বিদাতৰ কোনো ভাগ নাই। সকলো বিদাতেই পথভ্ৰষ্টতা:-
_______________________________________________
_______________________________________________
ৰাছূলুল্লাহ চাল্লাল্লাহু ‘আলাইহি ৱাছাল্লামে সদায় তেওঁৰ উম্মতক বিদ‘আত সম্পর্কে সতর্ক কৰি গৈছে। তেওঁ প্রায় সকলো খুতবাৎ কৈছিল :
أما بعد فإن خير الحديث كتاب الله وخير الهدي هدي محمد صلى الله عليه وسلم وشر الأمور محدثاتها وكل بدعة ضلالة.(رواه مسلم عن جابر بن عبد الله)
অর্থঃ “উত্তম বাণী হ’ল আল্লাহ তা’আলাৰ কিতাব আৰু সর্বোত্তম হিদায়াৎ (পথ নিৰ্দেশনা) হ’ল মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হিদায়াৎ (পথ নিৰ্দেশনা)। নিকৃষ্ট বিষয় হ’ল বিদ‘আত (দ্বীনৰ মাজত নতুন আৱিষ্কৃত বিষয়সমূহ।) সকলো বিদ‘আতেই হ’ল পথভ্রষ্টতা।” (মুছলিম, হাদিছ নং ১৮৭৮)