“হক পন্থীসকলে বাতিল দেখি যদি চুপ থাকে¸ তেন্তে বাতিল পন্থীসকলে নিজকে হকপন্থী ভাৱিবলৈ আৰম্ভ কৰে।”
পৃথিৱীত এইটো এটা পৰীক্ষিত সত্য।
পৃথিৱীত শ্বিৰ্ক, বিদাত, কুসংস্কাৰ ও অন্যায়-অপকর্ম বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হৈছে সত্য পন্থীসকলৰ নিৰৱতা।
এই কাৰণেই ছালাফসকলে কৈছে, “সত্য কোৱাৰ পৰা যিয়ে মৌনতা অৱলম্বন কৰে সি হ’ল বোবা শ্বয়তান।”
সেয়ে সত্যৰ পথৰ পথিকসকলৰ কতর্ব্য হ’ল, সাহস বুকুত লৈ শ্বিৰ্ক, বিদাত, কুসংস্কাৰ আৰু অন্যায়-অপকর্মৰ প্রতিবাদ কৰা আৰু সত্য কথা প্ৰকাশ কৰা। অন্যথা বাতিল পন্থীসকলে নিজকেই হকপন্থী ভাৱিবলৈ আৰম্ভ কৰিব।
অৱশ্যে তৎক্ষণাৎ প্রতিবাদ কৰিলে যদি অন্যায় ও বিশৃংখলা আৰু অধিক বিয়পি পৰাৰ সম্ভাৱনা থাকে তেনেহ’লে তেনে ক্ষেত্রত হিকমত হ’ল, অন্তৰৰ দ্বাৰা সেই অন্যায়ক ঘৃণা কৰাৰ লগতে সেই মূহুর্তত প্রতিবাদ নকৰি সময় ও সুযোগৰ অপেক্ষাত থকা আৰু সেই অন্যায়ক কেনেকৈ বন্ধ কৰিব পৰা যায় তাৰ কাৰণে চিন্তা-ভাৱনা ও পৰিকল্পনা কৰা।
–Shaikh Abdullahil Hadi