ৰাছুলুল্লাহ (ছাঃ) কৈছে , ,… ‘যি ব্যক্তিয়ে ছালাত (নামাজ) ৰ হিফাজত নকৰিলে …সেই ব্যক্তি ক্বিয়ামতৰ দিন ক্বাৰূণ, ফেৰাঊন, হামান আৰু উবাই বিন খালাফৰ লগতে থাকিব’।
( আহমদ হা /৬৫৭৬ হাচান , দাৰেমী হা/২৭২১ চহীহ )
ছালাত (নামাজ) ৰ হিফাজত কৰাৰ অর্থ ৰূকূ-চিজদা ইত্যাদি ফৰজ আৰু চুন্নাত সমূহ সঠিকভাবে আৰু গভীৰ মনোযোগ সহকাৰে আদায় কৰা ।
[ মোল্লা আলী ক্বাৰী হানাফী , মিৰক্বাতুল মাফাতীহ শ্বাৰহ মিচকাতুল মাচাবীহ ( দিল্লী :তাবি ) ২/১১৮ পৃ: ]
উক্ত হাদীছৰ ব্যাখ্যাত হাফিজ ইবনুল ক্বাইয়িম (৬৯১-৭৫১ হিঃ) ক’লে ,
(১) যি ব্যক্তি অর্থ-সম্পদৰ মোহত ছালাত (নামাজ) ৰ পৰা দূৰত থাকে, তাৰ হাচৰ হব মূচা (আঃ)-ৰ খুৰাৰ লৰা বখীল ( কৃপণ) ধনকুবেৰ ক্বাৰূণ-ৰ লগত।
(২) ৰাষ্ট্রীয় বা ৰাজনৈতিক ব্যস্ততাৰ অজুহাতত যি ব্যক্তি ছালাত (ছালাত) ৰ পৰা গাফিল থাকে, তাৰ হাচৰ হব মিচৰৰ অত্যাচাৰী শাসক ফেৰাঊনেৰ লগত ।
(৩) মন্ত্রীত্ব বা চাকৰিগত কাৰণত যি ব্যক্তি ছালাত (ছালাত ) ৰ পৰা গাফিল থাকে, তাৰ হাচৰ হব ফেৰঊনৰ প্রধানমন্ত্রী হামান-ৰ লগত
।
(৪) ব্যবসায়িক ব্যস্ততাৰ অজুহাতত যি ব্যক্তি ছালাত (নামাজ) ৰ পৰা গাফিল থাকে, তাৰ হাচৰ হব মক্কাৰ কাফিৰ ব্যবসায়ী নেতা উবাই বিন খালাফৰ লগত ।
[ ইবনুল ক্বাইয়িম , ‘ আছ- ছালাত ওৱা হুক্মু তাৰিকিহা ‘ ( বৈৰূত : দাৰ ইবনু হযম , ১ম সংস্কৰণ ১৪১৬/১৯৯৬ ) পৃ:৬৩; চাইয়িদ চাবিক্ব , ফিক্বহুচ চুন্নাহ , ( কায়ৰো : ১৪১২/১৯৯২) , ১/৭২]
মন কৰিবলগীয়া যে ক্বিয়ামতৰ দিন কাফিৰ নেতাসকলৰ লগতে হাচৰ হোৱাৰ অর্থই হ’ল জাহান্নামবাসী হোৱা। যদিও সি দুনিয়াত এজন মুছল্লী আছিল। গতিকে কেৱল ছালাত ( নামাজ ) তৰক ( পৰিত্যাগ ) কৰাই নহয় বৰং ছালাত (নামাজ) ৰ হিফাজত বা ৰূকূ-চিজদা সঠিকভাবে আদায় নহ’লেও জাহান্নামী হব লাগিব ।
(আল্লাহে আমালোকক ৰক্ষা কৰক । আমীন!)।