*********************
#দু‘আ ১-
رَبِّ لَا تَذَرْنِي فَرْدًا وَأَنتَ خَيْرُ الْوَارِثِينَ
#উচ্চাৰণ:- ৰব্বি লা-তাযার্নী ফার্দাঁও অআন্তা খাইৰুল্ ওৱাৰিছীন।
#অৰ্থ:- ‘হে মোৰ ৰব! মোক অকলশৰীয়াকৈ (নিঃসন্তান) নাৰাখিবা, তুমিয়েইতো শ্ৰেষ্ঠ উত্তৰাধিকাৰী’। [ছুৰা আম্বিয়া: ৮৯]
________________________________________________
#দু‘আ ২-
رَبِّ هَبْ لِي مِنْ لَدُنْكَ ذُرِّيَّةً طَيِّبَةً إِنَّكَ سَمِيعُ الدُّعَاءِ
#উচ্চাৰণ:- ৰাব্বি হাবলি মিল্লাদুনকা জুৰৰিয়্যাতান ত্বাইয়্যিবাতান, ইন্নাকা চামিউ’দ দুআ’ই।
#অৰ্থ:- ‘হে মোৰ ৰব! তুমি মোক তোমাৰ ফালৰ পৰা উত্তম সন্তান প্ৰদান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনা শ্ৰৱণকাৰী’। [ছুৰা আলে-ইমৰান: ৩৮]
________________________________________________
#দু‘আ ৩-
﴿رَبِّ هَبْ لِي مِنَ الصَّالِحِينَ﴾
#উচ্চাৰণ:- ৰব্বি হাব্লি মিনাচ চলিহিন।
#অৰ্থ- হে মোৰ প্ৰতিপালক! মোক এটি সৎকর্মশীল সন্তান দিয়া৷” (ছুৰা চফফাত: ১০০)
________________________________________________
#দু‘আ ৪-
رَبَّنَا هَبْ لَنَا مِنْ أَزْوَاجِنَا وَذُرِّيَّاتِنَا قُرَّةَ أَعْيُنٍ وَاجْعَلْنَا لِلْمُتَّقِينَ إِمَامًا
#উচ্চাৰণ:- ৰব্বানা-হাবলানা-মিন্ আয্ওৱা-জ্বিনা-অ যুৰ্ৰিয়্যা-তিনা-কুৰৰতা আ’য়ুনিঁও অজ্ব’আলনা-লিল্ মুত্তাক্বীনা ইমা-মা।
#অৰ্থ:- ‘হে মোৰ ৰব! মোক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। আৰু তুমি মোক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’। (ছুৰা ফুৰকান:৭৪)।
________________________________________________
গতিকে আমি সন্তান-সন্তুতি কামনাৰ কাৰণে দুনিয়াৰ কোনো মানুহ বা পীৰ-মাজাৰৰ ওচৰত সন্তান কামনা নকৰোঁ। কোনো অবৈধ ও অনৈছলামিক উপায় অৱলম্বন নকৰি আল্লাহৰ ওপৰত ভৰসা কৰি উক্ত দু‘আ টো নিয়মিত পাঠ কৰিলে আল্লাহে আমাক নেক সন্তান দান কৰিব। ইন শ্বা আল্লাহ!
________________________________________________
#আমাৰ কৰণীয়—
* আমাৰ যিসকলৰ সন্তান নাই, তেওঁলোকে সন্তানৰ কাৰণে আল্লাহৰ ওচৰত বিচাৰিব লাগিব। আল্লাহে বিচাৰিলে যিকোনো বয়সত সন্তান দিব পাৰে।
* কেৱল সন্তান বিচাৰিলেই নহ’ব, আল্লাহৰ ওচৰত নেক সন্তান কামনা কৰিব লাগিব।
* সন্তান পোৱাৰ আশাত কোনো মাজাৰ, কবৰ, ফকিৰ-দৰবেশ, তাবিজ গ্রহণ নাইবা বদকাৰৰ ওচৰলৈ যাব নোৱাৰিব আৰু অবৈধ উপায় গ্রহণ কৰিব নোৱাৰিব।
* আল্লাহে সন্তান দান কৰিলে শ্বুকৰিয়া আদায় কৰি সুন্দৰ নাম ৰাখিব লাগিব, আকিকা কৰিব লাগিব।
* সন্তানক দ্বীন-ইছলাম শিক্ষা দিব লাগিব।
________________________________________________