সকলো প্ৰকাৰ তাবিজেই শ্বিৰ্কঃ-

সকলো প্ৰকাৰ তাবিজেই শ্বিৰ্কঃ———————————————হাদীছঃ*********নাবী চাল্লাল্লাহ আলাইহি ৱাছাল্লামে কৈছে,”যি ব্যক্তিয়ে তাবিজ ওলোমালে সি শ্বির্ক কৰিলে”[ আহমাদ ৪থ খণ্ড, ১৫৬পৃঃ,চনদ ছহীহ]১ম কথাঃওপৰোক্ত হাদীছৰ পৰা এইটোৱেই কব বিচাৰোঁ, ইয়াত সকলো প্রকাৰ তাবিজক অন্তর্ভুক্ত কৰাই হ’ল অধিক তাকওৱাৰ কাম, সেয়া কুৰআনৰ আয়াতেই হওঁক বা আন যিকোনো পদাৰ্থ।ভাল তাবিজ (!) (কুৰআনৰ আয়াতৰ দ্বাৰা লিখা) বা অন্য তাবিজ (বিভিন্ন নক্সাৰ দ্বাৰা অঁকা) যিয়েই নহওঁক কিয়সকলো তাবিজেই শ্বির্কৰ অন্তর্ভুক্ত, যিহেতু নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে এইবিলাকৰ মাজত কোনো পার্থক্য কৰি দিয়া নাই। গতিকে সকলো প্রকাৰ তাবিজেই পৰিতাজ্য——-এইটোৱেই ইনচাফভিত্তিক কথা আৰু এইটোৱেই নিৰাপদ ইন শ্বা আল্লাহ। অহেতুক কিছু অযুক্তিকৰ আৰু জিলাপী খোৱা মৌলবীসকলৰ দোহাই দি নাবী চাল্লাহু আলাইহি ৱাছাল্লমৰ সুষ্পষ্ট হাদীছৰ বিপৰীত কাম নকৰাই উত্তম। মনত ৰখা উচিত, কোনো বিষয় যদি এনেকুৱা হয় যি, বিষয়টি শ্বিৰ্ক‌ হোৱাৰ ক্ষেত্ৰত কিছুআলিমে কৈছে¸ এইটো শ্বিৰ্ক আৰু কিছু আলিমে কৈছে¸ এইটো শ্বিৰ্ক নহয় এনে অৱস্থাত মুমিনৰ উচিত হ’ব ক্ষতিৰ দিশটো বিবেচনা কৰি তাৰ পৰা আঁতৰি থকা অর্থাৎ শ্বিৰ্কবুলি ভাৱি আঁতৰি থকা উচিত। মনত ৰখা উচিত, যদিও শ্বিৰ্কৰ প্রকাৰভেদ আছে তথাপিও এইটোৱেই স্বীকৃত যে, উভয় শ্বির্ককাৰীৰ কাৰণে আছে আখিৰাতত শাস্তিৰ অংগীকাৰ। মহান আল্লাহে কৈছেঃ” যিয়ে আল্লাহৰ সৈতে শ্বৰীক স্থিৰ কৰিলে আল্লাহে তাৰ কাৰণে জান্নাত হাৰাম কৰি দিব, জাহান্নামেই হ’ব তাৰ আবাসস্থল (মায়িদা ৭২)”চাহাবী আব্দুল্লাহ ইবনু মাছউদ, ইবনু আব্বাছ, হুযায়ফা ইবনুল ইয়ামান, উকবা বিন আমীৰ, আব্দুল্লাহ ইবনু উকাইম (ৰাঃ আনহুমা) এওঁলোক সকলোৱেই “সর্বপ্রকাৰ ” তাবিজকেই অবৈধ বুলি কৈছে।গতিকে কবৰ পুজাৰ দৰে ডাঙৰ শ্বির্ক হওঁক আৰু তাবিজ ব্যৱহাৰৰ দৰে সৰু(!) শ্বির্ক হওঁক পৰিণতি একেই আৰু সিহ’ল জাহান্নাম। মহান আল্লাহে আমাক হিফাযত কৰক।২য় কথাঃ★ মহান আল্লাহে কৈছেঃ”তুমি (নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লাম) আল্লাহৰ সৈতে শ্বিৰ্ক স্থিৰ কৰিলে তোমাৰ সকলো আমল বৰবাদ হৈ যাব আৰু তুমি হ’বা ক্ষতিগ্রস্থ।”(যুমাৰ,৬৫)।★ “তুমি আল্লাহৰ সৈতে কোনো মাবুদ স্থিৰ নকৰিবা, কৰিলে তুমি নিন্দিত আৰু আল্লাহৰ অনুগ্রহৰ পৰা বঞ্চিত হৈ জাহান্নামত নিক্ষিপ্ত হ’বা।”( ইছৰা ৩৯)।উল্লেখ্য, যদিও আয়াতসমূহত ডাঙৰ শ্বির্কৰ বিষয়ে কোৱা হৈছে তথাপিও চাহাবীসকলে এই আয়াতসমূহ সৰু শ্বির্ককাৰীসকলৰবিৰুদ্ধেও উল্লেখ কৰিছিল।মহান আল্লাহে যেতিয়া নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামকেই এনেকুৱা কথা কব পাৰে যে, তেওঁৰ আমল ‘বৰবাদ’ হৈ যাব, তেওঁক ‘জাহান্নাম’ত নিক্ষেপ কৰা হ’ব, তেওঁ ‘নিন্দিত’ হ’ব, তেওঁ আল্লাহৰ ‘অনুগ্রহ’ৰ পৰা বঞ্চিত হ’ব——-তেনেহ’লে হে বৰ্তমানৰ মুছলিমসকল,আপোনালোকৰ/আমাৰ আমলৰ কি পৰিণতি হ’ব??????মহান আল্লাহে ইমানবোৰ ধমক কিয় দিলে নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামক???শ্বিৰ্কৰ কাৰণেইতো দিলে, যাতে শ্বিৰ্ক কৰা নহয়; নহয় জানোঁ????তেনেহ’লে তাবিজওৱালা শ্বিৰ্ক সম্বন্ধে আপোনাৰ আমাৰ কি হব???কিয় তাবিজওৱালা শ্বিৰ্কৰ বিষয়ত আপুনি আমি ইমান নীৰব????কা-ৰ-ণ, আমিতো বৰ্তমান তাবিজক শ্বিৰ্ক বুলি নাভাৱি আৰোগ্য বা সুস্থ হোৱাৰ মাধ্যম বুলি ভাৱিছোঁ!!!!!!!আচৰিত হোৱাৰ কথা এই যে,নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামেই যেতিয়া শ্বিৰ্ক কৰিলে জাহান্নামত যাব লাগিব তেনেহ’লে আপুনি মই তাবিজ লোৱাৰ দৰে শ্বিৰ্ক কৰিও জান্নাতত যাম—–এয়া কি সম্ভৱ????মহান আল্লাহৰ ওচৰতেই সকলো ভৰষা।তাবিজ-আঙুঠি বনাম ইছলামী শ্বৰীয়াহঃবর্তমানে কিছু সংখ্যক মুছলিমক তাবিজ ব্যৱহাৰ কৰা দেখা যায় আৰু কিছুমানক আঙুঠি ব্যৱহাৰ কৰা দেখা যায়।.বিভিন্ন কাৰণত তেওঁলোকে এইবোৰ ব্যৱহাৰ কৰে। যেনে: ভোক নলগা, টোপনি নধৰা….. ইত্যাদি ইত্যাদি।.ইছলামী শ্বৰীয়াতৰ সৈতে ইয়াৰ কি সম্পর্ক? আহঁক চাই লওঁ…..আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত।তেওঁ কৈছে-“মই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱা শুনিছোঁ যে¸ মন্ত্র, তাবিজ আৰু তাওলা কৰা শ্বিৰ্ক”। এই কথা শুনি যয়নব ৰাদ্বিয়াল্লাহু আনহাই ক’লে- “তুমি এয়া কি কৈছা! আল্লাহৰ শপত! মোৰ চকুৰ অসুখ হোৱাত মই এজন ইয়াহূদীৰ ওচৰলৈ গৈছিলোঁ, যিয়ে মন্ত্র পাঠ কৰি মোৰ চকুত ফুঁক দিয়াত বিষ উপশম হৈছিল”। তেতিয়াআব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে- “এইটো শ্বয়তানৰ অপকর্ম আছিল, যিয়ে তাৰ হাতৰ দ্বাৰা চকুত কষ্ট দিছিল আৰু যেতিয়া সেই ইয়াহূদীয়ে তাতে ফুঁক দিছিল, তেতিয়া সি আঁতৰি গৈছিল। তোমাৰ কাৰণে সেইটোৱেইপাঠ কৰা উচিত আছিল, যিটো ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে পাঠ কৰিছিল”। আৰু সেইটো হ’ল- “হে মানৱ জাতিৰ ৰব্ব! যন্ত্রণা দূৰ কৰি দিয়া, আৰোগ্য দান কৰা, আপুনিয়েই আৰোগ্যদাতা, আপোনাৰ দিয়া নিৰাময়েই যথার্থ নিৰাময়, যাৰ পিছত আৰু কোনো ৰোগ বাকী নাথাকে”।.নোট: তাওলা এক প্রকাৰ যাদু, যাৰ দ্বাৰা বেগানা স্ত্রীপুৰুষৰ মাজত অবৈধ প্রেমসৃষ্টি কৰা হয়। নিঃসন্দেহে এইটো হাৰাম কাম।(ছুনান আবু দাউদ (ইফাঃ), অধ্যায়ঃ ২২/ চিকিৎসা, হাদীছ নম্বৰঃ ৩৮৪৩)।.এইটো স্পষ্ট যে এইবোৰ কৰা শ্বির্ক। আনকি এইটো শ্বির্কে আকবৰ!!!!! যিয়ে এজন মুছলিমক ইছলামৰ পৰা খাৰিজকৰি দিয়ে!!!.ঈছা ইবনু আব্দুৰ ৰহমান ইবনু আবূ লাইলা (ৰহঃ)ৰ পৰা বর্ণিত আছে, তেওঁকৈছে- মই আব্দুল্লাহ ইবনু উকাইম আবূ মা’বাদ আল-জুহানীৰ অসুস্থ অৱস্থাত তেওঁক দেখা কৰিবলৈ গ’লো। তিনি বিষাক্ত ফোঁৰাত আক্রান্ত আছিল। মই ক’লো, এই তাবিজবোৰ কিয় তুমি ওলোমাই ৰাখিছা? তেওঁ ক’লে, মৃত্যু তো ইয়াতকৈও ওচৰত। নাবী চাল্লাল্লাহুআলাইহি ৱাছাল্লামে কৈছে- যি মানুহে যিকোনো ওলোমাই ৰাখে (তাবিজ-তুমাৰ) তাক তাৰ ওপৰতেই সমর্পন কৰা হয়।(ছুনান আত তিৰমিজী [তাহক্কীক্ককৃত],অধ্যায়ঃ ২৬/ চিকিৎসা, হাদীছ নং: ২০৭২)

মুছলিম মানে যিয়ে নিজকে আল্লাহৰ ওচৰত সমর্পন কৰে। কোনোবাই যদি মুক্তি কৰাৰ তাবিজ-আঙুঠি ব্যৱহাৰ কৰে, তেনেহ’লে সি নিজকে তাবিজ-আঙুঠিৰ ওপৰত সমর্পন কৰিলে। সি হৈ যাব এজন মুশ্বৰিক। যাৰ কাৰণে থাকিব চিৰস্থায়ী জাহান্নাম!!!.আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ স্ত্রী যয়নব ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত। তেওঁ কৈছে, এজনী বৃদ্ধা আমাৰ এইফালে আহিছিল আৰু তাই চৰ্মপ্রদাহৰ জৰা-ফুঁকাকৰিছিল। আমাৰ এখন লম্বা পা-বিশিষ্ট খাট আছিল। আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে ঘৰত প্রৱেশৰ সময়ত সশব্দে কাঁহ মাৰিছিল। এদিন বৃদ্ধাজনী আমাৰ ঘৰত প্রৱেশ কৰিলে। তাই তেওঁৰ গলৰ আওৱাজ শুনিবলৈ পাই লুকাই পৰিল। তেওঁ আহি মোৰ কাষত বহিল আৰু মোক স্পর্শ কৰিলে এগছি সুতাৰ স্পর্শ পালে।তেওঁ প্ৰশ্ন কৰিলে, “এইডাল কি”? মই ক’লো, “চর্মপ্রদাহৰকাৰণে জৰা-ফুঁকা কৰা সূতা বান্ধিছোঁ”। তেওঁ সেইডাল মোৰ গলৰ পৰা টানি ছিঙি পেলালে আৰু তাক দলিয়াই পেলাই দি ক’লে, “আব্দুল্লাহৰ পৰিবাৰ শ্বিৰ্কমুক্ত হ’ল”। মই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱাশুনিছোঁ- ‘‘মন্ত্র, ৰক্ষাকবচ, গিটযুক্ত মন্ত্রপূত সূতা হ’ল শ্বিৰ্কৰ অন্তর্ভুক্ত’’। মই ক’লো, মই এদিন বাহিৰলৈ গৈছিলোঁ, তেতিয়া অমুক ব্যক্তিজনে মোক দেখিলে। মোৰ যিটো চকুৰ দৃষ্টি তাৰ ওপৰত পৰিল সেইটো চকুৰ পৰা পানী ববলৈ ধৰিলে। মই তেওঁৰ মন্ত্র পঢ়ি ফুঁক দিয়াত তাৰ পৰা পানী ওলোৱা বন্ধ হ’ল আৰু মন্ত্র পঢ়া বন্ধ কৰিলেই পুনৰ পানী ববলৈ ধৰে। তেওঁ ক’লে, এইটো শ্বয়তানৰ কাম। তুমিশ্বয়তানৰ আনুগত্য কৰিলে সি তোমাক ৰেহাই দিয়ে আৰু তাৰআনুগত্য নকৰিলে সি তোমাৰ চকুত তাৰ আঙুলিৰ খোঁচা মাৰে। কিন্তু তুমি যদি তাকেই কৰা, যিটো ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৰিছিল, তেনেহ’লে সেইটো তোমাৰ কাৰণে উপকাৰী হ’ব আৰু আৰোগ্য লাভতো অধিক সহায়ক হব। তুমি নিম্নোক্ত দোৱা পঢ়ি পানীত ফুঁক দি সেই পানী তোমাৰ চকুত ছটিয়াই দিয়া-‘‘আযহিবিল বাচ ৰব্বান নাচ, ইশফি আনতাশ শাফী, লা শিফাআ ইল্লা শিফাউকা শিফাআন লা ইউগাদিৰুচাকামান’’(হে মানুহৰ ৰব্ব! কষ্ট দূৰ কৰি দিয়া, আৰোগ্য দান কৰা, তুমিয়েই আৰোগ্যদানকাৰী, তোমাৰ আৰোগ্যদানৰ বাহিৰে আৰোগ্য লাভ কৰা নাযায়, এনেভাৱে আৰোগ্য দান কৰা যাতে কোনো ৰোগেই নাথাকে)।(ছুনানে ইবনে মাজাহ,অধ্যায়ঃ ২৫/ চিকিৎসা,হাদীছ নম্বৰঃ ৩৫৩০)তাবিজৰ বিপক্ষে আৰু বহুত হাদীছ আছে।মনত ৰাখিব “যিয়ে তাবিজ ওলোমালে সি শ্বিৰ্ক কৰিলে”।আমাক সকলো প্ৰকাৰ শ্বিৰ্কৰ পৰা আল্লাহে হিফাযাতে ৰাখক। আমিন।

Leave a comment