সমাজত এটা কথা প্ৰচলিত আছে যে, আলিমসকলকৰ বিচাৰ পৰ্দাৰ আঁৰত কৰা হ’ব৷

সমাজত এটা কথা প্ৰচলিত আছে যে, আলিমসকলকৰ বিচাৰ পৰ্দাৰ আঁৰত কৰা হ’ব৷

আচল হাদীছটো চাওঁ আহক!

ছাফওৱান ইবনু মুহৰিব আল-মাযিনী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত। তেওঁ কৈছে, এদিন মই ইবনু ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে তেওঁৰ হাতত ধৰি গৈ আছিলো। এনে সময়ত এজন ব্যক্তি আহি ক’লে, ক্বিয়ামাতৰ দিনা আল্লাহ তা‘আলা আৰু তেওঁৰ মু’মিন বান্দাৰ একান্ত কথাবার্তা সম্পর্কে আপুনি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কি কোৱা শুনিছে? তেতিয়া তেওঁ ক’লে, মই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ যে, *আল্লাহ তা‘আলাই মু’মিন ব্যক্তিক নিজৰ ওচৰলৈ লৈ আহিব আৰু তাৰ ওপৰত স্বীয় আবৰণৰ দ্বাৰা তাক ঢাকি লব।* তাৰ পিছত কব, “অমুক পাপৰ কথা তুমি জানানে”? তেতিয়া সি কব, হয়, হে মোৰ প্রতিপালক! এনেদৰে তেওঁ তাৰ ওচৰৰ পৰা তাৰ পাপসমূহ স্বীকাৰ কৰাই লব, আৰু সি ভাৱিব যে, তাৰ ধ্বংস অনিবার্য। তেতিয়া আল্লাহ তা‘আলাই কব, “আমি পৃথিৱীত তোমাৰ পাপ গোপন কৰি ৰাখিছিলোঁ। আকৌ আজি আমি সেইবোৰ ক্ষমা কৰি দিম’’। তাৰ পিছত তাৰ নেকীৰ আমলনামা তাক দিয়া হ’ব। কিন্তু কাফিৰ ও মুনাফিকসকলৰ সম্পর্কে সাক্ষীসকলে কব, এওঁলোকেই সিহঁতৰ প্রতিপালক সম্পর্কে মিছা কৈছিল। সাৱধান, যালিমসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত। (বুখাৰী ২৪৪১, ৪৬৮৫, ৬০৭০, ৭৫১৪) (আধুনিক প্রকাশনীঃ ২২৬২, ইছলামিক ফাউণ্ডেচনঃ ২২৭৯)

Leave a comment