স্বামীৰ ভালপোৱা আৰু মৰম অর্জন কৰাৰ কাৰণে মুছলিম ৰমণীৰ প্ৰতি কিছু মূল্যৱান উপদেশঃ

স্বামীৰ ভালপোৱা আৰু মৰম অর্জন কৰাৰ কাৰণে মুছলিম ৰমণীৰ প্ৰতি কিছু মূল্যৱান উপদেশঃ
______________________________

(১) বিভিন্ন উৎসৱ উপলক্ষে স্বামীৰ হাত আৰু কপালত চুম্বন কৰা।

(২) স্বামী বাহিৰৰ পৰা আহিলে লগে লগে স্বাগতম জনোৱাৰ কাৰণে পদুলিলৈ আগুৱাই অহা। তেওঁৰ হাতত কোনো বস্তু থাকিলে তাক নিজৰ হাতলৈ নিয়াৰ চেষ্টা কৰা।

(৩) সময় আৰু মন বুজি স্বামীৰ সন্মুখত প্রেম-ভালপোৱা মিশ্রিত বাক্যালাপ কৰা। তেওঁৰ সন্মুখত তেওঁৰ প্রশংসা কৰা। সন্মান ও শ্রদ্ধামূলক আচৰণ কৰা।

(৪) স্বামীৰ পোচাক আদিৰ পৰিচ্ছন্নতাৰ প্রতি বিশেষ যত্ন ৰখা। (পৰিচ্ছন্ন পুৰুষ মানেই তেওঁৰ স্ত্রী পৰিস্কাৰ-পৰিচ্ছন্ন)। ৰন্ধা-বঢ়াৰ ক্ষেত্রত স্বামীয়ে যি পছন্দ কৰে তাক নিজ হাতে প্রস্তুত কৰিবলৈ সচেষ্ট থকা।

(৫) সর্বদা স্বামীৰ সন্মুখত হাঁহিমুখে থকা।

(৬) স্বামীৰ কাৰণে নিজেকে সু-সজ্জিত ৰখা। শৰীৰত দুর্গন্ধ থাকিলে বা লেতেৰা পোচাকেৰে তেওঁৰ সন্মুখলৈ নোযোৱা। মাহেকীয়া ঋতুৰ সময়তো সুসজ্জিত অৱস্থাত থকা।

(৭) স্বামীৰ সন্মুখত কেতিয়াও নিজৰ কন্ঠস্বৰ উচ্চ নকৰা। নাৰীৰ সৌন্দর্য তেওঁৰ নম্র কন্ঠত।

(৮) সন্তানসকলৰ সন্মুখত স্বামীৰ প্রশংসা ও গুণগান কৰা।

(৯) নিজৰ আৰু স্বামীৰ পিতা-মাতা, ভাই-ভনী ও আত্মীয়-স্বজনসকলৰ সন্মুখত আল্লাহৰ কৃতজ্ঞতাৰ লগতে স্বামীৰ প্রশংসা কৰা আৰু তেওঁৰ শ্রেষ্ঠত্ব দাঙি ধৰা। কেতিয়াও স্বামীৰ বিৰুদ্ধে তেওঁলোকৰ ওচৰত অভিযোগ নকৰা।

(১০) সুযোগ বুজি স্বামীক নিজ হাতে লোকমা তুলি খুওৱা।

(১১) কেতিয়াও স্বামীৰ আভ্যন্তৰীন গোপন বিষয় অনুসন্ধান নকৰা। কিয়নো পবিত্র কুৰআনৰ ছুৰা হুজুৰাতৰ ১৩নং আয়াতত আল্লাহে কৈছে, “তোমালোকে কাৰো গোপন বিষয় অনুসন্ধান নকৰিবা।”

আকৌ নবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, “তোমালোকে আনৰ প্রতি কু-ধাৰণাৰ পৰা বাঁচি থাকা। কিয়নো ধাৰণা সকলোতকৈ ডাঙৰ মিছা।”

(১২) স্বামী ৰাগান্বিত হ’লে মনে মনে থকাৰ চেষ্টা কৰা। সম্ভৱ হ’লে তেওঁৰ খং কমাবলৈ চেষ্টা কৰা। যদি তেওঁ খঙত থাকে¸ তেন্তে অন্য সময়ত তেওঁৰ মন বুজি বুজোৱাৰ ব্যৱস্থা কৰা।

(১৩) স্বামীৰ মাতৃক নিজৰ পক্ষৰ পৰা (সাধ্যানুযায়ী) কিছু হাদিয়া-উপহাৰ প্রদান কৰা।

(১৪) সম্পদশালী হৈ থাকিলে স্বামীৰ অভাৱ অনাটনৰ সময়ত তেওঁক সহযোগিতা কৰা।

(১৫) স্বামীৰ অনুমতি অবিহনে কেতিয়াও নিজ গৃহৰ পৰা বাহিৰ নোহোৱা।

(১৬) স্বামীৰ নির্দেশ পালন কৰা, তেওঁৰ আৰু তেওঁৰ সংসাৰৰ খেদমত প্রভৃতিৰ মাধ্যমত আল্লাহৰ ওচৰত প্রতিদানৰ আশা কৰা।

আলহামদুলিল্লাহ! আল্লাহে আমাৰ সকলো মুছলিম মহিলাক মূল্যৱান এই নছীহতসমূহ মানি চলাৰ তৌফিক দান কৰক। আমিন।।।
#JBR

Leave a comment