৩২টা ছহিহ হাদিছ ১০মিনিটত পঢ়ক ইন শ্বা আল্লাহ

৩২টা ছহিহ হাদিছ ১০মিনিটত পঢ়ক In Sha Allah.
*******************************
✍১। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে মোৰ কথা প্ৰচাৰ কৰা, সেয়া যদি এটি আয়াতো হয়। (ছহীহ বুখাৰীঃ ৩২১৫)

✍২। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, কোনো ব্যক্তি মিছলীয়া হোৱাৰ কাৰণে ইমানখিনিয়েই যথেষ্ট যে, সি যি শুনে (যাচাই ব্যতীত) তাকেই কৈ ফুৰে। (ছহীহ মুছলিম, মুকাদ্দামা, অনুচ্ছেদ -৩)

✍৩। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে মোৰ প্রতি মিথ্যাৰোপ কৰিব সি জাহান্নামত যাব। (ছহীহ বুখাৰীঃ ১০৭, ১০৯, ১০৯, ১১০, ১১১ ছহীহ মুছলিম, মুকাদ্দামা)

✍৪। পিতা-মাতাৰ সন্তুষ্টিত আল্লাহ্ সন্তুষ্ট আৰু পিতা-মাতাৰ অসন্তুষ্টিত আল্লাহ্ অসন্তুষ্ট। (তিৰমিযী, চনদ হাছান, মিশকাত হা/৪৭১০)

✍৫। পাঁচ ওৱাক্ত ছালাত আদায় কৰিলে পঞ্চাশ ওৱাক্ত ছালাতৰ ছাওৱাব পোৱা যায়। (ছহীহ বুখাৰী, মুছলিম ও তিৰমিযীঃ ২১৩)

✍৬। ব্যক্তি আৰু শ্বিৰ্ক-কুফৰৰ মাজত ব্যৱধান হৈছে ছালাত পৰিত্যাগ কৰা। (ছহীহ মুছলিমঃ ১৫৪, ১৫৫, মিশকাত)

✍৭। ক্কিয়ামতৰ দিনা বান্দাৰ আমলসমূহৰ মাজত সর্বপ্রথম ছালাতৰ হিচাব লোৱা হ’ব। (ছহীহ তিৰমিযীঃ ৪১৩, ইবনু মাযাহঃ ১৪২৫, ১৪২৬)

✍৮। যি ব্যক্তিয়ে ফজৰ ও আছৰৰ নামায আদায় কৰিব সি জান্নাতত যাব। (ছহীহ বুখাৰীঃ ৫৪৬)

✍৯। আল্লাহ্ তা‘আলাৰ ওচৰত প্রিয় সেই আমল যিটো নিয়মিত কৰা হয় যদিও সেইটো কম পৰিমাণৰ হয়। (ছহীহ বুখাৰীঃ ৪১, ৬০২০)

✍১০। যি ব্যক্তিয়ে (পুৰুষ) ভৰিৰ সৰুগাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধিব, সি জাহান্নামী। (ছহীহ বুখাৰীঃ ৫৩৭১, মিশকাত, হা/৪১২৫)

✍১১। কালজিৰাত মৃত্যুৰ বাহিৰে আন সকলো ৰোগৰ চিকিৎসা আছে। (বুখাৰী, হা/৫২৮৬ ও মুছলিম)

✍১২। নবী কৰীম চাল্লাল্লাহু ‘আলাইহি অছাল্লামে মিষ্টি আৰু মধু খুব ভাল পাইছিল। (বুখাৰী, হা: ৫২৮০)

✍১৩। যিসকলে মোৰ ছুন্নাতৰ প্রতি বিৰাগ পোষণ (অনিহা প্রকাশ) কৰিব, তেওঁলোক মোৰ উম্মতৰ অন্তর্ভূক্ত নহয়। (ছহীহ বুখাৰীঃ ৪৬৯৭)

✍১৪। যি ব্যক্তিয়ে বিদ‘আত সৃষ্টি কৰিব ও আশ্রয় দিব তাৰ ওপৰত আল্লাহ্ তা‘আলা, আল্লাহৰ ফিৰিস্তাসকল ও সকলো মানৱ সম্প্রদায়ৰ লানত। (ছহীহ বুখাৰীঃ ৬৮০৮)

✍১৫। যাৰ অন্তৰত সৰিয়হ সমপৰিমাণ ঈমান আছে, তাৰ কাৰণে জাহান্নাম হাৰাম। আনহাতে যাৰ অন্তৰত সৰিয়হ
সমপৰিমাণ অহংকাৰ আছে তাৰ কাৰণে জান্নাত হাৰাম। (মুছলিম, মিশকাত হা/৫১০৮)

✍১৬। যি ঘৰত কুকুৰ আৰু (প্রাণীৰ) ছবি থাকে,সেই ঘৰত ৰহমতৰ ফিৰিস্তা প্রৱেশ নকৰে। (ছহীহ বুখাৰীঃ ২৯৯৮, ৫৫২৫, মিশকাত হা/৪২৯৮)

✍১৭। তিনি শ্ৰেণীৰ ব্যক্তিৰ প্ৰতি কিয়ামতৰ দিনা আল্লাহে কৰুণাৰ দৃষ্টি নিদিয়ে আৰু তেওঁলোকৰ কাৰণে আছে কঠিন শাস্তি-

(ক) ভৰিৰ সৰুগাঁঠিৰ তললৈ কাপোৰ ওলোমাই পৰিধানকাৰী পুৰুষ¸

(খ) খোঁটাদানকাৰী ¸

(গ) মিছা কচম খাই পণ্য বিক্রয়কাৰী। (মুছলিম, মিশকাত হা/২৬৭৩)

👉✍১৮। “যি ব্যক্তিৰ মৃত্যু হ’ল অথচ জিহাদ কৰা নাই আনকি জিহাদৰ আকাঙ্ক্ষাও ব্যক্ত কৰা নাই, সি মুনাফিকৰ দৰেকৈ মৃত্যুবৰণ কৰিলে।” (ছহীহ মুছলিমঃ ৪৭৭৯, নাছাঈঃ ৩০৯৯)

👉✍১৯। আত্মীয়ৰ সৈতে ভাল ব্যৱহাৰ কৰিলে ৰিযিক আৰু হায়াত বৃদ্ধি পায়। (ছহীহ বুখাৰীঃ ৫৫৫৯, ৫৫৬০)

👉✍২০। কোনোবাই ছওৱালৰ পৰা পবিত্র থাকিব বিচাৰিলে আল্লাহে তাক পবিত্র ৰাখে। যিয়ে অমুখাপেক্ষী থাকিব বিচাৰে, আল্লাহে তাক অমুখাপেক্ষী ৰাখে আৰু যিয়ে ধৈর্য ধাৰণ কৰিব বিচাৰে, আল্লাহে তাক তাকেই দান কৰে। ধৈর্যতকৈ অধিক ব্যাপক একো দান কৰা হোৱা নাই। (ছহীহ বুখাৰী, হা/১৪৬৯, ছহীহ মুছলিম, ছহীহ আবু দাউদ, হা/১৬৪৪)

👉✍২১। বিনা হিচাবে জান্নাতত যাব (সত্তৰ হাজাৰ) সেইসকল লোক যিসকলে অশুভ-অমঙ্গল চিহ্ন নামানে, যিসকলে জৰা-ফুকা নকৰে, যিসকলে মন্ত্র-তন্ত্র নধৰে আৰু জুইত পোৰা লোৰ দাগ নলগায়; বৰং সদায় তেওঁলোকৰ পৰৱাৰদিগাৰৰ ওপৰত পূর্ণ ভৰসা ৰাখে।
(ছহীহ বুখাৰী, হাদিছ ৫৩৪১, ৬২৮, ৬০৯৯)

👉✍২২। যি ব্যক্তিয়ে নিষ্ঠাৰ সৈতে শ্বহীদি মৃত্যু কামনা কৰে, আল্লাহে তাক শ্বহীদসকলৰ মর্যাদাত পৌছাই দিব, যদিও সি তাৰ বিছনাত মৃত্যুবৰণ কৰে। (ছহীহ মুছলিমঃ ৪৭৭৮)

👉✍২৩। যেতিয়া কোনো ব্যক্তিয়ে তাৰ ভাইৰ অনুপস্থিতিত তেওঁৰ কাৰণে দু’আ কৰে, তেতিয়া ফিৰিস্তাসকলে কয়, আমীন আৰু তোমাৰ কাৰণেও অনুৰূপ হওঁক। (ছহীহ মুছলিম ও আবু দাউদ, হাঃ ১৫৩৪)

👉✍২৪। কোনো ব্যক্তি বেয়া হোৱাৰ কাৰণে অশ্লীল কথা কোৱা আৰু কৃপণ হোৱাই যথেষ্ট। (আহমাদ, মিশকাত হা/৪৬৯৩)

👉✍২৫। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: “যি ব্যক্তিয়ে প্রতি ফৰয নামাযৰ শেষত আয়াতুল কুৰছী পাঠ কৰে, তাক জান্নাতত প্রৱেশ কৰাত মৃত্যুৰ বাহিৰে একোৱেই বাধা দিব নোৱাৰে।” (ছহীহ আল্ জামে :৬৪৬৪, নাছাঈ, ইবনে হিব্বান,
ত্বাবাৰানী, আল্লামা আলবানী (ৰহ.)ৰ চিলচিলাতুল আহাদিছ আচ-ছহীহা খণ্ড দুই হাদিছ নং-৯৭২)

👉✍২৬। যি ব্যক্তিয়ে পূৰ্ণাংগৰূপে অজু সম্পন্ন কৰে, তাৰ পিছত কালেমা শ্বাহাদাত পাঠ কৰে, তাৰ কাৰণে জান্নাতৰ আঠখন দৰ্জাই খুলি দিয়া হ’ব। সি যিখন দৰ্জাৰে ইচ্ছা জান্নাতত প্রৱেশ কৰিব পাৰিব। (ছহিহ মুছলিমঃ ৪৬০, তিৰমিযীঃ ৫৫, ইবনু মাযাহঃ ৪৭০)

👉✍২৭। যি ব্যক্তিয়ে দিনত এবাৰ আৰু ৰাতি এবাৰ আন্তৰিকতাৰ সৈতে ছায়্যিদুল ইস্তেগফাৰ পাঠ কৰে সি যদি সেই দিনা বা সেই ৰাতি মৃত্যু বৰণ কৰে, তেনেহ’লে সেই ব্যক্তি জান্নাতি। (ছহিহ বুখাৰী- ৫৮৬৭)

👉✍২৮। অজু কৰাৰ সময়ত কোনোবাই যদি উত্তমৰূপে অজু কৰে¸ তেনেহ’লে তাৰ শৰীৰৰ সকলো গুণাহ বাহিৰ হৈ যায়। আনকি তাৰ নখৰ তলৰ গুণাহো বাহিৰ হৈ যায়। (ছহীহ মুছলিমঃ ৪৮৪, ৪৮৫)

👉✍২৯। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, তোমালোকৰ মাজত সেই ব্যক্তি সর্বোত্তম যিয়ে কুৰআন শিকে আৰু আনকো শিক্ষা দিয়ে। (ছহীহ বুখাৰীঃ ৪৬৬১, ৪৬৬২)

👉✍৩০। কুৰআন পাঠত দক্ষ ব্যক্তি উচ্চ মর্যাদাসম্পন্ন ফিৰিস্তাসকলৰ সঙ্গী হ’ব। আকৌ যি ব্যক্তিয়ে কুৰআন পঢ়াৰ সময়ত আটকে যায় আৰু কষ্ট কৰি তিলাওৱাৎ
কৰে তাৰ কাৰণে আছে দ্বিগুণ ছাওৱাব। (ছহীহ বুখাৰী- ৪৯৩৭, মুছলিম আবু দাউদ- ১৪৫৪ ক্কাতাদাহৰ পৰা)

👉✍৩১। ৰাছুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, যেতিয়া তোমালোকৰ কোনোবাই মছজিদত প্রৱেশ কৰিব, তেতিয়া সি যেন দুই ৰাকাত ছালাত আদায় নকৰাকৈ নবহে।” (বুখাৰী হা/৪৪৪, ১১৬৭; মুছলিম হা/৭১৪; তিৰমিযী হা/৩১৬; নাছাঈ হা/ ৭৩০; আবু দাউদ হা/৪৬৭;
ইবনু মাজাহ হা/১১২৩; আহমাদ হা/২২০১৭, ২২০৭২, ২২০৮৮, ২২১৪৬; দাৰেমী হা/১৩৯৩)

👉✍৩২। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ মোৰ প্রত্যেক উম্মতৰ গুণাহ মাফ হ’ব, কিন্তু যিয়ে গুণাহ কৰি
কৈ ফুৰে, তাৰ গুনাহ মাফ নহয়। (ছহীহ বুখাৰীঃ ৫৬৪৩, ছহীহ মুছলিম)।

Leave a comment