সমাজত প্রচলিত কেইটামান অন্ধবিশ্বাস আৰু কু সংস্কাৰ ।

সমাজত প্রচলিত কেইটামান অন্ধবিশ্বাস আৰু কু সংস্কাৰ ।

১.পৰীক্ষাৰ দিবলৈ যোৱাৰ সময়ত কণী খাই গলে পৰীক্ষা বেয়া হয় বুলি বিশ্বাস কৰা ।

২. দোকানৰ প্ৰথম গ্ৰাহকক বাকীত বস্তু দিলে দিনটোৰ কাৰণে দোকানৰ বিক্ৰী বেয়া হব বুলি ধাৰণা কৰা ।

৩. যোৰা কল খালে জমজ সন্তান হয় বুলি বিশ্বাস কৰা ।

৪. ৰাতি চুলি, নখ, ইত্যাদি কাতিব নোৱাৰি বুলি বিশ্বাস কৰা ।

৫. প্রথম সন্তানৰ মৃত্যু হলে দ্বিতীয় সন্তানৰ কাণ ফুটা কৰি দিয়া, যাতে সন্তানৰ আয়ুস বৃদ্ধি হয় ।

১১. ৰাতি ৰুমত ঝাৰু মাৰি ৰুমৰ জাবৰ জঠৰ ঘৰৰ বাহিৰত পেলাই দিলে ঘৰত অমঙ্গল হব বুলি বিশ্বাস কৰা ।

১২. ঘৰৰ পৰা বাহিৰ হোৱাৰ সময়ত পিছফালৰ পৰা কোনোবাই মাতিলে যাত্ৰা অশুভ হয় বুলি বিশ্বাস কৰা ।

১৯. ৰাতি বাহ কাতিব নোৱাৰি বুলি ধাৰণা কৰা ।

২১. ঘৰৰ পৰা বাহিৰ হোৱাৰ সময়ত কোনো বিধবা মহিলাক দেখা পালে যাত্ৰা অশুভ হব বুলি বিশ্বাস কৰা ।

২৪. বিধবা মহিলাই বগা ৰঙৰ কাপোৰৰ বাহিৰে অন্য কোনো ৰঙৰ কাপোৰ পিন্ধিব নোৱাৰে বুলি ধাৰণা কৰা ।

২৫. ভঙা আইনাত মুখ চালে অমঙ্গল হয় বুলি বিশ্বাস কৰা ।

২৬. সো হাতৰ তলুৱা খজুৱালে মঙ্গল আৰু বাওঁহাতৰ তলুৱা খজুৱালে অমঙ্গল হয় বুলি বিশ্বাস কৰা ।

২৭. শনিবাৰ-মঙ্গলবাৰক অশুভ দিন বুলি বিশ্বাস কৰা ।

২৮. ৰাতি টকা পইচাৰ লেনদেন কৰিলে দুখীয়া হয় বুলি ধাৰণা কৰা ।

২৯. নতুনকৈ ঘৰ বনোৱাৰ সময়ত ঘৰৰ খুটাত ৰঙা কাপোৰ মেৰিয়াই দিয়া ।

৩০. হঠাৎ বাওফালৰ চকু কপিলে বিপদ আহিব বুলি বিশ্বাস কৰা ।

৩১. কোনোবা পৰিয়ালৰ মানুহ বা আপোন মানুহৰ মৃত্যু হলে ৩,৫,১০,৪০ দিনলৈ মাছ-মাংস, কণী আদি খাব নোৱাৰি বুলি বিশ্বাস কৰা ।

৩২. কোনোবা পৰিয়ালৰ মানুহৰ মৃত্যু হলে ৩ দিন বা ৫ দিনলৈ মুৰত তেল, চাবোন নোলোৱাকৈ থকা ।

৩৩. ঘৰৰ ওচৰত কাউৰীয়ে মাতিলে অশুভ সংবাদ আহিব বুলি বিশ্বাস কৰা ।

৩৪. গাড়িৰ আগেৰে মেকুৰী পাৰ হলে গাড়ী দুৰ্ঘটনা হয় বুলি বিশ্বাস কৰা ।

৩৫. কোনো মহিলাক দাইনী বুলি সন্দেহ কৰা ।

2 thoughts on “সমাজত প্রচলিত কেইটামান অন্ধবিশ্বাস আৰু কু সংস্কাৰ ।”

  1. ইছলাম ধৰ্মৰ সম্পৰ্কে অমুছলিমৰ ভুল ধাৰণা সমূহৰ তালিকা বনাই দিব

    Reply

Leave a comment