সচাঁ আৰু মিছা

-সচাঁ আৰু মিছা-
এটা অসাধাৰণ ছহী হাদীছ…!!
আব্দুল্লাহ ইবনে মাছউদ (ৰাদীয়াল্লাহু ‘আনহু) পৰা বর্ণিত তেওঁ কৈছিল: ৰাছুল চলল্লাহু ‘আলাইহি ওয়াচল্লামে কৈছিল:” তোমালোকে সত্যক আকুড়ি ধৰা। কাৰণ, সত্য পুণ্যৰ পথ দেখায় আৰু পুণ্য জান্নাতৰ পথ। কোনো ব্যক্তিয়ে যদি সদায় সত্য কথা কয় আৰু সদায় সত্যৰ অনুসন্ধানী হয় তেন্তে তেওঁ শেষ পর্যন্ত আল্লাহ তা’আলাৰ ওচৰত সত্যবাদী হিচাবেই লিখিত হয়।
আৰু তোমালোকে মিছাৰ পৰা সম্পূর্ণৰূপে দূৰৈত থাকা। কাৰণ, মিছা পাপবোৰৰ ৰাস্তা দেখায় আৰু পাপেই জাহান্নামৰ ৰাস্তা। কোনো ব্যক্তিয়ে সদায় মিছা কথা কলে আৰু সদায় মিছাৰ অনুসন্ধানী হলে তেওঁ শেষ পর্যন্ত আল্লাহ তা’আলাৰ ওচৰত মিছলীয়া হিচাপেই লিখিত হয়। “
সহী বুখাৰীঃ ৬০৯৪;
সহী মুসলিমঃ ২৬০৬, ২৬০৭,
তিৰমিযীঃ ১৯৭১;
আবু দাউদঃ ৪৯৮৯;
ইবনে মাজাহঃ ৪৬;
আহমাদঃ ৩৫৩১, ৩৭১৯, ৩৮৩৫, ৩৮৮৬, ৪০১২, ৪০৪৮, ৪০৯৭, ৪১৭৬;
মুওয়াত্তা ইমাম মালিকঃ ১৮৫৯;
দাৰেমীঃ ২৭১৫]
-tran.sgis-

Leave a comment