ৰাছূলুল্লাহ চাল্লাল্লাহু ‘আলাইহি ওৱা ছাল্লামে কৈছে-
”যি ব্যক্তিয়ে তাবিজ ওলোমালে, সি শ্বির্ক কৰিলে” [মুছনাদে আহমাদ- ৪/১৫৬¸ চনদ ছহীহ]
“যি ব্যক্তিয়ে তাবিজ ওলোমাব¸ আল্লাহে তাৰ সেইটো পূৰণ নকৰিব”। [মুছনাদে আহমদ- ৪/১৫৪]
আকৌ শ্বির্কৰ ফল কি, সেই সম্বন্ধে মহান আল্লাহে কৈছে- ”যদি তেওঁলোকে শ্বির্ক কৰে¸ তেনেহ’লে তেওঁলোকৰ সকলো আমল বৰবাদ হৈ যাব।” [ছূৰাহ আন’আমঃ ৬/৮৮]
তেওঁ পুনৰ কৈছে- ”নিশ্চয় যিয়ে আল্লাহ’ৰ সৈতে শ্বির্কত লিপ্ত হয়, আল্লাহে তাৰ কাৰণে জান্নাতক হাৰাম কৰি দিয়ে আৰু জাহান্নামক অবধাৰিত কৰি দিয়ে।” [#ছূৰা মায়েদাহঃ ৫/৭২]
–
তাবিজ ব্যৱহাৰ কৰিলে আল্লাহ’ৰ ওপৰত আৰু ভৰষা নাথাকে। আপুনি যেতিয়াই হঠাতে কোনো বিপদত পতিত হব, লগে লগে আপোনাৰ খিয়াল তেতিয়া তাবিজৰ ফালে যাব। এই উদ্দেশ্যে যে, তাবিজ থকা সত্বেও কিয় বিপদ আহিল? আপোনাৰ এই ২-৩ ছেকেণ্ডৰ খেয়ালেই যথেষ্ট আপোনাৰ সকলো আমল বৰবাদ কৰি দিয়াৰ কাৰণে। সেয়ে আপোনাক উপদেশ দিছোঁ এতিয়াই তাবিজ খুলি পেলাওঁক। কোনো বিপদ আহিলে কেৱল আল্লাহ’ৰ ওচৰতেই সাহায্য বিচাৰক আৰু তেওঁৰ ওপৰতেই ভৰষা ৰাখক। অন্ততঃ ইমানখিনি মানক যে, আল্লাহেই আপোনাক সকলো বিপদৰ পৰা উদ্ধাৰকাৰী। তেনেহ’লে কেৱল আল্লাহ’ৰ ওপৰত ভৰষাা কৰাত আপোনাৰ সমস্যা ক’ত?
”ইয়্যাকা না‘বুদু ওৱা ইয়্যাকা নাস্তাঈন”
অৰ্থ- আমি একমাত্ৰ তোমাৰেই ইবাদাত কৰোঁ আৰু তোমাৰ ওচৰতেই সাহায্য কামনা কৰোঁ”।
আল্লাহেই আমাৰ কাৰণে যথেষ্ট। আমিন।।
#JBR