সকলো ধৰ্ম ভাল কথা কয়,তেন্তে কেৱল ইছলাম ধৰ্মক কিয় অনুসৰণ কৰিম?

সকলো ধৰ্ম ভাল কথা কয়,তেন্তে কেৱল ইছলাম ধৰ্মক কিয় অনুসৰণ কৰিম?

উত্তৰ:- প্ৰতিটো ধৰ্মই মূলত ভাল কথা কয়।যেনে:- ডকাইতি নকৰিবলৈ, চুৰি নকৰিবলৈ, মহিলাক বিৰক্ত বা ধৰ্ষণ নকৰিবলৈ হিন্দু ধৰ্ম, ইছলাম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম এই সকলো ধৰ্মই নিষেধ কৰে।কিন্তু ইছলাম ধৰ্মৰ লগত অন্যান্য ধৰ্মৰ পাৰ্থক্য হল ইছলাম ধৰ্ম ভাল কথাৰ নিৰ্দ্দেশ দিয়াৰ উপৰিও আপোনাক দেখায় দিয়ে সেই ভাল পৰিৱেশটো কেনেকৈ তৈয়াৰ কৰিব লাগিব। সকলো ধৰ্মই সাৰ্ব্বজনীন  ভ্ৰাতৃত্বৰ কথা কয়।কিন্তু ইছলাম ধৰ্ম আপোনাক কাগজ-কলমত দেখায় দিয়ে এই ভ্ৰাতৃত্ব কেনেকৈ দৈনন্দিন জীৱনত তৈয়াৰ কৰিব। যেনে:-আমি মুছলিম সকলৰ দিনত পাচঁ বাৰ ছালাত(নামাজ) পঢ়িব লাগে,আমি যেতিয়া ছালাতৰ বাবে শাৰী পাতি থিয় হও, তেতিয়া ওচৰৰ জন হব পাৰে কলা বা বগা, ধনী বা ফকিৰ, ইজনে-সিজনৰ কান্ধত কান্ধ লাগাই থিয় হও।ই ভ্ৰাতৃত্ব  বৃদ্ধি কৰে।
আৰু বিশ্বজনীন ভ্ৰাতৃত্ব আটাইতকৈ ডাঙৰ উদাহৰণ হল ইছলাম ধৰ্মৰ “হজ্জ”পালন।প্ৰায় ২৫লাখ মানুহ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা হজ্জ উপলক্ষে “মক্কা শ্বৰিফত’ উপস্থিত হয়।যেনে আমেৰিকা,কানাডা,ইংলেন্ড,চিংগাপুৰ, মালায়ছিয়া,ইন্ডিয়া,পাকিস্তান,ইন্ডোনেছিয়া,ইত্যাদি বিভিন্ন ঠাইৰ পৰা মানুহ আহে,আৰু সেই সময়ত চিলাই বিহীন মাত্ৰ দুটা খণ্ড বগা ৰংৰ কাপোৰ পিন্ধে, বুজিবৰ উপায় নাই যে আপোনাৰ কাষত থকা ব্যক্তি জন সি মন্ত্ৰী নে মিনিষ্ঠাৰ, ৰজা নে ফকিৰ এইটো বিশ্বজনীন ভ্ৰাতৃত্বৰ  আটাইতকৈ ডাঙৰ দৃষ্টান্ত।পৃথিৱীৰ ভিতৰত এইটোয়েই ডাঙৰ লোকসোমাগম।সেয়েহে ইছলাম ভাল কথা কোৱাৰ উপৰিও আমাক দেখায় দিয়ে সেই ভাল কাম কেনেকৈ কৰিব।
             
           যেনে:-হিন্দু ধৰ্ম কয় চুৰি নকৰিব-খ্ৰীষ্টান ধৰ্ম কয় চুৰি নকৰিব-ইছলাম ধৰ্ম কয় চুৰি নকৰিব-তেন্তে ইছলামৰ সৈতে অন্যান্য ধৰ্ম পাৰ্থক্য কত।পাৰ্থক্য হৈছে ইছলাম আপোনাক দেখায় দিয়ে কেনেকৈ সেই পৰিৱেশ তৈয়াৰ কৰিব  যি পৰিৱেশত মানুহে চুৰি নকৰিব।
        ইছলাম ধৰ্মত “যাকাত’ নামে এটা বিষয় আছে, বিষয়টো হল যে প্ৰত্যেক ধনী ব্যক্তি সিহঁতৰ সম্পত্তি ৮৫ গ্ৰাম “সোণ’তকৈ বেছি,তেন্তে সেই ধনী ব্যক্তিৰ  অতিৰিক্ত সম্পত্তিৰ ২.৫% দান কৰি দিব প্ৰতি বছৰ। যদি প্ৰত্যেক মানুহ এই নিয়ম অনুসৰি দান কৰে অৰ্থাৎ যাকাত প্ৰদান কৰে তেন্তে পৃথিৱীত এজনো দৰিদ্ৰ নাথাকিব।তেতিয়া এই পৃথিৱীৰ এজন মানৱ সন্তানো অনাহাৰত মৃত্যু নহব।

             ইয়াৰ পিছত পৱিত্ৰ কোৰআন কয় ৫ নং ছুৰা মায়িদা ৩৮নং আয়াতত উল্লেখ আছে:- চোৰ পুৰুষ আৰু চোৰ নাৰীৰ সিহঁত উভয়ৰে হাত কাটি দিয়া, এয়া সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তিস্বৰূপ; আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
হয়তো তেতিয়া কোনোবাই কব এই প্ৰযুক্তি ও আধুনিক যুগত হাত কাটি পেলোৱা আচলতে ইছলাম অতি বেয়া ধৰ্ম, এইটো এটা নিষ্ঠুৰ আইন।
           হয় মইয়ো জানো হাজাৰ হাজাৰ মানুহে চুৰি কৰে,যদি সকলোৰে হাত কাটি দিয়া যায় তেন্তে বহুত মানুহৰ হাত নাথাকিব।কিন্তু আইনটৌ ইমান কঠিন যে যেতিয়াই এই আইন প্ৰয়োগ কৰিব আৰু যদি কোনোবাই জানিব পাৰে যে চুৰি কৰিলেই হাত কাটি দিয়া হব, তেতিয়াই তেওঁৰ মূৰৰ পৰা চুৰি কৰাৰ চিন্তা দুৰহৈ যাব।
আপুনি জানে নে এতিয়া আমেৰিকা যিটো পৃথিৱীৰ সকলতকৈ উন্নত দেশ, দূৰ্ভাগ্যজনক ভাৱে সেই দেশতে অপৰাধৰ মাত্ৰা অতি বেছি, সকলতকৈ বেছি চুৰি,ডকাইতি হয়।মই এতিয়া প্ৰশ্ন কৰোঁ আমেৰিকাত যদি ইছলামিক আইন প্ৰয়োগ কৰা হয়,যে প্ৰত্যেক ধনী মানুহ যাকাত দিব অৰ্থাৎ প্ৰত্যেক ধনী মানুহ তেওঁৰ অতিৰিক্ত সম্পত্তিৰ ২.৫% দান কৰিব আৰু পিছতো যদি কোনো পুৰুষ বা মহিলা চুৰি কৰে তেন্তে হাত কাটি দিয়া হব।মই প্ৰশ্ন কৰিলো আমেৰিকাত যি পৰিমাণে চুৰি ডকাইতি হৈ আছে। সেই চুৰি-ডকাইতি কি আৰু বেছি হব, নে একে ধৰণৰ ৰৈ যাব, নে কমি যাব, সেই টো কমি যাব এইটোয়ে কাৰ্যকৰ আইন।ইছলামিক আইন প্ৰয়োগ কৰক লগে লগে ফলাফল পাওক।
    আৰু এটা উদাহৰণ দিও যে বেছিৰ ভাগ ধৰ্ম কয় মহিলাক বিৰক্ত বা ধৰ্ষণ নকৰিবলৈ, হিন্দু ধৰ্ম কয় এই কথা, ইছলাম ধৰ্ম কয় এই কথা, খ্ৰীষ্টান ধৰ্মও কয়।কিন্তু ইছলাম ধৰ্ম আমাক কাগজ-কলমত দেখায় দিয়ে সেই ধৰ্ষণ মুক্ত পৰিৱেশ বা সমাজ কেনেকৈ তৈয়াৰ কৰিম।ইছলাম ধৰ্মত “হীজাব’ বুলি এখন বিষয় আছে।মানুহে কেৱল মহিলাৰ হীজাবৰ কথা কয়,কিন্তু আল্লাহ ত’আলা প্ৰথমে পুৰুষৰ হীজাবৰ কথা কৈছ,

পৱিত্ৰ কোৰআন ছুৰা আল নূৰ ৩০ নং আয়াতত উল্লেখ আছে:- “মমিন সকলোক কোৱা সিহঁতে যাতে দৃষ্টি সংযোত কৰে আৰু লজ্জা স্থান হিফাযত ৰাখে” যদি কোনো পৰুষৰ মহিলাৰ ফালে অইচ্ছাকৃত ভৱে দৃষ্টি যায়, তেন্তে শীঘ্ৰে দৃষ্টি নিম্নগামী কৰিব লাগিব।আকৌ ইচ্ছাকৃত ভাৱে সেই মহিলাৰ ফালে চাব নোৱাৰিব।
ইয়াৰ পাছত আয়াত অৰ্থাৎ ছূৰা নূৰ ৩১ নং আয়াতত :- মহিলাৰ হীজাবৰ কথা উল্লেখ আছে “মমিন নাৰী সকলোক কোৱা সিহঁতে যাতে সিহঁতৰ দৃষ্টি সংযোত কৰে,আৰু সিহঁতৰ লজ্জা স্থান হিফাজত ৰাখে, আৰু সিহঁতে যাতে আৱৰণ প্ৰকাশ নকৰে স্বামী,পিতা,ভাই,ব্যতীত”ইত্যাদি ইয়াত এখন পৰুষৰ তালিকা দিয়া আছে, যিবিলাকক মহিলা সকলে কেতিয়াও বিয়া কৰিব নোৱাৰে।
আৰু হীজাবৰ ৬টা নিয়মাৱলী আছে:-
১) প্ৰথমে কোৱাহৈছে পুৰুষ আৰু মহিলাৰ শৰীৰৰ কিমান খেনি ঢাকি ৰাখিব লাগিব, পুৰুষৰ “নাভিৰ পৰা ভৰিৰ গাঠি লৈকে,আৰু মহিলাৰ গোটেই শৰীৰ ঢাকিব লাগিব, যিখেনি অংশ বাহিৰকৈ ৰাখিব পাব সেই খেনি হল,”মুখ আৰু হাতৰ পতা।কোনো কোনো বিশেষজ্ঞ কয় সেই খেনিও ঢাকি ৰাখিব লাগিব।
বাকী ৫টা নিয়ম দুয়োজনৰ বাবে একে:- ২)পোছাক ইমান সৰু হব নোৱাৰিব, যাতে শৰীৰৰ আকৃতি বুজা যায়।

৩)পোছাক খন পাতল হব নোৱাৰিব,যাতে ভিতৰৰ পিনে দেখা যায়।

৪)পোছাক ইমান চেপা হব নোৱাৰিব , যাতে বিপৰীত লিংগ আকৃষ্ট হয়।

৫)পোছাক অবিশ্বাসী সকলোৰ নিচিনা হব নোৱাৰিব।

৬)পোচাক বিপৰীত লিংগৰ পোছাকৰ নিচিনা হব নোৱাৰিব।এইবোৰ হল হীজাব পালন কৰাৰ ৬টা নিয়মাৱলী যি পৱিত্ৰ কোৰআন আৰু ছহীহাদীছত উল্লেখ আছে।
পৱিত্ৰ কোৰআন ছুৰা আহযাব ৫৯ নং আয়াতত :-হীজাব পালনৰ কাৰণ হিচাপে কোৱা আছে হীজাব পালন কৰিলে অন্য কোনোবাই বিৰক্ত নকৰিৱ।
আৰু ইছলামিক আইন অনুযায়ী যদি কোনো মানুহ কোনো মহিলাক ধৰ্ষণ কৰে তেন্তে ধৰ্ষণ কাৰিক মৃত্যুদণ্ড দিয়া হব।
কোনোবাই হয়তো ইছলামৰ পিনে আঙুলি তুলি প্ৰশ্ন কৰিব ইছলাম এটা বেয়া ধৰ্ম, এই প্ৰযুক্তি আৰু আধুনিক যুগত ধৰ্ষনৰ শাস্তি মৃত্যু দণ্ড ইছলাম অতি নিষ্ঠুৰ আইন।
আপোনালোকে জানে আমেৰিকা এতিয়া পৃথিৱীৰ এটা উন্নত দেশ,সেই দেশতে অতিপৰিমান ধৰ্ষণ হয়।পৰিসংখ্যান কয় যে প্ৰতি দিন গড়ে ১৯০০ ধৰ্ষণ হয়।প্ৰতি ১মিনিট ১৮ ছেকেণ্ডত এজনী কৈ মহিলা ধৰ্ষণ হয়। মই আপোনাক এটা প্ৰশ্ন কৰোঁ, যদি আমেৰিকাত ইছলামিক আইন প্ৰয়োগ কৰা হয় যে প্ৰত্যেক পুৰুষ হঠাৎ কোনো মহিলাৰ ফালে যদি অইচ্ছাকৃত ভৱে দৃষ্টি যায়, তেন্তে শীঘ্ৰে দৃষ্টি নিম্নগামী কৰিব,আকৌ ইচ্ছাকৃত ভাৱে সেই মহিলাৰ ফালে নাচায়।মহিলা সকলেও হীজাব অনুসৰি পোছাক পৰিধান কৰিব।তাৰপিছতো যদি কোনো পুৰুষ কোনো মহিলাক ধৰ্ষণকৰে,তেন্তে ধৰ্ষণ কাৰিক মৃত্যু দণ্ড দিয়া হব।মই আপোনাক প্ৰশ্ন কৰিলো এতেকে কি ধৰ্ষণৰ মাত্ৰা বেছি হব নে, একে থাকিব নে ,কমি যাব? ধৰ্ষণ কমি যাব এইটোয়ে কাৰ্যকৰ আইন।ইছলামিক আইন প্ৰয়োগ কৰক ফলা ফল হাতে হাতে পাওক। এই পশ্নটো বহুত অমুছলিমক কৰা হৈছিল যে, ধৰক আপোনাৰ পত্নী বা ভনীক কোনোবাই ধৰ্ষণ কৰিলে,ধৰ্ষণ কাৰি আপোনাৰ সন্মুখতে আছে, আপুনি ধৰ্ষণ কাৰিক কি শাস্তি দিব।বিশ্বাস কৰক সিহঁতে সকলোৱে কৈছে ধৰ্ষণ কাৰিক মৃত্যুদণ্ড দিম,আৰু কোনোবাই এনেকৈ কৈছে যে তাক অত্যাচাৰ কৰি কষ্ট দি দি মাৰিম।তেন্তে কিয় এই দুমুখী নীতি যেতিয়া অন্য কোনোবাৰ পত্নী বা ভনী ধৰ্ষণ হয় তেতিয়া ধৰ্ষণ কাৰিক মৃত্যুদন্ড দিয়াটো নিষ্ঠুৰ আইন,ইছলাম বৰ বেয়া ধৰ্ম,আৰু যেতিয়া নিজৰ পত্নী বা ভনী ধৰ্ষণ হয় তেতিয়া নিজেই কয় ধৰ্ষণ কাৰিক মৃত্যুদণ্ডতকৈ বেছি শাস্তিৰ কথা,কিয় এই দুমুখী নীতি। আৰু আপুনি জানেনে ইণ্ডিয়াৰ এটা ক্ৰাইয়ম ৰিৰ্পোট অনুযায়ী আমাৰ এই মহান দেশ ভাৰতত প্ৰতি ৫৪ মিনিটত এটা ধৰ্ষণৰ কেছ ফাইল কৰা হয়। আচলতে ধৰ্ষণ হয় বহুত পৰিমান কিন্তু কেছ ফাইল হয় মাথোঁ ৫৪ মিনিটত এটা।
এতেকে যদি ভালকৈ দেখে ইছলাম ভাল কথাৰ কোৱাৰ উপৰিও আমাক দেখায় দিয়ে সেই ভাল বস্তুবোৰ কেনেকৈ অৰ্জন কৰিব লাগে।অৰ্থাৎ সকলো ধৰ্মৰ ভিতৰত ইছলাম ভাল কথা কয় আৰু সেইবোৰ উপাৰ্জনৰ পথবোৰও দেখায় দিয়ে।গতিকে সেই ধৰ্ম পালন কৰিম যি ধৰ্ম আমা
ক ভাল কথা কোৱাৰ উপৰিও ভাল বস্তুবোৰ উপাৰ্জনৰ পথ দেখায় দিয়ে।আল্লাহ ত’আলা কৈছে ছুৰা আল ইমৰানৰ ১৯ নং আয়াতত:-নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন বা ধৰ্ম;

ৰফিকুল ইছলাম

1 thought on “সকলো ধৰ্ম ভাল কথা কয়,তেন্তে কেৱল ইছলাম ধৰ্মক কিয় অনুসৰণ কৰিম?”

Leave a comment