ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, তোমালোকৰ পিছত এনে এটা যুগ আহিব, সেই যুগত চূন্নত ধৰি ৰখা কঠিন হব, কোনোবাই যদি এটা চূন্নত ধৰি ৰাখে, তেওঁ ৫০ জন শ্বহীদৰ নেকী পাব ।

মহান আল্লাহে আমাক যি দৰে অসংখ্য নিয়ামত দান কৰিছে (যি বিলাকৰ শ্বুকৰীয়া আদায় কৰি আমি শেষ কৰিব নোৱাৰো ), তেনেকৈ জন্নত লাভ কৰাৰো বহুতো সুবিধা দিছে । বিচাৰৰ তুলাচনীত নেকীৰ পাল্লা ভাৰি কৰিব পাৰিলেই ইন শ্বা আল্লাহ আমি জন্নত লাভ কৰিম । আল্লাহ দয়াশীল্, আল্লাহৰ এই গুণৰ এশ ভাগৰ এভাগ মানুহ্, জ্বীন সহ সকলো প্ৰাণীৰ মাজত ভগাই দিছে, যাৰ বাবে আমি নিজৰ সন্তান সন্ততিক মৰম কৰো, বিভিন্ন জনৰ ওপৰত দয়াশীল হওঁ, বাকী ৯৯ ভাগ আল্লাহে থৈ দিছে, কিয়ামতৰ দিনা সেই দয়াৰ দ্বাৰা মানুহক জন্নতত দিব । আমাৰ নেকীৰ পাল্লা গধূৰ কৰাৰ বহুতো উপায়ৰ ভিতৰত এটা উপায় হ’ল – চূন্নতক জীবিত কৰা অৰ্থাত আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা চূন্নতৰ ওপৰত পুনৰ আমল কৰা । ত্বাবৰানী কাবিৰ ৰ ১০৩৯৪ নং হাদীছত উল্লেখ আছে, ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, তোমালোকৰ পিছত এনে এটা যুগ আহিব, সেই যুগত চূন্নত ধৰি ৰখা কঠিন হব, কোনোবাই যদি এটা চূন্নত ধৰি ৰাখে, তেওঁ ৫০ জন শ্বহীদৰ নেকী পাব । ওমৰ (ৰাঃ) য়ে সুধিলে, কেনে শ্বহীদৰ চোৱাব ? বদৰৰ যুদ্ধৰ শ্বহীদ নে সেই যুগৰ শ্বহীদ ? তেতিয়া ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কলে, “উমৰ তুমি কি কৈছা ? তেওঁলোকে মোক নেদেখাকে আৰু ৱহী নেদেখাকে বিশ্বাস কৰিব্, গতিকে বদৰৰ যুদ্ধৰ শ্বহীদৰ চোৱাব পাব” । আমাৰ দৈনন্দিন জীবন প্ৰণালীত এনে বহুতো চূন্নত আছে, যাক আমি সাধাৰণতে উপেক্ষা কৰি আহিছো । আহাৰ গ্ৰহণৰ দুটামান হাদীছ এনে ধৰণৰ –
১) হদীছ নং ৫৩৯৬ :- আনচ (ৰাঃ) দ্বাৰা বৰ্ণিত, মোৰ সম্পূৰ্ণ বিশ্বাস মতে ৰছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ডাঙৰ থালত আহাৰ কৰা নাছিল, ভালদৰে সিজোৱা কোমল ৰুটী খোৱা নাছিল আৰু ডাইনিং টেবুলত আহাৰ কৰা নাছিল (বুখাৰী, তৌহীদ প্ৰকাশন্)
২) হদীছ নং ৫৩৯৮ :- আবূ জুহাইফাহ দ্বাৰা বর্ণিত । তেখেতে কৈছে, , নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, মই হেলান দি খাদ্য গ্রহণ নকৰো । [1] [ তৌহীদ প্ৰকাশন)
[1] ইছলামত হেলান দি খাদ্য খাব নিষেধ কৰিছে, কাৰণ হেলান দি বহি খালে তিনিটা অপকাৰিতা আছে,
(ক্) খোৱা খাদ্য ভালদৰে চোবাব নোৱাৰি, ফলত যি পৰিমাণৰ লালতি খাদ্যৰ লগত মিহলি হব লাগে সেই পৰিমাণৰ মিহলি নহয়, যাৰ কাৰণে পাকস্থলীত হজম প্ৰক্ৰিয়া ক্ষতিগ্ৰস্ত হয়
(খ্) হেলান দি খালে পাকস্থলী প্ৰশস্ত হয় ফলত অপ্ৰয়োজনীয় ভাবে বেচি খোৱা হয় যাৰ বাবে হজম প্ৰক্ৰিয়াত বিৰূপ প্ৰতিক্ৰিয়া হয়
(গ্) হেলান দি খালে অন্ত্ৰ ও যকৃতৰ কাৰ্য্যক্ৰম ব্যাহত হয়, এই কথা অভিজ্ঞতা দ্বাৰা প্ৰমাণিত (চুন্নতে ৰছুল ﷺ ও আধুনিক বিজ্ঞান – ডাঃ মুহাম্মাদ তাৰিক মাহমুদ )
৩) হদীছ নং ৫৪১৫ :- আনচ ইবনু মালিক (ৰাঃ) দ্বাৰা বর্ণিত । তেখেতে কৈছে, ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কেতিয়াও ওখ টেবুলৰ ওপৰত আহাৰ কৰা নাছিল্, আৰু সৰু সৰু বাটিত আহাৰ কৰা নাছিল আৰু তেখেতৰ বাবে পাতলা ৰুটী তৈয়াৰ কৰা হোৱা নাছিল । ইউনুচে কৈছে, মই ক্বাতাদাহক সুধিলো, তেতিয়া হলে তেখেতে কিহৰ ওপৰত আহাৰ কৰিছিল ? তেখেতে কলে : দস্তৰখানাৰ ওপৰত [1] ( বুখাৰী, তৌহীদ প্ৰকাশন )
[1] পেথলজীৰ এজন ডাক্তৰে প্ৰমাণ কৰি পাইছে যে, যদি সকলোৱে মিলি একেলগে আহাৰ কৰে, তেন্তে আহাৰ গ্ৰহণ কৰা সকলোৰে জীবাণু মিলিত হৈ যায়, যি ৰোগৰ বীজাণু নিঃশেষ কৰি দিয়ে ফলত খোৱা আহাৰ বীজাণু মুক্ত হৈ পৰে আৰু কেতিয়াবা ৰোগ আৰোগ্যৰ জীবাণু মিলিত হৈ সমগ্ৰ খাদ্যাহাৰ আৰোগ্য কৰি তোলে যিটো পাকস্থলীৰ ৰোগৰ বাবে অতিকে উপকাৰী (বুখাৰী, তৌহীদ প্ৰকাশন্)

✍✍✍.. Ikramul hussain 

Leave a comment