বহুতৰে বাবে অপ্ৰিয় হলেও সমাজৰ চিন্তাশীল সচেতন আল্লাহভীৰু ব্যক্তি সমাজে আজি চিন্তা কৰে যে _ নিশ্চয় গভীৰ ৰহস্যজনক ষড়যন্ত্ৰৰে পৰিচালিত হৈ আছে দিল্লী ৱালা তবলীগ জামাত !! আজিৰে পৰা মাত্ৰ ৯০ টি মান বছৰৰ আগতে এগৰাকী বিশেষ ব্যক্তিৰ সপোনৰ মাধ্যমত অঙ্কুৰিত হৈছিল এই বিশেষ জামাত !! অথচ মহানবী মুহাম্মদ ( চঃ) ৰ মাধ্যমত আল্লাহৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ওহীৰ জৰিয়তে পৰিপূৰ্ণ ইছলাম ভূমিস্থ হোৱাৰ কাল আজি প্ৰায় ১৫০০ বছৰ অতিক্ৰম কৰিলে ! স্বাভাৱিকতে প্ৰশ্ন উৎ্থাপিত হয় যে , সম্পূৰ্ণ এক নিজস্ব নিতী নিয়মৰ কঠোৰ আধাৰত পূৰ্নাংঙ্গ ইছলামৰ জন্মৰ প্ৰায় ১৪০০ বছৰৰ পাছত এনে এটি বিশেষ দলৰ কিয় জন্ম হব লগা হল ?? সঁচাকৈয়ে প্ৰচাৰ চলোৱাৰ দৰে মহান চাহাবা সকলৰ পবিত্ৰ আদৰ্শৰে কোৰআন হাদীছৰ আধাৰত এই জামাত প্ৰতিষ্ঠিত হয়নে ?? ইছলামৰ ইতিহাসত নবী (চঃ) য়ে জীৱনত এবাৰৰ বাবে হলেও কেতিয়াবা ঘৰ পৰিয়াল এৰি নিদিষ্ট ভাবে ধাৰ্য্য কৰি দিয়া ৩ দিন , ৪০ দিন আদিত কোনো চাহাবাৰ দলক কিচ্ছা কাহিনীৰে দ্বীন প্ৰচাৰ কৰিবলৈ মকৰল কৰিছিল নে ?? বাস্তৱ প্ৰশ্ন দাঙি ধৰিছো , অনুগ্ৰহ কৰি আলৌকিক চিন্তা ধাৰাৰ বশৱৰ্ত্তী হৈ অবান্তৰ যুক্তিৰে গালি দিয়াৰ প্ৰয়াস কৰাতকৈ ত্বথ্যভিত্তিক ভাবে যদি পাৰে উত্তৰ দিয়ক !!
হয় স্বীকাৰ কৰোঁ যে , বাহিৰৰ পৰা পাহাৰ এখনৰ দৃশ্যৰাজী যেনেকৈ অধিক মনোমোহা , তদ্ৰুপ দৃষ্টিভংগীৰে এই জামাতকো বাহ্যিক দৃষ্টিৰে চালে অতি সুন্দৰ দেখা যায় !! কিন্তু ভিতৰত প্ৰকৃততে কি হৈ আছে ?? আলীম উলেমা সকল নেপথ্যত থাকি কিয় আজি জামাতৰ সৈতে ঘৰ বাৰী এৰি উলাই যোৱা দেখা নাযায় ?? জন্মৰ পাছৰ প্ৰায় ১৪০০ বছৰে কিয় মানুহে জান্নাতলৈ যোৱা ইমান এটি সঠিক (!) পদ্ধতি বাছি উলিয়াবলৈ সক্ষম হোৱা নাছিল ?? শতকৰা কিমান শতাংশ শিক্ষিত চালাত আদায় কৰা ব্যক্তি এই জামাতৰ সৈতে প্ৰত্যক্ষ ভাবে জড়িত হৈছে ?? এনেবোৰ অসংখ্য গুৰুত্বপূৰ্ণ প্ৰশ্নৰ কোনো আজি সঠিক উত্তৰ নাই ??
জানিব বিচাৰিম কিয় আজি এই জামাতৰ সৰ্বোচ্চ মুখিয়াল চাদ চাহাবে কোৰআন হাদীছৰ বিৰুদ্ধে গৈ সাধাৰণ মানুহক গুমৰাহ কৰিছে বুলি সৌ সিদিনা স্বয়ং দাৰুল উলুম দেওবন্দে মুকলি ফতোৱা জাৰি কৰিব লগা হল ?? সময়ে সময়ে কিয় এই মূখ্য পদবী কেৱল নিজ পৰিয়ালৰ ভিতৰতে খামুচি ধৰাৰ বিৰুদ্ধে সৃষ্টি হোৱা ৰক্তাক্ত পৰিস্থিতি ও কোটি কোটি টকাৰ বিত্তিয় বিষয় সংক্ৰান্তীয় বাতৰি ৰাষ্ট্ৰীয় টেলিভিচনত প্ৰকাশ পাবলগীয়া হৈছে ?? ৰহস্যজনক ভাবে এনে ধৰণৰ বাতৰি সমূহ জামাতৰ সদস্য সকলে অৱগত নহবৰ বাবে টেলিভিচন , মবাইল , ইন্টাৰনেট আদিৰ পৰা আঁতৰি থাকিবলৈ তেওঁলোকৰ মাজত এক ঘোষিত মানসিকতাৰ গঢ় দিয়া হৈছে !
প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জড়িত হৈ দেখা গৈছে , গৰিষ্ঠ সংখ্যক অশিক্ষিত লোকক সাঙুৰি মুষ্টিমেয় একেবাৰে কম সংখ্যক তথাকথিত শিক্ষিত লোকৰ পৰিচালনাৰে দিল্লী মৰকজৰ তত্বাৱধানত ই এক সদস্য ভৰ্ত্তিৰ অভিনৱ অভিযান !! কোন সমাজত কিমান বেছি সদস্য অৰ্ন্তভূক্ত কৰি তাৰ খতিয়ন দিল্লীলৈ পঠিয়াই নিজ নিজ মহল্লাৰ পৰা কোনে কিমান জামাত পঠাব পাৰে , তাৰেই এক অঘোষিত প্ৰতিযোগিতা !! কোৰআন হাদীছৰ সৈতে প্ৰত্যক্ষ সংযোগ বিছিন্ন কৰি মূখ্যতঃ চুফীবাদী আদৰ্শৰ আলৌকিক কল্প কাহিনীৰ বহুল প্ৰচাৰিত কিতাব ” ফাজাইলে আমল ” ৰ মাজত মানুহৰ বৌদ্ধিক চিন্তাধাৰা সীমিত কৰি ৰখাই দেখা গৈছে এই জামাতৰ এক অন্যত্বম উদ্দেশ্য !! দলীয় সদস্য সমাবেত কৰি অস্তিত্ব প্ৰদৰ্শনৰ বাবে প্ৰতিবছৰে স্থানীয় ও আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ” ইজতেমাৰ” আয়োজন কৰা পৰিকল্পিত সিদ্ধান্ত সমূহো নিশ্চয় লক্ষ্যনীয় !!
সন্মানীয় দ্বীনি ভাইসকল ! আমি বুজিবলৈ চেষ্টা কৰা উচিত যে আল্লাহে আমাক আনৰ ইমানৰ গঢ় দিবলৈ দায়িত্ব দিয়া নাই । আল্লাহে নিৰ্দ্ধাৰণ কৰি দিয়া কোৰআন হাদীছৰ প্ৰত্যক্ষ জ্ঞান লোৱাটো আমাৰ সকলোৰে বাবে প্ৰথমতে আল্লাহে বাধ্যতামূলক কৰি দিছে । সেই জ্ঞান আমি আহৰণ কৰি তাৰ ওপৰত যথাযথ ভাবে নিজে আমল কৰিহে আৰ্জিত জ্ঞান ত্বথ্য সহকাৰে প্ৰথমতে নিজৰ পৰিয়াল ও তাৰ পাছত আনৰ বাবে প্ৰচাৰ কৰাটোহে মুমিনৰ প্ৰতি আল্লাহৰ আদেশ । দূৰ্ভাগ্যজনক কথা যে, আমি নিজেই ত্বাওহীদ্ , শীৰ্ক বিদআতৰ প্ৰাথমিক জ্ঞানেই আহৰণ কৰাৰ চেষ্টা নকৰি আনক লৈ ব্যস্ত হৈ পৰিছো ! ঘৰ বাৰী এৰি মেহনতৰ নামত ঘুৰি আছোঁ যদিও দেখা যায় গৰিষ্ঠ সংখ্যক তেনে লোকৰ নিজৰ লৰা ছোৱালীৰে চালাতৰ সৈতে সম্পৰ্ক নাই !! আল্লাহে প্ৰথমতে ব্যক্তিগত আমলৰ হিচাব লব , সেই আমল ১০০% শীৰ্ক বিদআতৰ পৰা মুক্ত হব লাগিব ! আমি যদি এই গুৰুত্বপূৰ্ণ বিষয় সমূহৰ প্ৰকৃত জ্ঞান অৰ্জন নকৰো , তেন্তে নিজক তাৰ পৰা মুক্ত কৰিম কেনেকৈ ?? তাওহীদ সম্পৰ্কীয় ৰুবুবিয়্যাহ , উলুহিয়্যাহ ও আচমা ওয়াচ চিফাতৰ জ্ঞান নাথাকিলে কেনেকৈ নিজক তাওহীদৰ ওপৰত প্ৰতিষ্ঠা কৰিম ?? এই মূখ্য বিষয় কেইটিত বিঘিনি ঘটাই কৰা যিকোনো ইবাদত আল্লাহৰ দৃষ্টিত মূল্যহীন ! আল্লাহে এই সম্পৰ্কে কোৰআনত বহুতো উপমা দাঙি ধৰিছে , সেই বিষয়ে অৱগত হবলৈ কোৰআন হাদীছ বুজি পঢ়িব লাগিব । জামাতৰ সকলো কিতাব আমি নিজৰ ভাষাত পঢ়াকে পঢ়ি থকাত কোনো বাধা নাই , কোৰআন আৰু বুখাৰী/মুচলীৰ দৰে বিশুদ্ধ গ্ৰন্থ পঢ়াত কিন্তু বাধাই বাধা !! জানিব বিচাৰিম ৰহস্য কি ??
বিতৰ্ক কৰিব নিবিচাৰোঁ , ইন শ্বা আল্লাহ সত্য প্ৰচাৰৰ খতিয়ন আল্লাহৰ ওচৰত জমা হৈ ৰব , তাৰেই আশাৰে আমাৰ এই আস্ফালন ! ইচ্ছা কৰিলে বিবেকক এবাৰ সুধি চাবচোন , উল্লেখিত অভিযোগ সমূহৰ ভিত্তি আছেনে ?? নিজস্ব বিবেচনাই নিজৰ ফলাফল ……………
** প্ৰচাৰাৰ্থে ** # চহীহ আমল ।
Muktabul Hussain