.
উত্তৰ :
= = = = = = = = = =
আপোনাৰ কথা ঠিক , আমাৰ সমাজৰ আলেমসকলে প্ৰত্যেক ওৱাক্ত ফজৰ, জোহৰ…, বিতিৰ , ঈদ অন্যান্য সকলো ছালাতৰ ফৰজ, চুন্নত , নফলৰ বাবে পৃথক পৃথক আৰবী নিয়ত পঢ়াৰ কথা আমাক শিকাইছে । বেহেশতী জেওৰৰ অনুবাদত কোৱা হৈছে ,
– বুযুৰ্গানে দ্বীন সকলে আৰবী নিয়ত পছন্দ কৰিছে । সেইবাবে আৰবী নিয়ত পঢ়িলে ভাল ।
[বেহশতী জেওৰ ২/১৩০-১৩২ মাচাআলা]
.
☆নিয়ত :
কোনো বস্তু সম্পন্ন কৰাৰ ক্ষেত্ৰত মনৰ দৃঢ় সংকল্প আৰু অন্তৰৰ গভীৰ ইচ্ছা পোষণ কৰাকে চৰীয়তৰ পৰিভাষাত নিয়ত বুলি কোৱা হয় আৰু ইয়াৰ স্থান হ’ল অন্তৰ বা কলব । ইয়াৰ লগত মুখেৰে উচ্চাৰণ কৰাৰ কোনো সম্পৰ্ক নাই ।[ইগাছাতুল লুহফান ১/১৫৬ পৃ:]
ছালাতৰ নিয়ত ফৰজ আৰু চৰ্তসাপেক্ষে , কিন্তু মৌখিক কোৱাৰ প্ৰয়োজন নাই । মুখত উচ্চাৰণ কৰি নিয়ত পঢ়া বিদ’আত, দলিল হ’ল :
☆ৰাছুল(ছা:) কৈছে ,
আমলসমূহ নিয়তৰ ওপৰত নিৰ্ভৰশীল , আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটো পাব, যি সি নিয়ত কৰিব ।[বুখাৰী ১/৪১; মুছলিম ৯/৪৬]
–> উপৰোক্ত হাদীচ সমূহৰ পৰা বুজা গ’ল , নিয়ত কৰিব লাগে , নিয়ত পঢ়িব নালাগে ।
☆হাফেজ ইবনে কাইয়িম (ৰহ:) কৈছে ,
– নবী (ছা:) যেতিয়া ছালাতত থিয় হৈছিল , তেতিয়া আল্লাহু আকবাৰ আৰু ইয়াৰ আগতে একোৱেই কোৱা নাছিল আৰু মুখেৰে কোনো নিয়ত উচ্চাৰণ কৰা নাছিল আৰু এই কথাও কোৱা নাছিল যে মই অমুক ছালাত , অমুক ৰাকাত মুখ কৰি বা মুক্তাদি হৈ পঢ়ি আছো । এনে এটা শব্দও ৰাছুল (ছা:) ৰ কোনো চহীহ , জাল বা জঈফ হাদীচে ও বৰ্ণিত হোৱা নাই ।[ যাদুল মা’আদ খন্ড ১ পৃ: ৫১]
–> উপৰোক্ত হাদীচ সমূহৰ পৰা বুজা গ’ল যে নিয়ত ৰাছুল(ছা:) কেতিয়াও পঢ়া নাই ।
☆বিখ্যাত হানফী আলেম আনোৱাৰ শ্বাহ কাশ্মীৰী (ৰ:) বোখাৰীৰ শ্বৰাৰ পৰা লিখিছে ,
– নিয়ত হ’ল অন্তৰৰ কাৰ্যসমূহ ।[ ফয়জুল বাৰী ১/৮পৃ:]
☆ আল্লামা মোল্লা কাৰী হানফীয়ে কৈছে , ৰাছুল(ছা:) এ ত্ৰিশ হাজাৰ ছালাত পঢ়িছে । তথাপিও তেওঁৰ পৰা এই কথা বৰ্ণিত নাই যে ‘মই অমুক অমুক ছালাতৰ নিয়ত কৰিছো । এই ভাবে নিয়ত নপঢ়াটো চুন্নাত , যেনেকৈ তেওঁৰ কাম চুন্নাত ।[মিচকাত খন্ড ১,পৃ: ৩৭]
.
–
!————————————–
আপুনি ছালাত আদায় কৰাৰ উদ্দেশ্যে মছজিদত বা ঘৰৰ ছালাতৰ স্থানত গৈছে এইটোৱেই নিয়ত । আকৌ ছালাতত থিয় হৈ মুখেৰে উচ্চাৰণ কৰি “নাওৱাইতুয়ান …” এই জাতীয় কোনো শব্দ কোৱা ঠিক নহয় ,এইটো কোৱা বিদ’আত আৰু বিদ’আত কৰিলে কোনো ইবাদত কবুল নহয় ।