সৰল পথৰ সঠিক চিন্তা

 সৰল পথৰ সঠিক চিন্তা

দ্বীন ইছলামত সৰল পথৰ সন্ধান বিচাৰি আমি সদায়েই চুৰাতুল ফাতিহাৰ মাধ্যমেৰে আল্লাহৰ সহায় বিচাৰি আহিছো । আল্লাহৰ পৰা হিদায়তৰ ৰহমেৰে আমি এই সৰল পথত উপনিত হবলৈ নিশ্চয় আমাৰ চিন্তাধাৰাও সঠিক হোৱাটো আৱশ্যক ! কিন্তু দূৰ্ভাগ্য এয়েই যে আমি সাধাৰণতে পৰম্পৰাগত ইছলামৰ বশৱৰ্তী হৈ শ্বৰীয়তক লৈ চিন্তা কৰাৰ প্ৰয়োজনবোধ নকৰো ! দলীলৰ কোনো সন্ধান নকৰি অন্ধভাৱে সদায় ইবাদত কৰি আহিছো ! এনে বিবেচনাৰে পৰিচালিত হোৱাটো আমাৰ বাবে জানো সঠিক হৈছে ?? আহকচোন অতি সাধাৰণ কিছু প্ৰশ্নৰে আমি সকলোৱে অলপ চিন্তা কৰোঁ !!
শ্বৰীয়ত মানি চলাৰ দুটা মূখ্য বিষয় হৈছে ” ফৰজ” আৰু “চুন্নত “! ইয়াৰে কোনো এটা হুকুম ফৰজ হবলৈ হলে নিশ্চিত ভাবে ই ওহীৰ মাধ্যমেৰে প্ৰত্যক্ষ ভাবে আল্লাহৰ পৰা আহিব লাগিব , কিয়নো আল্লাহৰ হুকুম অবিহনে কোনো বিষয় কেতিয়াও ফৰজ হব নোৱাৰে । দ্বিতীয়তে শ্বৰীয়তৰ কোনো আমল বা অনুকৰণীয় বিষয় চুন্নত হবলৈ হলে নিশ্চিত ভাবে ইয়াক নবী চল্লাল্লাহু আলাইহি অছাল্লামে নিজে কৰি দেখাব লাগিব বা কৰাৰ কৰিবলৈ কব লাগিব ! নিশ্চয় এই দুই সাধাৰণ সুত্ৰ আমাৰ সকলোৰে জ্ঞাত ! এতিয়া আমাৰ চিন্তনীয় প্ৰশ্ন হৈছে – চাৰি মাজহাব মনটো ফৰজ নে চুন্নত ?? যদি ফৰজ তেন্তে –
১] মজহব নামাকৰণ হোৱা চাৰিওগৰাকী মহান ইমামৰ জন্ম নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ ইন্তেকালৰ বহু বছৰৰ পাছত ! যিহেতু নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ ইন্তেকালৰ লগে লগে আল্লাহৰ পৰা অহা ওহীৰ দৰজা সম্পূৰ্ণ ভাবে বন্ধ হৈছিল , তেনে অৱস্থাত চাৰি মাজহাব মনাৰ ফৰজ ওহী কেনেকৈ আহিল আৰু কালৈ আহিল ??
২] ইমাম আবু হানিফা (ৰহঃ) কি নিজৰ মজহব নিজেই মানিছিল নে আন কোনো মজহব মানিছিল ??
৩] যদি আন কোনো মজহব মানিছিল তেন্তে আমি তেখেতে মনা মজহব কিয় ত্যাগ কৰিলোঁ ??
৪] যদি তেখেতে মজহব মনা নাছিল তেন্তে মজহব মনাৰ ফৰজ হুকুম তেখেতে তৰক কৰিছিল নেকি ??
৫] তেখেতৰ দৰে ইমান মহান ইমাম এজনে যদি মজহব নমনাটো অপৰাধ নহয় তেন্তে আমি নামানিলে কিয় অপৰাধ বুলি গন্য কৰা হয় ??
আনহাতে যদি মজহব মনটো চুন্নত হিচাবে বিবেচনা কৰা হয়, তেন্তে –
১] নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ ইন্তেকালৰ পাছত সৃষ্টি হোৱা চাৰি মজহব তেখেতে পালন কৰাটো কেনেকৈ সম্ভৱ ??
২] তেখেত এগৰাকী আল্লাহৰ নবী হৈ জানো আন কোনো ইমামৰ পদ্ধতি অনুকৰণ কৰিব ( নাউজুবিল্লাহ )??
৩] তেখেতে যদি চাৰি মজহব মানিবলৈ হুকুম কৰি গৈছে তেন্তে হাদীছত ইয়াৰ ত্বথ্য কত ??
অন্যহাতে যদি মজহব মনটো ফৰজ চুন্নত একোৱেই নহয় , তেন্তে আমি কিহৰ ভিত্তিত আজি কোৰআন হাদীছ ত্যাগ কৰি মজহবৰ নিতীত চলি আহিছোঁ ?? এনে ধৰণৰ অসংখ্য বাস্তৱ প্ৰশ্নৰ কোনোবাই ত্বথ্যভিত্তিক উত্তৰ দিব পাৰিবনে ?? আমি বুজিবলৈ চেষ্টা কৰা উচিত যে সৰল পথৰ সন্ধান পাবলৈ সঠিক চিন্তাৰে আমি আগুৱাবই লাগিব , ব্যতিক্ৰমী পথেৰে গন্তব্য স্হান পোৱাটো সদায়েই কঠিন ।

✍✍.. Muktabul Hussain 

Leave a comment