিব, বৰং সেয়া সৰ্বান্তঃকৰণে মানি ল’ব লাগিব ।”–ছূৰাতুন নিছা, আয়াত নং ৬৫

হাদীছৰ বিৰোধিতা কৰাটো হ’ল কুফৰী

“তোমালোকে আল্লাহ আৰু ৰছূলৰ আনুগত্য কৰা । এই কথা যদি সিহঁতে অমান্য কৰে, (নিশ্চয়) আল্লাহে অবিশ্বাসীবোৰক ভাল নাপায় ।–ছূৰা আলি ইমৰান, আয়াত নং ৩২

হাদীছ অনুসৰণৰ অৰ্থ আল্লাহৰ অনুসৰণ

“যিজনে ৰছূলৰ আনুগত্য কৰে, তেওঁ প্ৰকৃততে আল্লাহৰ আনুগত্য কৰি আৰু যিবিলাকে মুখ ঘূৰায়, সিহঁতক পহৰা দিবলৈ আমি তোমাক পঠোৱা নাই ।”–ছূৰা নিছা, আয়াত নং ৮০

হাদীছৰ বিৰোধিতা কৰিলে জাহান্নাম অৱধাৰিত

“যিবিলাকে আল্লাহ আৰু তেওঁৰ ৰছূলৰ নাফৰমানি কৰিব, সিহঁতৰ বাবে জাহান্নামৰ জুই । তাত সিহঁত চিৰকাল থাকিব ।”–ছূৰা জিন্ন, আয়াত নং ২৩

হাদীছৰ বিৰোধিতা কৰিলে দুনিয়া-আখিৰাতত ফিতনাত পৰাটো সুনিশ্চিত

“ৰছূলৰ আদেশ অমান্যকাৰীবিলাকৰ যেন কোনো বিপৰ্যয় নঘটে, কিম্বা সিহঁতক কঠোৰ শাস্তিয়ে যেন আক্ৰান্ত নকৰে, তাৰ বাবে সিহঁত সাৱধান হোৱা উচিত ।”–ছূৰা নূৰ, আয়াত নং ৬৩

Leave a comment