সঠিক আদৰ্শৰ সন্ধান

✌✌ সঠিক আদৰ্শৰ সন্ধান ✌✌

    নবী মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ অতি স্পষ্ট ঘোষণা —
     
      “নিশ্চয় বনী ইছৰাইলসকল ৭২ টি দলত বিভক্ত হৈছিল আৰু মোৰ উম্মত ৭৩ টি দলত বিভক্ত হ’ব ! ইয়াৰে মাত্ৰ এটা দলৰ বাহিৰে আন সকলো জাহান্নামত যাব !” উপস্থিত চাহাবাসকলে প্ৰশ্ন কৰিলে : ‘ইয়া ৰাছূলুল্লাহ (চল্লাল্লাহু আলাইহি অছাল্লাম) ! সেই দলটি কোন ?? উত্তৰত ৰাছূলুল্লাহ চল্লাল্লাহু আলাইহি অছাল্লামে ক’লে :  “ماَ أَناَ عَلَيْهِ الْيَوْمَ وَاَصْحَابِى  অৰ্থাৎ মই আৰু মোৰ চাহাবাসকল আজিৰ দিনত যিটোৰ ওপৰত আছোঁ, সেই আদৰ্শৰ ওপৰত যি দল থাকিব” (তিৰমিযী হা/২৬৪১, ২/৯২-৯৩ পৃষ্ঠা, মুস্তাদৰাক হাকেম হা/৪৪৪, ১/২১৮ পৃষ্ঠা, মিশকাত হা/১৭১ )।

সৰল প্ৰশ্নৰ স্পষ্ট উত্তৰ। এতিয়া প্ৰথমতে প্ৰশ্ন হয়, এই বিশুদ্ধ হাদীছ আমি বিশ্বাস কৰোঁ নে  নকৰোঁ ?? নিশ্চয় সকলো মুছলিমে কোনো সংকোচ নকৰাকৈ অনায়াসে কব : ১০০% বিশ্বাস কৰোঁ ! তেন্তে নিশ্চিতভাৱে দ্বিতীয় প্ৰশ্নৰ অৱতাৰণা হ’ব যে – নবী চল্লাল্লাহু আলাইহি অছাল্লাম ও সহযোগী চাহাবাসকল কোৰআন ও চহীহ চুন্নতৰ আদৰ্শত আছিল নে ফেকাহ ও মাজহাবী আদৰ্শৰ ওপৰত আছিল ?? এই প্ৰশ্ন অহাৰ লগে লগেই বহুতো আলীম উলেমাৰ কণ্ঠত জেলেপি পাকৰ উত্তৰৰ বৃষ্টিপাত আৰম্ভ হয় ! এই ধাৰাসাৰ কণ্ঠবৃষ্টিয়ে অসংখ্য সাধাৰণ মানুহৰ চকু, কাণ, বিবেক সকলো প্লাৱিত কৰি মানুহক কণা, ক’লা ও বিবেকহীন কৰি পেলায় ! পথভ্ৰষ্টতাৰ ভূৱাজালত হাবুডুবু খাই তেনে বিপথগামী লোকসকলে অৱশেষত ভূল হ’লে আলীমসকল দায়বদ্ধ হৈ নিজে সাৰি যাব বুলি এক অবান্তৰ বিশ্বাস মনত সুদৃঢ় কৰি লয় !

       সাৱধান দ্বীনি ভাইসকল ! আপোনালোকৰ এনে ভূৱা বিশ্বাস প্ৰকৃততে অপৰিপক্কতাৰ পৰিচায়ক ও চৰম বিপদৰ অন্তিম সংকেত ! এনে চিন্তাই আপোনাক কাহানিও বিশুদ্ধ ইছলাম জানিবলৈ ও আমল কৰিবলৈ সুবিধা নিদিয়ে ! ১২-১৪ বছৰ মাদ্ৰাছা পঢ়ি অহা আলীমে কি ভূল শিকাবনে, এই চিন্তা প্ৰত্যেকৰে মনলৈ অহাটো খুবেই স্বাভাৱিক ! মন কৰিব, ৰাছূলুল্লাহ চল্লাল্লাহু আলাইহি অছাল্লামে যি ৭২ টি দল তেখেতৰ উম্মত হৈয়ো জাহান্নামত যাব বুলি ঘোষণা কৰিছে, সেই প্ৰত্যেকটো দলতেই আলীম উলেমা আছে ! গতিকে আপোনাৰ চিন্তা অনুসৰি আলীম(!) হ’লেই যদি শুদ্ধ শিকাব বুলি ভৱা কথাটো শুদ্ধ হয়, তেন্তে নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ উক্ত ঘোষণা ভূল নেকি ?? (নাউজুবিল্লাহ) !!!

নিশ্চয় সেইগৰাকী আলীমহে সৎ পথৰ প্ৰদৰ্শক, যাৰ কথা পবিত্ৰ কোৰআন আৰু চহীহ হাদীছ ভিত্তিক হ’ব। অৰ্থাৎ প্ৰতিটো কথাৰেই দলীল কোৰআন ও চহীহ হাদীছত স্ফতিকৰ দৰে স্পষ্ট হৈ থাকিব। তেনে আলীমৰ অনুসাৰী সকলহে নবী চল্লাল্লাহু আলাইহি অছাল্লাম ও মহান চাহাবাসকলৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আশা থাকিব। ইন শ্বা আল্লাহ সেইসকলেহে একমাত্ৰ সফল দলটিত নিজৰ স্থান সুদৃঢ় কৰাৰ সুবিধা পাব।

আপুনি মই প্ৰকৃততে সেই দলটিৰ আদৰ্শত আছোঁ নে নাই, সেইয়া প্ৰমাণ কৰি চাবৰ বাবে আপোনাৰ মহল্লাৰ ইমামক সোধক – “চালাতৰ বাবে ঠিয় হৈয়ে পঢ়া জাইনামাজ পাকৰ দো’আ , চালাতৰ শাব্দিক নিয়ত পঢ়া, ফৰজ চালাতৰ পাছত ইমামৰ সৈতে সকলো মুছল্লীয়ে কৰা সন্মিলিত মোনাজাত ইত্যাদি নবী চল্লাল্লাহু আলাইহি অছাল্লাম ও চাহাবাসকলৰ আদৰ্শ হয়নে ?? উত্তৰ যদি হাঁ বোধক হয়, তেন্তে পলম নকৰাকৈ চহীহ হাদীছৰ তথ্য বিচাৰক ! কিয়নো তথ্য সহকাৰে নজনা লোকক জ্ঞানী লোকৰ পৰা দ্বীন শিকিবলৈ আল্লাহে কোৰআনত নিৰ্দেশ দিছে, মুখৰ কথাৰ ভিত্তিত নহয় ! উপযুক্ত দলীল প্ৰদৰ্শন কৰিব নোৱাৰি যদি অসংখ্য জেলেপি পাকৰ প্ৰান্তহীন উত্তৰৰ বৃষ্টিপাত ঘটায়, তেতিয়া আমি নিশ্চিত হ’ব লাগিব যে,  উক্ত সফল আদৰ্শৰ নিশ্চিতভাৱে আমি অনুসাৰী নহয়। ইয়াত সন্দেহ আৰু বিতৰ্কৰ তিলমানো অৱকাশ নাই। আমি বুজিবলৈ চেষ্টা কৰা উচিত যে, চৰুত ভাত সিজিলে নে নাই চাবলৈ সকলো ভাত পিতিকি চোৱাৰ প্ৰয়োজন নাই ! দুটা বা তিনিটা ভাতৰ দানাই সমস্ত চৰুৰ ভাতৰ স্থিতি জানিবলৈ   দিয়ে।

সেয়েহে সময় থাকোতেই আমি ৭২ টি ভ্ৰান্ত আদৰ্শৰ পৰা মুক্ত হৈ একমাত্র বিজয়ী পথ অনুসন্ধান কৰাৰ চেষ্টা কৰা উচিত।
আল্লাহে আমাক সকলোকে সঠিক আদৰ্শ চিনাক্ত  কৰাৰ তৌফিক দিয়ক ! আমীন।

#মোক্তাবুল_হুছেইন।

Leave a comment