শ্বীৰ্ক যে আল্লাহৰ দৃষ্টিত সৰ্ববৃহৎ গুণাহ , সেই কথা আমি সকলোৱেই জানো ! কিন্তু শ্বীৰ্ক নো প্ৰকৃততে কি বা কি কৰিলে শ্বীৰ্ক হয় , সেই বিষয়ে আমি কেইজনে জানো ?? এই শ্বীৰ্ক সন্দৰ্ভত আমাৰ বিস্তৃত জ্ঞানৰ অভাৱৰ বাবে আমি দৈনিক বুজি নোপোৱাকৈয়ে বহুতো শ্বীৰ্কত লিপ্ত হৈ আছোঁ !! ইয়াৰে অতি সাধাৰণ ভাবে সদায়েই কৰি অহা এক শ্বীৰ্কৰ বিশ্লেষণ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ , বিবেচনা ও সিদ্ধান্ত আপোনালোকৰ ।
আল্লাহৰ একত্ববাদ অৰ্থাৎ তাওহীদৰ পৰা কিঞ্চিত আঁতৰি গলেই আমি শ্বীৰ্কত লিপ্ত হৈ পৰো । এই একত্ববাদ বা তাওহীদৰ কেইবাটাও ভাগ আছে , তাৰেই এক অন্যত্বম ভাগ হৈছে ” তাওহীদে উলুহিয়্যাহ ” বা ” ইবাদতৰ একত্ববাদ ” । অৰ্থাৎ চালাত , চিয়াম , কোৰবানী , দান খাইৰাত , হজ্ব , জাকাত , দ্বীনৰ চৰ্চ্চা , দ্বীনৰ তাবলীগ ইত্যাদি সকলো প্ৰকাৰৰ ইবাদত একমাত্ৰ আল্লাহৰ বাবেই হব লাগিব , তাত তিলমানো আমি আন কাৰো বাবে কৰিব নোৱাৰো বা সেই ইবাদত আমি আনৰ বাবে উৎসৰ্গা কৰিব নোৱাৰো । কৰিলেই আমি আল্লাহৰ একত্ববাদত সংঘাত কৰি শ্বীৰ্কত লিপ্ত হৈ পৰিম । সেয়েহে প্ৰত্যেক চালাততে তাশ্বাহুদত বহি আমি আল্লাহক কৈছোঁ –
” আত্তাহিয়াতু লিল্লাহি অশ্বালা ওৱা তু ওৱা তু অত্বইয়্যিবা তু ,………..” অৰ্থাৎ মৌখিক , শাৰীৰিক ও আৰ্থিক সকলো ইবাদত একমাত্ৰ আল্লাহৰ বাবেই ……।
এতিয়া মন কৰিব , এনেদৰে ফৰজ চালাততো তাশ্বাহুদ ও দৰুদ পঢ়ি চালাম ফিৰোৱাৰ পিছত সকলোৱে অংশ লৈছে ইমাম চাহেৱৰ সৈতে এক দীঘলীয়া সন্মিলিত মোনাজাতত ! যি মোনাজাতত ইমাম চাহেৱে মিশ্ৰিত ভাষাত হিয়াঢাকুৰি কৈছে -” হে আল্লাহ , আমাৰ এই ভাঙ্গা তুতা নামাজ আপুনি কবুল আৰু মকবুল কৰা ! এই নামাজৰ চাবাব আপুনি জনাবে মস্তুফা / তাজদাৰে মদিনা মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ ৰৌজা মোবাৰকত পৌচাই দিয়া “! উপস্থিত সকলোৱে সন্মতি জনাই উচ্চস্বৰে চিঞৰি কৈছে আ-মী-ন ! দৃশ্যৰাজী দেখাত অতি সুন্দৰ , কিন্তু কেতিয়াবা চিন্তা কৰিছেনে যে এনেদৰে কৈ আপোনাৰ সেই চালাত কাৰ বাবে আদায় কৰিলে ?? কাৰ বাবে উৎসৰ্গা কৰিবলৈ আল্লাহক কৈছে ?? এইয়া জানো তাওহীদে উলুহিয়্যাহৰ সৈতে সংঘাত নহয় ?? আমি পাহৰি গলে নহব যে নবী চল্লাল্লাহু আলাইহি অছাল্লাম কেতিয়াও আল্লাহৰ সমকক্ষ হব নোৱাৰে ! নিসন্দেহে তেখেত (চঃ) আল্লাহৰ মনোনিত নিস্পাপ ৰাছূল । গতিকে আমি নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে কেতিয়াও ইবাদত কৰিব নোৱাৰো , মাথোঁ দো’আ / দৰূদ আদিহে পাঠ কৰিব পাৰো । একেদৰেই কোৰআন খতমকে আদি কৰি প্ৰচলিত বিভিন্ন খতম মৃত ব্যক্তিৰ নামত বক্সাই দিয়া প্ৰথাও সম পৰ্য্যায়ৰ তাওহীদৰ সৈতে হোৱা মাথোঁ সংঘাত । এনে সংঘাতৰ অৰ্থই হৈছে শ্বীৰ্কৰ সৈতে লিপ্ত হোৱা ! আল্লাহৰ একত্ববাদৰ মৰ্য্যদা হানিকাৰক বিষয় !
গতিকে চিন্তাবিহীন পৰম্পৰাগত দলীল বিহীন ইবাদতে আমাক যাতে মৃত্যুৰ পাছত বিপদত নেপেলায় , সেই বিষয়ে সতৰ্কতা অৱলম্বন কৰা মানে নিজৰেই মঙ্গল !
আল্লাহে আমাক সকলোকে ইছলাম বুজি ইবাদত কৰাৰ তৌফিক দান কৰক । আমীন ……..
** ** ** ** ** ** **
শিৰ্ক হৈছে জুইৰ এটা মাত্ৰ ফিৰিঙতিৰ দৰে, যি খাণ্ডব দাহ কৰিব পাৰে।
আল্লাহ তা’লাই সকলো মাফ কৰিলেও শিৰ্কী গুনাহ মাফ নকৰে। ..সহী হাদিসত আহিছে!-
.
আনাস ইবন মালেক রাদিয়াল্লাহু ‘আনহু বলেন, আমি রাসূলূল্লাহ সাল্লাল্লাহু ‘আলাইহি ওয়াসাল্লামকে বলতে শুনেছি,
“বরকতম আল্লাহ তা‘আলা বলেন: হে আদম সন্তান! যতক্ষণ তুমি আমাকে ডাকতে থাকবে এবং আমার থেকে (ক্ষমা লাভের) আশায় থাকবে, তোমার গুনাহ যত বেশিই হোক, আমি তোমাকে ক্ষমা করব, এতে কোন পরওয়া করব না। হে আদম সন্তান! যদি তোমার গুনাহর স্তুপ আকাশের কিনারা বা মেঘমালা পর্যন্তও পৌঁছে যায়, অতঃপর তুমি আমার কাছে ক্ষমা প্রার্থনা কর, আমি তোমাকে ক্ষমা করে দেব, এতে আমি ভ্রুক্ষেপ করব না। হে আদম সন্তান! যদি তুমি গোটা পৃথিবী ভর্তি গুনাহ্ নিয়েও আমার কাছে আস এবং আমার সাথে কাউকে শরীক না করে থাক, তাহলে আমিও তোমার নিকট পৃথিবী ভর্তি ক্ষমা নিয়ে উপস্থিত হব। [ . মুহাম্মদ ইবন ‘ঈসা আত-তিরমিযী, জামি‘উত-তিরমিযী (দিমাশক: মাকতাবাতু ইবন হাজর, ১ম সংস্করণ, ১৪২৪ হি./২০০৪ খ্রি.), কিতাবুদ-দাওয়াহ, বাবু ফি ফাযাইলিত-তাওবাহ ওয়াল-ইস্তিগফার, হাদীস নং ৩৫৪০, পৃ. ৯৯৩-৯৯৪]
এ হাদীসে ক্ষমা প্রার্থনার দ্বারা তাওবার সাথে ক্ষমা বুঝানো হয়েছে নচেৎ তাওবা বিহীন ক্ষমা প্রার্থনা করা দ্বারা গুনাহ মাফ হওয়াকে আবশ্যক করে না। জুন্নুন মিসরীর মতে এটা মিথ্যা তাওবা।
.
٤٨:٤
إِنَّ اللَّهَ لَا يَغْفِرُ أَنْ يُشْرَكَ بِهِ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَنْ يَشَاءُ ۚ وَمَنْ يُشْرِكْ بِاللَّهِ فَقَدِ افْتَرَىٰ إِثْمًا عَظِيمًا
৪:৪৮
নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।(Quran 4:48)
** ** ** ** ** ** ** **
..
** ** ** ** ** ** ** *