হজ্জৰ ধাৰাবাহিক কাম

🌹  হজ্জৰ  ধাৰাবাহিক কাম  🌹

 হজ্জৰ ধাৰাবাহিক কাম
 তাৰিখ স্থান আৰু কৰিবলগীয়া ইবাদত ,

৮ ম  যিলহজ্জৰ  পূর্বৰ  কাম মীকাত(১) মীকাতৰ পৰা ইহৰাম বান্ধি লোৱা  ।  মক্কা(২) কাবা ঘৰত  উমৰাহৰ  তাওৱাফ কৰা   ।
 (৩) ছাঈ কৰা  ।
 (৪) চুলি  কটাই  হালাল হৈ যোৱা  ।

হজ্জৰ ধাৰাবাহিক কাম

 ৮ম যিলহজ্জ তাৰউইয়াৰ  দিন মিনাত নিজ বাসস্থানতৰ পৰা  ইহৰাম বান্ধি  হজ্জৰ  নিয়ত কৰি  সূর্যোদয়ৰ পিছত  মিনালৈ ৰাওনা হোৱা । তাতে  যোহৰ , আচৰ , মাগৰিব, ইশ্বা আৰু  ফজৰৰ ছালাত   আদায় কৰা  ।
৯ ম যিলহজ্জ (আৰফাৰ  দিন) আৰাফা ময়দান

(১) সূর্যোদয়ৰ পিছত  আৰাফাতলৈ ৰাওনা হোৱা ।

(২) যোহৰৰ  প্রথম ওৱাক্তত যোহৰ আৰু  আচৰ একেলগে আদায় কৰা ,   দুই দুই ৰাকআত কৰি ।

(৩) সূর্যাস্তৰ পিছত  মুযদালিফালৈ ৰাওনা হোৱা । মাগৰিব- ইশ্বা তাতেই আদায় কৰা   ।

(৪) তাতে ৰাতি অতিবাহিত কৰি প্রথম ওৱাক্তত  অন্ধকাৰ  থাকোতেই ফজৰৰ ছালাত আদায় কৰা  ।

(৫) আকাশ উজ্জ্বল হোৱা লৈকে  কিবলামুখী হৈ  হাত তুলি  দীর্ঘ সময় দোআ আৰু  মোনাজাতত ব্যস্ত  থাকা  ।

(৬) ডাঙৰ  জামাৰাত  নিক্ষেপৰ বাবে  ৭ টা  কংকৰ বা পাথৰ ইয়াৰ পৰা লব পাৰে  ।

 ১০ ম  যিলহজ্জ (ঈদৰ  দিন) মিনা(১) ডাঙৰ  জামাৰাত  ৭ টা কংকৰ ( পাথৰ ) নিক্ষেপ কৰা  ।
 (২) কুৰবানী কৰা  ।
 (৩) চুলি কটোৱা ।
তাৰপিছত  ইহৰামৰ কাপোৰ সলাই  সাধাৰণ  পোছাক পিন্ধি লোৱা  ।
 মক্কা(৪) তাওৱাফে ইফাদা  কৰা  । সিদিনা নোৱাৰিলে এইটো  ১১ বা ১২ তাৰিখে কৰিব পাৰে  আৰু  তাৰ লগতে  ছাঈও কৰা  ।
১১ ম  যিলহজ্জ (আইয়ামে তাশ্বৰিক )
 ১ম দিন মিনা

(১) দুপৰীয়াৰ পিছত ক্ৰম  ঠিক ৰাখি  প্রথমত সৰু, মধ্যম আৰু তাৰপিছত ডাঙৰ  জামৰাত  প্রত্যেকটোত  ৭ টাকৈ   কংকৰ ( পাথৰ )  নিক্ষেপ কৰা  ।

(২) মিনাত ৰাতি অতিবাহিত কৰা ।

 
১২ ম  যিলহজ্জ (আইয়ামে তাশ্বৰিক )

২য় দিন

 মিনা

১) পূর্বৰ  নিয়মানুযায়ী  ৩টা  জামৰাত  ৭+৭+৭=২১টা  কংকৰ ( পাথৰ )  নিক্ষেপ কৰা  ।
 দুপৰীয়াৰ  আগতে  কংকৰ (পাথৰ)  নিক্ষেপ  নকৰিব ।

(২) সূর্যাস্তৰ  আগত মিনা ত্যাগ কৰা  ।  নোৱাৰিলে সেই ৰাতি ও  মিনাত থাকিব  ।

 
১৩ ম  যিলহজ্জ (আইয়ামে তাশ্বৰিক )

৩য় দিন

 মিনা(১) যিসকলে ৰাতি  মিনাত অতিবাহিত কৰিছিল সিহঁতে আজি  দুপুৰীয়াৰ পিছত  পূর্বৰ  দিনৰ  নিয়মত  ৭টা কৈ মুঠ  ২১ টা  কংকৰ ( পাথৰ ) নিক্ষেপ কৰা  ।
তাৰপিছত  মিনা ত্যাগ কৰা । তাৰপিছত দেশলৈ ওভতি যোৱাৰ  আগতে   মক্কা লৈ গৈ  বিদায়ী তাওৱাফ কৰা ।

Leave a comment