হাৰাম স্পষ্ট আৰু হালালও স্পষ্ট

হাৰাম স্পষ্ট আৰু হালালও স্পষ্ট॥
—————————————————–

ছহীহ বুখাৰী (তাওহীদ), ২/ ঈমান (বিশ্বাস)৫২.
 নু‘মান ইবনু বছিৰ (ৰাযি.) দ্বাৰা বর্ণিত। তেওঁ কৈছে–

মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱা শুনিছোঁ যে, ‘হালাল স্পষ্ট আৰু হাৰামও স্পষ্ট। আৰু এই দুটাৰ মাজত আছে বহু সন্দেহজনক বিষয়- যিটো বহুতেই নাজানে। যি ব্যক্তিয়ে সেই সন্দেহজনক বিষয়সমূহৰ পৰা আঁতৰি থাকিব, সি তাৰ দ্বীন আৰু মর্যদা ৰক্ষা কৰিব পাৰিব আৰু যিয়ে সন্দেহজনক বিষয়সমূহত লিপ্ত হৈ পৰে, তাৰ উদাহৰণ- সি ৰাখোৱালৰ দৰে, যিয়ে তাৰ পশু বাদশ্বাহৰ সংৰক্ষিত চাৰণভূমিৰ আশে-পাশে চৰায়, অচিৰেই সেইবিলাকৰ মাজত সোমাই পৰাৰ আশংকা আছে। জানি থোৱা যে, প্রত্যেক বাদশ্বাহৰেই এটা সংৰক্ষিত এলেকা আছে। আৰু জানি থোৱা যে, আল্লাহৰ যমীনত তেওঁৰ সংৰক্ষিত এলেকা হ’ল তেওঁৰ নিষিদ্ধ কামসমূহ। জানি থোৱা, শৰীৰৰ মাজত এটা মাংসৰ টুকুৰা আছে, সেইটো যেতিয়া ঠিক হৈ যায়, গোটেই শৰীৰেই তেতিয়া ঠিক হৈ যায়। আৰু সেইটো যেতিয়া বেয়া হৈ যায়, গোটেই শৰীৰেই তেতিয়া বেয়া হৈ যায়। জানি থোৱা, সেই মাংসৰ টুকুৰাটি হ’ল অন্তৰ। (২০৫১; মুছলিম ২২/২০ হাঃ ১৫৯৯, আহমাদ ১৮৩৯৬, ১৮৪০২) (আধুনিক প্রকাশনীঃ ৫০,ইছলামী ফাউণ্ডেচনঃ ৫০)

Leave a comment