হাদীছৰ অস্তিত্বহীনতাই কুৰআনৰ অস্তিত্বহীনতা

হাদীছৰ অস্তিত্বহীনতাই কুৰআনৰ অস্তিত্বহীনতা

      চাহাবায়ে কিৰামে পৱিত্ৰ কুৰআন আৰু হাদীছ দুয়োটাই ৰছূলুল্লাহ ছল্লল্লাহু আলাইহি ৱা চাল্লামৰ জৰিয়তে পাইছিল । তেখেতসকলৰ ওচৰলৈ পৱিত্ৰ কুৰআন আৰু হাদীছৰ কাৰণে পৃথকে দুজন ৰছূল প্ৰেৰণ কৰা হোৱা নাছিল যে এজনে কুৰআন শুনাব আৰু আন এজনে হাদীছ শুনাব । পৱিত্ৰ কুৰআন আৰু হাদীছ উভয়ে এজনৰ মুখৰপৰা নিঃসৃত । স্বাভাৱিকতে প্ৰশ্নৰ উদয় যে চাহাবীসকলে কিদৰে উভয়ৰ মাজত পাৰ্থক্য কৰিছিল ? ৰছূলুল্লাহ ছল্লল্লাহু আলাইহি ৱা চাল্লামৰ মুখৰপৰা নিৰ্গত হোৱা কোনটি বাক্য কুৰআন আৰু কোনটি বাক্য হাদীছ, এয়া তেখেতসকলে কিদৰে বুজি পাইছিল ?
        প্ৰকৃততে ক’বলৈ গ’লে পৱিত্ৰ কুৰআন আৰু হাদীছৰ মাজত ৰছূলুল্লাহ  ছল্ললাহু আলাইহি ৱা চাল্লামেই পাৰ্থক্য কৰি দিছিল ,যিটো আছিল স্বাভাৱিক ।ৰছূলুল্লাহ ছল্ললাহু আলাইহি ৱা ছাল্লামে যেতিয়া চাহাবীসকলক মাতি আনি কৈছিল যে পৱিত্ৰ কুৰআনৰ অমুক অমুক আয়াত নাজিল হ’ল আৰু অহী লেখকসকলক কৈছিল যে এয়া অমুক ছূৰাৰ অধীনত অমুক নম্বৰ আয়াত হিচাবে সংযোজন কৰা, তেতিয়াই চাহাবীসকলে বুজি পাইছিল যে এয়াই কুৰআন ।
        আমি জানোঁ যে পৱিত্ৰ কুৰআন ব্যতীত ৰছূলুল্লাহ ছল্ললাহু আলাইহি ৱা চাল্লামৰ মুখ নিঃসৃত সকলোবোৰেই হাদীছ । সেয়েহে পৱিত্ৰ কুৰআন আৰু হাদীছৰ মাজত পাৰ্থক্য কৰাৰ বাবে ৰছূলুল্লাহ ছল্ললাহু আলাইহি ৱা ছাল্লামে যিবোৰ বাক্য ব্যৱহাৰ কৰিছিল, সেয়াও হাদীছ । সেই কাৰণে কোনোবাই যদি হাদীছ অস্বীকাৰ কৰে, তেন্তে সি পৱিত্ৰ কুৰআনেই কৰিব লাগিব । কেৱল সেয়াই নহয়, যিসকলে কেৱল পৱিত্ৰ কুৰআনহে মানিব বিচাৰে, সিহঁতে কেনেকৈ জানিলে যে পৱিত্ৰ কুৰআন মহান আল্লাহতাআলাৰ কালাম ? ইয়াৰ একমাত্ৰ জবাব হ’ল ৰছূলুল্লাহ ছল্ললাহু আলাইহি ৱা ছাল্লামে কৈছিল, সেয়াই । তেখেতে পৱিত্ৰ কুৰআনক আল্লাহৰ অহী বুলি কৈছিল । আমি বিশ্বাস কৰিছোঁ যে তেখেতে কোৱাটোৱে হাদীছ । সেইদেখি পৱিত্ৰ কুৰআনক হাদীছৰ সহযোগিতা অবিহনে আল্লাহৰ কালাম হিচাবে প্ৰমাণিত কৰা অসম্ভৱ । পৱিত্ৰ কুৰআনৰ ওপৰত বিশ্বাস স্থাপনৰ পূৰ্বে বাধ্যগতভাৱে মুহাম্মাদুৰ ৰছূলুল্লাহ ছল্ললাহু আলাইহি ৱা ছাল্লামৰ কথা তথা হাদীছৰ ওপৰত বিশ্বাস স্থাপন কৰিবই লাগিব । ইয়াৰ অন্যথা পৱিত্ৰ কুৰআনকো কুৰআন হিচাবে প্ৰমাণ কৰা সম্ভৱ নহয় ।
       সেইবাবে এই কথা স্পষ্ট যে হাদীছৰ অস্তিত্বহীনতাই কুৰআনৰ অস্তিত্বহীনতা । যিয়ে হাদীছ অস্বীকাৰ কৰিলে, সি পৱিত্ৰ কুৰআনকো অস্বীকাৰ কৰিলে ।
———————————————————-
বিশেষ দ্ৰষ্টব্য  : এইখিনি কথা অনুবাদ কৰা হৈছে “আমরা হাদীস মানতে বাধ্য ” নামৰ কিতাবখনৰ পৰা । কিতাবখন লিখিছে দাৰুল উলুম দেওবন্দৰপৰা ফাৰিগ হোৱা আলীম আব্দুল্লাহ বিন আব্দুৰ ৰাজ্জাকে ।

Leave a comment