হে যুৱ সম্প্ৰদায় ! তোমালোকৰ মাজত যিসকলৰ বিবাহ কৰাৰ সামৰ্থ্য আছে সিহঁতে যেন বিবাহ কৰে ।

আব্দুল্লাহ ইবনে মাচউদ (ৰা:) ৰ পৰা বৰ্ণিত , তেওঁ কৈছে , যুৱ বয়সত আমালোক ৰাছুল চাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ লগত আছিলো ; অথচ আমালোকৰ একোৱেই  (সম্পদ) নাছিল ।

তেনে অৱস্থাত ৰাছুল চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে ,

হে যুৱ সম্প্ৰদায় ! তোমালোকৰ মাজত যিসকলে বিবাহ কৰাৰ সামৰ্থ্য ৰাখে সিহঁতে যেন বিবাহ কৰে । কিয়নো বিবাহে তাৰ দৃষ্টিক সংযত কৰি ৰাখে আৰু যৌনতাক সংযমী কৰি ৰাখে , আৰু যিসকলৰ সামৰ্থ্য নাই সিহঁতে যেন চিয়াম/ৰোজা পালন কৰে । কিয়নো চিয়ামে (ৰোজা) তাৰ যৌনতাক দমন কৰি ৰাখিব ।

[ চহিহ বুখাৰী (ইফা:) হাদিচ নম্বৰ – ৪৬৯৬ ]

Leave a comment