সন্ত্ৰাসবাদ বনাম ইছলাম

#সন্ত্ৰাসবাদ_বনাম_ইছলাম 👇

🔊 1. সন্ত্ৰাসবাদী সকলে মানুহক জোৰ-জবৰদস্তি ধৰ্ম পৰিবৰ্তন কৰিবলৈ বাধ্য কৰোৱাৰ বিপৰিতে👇
↪ ইচলামে কয়☟
✔দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। (আল-কোৰআন ২:২৫৬)
✔আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। (আল-কোৰআন ১৮:২৯)

🔊 2 . সন্ত্ৰাসবাদী সকলে মহিলা সকলক দূ:ব্যৱহাৰ কৰে জোৰ- জবৰদস্তি তেওঁলোকক বিয়া পাতি লৈ তেওঁলোকৰ অভিভাৱক হৈ তেওঁলোকক আবদ্ধ কৰি ৰখাৰ বিপৰীতে👇
↪ ইচলামে কয়☟
✔ হে ঈমান্দাৰসকল! বলপূৰ্বকভাৱে নাৰীসকলৰ উত্তৰাধিকাৰ হোৱা তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা …(আল-কোৰআন ৪:১৯)

🔊 3 . সন্ত্ৰাসবাদী সকলে তেওঁলোকৰ মতবাদ বেলেগৰ ওপৰত জাপি দিব খোজাৰ বিপৰীতে 👇
↪ ইচলামে কয়☟
✔ আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীত যিসকল আছে সিহঁত সকলোৱেই ঈমান আনিলেহেঁতেন; তেন্তে তুমি মানুহক মুমিন হ’বলৈ বাধ্য কৰাবা নেকি? (আল-কোৰআন ১০:৯৯)

🔊 4. সন্ত্ৰাসবাদী সকলে নিজকে মুছলমান অমুছলমান সকলোৰে অভিভাৱক বুলি গন্য কৰাৰ বিপৰীতে 👇
↪ইচলামে কয় ☟
✔ আৰু যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে, আল্লাহ সিহঁতৰ প্ৰতি সম্যক দৃষ্টিদাতা। আৰু তুমি সিহঁতৰ ওপৰত কৰ্মবিধায়ক নহয়। (আল-কোৰআন ৪২:৬)

🔊 5. সন্ত্ৰাসবাদী সকলে শ শ নিৰিহ মানুহক হত্যা কৰাৰ বিপৰীতে 👇
↪ইচলামে কয় ☟
✔হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। (আল-কোৰআন ৫:৩২)

🔊 6. সন্ত্ৰাসবাদী সকলে ইচলামৰ নামত সীমা লংঘন কৰি তেওঁলোকৰ কৰ্মকাণ্ডক জিহাদ বুলি কোৱাৰ বিপৰীতে 👇
↪ইচলামে কয় ☟
✔আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহ সীমালংঘনকাৰী সকলক ভাল নাপায়। (আল-কোৰআন ২:১৯০)

🔊 7. সন্ত্ৰাসবাদী তেওঁলোকক সমৰ্থন নকৰিলে মানুহক শত্ৰু জ্ঞান কৰাৰ বিপৰীতে 👇
↪ইচলামে কয় ☟
✔হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।(আল-কোৰআন ৪৯:১৩)

🔊 8. সন্ত্ৰাসবাদী বিশ্বজুৰি স্বৈৰাতন্ত্ৰ অন্যায়,অসৎকৰ্ম,সীমালঙ্ঘন আৰু অশ্লীলতা
 কায়েম কৰিব খোজাৰ বিপৰীতে 👇
 ↪ইচলামে কয় ☟
✔নিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে আৰু তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা। (আল-কোৰআন ১৬:৯০)

👉 ইচলামে সন্ত্ৰাসবাদী সকলক যেতিয়া কয় “তোমালোকে পৃথিৱীত বিপৰ্যয় আৰু কাজিয়াৰ সৃষ্টি নকৰিবা তেতিয়া 👇
☛সন্ত্ৰাসবাদী সকলে কয় “আমিহে কেৱল সংশোধনকাৰী, আমি শান্তি ৰক্ষাকাৰী”
✔আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকে পৃথিৱীত ফাছাদ (বিপৰ্যয়) সৃষ্টি নকৰিবা’, সিহঁতে কয়, ‘আমিহে কেৱল সংশোধনকাৰী’। (আল-কোৰআন ২:১১)

Leave a comment