#হিল্লা_বিবাহ_হাৰাম_আৰু_ই_এক_ব্যভিচাৰঃ ——————————————- কোনো স্ত্রীৰ তৃতীয় তালাক হৈ যোৱাৰ পিছত সেই স্ত্রীক অন্য কোনো পুৰুষৰ সৈতে চুক্তিভিত্তিক বিয়া দিয়া হাৰাম। অর্থাৎ কোনো ব্যক্তিক এই চুক্তিত ভাড়া কৰা যে, মই মোৰ স্ত্রীক তিনি তালাক দি দিছোঁ, এতিয়া তাই মোৰ কাৰণে সম্পূৰ্ণ হাৰাম হৈ গৈছে, কিন্তু মই তাইক ভালপাওঁ, তাইৰ সৈতে সংসাৰ কৰিব বিচাৰোঁ, সেয়ে তুমি মোৰ স্ত্রীক বিয়া কৰাই এটা ৰাতি ৰাখি সহবাস কৰি তালাক দি দিয়া, ইয়াৰ পিছত তাইক মই পুনৰ বিয়া কৰাব পাৰিম। . ইয়াকে আমাৰ সমাজত #হিল্লা বোলা হয়, এনে ধৰণৰ চুক্তিভিত্তিক পদ্ধতি সম্পূর্ণ হাৰাম। . ৰাছুলুল্লাহ চাল্লাল্লহু আলাইহি অছাল্লামে সেই ব্যক্তিক ধাৰ কৰা ষাঁড় বুলি আখ্যায়িত কৰিছে আৰু অভিশপ্ত বুলি উল্লেখ কৰিছে। (ইবনে মাজাহঃ ১৯৩৬, মিশকাতুল মাছাবীহঃ ৩২৯৬) . নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে খায়বৰ যুদ্ধত চুক্তিভিত্তিক বিবাহ আৰু গৃহপালিত গাধৰ মাংস খোৱা হাৰাম কৰিছে। (ছহিহ বুখাৰী, ৭ম খণ্ড, বিবাহ অধ্যায়, হাদিছ নং- ৪৭৪২) . সেয়ে এই ধৰণৰ কাম সেই মহিলাৰ সম্ভ্রম নষ্ট কৰাৰ সৈতে চামিল। এইটো বলপূর্বক ধর্ষণৰ বাহিৰে আন একো নহয়। . আমাৰ সমাজত এই তালাকক লৈ বহুত মচকাৰা কৰি থাকে। বহুতেই এই তালাকৰ সঠিক নিয়ম নজনাৰ কাৰণেই ভুল পদ্ধতিত এই তালাক সম্পন্ন কৰি থাকে। আমি মনত ৰাখিব লাগিব এইটো আল্লাহ্ৰ পক্ষৰ পৰা নির্ধাৰিত এটি বিধান। মহান আল্লাহে কৈছেঃ “আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই কাফিৰ।” (ছুৰা আল-মায়িদাঃ ৪৪) সেয়ে আহক! আমি আল্লাহ্ক ভয় কৰি আমাৰ এই ক্ষুদ্র জীৱন পৰিচালিত কৰোঁ। ☞☞☞ <#ত্বালাকৰ_বিধান_কি? >সকলো প্রশংসা একমাত্ৰ আল্লাহৰ কাৰণে★ স্ত্রী গর্ভৱতী থাকিলে অথবা পবিত্রা থাকিলে আৰু সেই পবিত্রতাত কোনো সঙ্গম নকৰাকৈ থাকিলে এক তালাক দিব।[1] আৰু এই ক্ষেত্ৰত দুজন ব্যক্তিক সাক্ষী ৰাখিব।[2] ইয়াৰ পিছত স্বামীয়ে স্ত্রীক ঘৰৰ পৰা যোৱাৰ কথা নকব আৰু স্ত্রীও স্বামী-গৃহ ত্যাগ নকৰিব। বৰং গর্ভকাল বা তিনিবাৰ মাহেকীয়া হোৱালৈকে অপেক্ষা কৰিব। এই ইদ্দতৰ মাজত স্ত্রীয়ে ভৰণ-পোষণও পাব। মহান আল্লাহে কৈছে, بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ يَا أَيُّهَا النَّبِيُّ إِذَا طَلَّقْتُمُ النِّسَاءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحْصُوا الْعِدَّةَ ۖ وَاتَّقُوا اللَّهَ رَبَّكُمْ ۖ لَا تُخْرِجُوهُنَّ مِنْ بُيُوتِهِنَّ وَلَا يَخْرُجْنَ إِلَّا أَنْ يَأْتِينَ بِفَاحِشَةٍ مُبَيِّنَةٍ ۚ وَتِلْكَ حُدُودُ اللَّهِ ۚ وَمَنْ يَتَعَدَّ حُدُودَ اللَّهِ فَقَدْ ظَلَمَ نَفْسَهُ ۚ لَا تَدْرِي لَعَلَّ اللَّهَ يُحْدِثُ بَعْدَ ذَٰلِكَ أَمْرًا ৬৫:১ হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও বাহিৰ নহ’ব, যদি সিহঁতে কোনো স্পষ্ট অশ্লীলতাত লিপ্ত নহয়। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লঙ্ঘন কৰে সি নিজৰ ওপৰত অত্যাচাৰ কৰে। তুমি নাজানা, সম্ভৱত আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।[3] ইয়াৰ পিছত ভুল বুজিব পাৰি স্বামীৰ মন ও মতৰ পৰিবর্তন ঘটিলে যদি স্ত্রীক ত্যাগ কৰিব নিবিচাৰে, তেনেহ’লে ইদ্দতৰ ভিতৰতেই (তিনি মাহেকীয়াৰ পূর্বেই) তেওঁক ওভোতাই লব পাৰে। কিন্তু ওভোতাই লোৱাৰ সময়তো দুজন ন্যায়পৰায়ণ ব্যক্তিক সাক্ষী ৰাখিব। উল্লেখ্য যে, স্ত্রী প্রত্যানীতা কৰাৰ সময়ত তেওঁৰ সন্মতি জৰুৰী নহয়।[4] কিন্তু মন বা মতৰ পৰিবৰ্তন নহ’লে ও স্ত্রীক তেওঁৰ জীৱনৰ পৰা আৰু দূৰ কৰিব বিচাৰিলে দ্বিতীয় পবিত্রতাত দ্বিতীয় তালাক দিব আৰু অনুৰূপ সাক্ষী ৰাখিব। ইয়াৰ পিছতো স্ত্রীয়ে স্বামীগৃহ ত্যাগ নকৰিব আৰু স্বামীও তেওঁক উলিয়াই দিব নোৱাৰিব। পৰন্তু তেওঁক উত্যক্ত কৰি সংকটত পেলোৱাও বৈধ নহয়।[5] এই ক্ষেত্রত স্ত্রীয়ে নানা অঙ্গসজ্জা ও বিভিন্ন প্রেম-ভঙ্গিমা প্রদর্শন কৰি স্বামীৰ মনক নিজৰ ফালে আকর্ষণ কৰাৰ চেষ্টা কৰা উচিত। এতিয়াও যদি মত পৰিবর্তন হয়, তেনেহ’লে স্বামীয়ে তেওঁক ওভোতাই লব পাৰে। নচেৎ একেবাৰে বিদায় দিব বিচাৰিলে তৃতীয় পবিত্রতাত তৃতীয় তালাক দি বিবাহ বিচ্ছেদ কৰিব আৰু যথানিয়মত সাক্ষী ৰাখিব। ইয়াৰ পিছত স্ত্রীয়ে স্বামীগৃহ ত্যাগ কৰিব আৰু তেওঁৰ কাৰণে কোনো ভৰণ-পোষণ নাই।[6] তৃতীয় তালাকৰ পিছত স্বামীয়ে বিচাৰিলেও স্ত্রীক পুনৰ ওভোতাই আনিব নোৱাৰে। নতুন মোহৰ আৰু বিবাহ আকদতো নহয়। কিন্তু যদি সেই স্ত্রীয়ে স্বেচ্ছায় দ্বিতীয় বিবাহ কৰে, স্বামী-সঙ্গম কৰে আৰু যদি সেই স্বামীয়ে স্বেচ্ছায় তালাক দিয়ে অথবা সেই স্বামীৰ মৃত্যু হয়, তেন্তে ইদ্দতৰ পিছত পুনৰায় প্রথম স্বামীয়ে নতুনকৈ বিবাহ-বন্ধনত সেই স্ত্রীক ওভোতাই আনিব পাৰে। ইয়াৰ পূর্বে নহয়।[7] এই ক্ষেত্রত পৰিকল্পিতভাৱে যদি কোনোবাই সেই নাৰীকে তেওঁৰ স্বামীৰ কাৰণে হালাল কৰাৰ উদ্দেশ্যে বিবাহ কৰি ২/১ নিশা সহবাস কৰি তালাক দিয়ে, তেতিয়াও পূৰ্বৰ স্বামীৰ কাৰণে সেইটো বৈধ নহয়। কাৰণ, এই কাম পৰিকল্পিতভাৱেই কৰা হয় আৰু স্ত্রীও বহু ক্ষেত্রত এই কামত সন্মত নাথাকে। পৰন্তু হাদীছত এই হালালকাৰী দ্বিতীয় স্বামীক ‘ধাৰ কৰা ষাঁড় ও অভিশপ্ত বুলি কোৱা হৈছে।’[8] পক্ষান্তৰে এক অথবা দুই তালাক দিয়াৰ পিছত ওভোতাই নানিলে আৰু তেওঁৰ বাকী ইদ্দত তালাক নিদিয়াকৈ অতিবাহিত হ’লে স্ত্রী হাৰাম হৈ যায় ঠিকেই; কিন্তু তাৰপিছতো যদি স্বামী-স্ত্রী পুনৰায় সংসাৰ কৰিব বিচাৰে, তেন্তে নতুন মোহৰ দি নতুনকৈ বিবাহ (আকদ) পঢ়ালে এই পুনর্বিবাহত উভয়ে একত্রিত হ’ব পাৰে আৰু এই ক্ষেত্রত সেই শাস্তি নাই। কিন্তু পূর্বে যি এক অথবা দুই তালাক তেওঁ ব্যৱহাৰ কৰিছে, সেইটো সেই স্ত্রীৰ পক্ষে সংখ্যাত গণ্য হ’ব। গতিকে দুই তালাক দিয়াৰ পিছত ওভোতাই নিলে বা ইদ্দত পাৰ হৈ যোৱাৰ পিছত পুনর্বিবাহ কৰি থাকিলে তেওঁ আৰু মাত্র এটি তালাকৰ মালিক হৈ থাকিব। তাৰ পিছত এবাৰ তালাক দিলে সেই স্ত্রী এনেকুৱা হাৰাম হৈ যাব যে, তেওঁৰ দ্বিতীয় বিবাহৰ স্বামীয়ে তেওঁক স্বেচ্ছায় তালাক নিদিলে বা মৃত্যু নহ’লে পূর্বৰ স্বামীয়ে পুনৰ তেওঁক (বিবাহৰ মাধ্যমত) ওভোতাই নাপাব। গতিকে গোটেই জীৱনত এগৰাকী স্ত্রীৰ ক্ষেত্রত স্বামীয়ে মাত্র ৩ বাৰ তালাকৰেই মালিক হয়। ১০ বছৰৰ মূৰে মূৰে ৩ বাৰ তালাক দিলেও শেষ বাৰত পূর্ব অৱস্থা অবিহনে পুনৰ ওভোতাই নিব বা পুনর্বিবাহ কৰিব নোৱাৰে।[9] অৱশ্যে দ্বিতীয় স্বামী গ্রহণ কৰাৰ পিছত তালাক বা মৃত্যুৰ কাৰণে ইদ্দতৰ পিছত প্রথম স্বামীয়ে যেতিয়া নতুন মোহৰ সহ পুনর্বিবাহ কৰে, তেতিয়া আকৌ তেওঁ নতুনকৈ তিনি তালাকৰ মালিক হয়।[10] তালাকপ্রাপ্তা মহিলাই যদি বিধিমতে তেওঁৰ স্বামীক পুনর্বিবাহ কৰাব বিচাৰে বা অন্য স্বামী গ্রহণ কৰিব বিচাৰে, তেন্তে কোনো স্বার্থ, ৰাগ বা বিদ্বেষবশতঃ তেওঁক ইয়াতে বাধা দিয়া তেওঁৰ অভিভাবকৰ কাৰণে বৈধ নহয়। মহান আল্লাহে কৈছে, وَإِذَا طَلَّقْتُمُ النِّسَاءَ فَبَلَغْنَ أَجَلَهُنَّ فَلَا تَعْضُلُوهُنَّ أَنْ يَنْكِحْنَ أَزْوَاجَهُنَّ إِذَا تَرَاضَوْا بَيْنَهُمْ بِالْمَعْرُوفِ ۗ ذَٰلِكَ يُوعَظُ بِهِ مَنْ كَانَ مِنْكُمْ يُؤْمِنُ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۗ ذَٰلِكُمْ أَزْكَىٰ لَكُمْ وَأَطْهَرُ ۗ وَاللَّهُ يَعْلَمُ وَأَنْتُمْ لَا تَعْلَمُونَ ২:২৩২ আৰু যেতিয়া তোমালোকে স্ত্ৰীসকলক তালাক্ব দিয়া আৰু সিহঁতে সিহঁতৰ ইদ্দতকাল পূৰ্ণ কৰে, ইয়াৰ পিছত সিহঁতে যদি বিধি মুতাবিক পৰস্পৰে সন্মত হয়, তেন্তে স্ত্ৰীসকলে নিজৰ (পূৰ্ব) স্বামীৰ লগত বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰিলে তোমালোকে সিহঁতক বাধা প্ৰদান নকৰিবা। ইয়াৰ দ্বাৰা সেই ব্যক্তিক উপদেশ দিয়া হৈছে তোমালোকৰ মাজত যিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান ৰাখে, এইটোৱে তোমালোকৰ বাবে শুদ্ধ আৰু পৱিত্ৰ; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।[11] স্ত্রীৰ মাহেকীয়া অৱস্থাত তালাক দিলে স্বামী গুনাহগাৰ হ’ব আৰু সেই তালাক গণ্য নহ’ব। পবিত্রাৱস্থাত তালাক দিলেই তেতিয়া সেইটো গণ্য হ’ব। স্ত্রীৰ মাহেকীয়াৰ খবৰ নাজানি তালাক দিলে গুনাহগাৰ নহ’ব আৰু তালাকও নহয়। পক্ষান্তৰে জানি-শুনি দিলেই গুনাহগাৰ হ’ব।[12] অনুৰূপ এক মজলিছত তিনি তালাক হাৰাম। গতিকে যদি কোনোবাই নিজৰ স্ত্রীক লক্ষ্য কৰি ‘তোমাক তালাক, তালাক, তালাক, অথবা ‘তোমাক তিনি তালাক’ বুলি কয় বা ইয়াৰ অধিক সংখ্যা উল্লেখ কৰে, তথাপি সেইটো কেৱল এক তালাকেই গণ্য হ’ব। এনেদৰে একেলগে তিনি তালাক দিয়াৰ পিছত ভুল বুজি পুনৰায় যথাৰীতি ইদ্দতত স্ত্রীক ওভোতাই নিব বিচাৰিলে বা ইদ্দতৰ পিছত যথানিয়মত পুনর্বিবাহ কৰিলে কোনো বাধা নাই।[13] কিন্তু অনুৰূপ তিনিবাৰ কৰি থাকিলে পূর্বোক্ত নিয়মানুযায়ী বিচাৰিলে পুনঃ সংসাৰ কৰিব পাৰ। ন’হলে নোৱাৰে। অনিয়মত তালাক দিয়া আল্লাহৰ নির্ধাৰিত সীমালঙ্ঘন কৰাৰ অন্তর্ভুক্ত।[14] গতিকে সময় ও সংখ্যা বুজি তালাক দিয়া তালাকদাতাৰ কাৰণে ফৰজ। যদি স্বামীয়ে তেওঁৰ স্ত্রীক কয় ‘যদি তুমি অমুক কাম কৰা বা অমুক ঠাইলৈ যোৱা, তেনেহ’লে তোমাক তালাক’ আৰু এই কথা কওঁতে যদি সচাঁকৈয়েই তালাকৰ নিয়ত থাকে, তেন্তে এনেকুৱা ওলোমাই ৰখা তালাক স্ত্রীয়ে সেই কাম কৰাৰ লগে লগে তালাক গণ্য হৈ যায়। অৱশ্যে তালাকৰ নিয়ত নাথাকি যদি স্ত্রীক ভয় দেখুৱাই কেৱল সেই কামত কঠোৰ নিষেধ কৰাটোৱেই উদ্দেশ্য হয়, তেনেহ’লে তালাক গণ্য নহ’ব। কিন্তু স্ত্রীয়ে সেই কাম কৰাৰ পিছত স্বামীয়ে কচমৰ কাফ্ফাৰা দিব লাগিব।[15] তালাকৰ ওপৰত কচম খালেও। যেনে- যদি কোনোবাই তেওঁৰ ভায়েকক ক’লে, ‘তুমি যদি এইটো কৰিছা, তেনেহ’লে মোৰ স্ত্রী তালাক’ বা ‘মই যদি তোমাৰ ঘৰলৈ যাওঁ, তেনেহ’লে মোৰ স্ত্রী তালাক’, তেন্তে এই ক্ষেত্রতো নিয়ত বিচার্য। তালাকৰ প্রকৃত নিয়ত হ’লে তালাক হ’ব; নহ’লে নহয়। কিন্তু কচমৰ কাফ্ফাৰা নিশ্চয় লাগিব। অনুৰূপ তর্কৰ সময়তো যদি কোনোবাই কয় ‘এইটো যদি নহয় তেনেহ’লে মোৰ স্ত্রী তালাক’ অথচ বাস্তৱ তাৰ প্রতিকূল হয়, তেনেহ’লে সেই একেই বিধান প্রযোজ্য হ’ব। কিন্তু তালাকক লৈ এনে ধৰণৰ খেল খেলা স্বামীৰ কাৰণে উচিত নহয়।[16] কোনোবাই যদি স্বামীক তালাক দিবলৈ বাধ্য কৰে, তেনেহ’লে এই জোৰপূর্বক অনিচ্ছাকৃত তালাক গণ্য নহয়। অনুৰূপ নিচাগ্রস্ত মাতালৰ তালাক।[17] চৰম খঙত হিতাহিত জ্ঞানহীন ক্রুদ্ধ ব্যক্তিৰ তালাক।[18] ভুল কৰি তালাক, অতিশয় ভীত-বিহ্বল ব্যক্তিৰ তালাক গণ্য নহয়।[19] মৰণ-শয্যাত শায়িত স্বামীয়ে তেওঁৰ মীৰাছৰ পৰা স্ত্রীক বঞ্চিত কৰাৰ উদ্দেশ্যে তালাক দিছে বুলি জনা গ’লে সেইটোও ধর্তব্য নহয়। গতিকে তাই তাৰ ওৱাৰীছ হ’ব আৰু স্বামী-মৃত্যুৰ ইদ্দত পালন কৰিব।[20] তালাকক লৈ মজা কৰিবলৈ নাই। স্বামী তালাকৰ ক্ষেত্ৰত স্ত্রীক এখতিয়াৰ দিলে আৰু স্ত্রীয়ে তালাক পছন্দ কৰিলে তালাক হৈ যাব। বিবাহ আৰু তালাকক লৈ কোনো ঠাট্টা-মজাক নাই। মজাক কৰি স্ত্রীক তালাক দিলেও সেইটো বাস্তৱ।[21] বিবাহৰ প্রস্তাৱৰ পিছত কিবা মনোমালিন্য হ’লে স্বামীয়ে তেওঁৰ বাগদত্তা স্ত্রীক উদ্দেশ্য কৰি যদি তালাক বা হাৰাম বুলি উল্লেখ কৰে, তেনেহ’লে সেইটো ধর্তব্য নহয়। অৱশ্যে বিবাহৰ পিছত তেওঁ কচমৰ কাফ্ফাৰা দিব লাগিব।[22] তালাকৰ খবৰ স্ত্রীয়ে নাপালেও তালাক গণ্য হ’ব।[23] আল্লাহ, তেওঁৰ ৰাছূল বা দ্বীনক স্বামীয়ে গালি দিলে স্ত্রী তালাক হৈ যাব। ওভোতাই লব বিচাৰিলে তওবা কৰি নতুন মোহৰত পুনর্বিবাহ কৰিব লাগিব।[24] চিঠিৰ মাধ্যমত তালাক দিলে তালাক গণ্য হ’ব। অনুৰূপ বোবাই যদি ইঙ্গিতত তালাক দিয়ে¸ তেন্তে সেইটোও গণ্য হ’ব। অৱশ্যে লিখিব জানিলে তাৰ ইঙ্গিত গণ্য নহয়।[25] এতিয়া দলীল বিলাক চাওঁক! ১। (বুখাৰী, মুছলিম) ২। (ছূৰা আত্-ত্বলাক- ৬৫:২; আবু দাঊদ ১৯১৫নং) ৩। (আত্-ত্বালাক ৬৫:১) ৪। (মাজাল্লাতুল বহুচিল ইছলামিয়্যাহ ৯/৬৬) ৫। (ছূৰা আত-ত্বালাক্ব- ৬৫:৬) ৬। (ফিকহুচ ছুন্নাহ ২/১৬৭) ৭। (ছূৰা আল-বাক্বাৰা ২:২৩০) ৮। (ইৰঃ ৬/৩০৯, ইবনে মাজাহ ১৯৩৬নং, মিশকাতুল মাছাবীহ ৩২৯৬নং) ৯। (ফিকহুচ ছুন্নাহ ২/২৪৭) ১০। (ফিকহুচ ছুন্নাহ ২/২৪৯) ১১। (ছূৰা আল-বাক্বাৰাহ ২:২৩২) ১২। (ফাতাওৱাল মাৰআহ ৬৩-৬৪ পৃঃ) ১৩। (মাজাল্লাতুল বহুচিল ইছলামিয়্যাহ ৩/১৭১-১৭৩, ২৬/১৩৩, তুহফাতুল আৰূচ, ১৪৮ ও ২২৮ পৃঃ) ১৪। (ছূৰা আল-বাক্বাৰা ২:২২৯, ৬৫:১) ১৫। (মাজাল্লাতুল বহুচিল ইছলামিয়্যাহ ৫/৯৪) ১৬। (কিতাবুদ দাওৱাহ ২/২৪২, ফাতাওৱা ইবনে উছাইমীন ২/৭৯১) ১৭। (মাজাল্লাতুল বহুচিল ইছলামিয়্যাহ ৩২/২৫২) ১৮। (মাজাল্লাতুল বহুচিল ইছলামিয়্যাহ ১৬/৩৪৭, ২৬/১৩৩) ১৯। (ফিকহুচ ছুন্নাহ ২/২২১) ২০। (ফিকহুচ ছুন্নাহ ২/২৪৯) ২১। (ইৰওৱাউল গালীল ১৮২৬নং) ২২। (মাজাল্লাতুল বহুছিল ইছলামিয়্যাহ ৯/৫৮, আল-ফাতাওৱা আল- ইছলামিয়্যাহ ২/৭৮৭) ২৩। (ফাতাওৱা ইবনে উছাইমীন ২/৮০৪) ২৪। (ফাতাওৱা ইবনে উছাইমীন ২/৭৮৩) ২৫। (ফিকহুচ ছুন্নাহ ২/২২৯)