*৪০টি হাদিছ, নিজে পঢ়ক, অন্যকো পঢ়িবলৈ শ্বেয়াৰ কৰক,*
👉✍১। মোৰ কথা (অন্যসকলৰ ওচৰত) প্ৰচাৰ কৰা, সেয়া যদি এটি আয়াতো হয়। (ছহীহ বুখাৰীঃ ৩২১৫)
👉✍২। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, কোনো ব্যক্তি মিথ্যাবাদী হোৱাৰ কাৰণে ইমানখিনিয়েই যথেষ্ট যে, সি যি শুনে (যাচাই ব্যতীত) তাকেই প্ৰচাৰ কৰি ফুৰে। (ছহীহ মুছলিম, মুকাদ্দামা, অনুচ্ছেদ -৩)
👉✍৩। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, যি ব্যক্তিয়ে মোৰ প্রতি মিথ্যা আৰোপ কৰিব সি জাহান্নামত যাব। (ছহীহ বুখাৰীঃ ১০৭, ১০৯, ১০৯, ১১০, ১১১ ছহীহ মুছলিম, মুকাদ্দামা)
👉✍৪। পিতা-মাতাৰ সন্তুষ্টিত আল্লাহ্ সন্তুষ্ট আৰু পিতা-মাতাৰ অসন্তুষ্টিত আল্লাহ্ অসন্তুষ্ট। (তিৰমিযী, চনদ হাছান, মিশকাত হা/৪৭১০)
👉✍৫। পাঁচ ওৱাক্ত ছালাত আদায় কৰিলে পঞ্চাশ ওৱাক্ত ছালাতৰ ছওৱাব পোৱা যায়। (ছহীহ বুখাৰী, ছহীহ মুছলিম ও তিৰমিযীঃ ২১৩)
👉✍৬। কোনো ব্যক্তি আৰু শ্বিৰ্ক-কুফৰৰ মাজত ছালাত পৰিত্যাগ কৰাই হৈছে ব্যৱধান। (ছহীহ মুছলিমঃ ১৫৪, ১৫৫, মিশকাত)
👉✍৭। ক্কিয়ামতৰ দিনা বান্দাৰ আমলসমূহৰ ভিতৰত সর্বপ্রথম ছালাতৰ হিচাব লোৱা হ’ব। (ছহীহ তিৰমিযীঃ ৪১৩, ইবনু মাযাহঃ ১৪২৫, ১৪২৬)
👉✍৮। যি ব্যক্তিয়ে ফজৰ আৰু আছৰৰ নামায আদায় কৰিব সি জান্নাতত প্ৰৱেশ কৰিব। (ছহীহ বুখাৰীঃ ৫৪৬)
👉✍৯। আল্লাহ্ তা‘আলাৰ ওচৰত প্রিয় সেই আমল যিটো নিয়মিত কৰা হয় যদিও সেইটো কম হয়। (ছহীহ বুখাৰীঃ ৪১, ৬০২০)
👉✍১০। যি ব্যক্তিয়ে (পুৰুষ) ভৰিৰ সৰুগাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধিব, সি জাহান্নামী। (ছহীহ বুখাৰীঃ ৫৩৭১, মিশকাত, হা/৪১২৫)
👉✍১১। কালজিৰাত মৃত্যুৰ বাহিৰে আন সকলো ৰোগৰ চিকিৎসা আছে। (বুখাৰী, হা/৫২৮৬ ও মুছলিম)
👉✍১২। নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামে মিষ্টি আৰু মধু খুব ভাল পাইছিল। (বুখাৰী, হা/৫২৮০)
👉✍১৩। যিসকলে মোৰ ছুন্নাতৰ প্রতি বিৰাগ পোষণ (অনিহা প্রকাশ) কৰিব, তেওঁলোক মোৰ উম্মতৰ অন্তর্ভূক্ত নহয়। (ছহীহ বুখাৰীঃ ৪৬৯৭)
👉✍১৪। যি ব্যক্তিয়ে বিদ’আত সৃষ্টি কৰিব আৰু আশ্রয় দিব তাৰ ওপৰত আল্লাহ্ তা’আলাৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানৱ সম্প্রদায়ৰ লানত । (ছহীহ বুখাৰীঃ ৬৮০৮)
👉✍১৫। যাৰ অন্তৰত সৰিয়হ সমপৰিমাণ ঈমান আছে, সি জাহান্নামত নাযাব। আনহাতে যাৰ অন্তৰত সৰিয়হ সমপৰিমাণ অহংকাৰ আছে সি জান্নাতত নাযাব। (মুছলিম, মিশকাত হা/৫১০৮)
👉✍১৬। যি ঘৰত কুকুৰ আৰু (প্রাণীৰ) ছবি থাকে, সেই ঘৰত ৰহমতৰ ফিৰিস্তা প্রৱেশ নকৰে। (ছহীহ বুখাৰীঃ ২৯৯৮, ৫৫২৫, মিশকাত হা/৪২৯৮)
👉✍১৭। তিনি ব্যক্তিৰ প্ৰতি কিয়ামতৰ দিনা আল্লাহে কৰুণাৰ দৃষ্টি নিদিব আৰু সিহঁতৰ কাৰণে আছে কঠিন শাস্তি-
(ক) ভৰিৰ সৰুগাঁঠিৰ তললৈ ওলোমাই কাপোৰ পৰিধানকাৰী পুৰুষ,
(খ) খোঁটাদানকাৰী আৰু
(গ) মিছা কছমত পণ্য বিক্রয়কাৰী। (মুছলিম, মিশকাত হা/২৬৭৩)
👉✍১৮। “যি ব্যক্তিৰ মৃত্যু হ’ল অথচ জিহাদ কৰা নাই, আনকি জিহাদৰ আকাঙ্খাও ব্যক্ত কৰা নাই, সি মুনাফিকৰ দৰেকৈ মৃত্যুবৰণ কৰিলে।” (ছহীহ মুছলিমঃ ৪৭৭৯, নাছাঈঃ ৩০৯৯)
👉✍১৯। আত্নীয়ৰ সৈতে ভাল ব্যৱহাৰ কৰিলে ৰিযিক আৰু হায়াত বৃদ্ধি পায়। (ছহীহ বুখাৰীঃ ৫৫৫৯, ৫৫৬০)
👉✍২০। কোনোবাই ছওৱালৰ পৰা পবিত্র থাকিব বিচাৰিলে আল্লাহে তাক পবিত্র ৰাখে। যিয়ে অমুখাপেক্ষী থাকিব বিচাৰে, আল্লাহে তাক অমুখাপেক্ষী ৰাখে আৰু যিয়ে ধৈর্য ধাৰণ কৰিব বিচাৰে, আল্লাহে তাক সেইটো দান কৰে। ধৈর্যতকৈ অধিক ব্যাপক আন একো দান কৰা হোৱা নাই। (ছহীহ বুখাৰী, হা/১৪৬৯, ছহীহ মুছলিম, ছহীহ আবু দাউদ, হা/১৬৪৪)
👉✍২১। বিনা হিচাবে জান্নাতত যাব (সত্তৰ হাজাৰ) সেইসকল লোক যিসকলে অশুভ অমঙ্গল চিহ্ন নামানে, যিসকলে জৰা-ফুকা নকৰে, যিসকলে মন্ত্র-তন্ত্রৰ আশ্ৰয় নলয় আৰু জুইত পোৰা লোহাৰ দাগ নলগায়; বৰং সদা-সর্বদা তেওঁলোকৰ পৰোৱাৰদিগাৰৰ ওপৰত পূর্ণ ভৰসা ৰাখে। (ছহীহ বুখাৰী, হাদিছ ৫৩৪১, ৬২৮, ৬০৯৯)
👉✍২২। যি ব্যক্তিয়ে নিষ্ঠাৰ সৈতে শ্বহীদি মৃত্যু কামনা কৰে, আল্লাহে তাক শ্বহীদসকলৰ মর্যাদালৈ পৌছাই দিব, যদিও সি তাৰ বিছনাত মৃত্যুবৰণ কৰে। (ছহীহ মুছলিমঃ ৪৭৭৮)
👉✍২৩। যেতিয়া কোনো ব্যক্তিয়ে তাৰ ভায়েকৰ অনুপস্থিতিত তাৰ কাৰণে দু’আ কৰে, তেতিয়া ফিৰিস্তাসকলে কয়, আমিন, আৰু তোমাৰ কাৰণেও অনুৰূপ হ’ব। (ছহীহ মুছলিম আৰু আবু দাউদ, হাঃ ১৫৩৪)
👉✍২৪। কোনো ব্যক্তি বেয়া হোৱাৰ কাৰণে অশ্লীল কথা কোৱা আৰু কৃপণ হোৱাই যথেষ্ট। (আহমাদ, মিশকাত হা/৪৬৯৩)
👉✍২৫। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: “যি ব্যক্তিয়ে প্রতি ফৰয নামাযৰ শেষত আয়াতুল কুৰছী পঢ়ে, তাৰ জান্নাতত প্রৱেশ কৰিবলৈ মৃত্যুৰ বাহিৰে কোনো বাধা নহ’ব। (ছহীহ আল্ জামে :৬৪৬৪, নাছাঈ, ইবনে হিব্বান, ত্বাবৰানী, আল্লামা আলবানী ৰহ. ৰ চিলচিলাতুল আহাদিছ আচ-ছহীহা খণ্ড দুই হাদিছ নং-৯৭২)
👉✍২৬। যি ব্যক্তিয়ে অজু কৰে আৰু অজু পূৰণাংগৰূপে সম্পন্ন কৰে, তাৰ পিছত কালিমা শ্বাহাদাত পাঠ কৰে, তাৰ কাৰণে জান্নাতৰ ৮ খন দৰ্জাই খুলি যায়। সি যি দৰ্জাৰে ইচ্ছা জান্নাতত প্রৱেশ কৰিব পাৰিব। (ছহিহ মুছলিমঃ ৪৬০, তিৰমিযীঃ ৫৫, ইবনু মাযাহঃ ৪৭০)
👉✍২৭। যি ব্যক্তিয়ে দিনত এবাৰ আৰু ৰাতি এবাৰ আন্তৰিকতাৰ সৈতে ছায়্যিদুল ইস্তেগফাৰ পাঠ কৰে যদি সি দিনত বা ৰাতি মাৰা যায়, তেনেহ’লে সেই ব্যক্তি জান্নাতি। (ছহীহ বুখাৰী-৫৮৬৭)
👉✍২৮। অজু কৰাৰ সময়ত কোনো ব্যক্তিয়ে যদি উত্তমৰূপে অজু কৰে তেনেহ’লে তাৰ শৰীৰৰ সকলো গুণাহ বাহিৰ হৈ যায়। আনকি তাৰ নখৰ ভিতৰৰ গুণাহো বাহিৰ হৈ যায়। (ছহীহ মুছলিমঃ ৪৮৪, ৪৮৫)
👉✍২৯। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, তোমালোকৰ মাজত সেই ব্যক্তি সর্বোত্তম যিয়ে কুৰআন শিকে আৰু অন্যকো শিক্ষা দিযে়। (ছহীহ বুখাৰীঃ ৪৬৬১, ৪৬৬২)
👉✍৩০। কুৰআন পাঠত দক্ষ ব্যক্তি উচ্চ মর্যাদাসম্পন্ন ফিৰিস্তাসকলৰ সঙ্গী হ’ব। আকৌ যি ব্যক্তিয়ে কুৰআন পঢ়াৰ সময়ত আটকে যায় আৰু কষ্ট কৰি তিলাওৱাত কৰে তাৰ কাৰণেও আছে দ্বিগুণ ছওৱাব। (ছহীহ বুখাৰী- ৪৯৩৭, মুছলিম আবু দাউদ- ১৪৫৪ ক্কাতাদাহৰ পৰা)
👉✍৩১। ৰাছুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, যেতিয়া তোমালোকৰ কোনোৱে মছজিদত প্রৱেশ কৰিব, তেতিয়া সি যেন দুই ৰাকাত ছালাত আদায় নকৰাকৈ নবহে।” (বুখাৰী হা/৪৪৪, ১১৬৭; মুছলিম হা/৭১৪; তিৰমিযী হা/৩১৬; নাছাঈ হা/৭৩০; আবু দাউদ হা/৪৬৭; ইবনু মাজাহ হা/১১২৩; আহমাদ হা/২২০১৭, ২২০৭২, ২২০৮৮, ২২১৪৬; দাৰেমী হা/১৩৯৩)
👉✍৩২। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ আমাৰ প্রত্যেক উম্মতৰ গুণাহ মাফ হ’ব, কিন্তু যিয়ে গুণাহ কৰি কৈ ফুৰে, তাৰ গুনাহ মাফ নহয়। (ছহীহ বুখাৰীঃ ৫৬৪৩, ছহীহ মুছলিমঃ ৭২৬৭)
👉✍৩৩। ইউছায়ৰাহ (ৰাঃ)ৰ সূত্রে বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক নির্দেশ দিছেঃ তোমালোকে তাকবীৰ, তাকদীছ আৰু তাহলীল এইবোৰ খুব ভালদৰে মনত ৰাখিবা আৰু এইবোৰক আঙুলিত গণি ৰাখিবা। কিয়নো আঙুলিবোৰক প্ৰশ্ন কৰা হ’ব আৰু এইবোৰেও সেইদিনা (ক্কিয়ামতত) কথা কব। (আবু দাউদ, হা/১৫০১, আলবানীৰ মতে হাছান, তিৰমিযী, হা/৩৫৮৫, তিৰমিযীৰ মতে গৰীব, আহমাদ, ৬/৩৭০)
👉✍৩৪। যি ব্যক্তিয়ে দুনিয়াত কোনো ব্যক্তিৰ দোষ-ত্রুটি গোপন ৰাখিব কিয়ামতৰ দিনা আল্লাহ্ তা’আলাও তাৰ দোষ-ত্রুটি গোপনে ৰাখিব। (ছহীহ মুছলিমঃ ৬৩৯২, ৬৪০৮, ৬৩০৯)
৭
👉✍৩৫। বিদাতীয়ে হাউজে কাওছাৰৰ পানী পিবলৈ নাপাব। (ছহীহ বুখাৰীঃ ৬১২৭, ৬৫৭৩, মুছলিমঃ ৫৭৯৯, ৫৮০২, ৫৮০৩)
👉✍৩৬। যি ব্যক্তি নম্রতা আৰু সহনশীলতাৰ বৈশিষ্ট্যৰ পৰা বঞ্চিত সি কল্যাণৰ পৰা বঞ্চিত। (ছহীহ মুছলিমঃ ৬৪১২, ৬৪১৩, ৬৪১৪)
👉✍৩৭। মানুহৰ মাজত সর্বাপেক্ষা নিকৃষ্ট হ’ল ‘দ্বিমুখী ব্যক্তি’। সিহঁতে এওঁলোকৰ ওচৰত কয় এটা কথা আৰু তেওঁলোকৰ ওচৰত কয় আন এট কথা। (ছহীহ বুখাৰীঃ ৬৬৯০)
👉✍৩৮। নিচা সৃষ্টি কৰা যিকোনো পানীয় পান কৰা হাৰাম। (ছহীহ বুখাৰীঃ ৫২৫৮, ছহীহ মুছলিমঃ ৫০৫১, ৫০৫২, ৫০৫৩, ৫০৫৪)
👉✍৩৯। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যি ব্যক্তিয়ে তাৰ দুই চোৱালৰ মধ্যস্থান (অর্থাৎ জিভা) আৰু দুই ভৰিৰ মধ্যস্থান (অর্থাৎ লজ্জাস্থান)-ৰ জামানত মোক দিব, মই তাৰ জান্নাতৰ জামিন হম। (ছহীহ বুখাৰীঃ ৬০৩০, মিশকাত হা/৪৬০১)
👉✍৪০। ঈমানৰ সত্তৰৰ অধিক শাখাৰ ভিতৰত সর্বোত্তম শাখা হৈছে ‘লা-ইলাহা ইল্লাল্লাহ’ কোৱা আৰু সাধাৰণ শাখা হৈছে অহা-যোৱা পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া। আনহাতে লজ্জা ঈমানৰ এটি বিশেষ শাখা। (ছহীহ মুছলিমঃ ৬১)
*আল্লাহ আমাৰ সকলোকে উক্ত আমলসমূহ কৰাৰ তৌফিক দিয়ক। আমিন*
*✔নিজে পঢ়ক,আমল কৰক আৰু প্রচাৰ কৰক।*
🌴🌺💠🌹✅📖✅🌹💠🌺🌴