সামাজিক মাধ্যমক দাৱাতি কামৰ বাবে ব্যৱহাৰ কৰি কেনেকৈ নিজৰ প্ৰতিটো কৰ্মক আখিৰাতৰ মুক্তিৰ মাধ্যম বনাব

আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ।
বন্ধুসকল! আজি এটা বিশেষ বিষয়লৈ আলোচনা কৰিব বিচাৰিছো।
বিষয়টো হৈছে, *সামাজিক_মাধ্যমক_দাৱাতি_কামৰ_বাবে_ব্যৱহাৰ_কৰি_কেনেকৈ_নিজৰ_প্ৰতিটো_কৰ্মক_আখিৰাতৰ_মুক্তিৰ_মাধ্যম_বনাব?*
বন্ধুসকল! ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এটি হাদীছৰ দ্বাৰা আলোচনা আৰম্ভ কৰিব বিচাৰিছো:
আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
( إنَّ من الناس ناساً مفاتيح للخير مغاليق للشر، وإنَّ من الناس ناساً مفاتيح للشر مغاليق للخير، فطوبى لمن جعل الله مفاتيح الخير على يديه، وويل لمن جعل الله مفاتيح الشر على يديه )
মানুহৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিসকলে কল্যাণৰ দুৱাৰ উন্মুক্ত কৰে, অকল্যাণৰ পথ ৰুদ্ধ কৰে, আনহাতে কিছুমান এনেকুৱা মানুহো আছে যিসকলে অকল্যাণৰ পথ উন্মুক্ত কৰে আৰু কল্যাণৰ পথ ৰুদ্ধ কৰে, এতেকে সেই ব্যক্তিৰ বাবে সুসংবাদ যাৰ হাতক আল্লাহ তা‘আলাই কল্যাণৰ পথৰ চাবিকাঠি বনায়, আৰু সেই ব্যক্তিৰ বাবে ধ্বংস যাৰ হাতক আল্লাহে অকল্যাণৰ পথৰ চাবিকাঠি বনায়। (ইবনে মাজাহ, হাদীছ নং ১৯৫)।
বন্ধুসকল! যিসকলে কোৰআনে কাৰীমৰ বিশুদ্ধ তাফছীৰ, ছহীহ হাদীছ আৰু ইয়াৰ বিশুদ্ধ ব্যাখ্যা প্ৰচাৰ কৰিব, অৱশ্যে তেওঁলোকেই কল্যাণৰ দুৱাৰ উন্মোচনকাৰী হিচাপে বিবেচিত হ’ব। আনহাতে যিসকলে কোৰআনে কাৰীমৰ বানোৱাট তাফছীৰ, হাদীছৰ নামত মিছা বাক্য অথবা হাদীছৰ মিছা ব্যাখ্যা প্ৰদানৰ বাবে সময় ব্যয় কৰিব সিহঁতেই অকল্যাণৰ দুৱাৰ উন্মোচনকাৰী হিচাপে বিবেচিত হ’ব।
বন্ধুসকল! এনেকুৱা বহুতো ভাতৃক দেখা পাওঁ যিসকলে কোৰআন আৰু ছহীহ হাদীছ প্ৰচাৰ-প্ৰসাৰত সময় ব্যয় কৰে, ইয়াৰ বিপৰীতে আন কিছুমান লোকক দেখিবলৈ পোৱা যায়, যিসকলে মিছা তাফছীৰ, মিছা আৰু জাল হাদীছ, হাদীছৰ অসত্য ব্যাখ্যা, মনেসজা কাহিনী, প্ৰতাৰণামূলক কাৰামত বৰ্ণনাত সময় নষ্ট কৰে, এই ধৰণৰ লোকে আল্লাহৰ পথৰ দা‘ঈসকলক (আহ্বায়কসকলক) পিছফালৰ পৰা টানি ধৰিছে, ইহঁতে দা‘ঈসকলৰ দাৱাতৰ পথক কাইটযুক্ত কৰিছে। ইহঁতৰ বহুতেই নুবুজি এনেকুৱা কিছুমান বস্তু প্ৰমোট কৰে যিবোৰ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ দ্বীনৰ বিৰুদ্ধে যায়।
আল্লাহে আমাক এই ধৰণৰ কৰ্মকাণ্ডৰ পৰা বিৰত ৰাখক লগতে অন্যায় আৰু অকল্যাণৰ দুৱাৰ উন্মুক্তকাৰী হোৱাৰ পৰা হিফাজত কৰক। আমীন।(RIR)

✍✍ Rafikul Islam Madani 

Leave a comment